আত্মা-পাৰুল ফুকন

শোৱাকোঠাৰ বিছনাখনত মালতীয়ে আজি সমস্ত ভাগৰুৱা শৰীৰটো এৰি শুই পৰিছে। এইকেইদিন ঘৰখন গৰম হৈ আছিল যদিও মালতীয়ে অলপো আজৰি পোৱা নাছিল।চাকৰি আৰু শিক্ষাৰ বাবে ঘৰৰ বাহিৰত থকা স্বামী আৰু ল’ৰা-ছোৱালীকেইটা ছুটীত ঘৰলৈ অহাৰ পোন্ধৰ দিন মানেই হ’ল। ছুটী শেষ হ’লত আজি স্বামীৰ লগতে ল’ৰা-ছোৱালী কেইটাও নিজৰ নিজৰ স্থানলৈ গ’ল।ঘৰৰ কাম কৰা ল’ৰাটোও মাকৰ অসুখ হোৱাৰ খবৰ পাই সিও নিজৰ ঘৰলৈ গ’ল।

মালতী যদিও বিছনাত শুই আছে মনটো কিবা এটা ভাল লগা নাই। সকলো যোৱাৰ পাছত এনেয়ো ঘৰখনৰ পৰিৱেশ ঠাণ্ডা হয়। কিন্তু আজি কিছু বেলেগ ধৰণৰ নিজান পৰিৱেশ এটাই বিৰাজ কৰিছে। মনটোত কিবা অজান চিন্তা কিছুমানে অশান্তি কৰি আছে।লগতে কিবা ভয় ভয় ভাব এটাই বিৰাজ  কৰি আছে।

এনেদৰে কিছু সময় যোৱাৰ পিছত ফোনটো বাজি উঠিল।ল’ৰা ছোৱালীকেইটাৰ ফোন।সিহঁত নিজৰ নিজৰ গন্তব্য স্থানত পালেগৈ। মালতীয়ে কিছু সকাহ পাই আকৌ বিছনাত উঠিলগৈ।

বিছনাত মালতীয়ে যিমানেই শুবলৈ চেষ্টা কৰিছে সিমানেই ভয় আৰু বেয়া চিন্তাবোৰে বেছিকৈ বাহ ল’বলৈ ধৰিছে। লগতে পৰিৱেশটো বেছি গহীন হৈ আহিছে। ওচৰত মাত এষাৰ মাতিবলৈও কোনো নাই।ক্ষন্তেক পিচতে ফোনটো আকৌ বাজি উঠিল।

ক্লিং…ক্লিং…ক্লিং….মালতী ফোনটোৰ ওচৰলৈ গ’ল, ৰাণীৰ ফোন,তাই হেনো সন্ধ্যা ৬ বজাত আমাৰ ঘৰলৈ আহিব।কিছু সময় থাকি ৰাতি ৯ মান বজাত নৈশ বাছত নিজৰ ঘৰলৈ যাবগৈ।তাকো  অকলে।মালতী আচৰিত হ’ল। মৃত্যুৰ লগত যুঁজি বিছনাৰপৰা উঠিব নোৱাৰা ৰাণী কেনেকৈ আহিব!কি কৰোঁ কি নকৰোঁকৈ ভয়তে মালতীয়ে দৰ্জা খিড়িকীবোৰ বন্ধ কৰি ঘৰৰ গোটেই লাইটবোৰ জ্বলাই আকৌ বিছনাত উঠিলগৈ। তেতিয়া ঘৰৰ পৰিৱেশটো আৰু গহীন হৈ আহিছে। তাৰোপৰি কিছুমান অদ্ভুত শব্দই মালতীক আতংকিত কৰি তুলিছে।কাকো মাত এষাৰ মাতিবলৈ মনত সাহস নাইকিয়া হ’ল।স্বামী আৰু ল’ৰা ছোৱালীকেইটালৈ বৰকৈ মনত পৰিছে। সিহঁত নিজৰ নিজৰ স্থানত আছেগৈ।এটা অস্থিৰ মনেৰে মালতী বিছনাৰ এচুকত বহি থাকিল।

এনেদৰে কিছু সময় যোৱাৰ পিছত দৰ্জাত কোনোবাই শব্দ কৰা শুনিবলৈ পালে। মালতীয়ে আহি দৰ্জাখন খুলি কাকো দেখা নাপাই ভয়ে ভয়ে  দৰ্জাখন বন্ধ কৰি চাহ একাপ খালে অলপ ভাল লাগিব বুলি পাকঘৰলৈ গ’ল। গেছটো জ্বলাবলৈ লওঁতেই ঠিক সন্ধ্যা ৬ বজাত কলিং বেলটো বাজিল আৰু ‘মালতী মালতী’ বুলি মতা ৰাণীৰ মাত শুনিবলৈ পালে। মালতীয়ে ৰাণী সুস্থ হৈ ফুৰিবলৈ আহিছে বুলি অলপ সাহস পাই দৰ্জাখন খুলি ৰাণীক ভিতৰলৈ মাতি আনি বহিবলৈ দিলে। বহু সময় কথা পতাৰ পিছত মালতীয়ে চাহ- ভাত খোৱাৰ কথা ৰাণীক ক’লে।ৰাণীয়ে কিন্তু মালতীয়ে ইমান জোৰ কৰা পিছতো চাহ ভাত খাবলৈ মান্তি নহ’ল।যোৱাৰ আগমুহূৰ্তত ৰাণীয়ে ঘৰৰ গোটেইবোৰ কোঠা চাই ঠিক আগতে কোৱাৰ দৰে ৰাতি ৯ বজাৰ আগে আগে যাবলৈ ওলাল। মালতীয়ে ৰাণীক অলপ আগবঢ়াই বাছত তুলি দিবলৈ ইচ্ছা কৰাত ৰাণীয়ে তাইক যাবলৈ নিদি অকলে গ’লগৈ।

ৰাণী যোৱাৰ পিছত মালতীয়ে একো খোৱাৰ ইচ্ছা নকৰি শুবলৈ গ’ল।কিছু সময়ৰ পিছত আকৌ ফোনটো বাজিল। ক্লিং….ক্লিং….ক্লিং মালতীয়ে ফোনটো তুলি লোৱাৰ পিছত ইফালৰ পৰা শুনিবলৈ পালে….

: তোমাৰ বান্ধৱী ৰাণী আৰু নাই মালতী।আজি সন্ধিয়া ৬ বজাত ৰাণীৰ মৃত্যু হৈছে।  

কিঃ!!

তেনেহ’লে এতিয়া অহা গৰাকীনো কোন আছিল! কথাষাৰ শুনা লগে-লগে মালতীৰ হাতৰ ফোনটো পৰি গ’ল আৰু মানুহজনী থক্ থ্ককৈ কঁপিবলৈ ধৰি মাটিত ঢলি পৰিল।ইয়াৰ পিচত কেতিয়ানো ৰাতি পুৱাল তাই গমেই নাপালে।

              

*********

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *