গ্ৰন্থৰ নাম: সূৰুযমুখীৰ স্বপ্ন,লেখক: চৈয়দ আব্দুল মালিক-মামণি কলিতা

অধ্যাপক মহেন্দ্ৰ বৰাৰ ভাষাত চৈয়দ আব্দুল মালিকৰ  ‘সূৰুযমুখীৰ স্বপ্ন’ অসমীয়া উপন্যাসৰ বুৰঞ্জীত এটা  মাইলৰ খুটি।

আধুনিক অসমীয়া সাহিত্যৰ  অপ্ৰতিদ্বন্দ্বী নায়ক চৈয়দ আব্দুল মালিকে গল্প, কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস আদিকে ধৰি সাহিত্যৰ আটাইবোৰ দিশলৈ বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে৷ অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ চৈয়দ আব্দুল মালিকৰ সাহিত্য সৃষ্টিৰ পৰিধি বহুব্যাপ্ত৷ তেওঁ ৬৮ খন উপন্যাস, ২৩ খন গল্প সংকলন, ৬ খন নাটক, ১০ খন ৰেডিঅ’ নাটক, ৫ খন সংগীতালেখ্য, ৫ খন কবিতাপুথি, ৩ খন ভ্ৰমণ কাহিনী, ১৪ খন অনুবাদ গ্ৰন্থ, ৮ খন প্ৰবন্ধ সংকলন, এখন অভিধান— সৰ্বমুঠ ১৪২খন গ্ৰন্থৰ প্ৰণেতা৷

চৈয়দ আব্দুল মালিকৰ বহুল পঠিত আৰু জনপ্ৰিয়তাৰ শীৰ্ষত থকা উপন্যাসখন হৈছে ১৯৬০ চনত প্ৰকাশিত ‘সূৰুযমুখীৰ স্বপ্ন’৷ অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত এই উপন্যাসখনি অসমীয়া উপন্যাস সাহিত্যৰ ভিতৰত শ্ৰেষ্ঠ।

কাহিনীটোৰ পটভূমি হৈছে ধনশিৰি নদী আৰু সেই নদীৰ পাৰত অৱস্থিত ডালিম নামৰ এখনি গাঁও৷তিনি কুৰি দহ ঘৰ মানুহৰ সৰু পুৰণি গাঁওখন৷ হিন্দু, মুছলমান, নেপালী, মিকিৰৰ মিহলি গাঁও৷ ডালিম গাঁৱৰ পশ্চিম আৰু দক্ষিণ দিশত দুখন অটব্য হাবি আছে৷ বাঘ, হাতী, গঁড় আদিৰে এই হাবি পৰিৱেষ্টিত৷ বনৰজাই মাজে-সময়ে আহি পথাৰৰ পৰা ম’হ, গোহালিৰপৰা গৰু লৈ যায়।হাতীয়ে ধাননি মহতিয়ায়, ঘৰ ভাঙে৷ ডালিম গাঁৱত বাছ-মটৰ, ৰেল একো নাই— নচলে৷ গৰুগাড়ী দুখন নে তিনিখনহে আছে৷ এই ডালিম গাঁৱৰ পটভূমিতেই ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনিৰ কাহিনী গঢ় লৈ উঠিছে৷ ডালিম গাঁৱৰে গুলচ এগৰাকী পৰিশ্ৰমী যুৱক৷ পামত থাকি বাওধান, শালিধান আদিৰ খেতি কৰে৷ অন্যৰ লগ লাগি সিও নিজাকৈ সিপাৰত কেইকঠামান ন-ভাঙতি মাটি উলিয়াইছে৷ মাজে মাজে চেনিমাইৰ কথা তাৰ মনত পৰে। ইটো-সিটো কাৰণত পুৰণি ডালিমলৈ মাজে-সময়ে যাওঁতে এদিন চেনিমাইৰ সৈতে গুলচৰ প্ৰথম চিনাকি হৈছিল৷ কথা-বতৰা পাতি ছোৱালীজনীক তাৰ বৰ ভাল লাগি গৈছিল৷ চেনিমাইৰো তালৈ মৰম সোমাইছিল৷ গুলচৰ দেখা-শুনাকৈ সামাজিক নিয়মানুসাৰে চেনিমাইক বিয়া পতাৰ সামৰ্থ্য নাছিল৷ আনহাতে তালৈ চেনিমাইক বিয়া দিয়াৰো আশা নাছিল৷ সেয়েহে এদিন সি চেনিমাইক সুযোগ বুজি পলুৱাই লৈ গ’ল৷ পাছদিনা ইন্দ্ৰ নেপালীৰ গোহালি ঘৰত দুয়োটাকে বিচাৰি পালে আৰু গাঁৱত বিচাৰ হ’ল৷ গাঁৱৰ ৰাইজে দুয়োৰে বিয়া পাতি দিব লাগে বুলি সিদ্ধান্ত কৰিলে যদিও দুয়োটাৰে বাপেক দুজন কোনো পধ্যেই মান্তি নহ’ল৷ ফলত চেনিমাইক বাপেকে ঘৰলৈ লৈ গ’ল৷ ইফালে পাছদিনাই  ছোৱালী পলুৱাই আনি নাক-কাণ কটাৰ অপৰাধত তাজ্যপুত্ৰ কৰি গুলচক বাপেকে ঘৰৰ পৰা খেদি দিলে আৰু গুলচৰ হৈ ওকালতি কৰাৰ বাবে পুতেকৰ লগতে মাককো খেদি দিলে।

গুলচে মাকক লৈ ঘৰৰপৰা ওলাই আহি মাটি অকমান লৈ সৰু ঘৰ এটা সাজি থাকিবলৈ ল’লে৷ ধনশিৰি নদীৰ পাৰতে ন-ভাঙনি মাটিত গুলচে পাম পাতিলেগৈ৷পামৰ পৰা ঘৰলৈ অহা-যোৱা কৰোঁতে গুলচ কপাহীৰ সতীয়া জীয়েক তৰাৰ প্ৰেমত পৰিল৷কিন্তু হেঙাৰ হ’ল কপাহী৷ এদিন তৰা মোমায়েকৰ ঘৰলৈ যাওঁতে কপাহীয়ে গুলচক ৰাতি থাকিবলৈ মাতিলে৷ সি ভাবিছিল, সেই সুযোগতে  তৰাক বিয়া কৰোৱাৰ কথা কপাহীক ক’ব৷ কিন্তু সি কপাহীৰ লগতহে একেখন বিছনাতে শুবলগীয়া হ’ল। ইফালে কপাহীয়ে তৰাক চফিয়ত বুঢ়াৰ অঁকৰা পুতেকলৈ বিয়া দিবলৈ কৰা ষড়যন্ত্ৰৰ কথা গম পাই গুলচ খঙত জাঙুৰ খাই উঠে আৰু তৰাক সম্পূৰ্ণ নিৰাপত্তা দি সোনকালেই বিয়া কৰোৱাৰ আশ্বাস দি ঘৰলৈ গুচি আহে। গুলচৰ পূৰ্বৰ প্ৰেমিকা চেনিমাইৰো বেমাৰী কলাইৰ লগত বিয়া হয় আৰু সেই কথা জানি সি প্ৰকাশ কৰিব নোৱৰা বেদনাত ভোগে।

ইয়াৰ পিছত গুলচে তিনি কোঠলীয়া এটি ঘৰ, ডাঙৰকৈ চোতাল আদি সাজি তৰাক বিয়া পতাৰ প্ৰস্তুতি আৰম্ভ কৰিলে আৰু বৰভোজৰ দিনা চন্দ্ৰ, তিখৰ আৰু ভীমৰ সহযোগত কইনা আনি বাহিৰে বাহিৰে নিকাহ কৰাই ল’লে৷ কিন্তু ঘৰৰ ভিতৰলৈ আহি কইনাৰ বেশত তৰাৰ ঠাইত কপাহীক দেখি গুলচ হতভম্ব হয়৷ ইফালে বৰভোজৰ দিনাই তৰা পলাই আহি ৰাতিটো কোনোমতে পাৰ কৰি ভীমৰ সহযোগত গুলচৰ ঘৰ পালেহি৷ একেটা ঘৰতে তৰা আৰু কপাহীক লৈ গুলচে অস্বস্তি অনুভৱ কৰিলে।সকলো কথাতে সি তৰাক বিচাৰিলেও কপাহীক বিয়া কৰোৱাৰ পাছত তৰাৰ লগত সি সহজ হ’ব পৰা নাছিল৷ কপাহী আৰু তৰা অহাৰ পাছত গুলচৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ল৷ সি স্কুল স্থাপনৰ বাবে পাঁচ টকা বৰঙণি দিব পৰা হ’ল।

ইয়াৰ মাজতে সি তাৰ পূৰ্বৰ প্ৰেমিকা চেনিমাইৰ ৰুগীয়া গিৰিয়েক কলাইক চিকিৎসাৰ বাবে গোলাঘাটৰ চিকিৎসালয়লৈ লৈ যায়; লগত চেনিমায়ো গ’ল৷ এই ছেগতে সি চেনিমাইৰ লগত নিবিড়ভাৱে এৰাতি যাপন কৰিলে।

সি মনৰ গভীৰতালৈ গৈ অনুভৱ কৰে যে চেনি আৰু কপাহী— ইহঁত দুজনীৰ এজনীকো সি নিবিচাৰে, সিহঁত তাৰ জীৱনত নেথাকিলেও তাৰ কেনিও অপূৰ্ণতা ৰৈ নাযায়৷আচলতে তাৰ মনে বিচাৰে তৰাক৷ কপাহীক অনাৰ তিনি বছৰৰ পাছতো কোনো সন্তানৰ মুখ দেখা নোপোৱাত সি ভিতৰি ভিতৰি অসন্তুষ্ট হৈ আছিল৷এদিন তিখৰৰ লগত কপাহীক কথা পাতি থকা দেখা পাই গুলচৰ বৰ খং উঠিল আৰু তিখৰ আৰু কপাহী দুয়োকে তিৰস্কাৰ কৰিলে৷ইয়াৰ পিছত কপাহীৰ সৈতে চেনিমাইক লৈ গুলচৰ তৰ্কা-তৰ্কি হয় আৰু গুলচে খঙত ৰ’ব নোৱৰা হৈ হালোৱা এছাৰিৰে কোবাই কপাহীক ঘৰৰ পৰা বাহিৰ কৰি দিলে।

এইদৰে চৈয়দ আব্দুল মালিকে তেওঁৰ ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনিত গুলচ, চেনিমাই, কপাহী আৰু তৰাৰ প্ৰেমৰ চিত্ৰ অংকন কৰি কাহিনীভাগ নিৰ্মাণ কৰিছে৷ গুলচৰ জীৱনলৈ অহা তিনিগৰাকী নাৰীৰ সম্পৰ্ক আৰু সান্নিধ্যই কাহিনীভাগৰ মূল উপজীৱ্য৷ ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনত নাৰী-পুৰুষ মিলি ভালেমান চৰিত্ৰৰ সমাৱেশ ঘটিছে৷ প্ৰতিটো চৰিত্ৰই উপন্যাসখনিৰ সফলতাত অৱদান আগবঢ়াইছে। ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনিৰ মূল বা নায়ক চৰিত্ৰটি হ’ল গুলচ৷ আত্মবিশ্বাসী, কৰ্মঠ, আপোনভোলা।ইফালে প্ৰেমৰ ক্ষেত্ৰত গুলচৰ মানসিক দৃঢ়তা বা একনিষ্ঠতা দেখিবলৈ পোৱা নাযায়৷ সোঁতে য’লৈকে উটুৱাই নিছে, তলৈকে গৈ আছে৷ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিলেও তাৰ লগ তথা বিপদ-আপদৰ বন্ধু চন্দ্ৰ আৰু ভীমৰ চৰিত্ৰটো হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ সাঁকোস্বৰূপ৷

