স্তৱক-হৰগোবিন্দ দাস
(এক)
স্ৰষ্টাৰ সৃষ্টিৰ কঠিয়ানীত
বুৰণ, উৰণ, গজন, ভ্ৰমণ
চৌপাশে চাৰিমুঠি জীৱ
স্ব-গৰিমাৰে আপোন পথত
সুবাসিত, বিকশিত সুকৃতি বীজ
পৰিস্ফুত ব্যতিক্ৰম মাথোঁন মানৱ
সমাজত নামাঙ্কাকিত শ্ৰেষ্ঠ জীৱ ৷৷
(দুই)
আত্মচিন্তন বাহুল্য ভোগ লিপ্সা
অন্যায়-অনীতিৰ ধাৰক-বাহক
সমাজ বেবেৰিবাঙৰ মুখ্য কাৰক
শূণ্য দুহাত লৈ যাবগৈ লাগিব
অচিন অজান মুলুকলৈ
মানৱৰ সততে নপৰে মনত
চৰম দুৰ্ভাগ্য মানৱ জীৱৰ
আত্মহননৰ চূড়ান্ত নামান্তৰ॥
**********
9:59 PM
ভাল লাগিল
10:14 PM
ভাল লাগিল।