সময়ৰ আৰ্তনাদ-মৃণাল নাথ
ডাঠ ক’লা মেঘে ছানিলে আকাশ
টোপাটোপে নামিব ছাগে দুখৰ দুধাৰি নীড়
পাতল হ’ব আকাশখন,,
চিঞৰি কান্দিলে যেনেকৈ পাতল হয় মন,
ফৰকাল হৈ পৰে নিস্তব্ধ উপবন।
ডাৱৰেতো নিজেই নাজানে
কেতিয়ানো খুন্দা খাই হ’ব বৰষুণ
সেমেকা হৃদয়ত হেঁপাহৰ কোনোবাই
গান গাব গুণগুণ গুণগুণ।
আইৰ চোতালখন আজি অন্ধকাৰ
জ্ঞানীবোৰ মূৰ্খ হ’ল
মূৰ্খবোৰ পৰিচালক ,
ৰজা হোৱাৰ প্ৰতিযোগিতাত
বান্ধোনৰ ৰছীডালেইচোন সোলোক-ঢোলোক।
আদৰ্শৰ সততা হেৰাল
মূৰ্খ ৰজাৰ কথাত
পশ্চিমতো সূৰুয ওলাল,,
বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক আজি
মন্ত্ৰীৰ সন্মুখত মুক হৈ ৰয়,
মানসিক হেঁচা সহিব নোৱাৰি
মধ্যবিত্ত কত আদৰ্শই
নিৰৱেই চিপজৰী লয়।
কোনেও কাৰো নাৰাখে খবৰ
নিজৰ অজ্ঞাতে নিজেই খান্দি লয় নিজৰেই কবৰ।
সাময়িক তৃপ্তিত হেৰুৱায় জীৱনযোৰা সুখ,
কোনেওতো নাজানে,
কাৰ কলিজাত থুপ খাই থাকে,
কত যে অবৈধ কিম্বা অসামাজিক দুখ।
সকলোৰে দেখোন মুখাৰ আঁৰৰ মুখ।
ভাবি চালে আটাইবোৰেই সহজ কথা,
পৰিৱেশৰ স’তে মিলি গ’লে নাথাকে অকণো বেথা।
ব’ৰ্ডিং স্কুলত ডাঙৰ হোৱা পুত্ৰই
ভাল নাপাবনো কিয় বৃদ্ধাশ্ৰমৰ ডায়েৰী,
কৰ্তব্য আৰু সময়ৰ দোহাই দি
তেজৰ সম্পৰ্কবোৰো যায় হতচিৰি ।
সময়ে নুবুজে
সময়ে নামানে
সময় মানেই হেৰাই যোৱা হেঁপাহ,
সময় মানেই এজাক ধুমুহা বতাহ,
সময় মানেই হাহাকাৰ
সময় মানেই জন্ম কিম্বা মৃত্যু
সকলো একাকাৰ।
**********
9:59 PM
ভাল লাগিল
10:19 PM
সময়ৰ আহ্বান কেতিয়াবা শুনিবও লাগে। ভাল লাগিল।