আকৌ উপন্যাসখনৰ কপাহী চৰিত্ৰটি সেইদৰে কুটিল আৰু চতুৰা৷তৰাৰ প্ৰতি গুলচৰ আকৰ্ষণৰ কথা জানিয়েই কপাহীয়ে তৰাক গুলচৰ সৈতে মিলা-মিছা কৰিবলৈ নিদি নিজে গুলচৰ লগত অকলশৰীয়াকৈ কথা পতাৰ সুযোগ বিচাৰে৷তৰাক চলনা কৰি চফিয়তৰ ঘৰলৈ পঠিয়াই নিজে কইনা সাজি গুলচৰ ঘৰত প্ৰৱেশ কৰিলে৷ তৰাক গুলচৰ জীৱনৰ পৰা আঁতৰাই পঠাবলৈ তিখৰলৈ তৰাক বিয়া দিয়াৰ ষড়যন্ত্ৰ কৰে৷

উপন্যাসখনৰ আন এটি আকৰ্ষণীয় চৰিত্ৰ হৈছে তৰা৷ ধীৰ-স্থিৰ, সংযমী।তৰা সূৰুযমুখী৷ তাই গুলচক লৈ ভৱিষ্যতৰ ৰঙীন সপোন দেখে— প্ৰেমিকা হোৱাৰ, পত্নী হোৱাৰ, মাতৃ হোৱাৰ, গৃহিণী হোৱাৰ৷ তাইৰ প্ৰাণে গুলচৰ বুকুৰ উম বিচাৰে।

আনহাতে চেনিমাই চৰিত্ৰটিও উপন্যাসখনৰ এক প্ৰধান নাৰী চৰিত্ৰ৷ বাপেকৰ অবিবেচনাৰ বলি হৈ চেনিমায়ে কিদৰে গোটেই জীৱনটো অভাৱ-অনাটন, দুখ-যন্ত্ৰণাৰ লগত সংগ্ৰাম কৰিবলগীয়া হৈছে, তাৰ মৰ্মস্পৰ্শী বৰ্ণনা উপন্যাসখনিত আছে৷উপন্যাসখনত কপাহী, চেনিমাই, তৰা আৰু গুলচৰ জীৱনৰ মাজেদি যেন বৈ গৈছে ধনশিৰি নদী৷খৰালিৰ শীৰ্ণ ধনশিৰিৰপৰা বাৰিষাৰ বাউলী ৰূপ, বানপানীয়ে ডালিম গাঁৱত চলোৱা তাণ্ডৱৰ বৰ্ণনা আছে৷সমসাময়িক গ্ৰাম্য সমাজ, সেই সমাজৰ পৰিৱেশ, ৰীতি-নীতি আদিৰ সুন্দৰ প্ৰতিফলন ঘটিছে।নামঘৰ-মছজিদ, বৰগীত-আজানৰ বৰ্ণনাৰে সম্প্ৰীতিপূৰ্ণ অসমীয়া সমাজ জীৱনৰ ছবি অংকন কৰিছে৷সকলো দিশৰ সমাহাৰে ‘সূৰুযমুখীৰ স্বপ্ন’ক মালিকৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস হিচাপে পৰিগণিত কৰিছে।

******

7 Comments

  • গীতা মনি দ্ত্ত ।

    বৰ ভাল লাগিল । সূৰুজ মুখী স্বপ্ন খন পঢ়া নাই , পঢ়িব লাগিব ।

    Reply
  • Lily Bordoloi

    বৰ ভাল লাগিল ।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ কাহিনী।চৈয়দ আব্দুল মালিক দেৱৰ কাহিনী সৰল আৰু,,সৰল গাঁৱৰ ৰূপ তুলি ধৰে। ভাল লাগিল

    Reply
  • Ili Talukdar

    উপন্যাসখন কেতিয়াবাই পঢ়িছিলোঁ। আকৌ আজি পঢ়িবলৈ পাই ভাল লাগিল। সুন্দৰ সমালোচনা। আপোনাকঅভিনন্দন জনাইছোঁ।

    Reply
  • Anonymous

    Mojjjaaa

    Reply
  • Anonymous

    কিতাপ খন পঢ়ি চাব লাগিব।

    Reply
  • Minakshi Duarah

    মালিক চাৰৰ উপন্যাস সুৰুষ মুখীৰ স্বপ্ন খন বহু আগতেই পঢ়িছিলোঁ,,আকৌ এবাৰ মনত পেলাই দিয়াৰ বাবে ধন্যবাদ যাচিচো ❤️

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *