মহাকাশৰ ৰহস্যময়ী সেই ধুমুহাজাক-পংকজ বৰুৱা
আমি মানৱ জাতিয়ে পৃথিৱীত ধুমুহা অহা দেখিছো, মংগল গ্ৰহত ৩০০ কিঃমিঃ/ঘন্টাৰ অধিক বেগত বালিৰ ধুমুহা বলে বুলি শুনিছো,বৃহস্পতিৰ বুকুৰ সেই ৰঙা দাগো এক বিশাল ঘূৰ্ণিবতাহ যে সেই কথাও জানো। কিন্তু কেতিয়াবা শুনিছে নে অনন্ত মহাকাশত বিশাল নহয়, বিশালৰো বিশাল প্ৰচণ্ড ধুমুহাৰ কথা?যি পলকতে আমাৰ পৃথিৱীতো বাদেই দিয়ক,ইয়াতকৈও বিশাল আকৃতিৰ গ্ৰহকো সহজে উৰুবাই নিব পাৰে।
বৈজ্ঞানিকসকলে মহাকাশৰ বুকত আমাৰপৰা প্ৰায় ১৩০০ কোটি কিঃমিঃ দূৰত্বত এক বিশাল কৃষ্ণগহ্বৰৰ উপস্থিতি ধৰা পেলায়।মহাকাশৰ বুকুত বা তাৰকাৰাজ্যৰ কেন্দ্ৰত এনে বিশাল কৃষ্ণ গহ্বৰ আৱিষ্কাৰ কৰাটো এটা অতি সাধাৰণ কথা কিন্তু এই নতুনকৈ আৱিষ্কাৰ কৰা কৃষ্ণগহ্বৰটোৱে সকলোকে আচৰিত কৰিলে যেতিয়া দেখা পালে যে এই কৃষ্ণগহ্বৰৰ মধ্যভাগত এক বিশাল ধুমুহা বলি আছে।এই কৃষ্ণ গহ্বৰটো এটা অতি পুৰণা প্ৰায় ১৩০০ কোটি বছৰৰ আগৰ কৃষ্ণ গহ্বৰ আৰু ইয়াৰ বুকুত সৃষ্টি হোৱা এই ধুমুহাও অতি প্ৰাচীন আৰু এই ধুমুহা তাত নিৰৱচ্ছিন্নভাৱে আজিলৈকে চলি আছে আৰু কিবা বিশেষ নোহোৱালৈকে অনন্তকালৰ বাবে চলি থাকিব।
প্ৰতিখন বিশাল তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা বিশাল কৃষ্ণগহ্বৰ থাকে।তাৰকাৰাজ্যৰ জন্মৰ সমান্তৰালভাৱে এনে কৃষ্ণগহ্বৰৰো জন্ম হয়।তাৰকামণ্ডলবোৰৰ মাজত বলা প্ৰচণ্ড ধুমুহাৰ বাবেই এনে কৃষ্ণগহ্বৰবোৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত অৱস্থান কৰে।আমাৰ হাতীপটি তাৰকা ৰাজ্যৰো চেজেটেৰিয়াছ এ নামৰ এক বিশাল কৃষ্ণগহ্বৰ আছে।এই কৃষ্ণগহ্বৰ আমাৰ সূৰ্য্যতকৈ ৪৩লাখ গুণ ডাঙৰ। আপুনি ভাবক কল্পনা কৰক এনে বিশাল কৃষ্ণগহ্বৰত যদি কোনো ধুমুহাৰ সৃষ্টি হয়, তেন্তে ই কিমান ক্ষতিকৰ হ’ব।
National Astronomical Observatory of Japan ৰ গৱেষক তাকুমা ইজুমিয়ে এই কৃষ্ণগহ্বৰ বিষয়ে অধ্যয়ন কৰি আছে।তেওঁ এই কৃষ্ণগহ্বৰৰ অধিক তথ্য আহৰণৰ বাবে চিলি স্থিত Atacama Large Millimeter/submillimeter Array টেলিস্কোপৰ সহায় লয়।এই টেলিস্কোপেৰে অধ্যয়ন কৰাত তাত তেওঁ HSC J124353.93+010038.5 নামৰ এক তাৰকা ৰাজ্য দেখা পায়।এই তাৰকা ৰাজ্যখন আমাৰ পৰা ১৩০০ কোটি আলোকবৰ্ষ দূৰত আছে আৰু এই তাৰকাৰাজ্যখনৰ বয়সো প্ৰায় ১৩০০ কোটি বছৰেই। HSC J124353.93+010038.5 তাৰকাৰাজ্যখনেই হ’ল এতিয়ালৈকে আৱিষ্কৃত হোৱা আটাইতকৈ প্ৰাচীন আৰু অধিক দূৰত্বত থকা তাৰকাৰাজ্য।বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি যদি মহানাদৰদ্বাৰা হৈছিল বুলি ধৰা হয় তেন্তে মহানাদৰ কেইবছৰমানৰ পিছতে এই তাৰকাৰাজ্যৰ জন্ম বুলি ক’ব পাৰি।আজিৰপৰা প্ৰায় ১৩৮৩ কোটি বছৰ আগত এটা অসীম ভৰ আৰু তাপমানৰ এক আদিম বিন্দু আছিল যাৰ বিষ্ফোৰণ ঘটি আজিৰ ব্ৰহ্মাণ্ড,স্থান,কালৰ জন্ম হৈছিল ৷
HSC J124353.93+010038.5 তাৰকা ৰাজ্যত ঘন্টাত প্ৰায় ১৮ লাখ কিঃমিঃ বেগেৰে ভয়ংকৰ ধুমুহা বলি আছে।এই তাৰকা ৰাজ্যত প্ৰায় ১০০ কৃষ্ণগহ্বৰ আছে যিবোৰ সমানেই পুৰণি। ইহঁতৰ বয়স প্ৰায় ১৩০০ কোটি বছৰ । HSC J124353.93+010038.5 তাৰকাৰাজ্যৰ জন্মৰ সময়ৰপৰা অবিৰতভাৱে বলা এই তাৰকীয় ধুমুহা সৃষ্টি কেনেকৈ হ’ল,আহিল ক’ৰ পৰা, ব্ৰহ্মাণ্ডত ইয়াৰ উৎপত্তি কেতিয়া এইবোৰ সকলোৰে বাবে ডাঙৰ প্ৰশ্ন,অবুজ ৰহস্য।তাকুমা ইজুমিৰ মতে…..
“তাৰকাৰাজ্য আৰু কৃষ্ণগহ্বৰৰ মাজত এক দৃঢ় সম্বন্ধ থাকে,এই সম্বন্ধ অতি প্ৰাচীন আৰু শক্তিশালী।”
তেওঁ HSC J124353.93+010038.5 তাৰকা ৰাজ্যৰ তথ্য আৰু তাৰ কেন্দ্ৰত থকা বিশাল কৃষ্ণগহ্বৰৰ তথ্যক একত্ৰ কৰি এক কম্পিউটাৰ অনুৰূপ তৈয়াৰ কৰে আৰু এইটো প্ৰত্যক্ষ কৰে যে তাত বলি থকা সেই ধুমুহা কেতিয়াও স্তব্ধ নহয়,অবিৰত ভাৱে চলি থাকিব। তেতিয়ালৈ,যেতিয়ালৈকে কোনো ডাঙৰ অঘটন নঘটে।
**********
10:25 PM
ভাল পালোঁ পঢ়ি।