পঢ়ক আৰু হাঁহক-লেখক: অজ্ঞাত,ভাবানুবাদ-অঞ্জু মহন্ত

অৱশেষত গৃহিণী আৰু কণ্যাৰ যৌথ চাপত হাতত বজাৰৰ মোনাখন লৈ ওলাই গলো। ইলিচৰ সন্ধানত।

ভাইটি বা ভণ্টী ইলিচ হ’লে নচলিব,ডাঙৰ ডাঙৰ ৰাউণ্ড পিচ কৰি আনিব লাগিব,গৃহিণীৰ কাঢ়া অৰ্ডাৰ।

প্ৰেচাৰৰ টেবলেট এটা লগত লৈ মামা শহুৰৰ দৰে গম্ভীৰ মুখেৰে বজাৰলৈ গলো।গোটেই মাছৰ বজাৰখন তিনিবাৰ ঘূৰি-পকি প্ৰতিজনকে দুই তিনিবাৰকৈ দাম সুধি অৱশেষত এটা ঠাইত স্থিৰ হলো।তেতিয়ালৈকে মাছ বজাৰৰ বিক্ৰেতাবোৰে গম পাই গৈছে,এজন মহা কৃপণে ইলিচ কিনিবলৈ আহিছে।

কেজি ১৬০০ টকা দামৰ মাছ বহুতো দৰদাম কৰাৰ পিছত ১৫৫০ টকাত দিবলৈ সন্মত হ’ল।৭২৫ গ্ৰাম মাছ জুখি দিলে। ৰাতিপুৱাই ৰাতিপুৱাই চকচকিয়া দুখন পাঁচশ টকাৰ নোট বতাহ হৈ উৰি গ’ল! বুকুখন দুবাৰমান ঢকঢককৈ উঠিল। ৰিক্স লোৱা ঠিক নহ’ব, লগত অনা প্ৰেচাৰৰ টেবলেটটো গিলি পেলালো। কিনাৰ আগেয়ে শেষবাৰৰ বাবে এবাৰ গৃহিণীলৈ ফোন লগালোঁ। দাম শুনি যদি কয়…….

: থাকক দিয়া,আনিব নালাগে।

দহ চেকেণ্ড কথা হৈছিল। বিষণ্ণ বদনে ফোন থৈ মাছ বেপাৰীক সন্মতি জনালোঁ।

: এইবছৰ ইলিচৰ ইমান আকাশলঙ্ঘী দাম কিয়?

বথিৰে ইলিচৰ বাকলি গুচাই গুচাই মুখ নোতোলাকৈ উত্তৰ দিলে….

: চব ইলিচ মাছ যশে বাংলাদেশলৈ পঠায়

দিছে।সেইবাবে আমদানি কম।

নিজৰ মনক প্ৰশ্ন কৰিলোঁ, চিনেমা এৰি যশে আকৌ কেতিয়াৰ পৰা মাছৰ ব্যৱসায় আৰম্ভ কৰিলে? পিছত বুজি পালোঁ সি ‘চাইক্লোন’ৰ কথা কৈছে। মই আকৌ সুদৰ্শন অভিনেতা ‘যশ’ৰ কথা কোৱা বুলি ভাবিছিলো!

মূৰ বাদ দি সাত পিচ হ’ল। প্ৰতি পিচৰ দাম প্ৰায় ১৫০ টকা। মানে এটা এটা পিচ চিকেনৰ কেজিৰ সমান। মাছৰ পিচ দেখি গৃহিণী খুচ। সিদিনাৰ বাবে তিনি পিচ ভাপা সৰিয়হ ইলিচ ৰন্ধা হ’ল। তিনি পিচ মানে চাৰে চাৰিশ টকা,তেল,সৰিয়হ,গেছ আৰু খাটনি মিলি আৰু একশ, মুঠ প্ৰায় চাৰে পাঁচশ।ভাতৰ কাঁহী লৈ বহিলে মূহূৰ্তৰ ভিতৰতে চাৰে পাঁচশ টকা কৰ্পূৰৰ দৰে উৰি যাব।

বাতিত মাছ দিয়াৰ পিছত কেৰাহিত যিকণ জোল লাগি আছিল তাত এমুঠি ভাত সানিবলৈ আৰম্ভ কৰিলোঁ। গৃহিণীয়ে ডাইনিংৰ পৰা চিঞৰিলে…….

: কেৰাহিত একো নাই,চব চুচিমাজি তুলি আনিছো।

: একো নাথাকক,গোন্ধটোৰোতো এটা দাম আছে?

 মই উত্তৰ দিলোঁ।

ডাইনিং টেবুলত বহি ভাতৰ ওপৰত অলপ জোল ঢালি মাছ টুকুৰা থালত থলো। আঙুলিৰে অকণমান ভাঙি লৈ কাঁইটৰ সৈতেই মুখৰ ভিতৰত সুমুৱাই লৈ ভাবিলো, কুৰি টকা খাইছো, দুটা ৰসগোল্লা। আকৌ সৰু টুকুৰা এটা জিভাত দি ভাবিলো,পকোৰা। এইদৰে চাহ,কেক কোল্ড

ড্ৰিংকচ ইত্যাদিৰ কথা স্মৰণ কৰি কৰি মাছৰ পিচটোৰ শেষ টুকুৰাটো মুখলৈ নিওঁতেই মুখৰপৰা পিছলি মজিয়াত পৰিল। মজিয়াৰপৰা তুলি টপককৈ  মুখত

দিওঁতেই গৃহিণীয়ে চিঞৰি উঠিল….

: ছি:! সেই লেতেৰা মজিয়াখনৰপৰা তুলি আনি খালা?

 মই উত্তৰ দিলোঁ…..

: তোমালোকে কেডবেৰি ডেইৰী মিল্ক  পৰিলে তুলি নোখোৱা জানো? 

গৃহিণীয়ে উচ্চবাচ্য নকৰিলে।

শেষত থালখনলৈ চাই দেখিলোঁ,কুকুৰৰো বুজাৰ সাধ্য নহ’ব যে, এইমাত্ৰ মই সৰিয়হ ইলিচ শেষ কৰিলোঁ।

আবেলিলৈ পেটতো অলপ ফুলা ফুলা যেন লাগিল। অনুভৱ হ’ল গেছ হৈছে। এটা উগাৰ আহিব খুজিছিল,

জোৰ কৰি চেপি থলো। 

গেছৰতো এটা দাম আছে, নহয়নে?

*********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *