তুষাৰ মানৱ,মূল:: হাৰুকি মুৰাকামি,অনুবাদ-ৰঞ্জনা দত্ত
মই এজন তুষাৰ মানৱক বিয়া কৰাইছো।
তেওঁৰ সতে মোৰ প্ৰথম দেখা হৈছিল এটা স্কি ৰিজ’ৰ্ট কেন্দ্ৰত। তুষাৰ মানৱৰ সাক্ষাত পাবৰ বাবে বোধহয় এইখনেই প্ৰকৃত ঠাই। তাত থকা হোটেলৰ লবীত উচ্ছল প্ৰাণৱন্ত ডেকা গাভৰুবোৰৰ ভিৰ। কিন্তু তুষাৰ মানৱজন ফায়াৰ প্লেছৰপৰা বহুত দূৰত থকা এখন চোফাত অকলে বহি বহি এখন কিতাপ পঢ়ি আছিল। যদিও তেতিয়া ভৰ দুপৰীয়া, কুঁৱলী ফালি ওলাই অহা জাৰকালিৰ ৰ’দৰ পোহৰজাক তেওঁৰ ওপৰত আহি পৰিছিলহি।
“চোৱা সৌজন তুষাৰ মানৱ।”
মোৰ বান্ধবীয়ে ফুচফুচাই ক’লে।
সেই সময়লৈকে তুষাৰ মানৱ সম্পৰ্কে মোৰ কোনো ধাৰণাই নাছিল। মোৰ বান্ধবীয়েও বিশেষ একো নাজানিছিল।
“ভদ্ৰলোক নিশ্চয় বৰফেৰে নিৰ্মিত বুজিছা? সেইবাবেই মানুহে তেওঁক তুষাৰ মানৱ বুলি কয়।”
চকু মুখৰ ভঙ্গীত চিৰিয়াচনেচ প্ৰকাশ কৰি এনেদৰে তাই কথাবোৰ কৈছিলে যেন ভূত-প্ৰেত নহ’লে কোনো স্পৰ্শক্ৰামী ৰোগীৰ কথা কৈছে।
তুষাৰ মানৱজন আছিল ওখ পাখ। তেওঁক দেখি ভাব হৈছিল তেওঁ যুবক। তেওঁৰ তাঁৰৰ দৰে সৰু সৰু চুলিবোৰৰ ওপৰত মাজে মাজে আছিল বগা বগা একোটা চাপ যেন গলি নোযোৱা বৰফ। চকুৰ তলৰ হাড়বোৰ গোটমাৰি যোৱা পাথৰৰ দৰে তীক্ষ্ণ। তেওঁৰ আঙুলিবোৰ শুকুলা বৰফ কণাৰে আবৃত।ভাৱ হ’ল যেন সেইবোৰ কেতিয়াও নগলিব। এইবোৰ কথা বাদ দিলে মানুহজন খুব চিধাচাধা সাধাৰণ এজন মানুহ। তেওঁক সুদৰ্শন বুলিব নোৱাৰিলেও আকৰ্ষণীয় বুলি ক’ব পৰা যায়, কিন্তু সেইটো নিৰ্ভৰ কৰিব আপুনি তেওঁক কি দৃষ্টিৰে চাইছে।
যি ভাবেই নহওক তেওঁৰ কিছু কথাই মোৰ হৃদয়ক প্ৰচণ্ড ভাৱে বিন্ধি গ’ল আৰু সেইটো মই অনুভৱ কৰিলো অন্য ঠাইতকৈ বেছি তেওঁৰ চকুযোৰত। তেওঁৰ দৃষ্টি আছিল একেবাৰে শান্ত আৰু ওলমি থকা বৰফ টুকুৰাৰ মাজেৰে পাৰ হৈ অহা সূৰ্য্যৰ ৰশ্মিৰদৰে পৰিষ্কাৰ। কৃত্ৰিম শৰীৰ এটাৰ ভিতৰত এইটোৱেই যেন একমাত্ৰ জীয়াই থকাৰ জিলিকনি আছিল।
মই তাত কিছু সময় থিয় হৈ থাকিলো আৰু তুষাৰ মানৱ জনক কিছু আঁতৰৰপৰা লক্ষ্য কৰিলো। তেওঁ মূৰ তুলি চোৱা নাছিল।তেওঁ লৰচৰ নকৰাকৈ বহি নিজৰ কিতাপখনৰ মাজত ডুব গৈ আছিল যেন তেওঁৰ বাহিৰে ওচৰত আন কোনো নাই।
পিছদিনা ৰাতিপুৱা তুষাৰ মানৱজনক সেই একে ঠাইতে ঠিক একে ভঙ্গিমাৰে বহি একেধৰণে কিতাপ পঢ়ি থকা দেখা পালো। দুপৰীয়াৰ আহাৰ কৰি বন্ধু বান্ধবীবোৰৰ সতে স্কীইং কৰি যেতিয়া গধূলি সময়ত ঘূৰি আহিলো তেতিয়াও তেওঁক একে ঠাইতে বহি একেখন কিতাপকে পঢ়ি থকা দেখা পালো।সূৰ্য্য অস্ত গ’ল, সময় পাৰ হৈ গ’ল, তেওঁ শান্ত ভাৱে জাৰকালিৰ বাহিৰৰ দৃশ্যবোৰৰ দৰেই চকীত বহি থাকিল।
চতুৰ্থ দিনা আবেলি কিবাকিবি অজুহাত দেখুৱাই মই স্কীইং কৰিবলৈ ওলাই নগ’লো। হোটেলত অকলে থাকি লবীতে ইফালে সিফালে খোজকাঢ়ি থাকিবলৈ ধৰিলো। তাত তেতিয়া ভৌতিক নীৰৱতাই বিৰাজ কৰিছিল। বতাহজাকো আছিল কিছু গৰম আৰু সেমেকা। ভিতৰত যেন কিবা এটা হতাশাৰ গোন্ধ। ভাব হ’ল এইটো নিশ্চয় মানুহবোৰৰ জোতাৰ তলত লাগি অহা বৰফৰ গোন্ধ। সেই বৰফৰ কণাবোৰ ফায়াৰপ্লেছৰ সমুখৰ ঠাইখিনিত লাহে লাহে গলিবলৈ ধৰিছিল। খিড়িকীৰে বাহিৰলৈ চালো। তাৰপিছত অকণমান সাহস গোটাই তুষাৰ মানৱৰ ওচৰলৈ গৈ কথা পাতিলো।
কোনো বিশেষ কাৰণ নোহোৱাকৈ অপৰিচিত লোকৰ সমুখলৈ যাবলৈ মই সদায়েই সংকোচ অনুভৱ কৰো। অচিন লোকৰ সতে মই সাধাৰণতে কথা নাপাতো। কিয় জানো তুষাৰ মানৱৰ সতে কথা পাতিবলৈ মই ভিতৰৰ পৰা এক হেঁচা অনুভৱ কৰিলো। সেইটো আছিল হোটেলত আমাৰ শেষ ৰাতি। আজিয়ে যদি এই সুযোগটো নলওঁ তেন্তে জীৱনত হয়তো তুষাৰ মানৱৰ সতে মোৰ আৰু কেতিয়াও কথা পতা নহ’ব।
“আপুনি স্কীইং নকৰে?”
যিমানদূৰ সম্ভৱ স্বাভাৱিক স্বৰেৰে মই সুধিলো।
তেওঁ এনেদৰে লাহে লাহে মোৰ ফালে চালে যেন বহুত দূৰত কিবা এটা হুলস্থূল শুনিবলৈ পাইছে। তাৰপিছত সেই চকুজুৰিৰে মোলৈ স্থিৰভাৱে চালে আৰু মূৰটো জোকাৰি ক’লে…..
“মই স্কীইং নকৰো।ইয়াতে বহি বহি কিতাপ পঢ়ো আৰু বাহিৰৰ বৰফ বোৰৰ ফালে চাই থাকো।”
তেওঁৰ কন্ঠৰপৰা নিঃসৃত হোৱা প্ৰতিটো শব্দই তেওঁৰ ওপৰত মেঘৰ সৃষ্টি কৰিছিল। ঠিক কমিক- স্ট্ৰিপ কেপচনৰ দৰে। যেতিয়ালৈকে তেওঁ বৰফ আবৃত আঙুলিবোৰেৰে সেইবোৰ মোহৰি নিদিলে তেতিয়ালৈকে বতাহৰ ওপৰত কথাবোৰ দেখিবলৈ পালো।
তাৰপিছত কি কথা পাতিম সেই বিষয়ে মোৰ কোনো ধাৰণা নাছিল। আৰক্ত মুখেৰে মই তাত থিয় হৈ থাকিলো। তুষাৰ মানৱে মোৰ ফালে চালে, ভাৱ হ’ল যেন মিচিকিয়াই হাঁহিলে।
“মোৰ কাষত বহিব খোজা নেকি?”
তেওঁ সুধিলে।
“মোৰ সম্পৰ্কে তোমাৰ আগ্ৰহ আছে, নহয়নে? তুমি জানিব খুজিছা তুষাৰ মানৱ বস্তুটো আচলতে কি?”
তেওঁ এইবাৰ আকৌ হাঁহিলে।
“চিন্তা কৰিবলৈ একো নাই। মোৰ লগত কথা পাতিলে তোমাৰ ঠাণ্ডা নালাগে।”
লবীৰ এটা কোণাত থকা এখন চোফাত আমি ওচৰা ওচৰিকৈ বহিলো আৰু খিৰিকিৰে বাহিৰৰ তুষাৰ কণাবোৰৰ নৃত্য চাবলৈ ধৰিলো। মই গৰম কোকা এগিলাছ অৰ্ডাৰ কৰি খাবলৈ ধৰিলো কিন্তু তুষাৰ মানৱে একো নেখালে। ধাৰণা হ’ল কথা বতৰা পতাত তেওঁ মোতকৈ খুব বেছি অভ্যস্ত নহয়। অকল সেয়ে নহয় কথা পাতিবৰ বাবে কোনো প্ৰিয় বিষয়ো আমাৰ নাছিল। প্ৰথমতে আমি বতৰৰ কথা পাতিলো, তাৰপিছত হোটেলৰ বিষয়ে।
“ইয়ালৈ অকলে আহিছে?”
মই সুধিলো।
“হয়।”
তেওঁ উত্তৰ দিলে।
স্কীইং মই ভাল পাওঁনে নাই তেওঁ সুধিলে। মই ক’লো…..
“সিমান ভাল নেপাওঁ। বন্ধু বান্ধবীৰ হেঁচাত পৰি আহিব লগা হৈছে। স্কীইং মই খুব কম কৰো।”
অনেক কথা জানিব লগীয়া আছিল। তেওঁৰ শৰীৰটো কি সঁচাকৈ বৰফেৰে বনোৱা? তেওঁ কি খায়? গ্ৰীষ্ম কালত ক’ত থাকে? তেওঁৰ কি পৰিয়াল আৰু আত্মীয় স্বজন আছে। এইবোৰ কথা।কিন্তু তুষাৰ মানৱে নিজৰ কথা একোকে নক’লে। গতিকে ব্যক্তিগত কথা সোধাৰপৰা মই বিৰত থাকিলো।
তেওঁ মোৰ কথা পাতিবলৈ ধৰিলে। বিশ্বাস কৰিবলৈ কঠিন যদিও এইটো কথা সঁচা যে যেনেদৰেই হওক তেওঁ মোৰ কথা সকলোবোৰ জানে। মোৰ পৰিয়ালৰ মানুহবোৰ, মোৰ বয়স, মোৰ ভাল লগা বেয়া লগা, স্বাস্থ্যৰ অৱস্থা। মোৰ পঢ়াশুনা মোৰ বন্ধু বান্ধবীৰ বিষয়েও জানে তেওঁ। আনকি মোৰ অতীতত কি ঘটিছিল যিবোৰ মই নিজেও পাহৰি গৈছো সেইবোৰৰ কথাও তেওঁ জানে।
মই ভয় খাই ক’লো….
“একো বুজিব পৰা নাই, আপুনি মোৰ সম্পৰ্কে ইমানবোৰ…..”
ভাব হ’ল মই আগন্তুকৰ সমুখত একেবাৰে উলংগ হৈ পৰিছো।
“মানুহৰ মনৰ কথাও আপুনি পঢ়িব পাৰে।”
“নাই, মানৱ হৃদয় পঢ়িবপৰা ক্ষমতা মোৰ নাই বা তেনেকুৱা একো মই নাজানো।”
তুষাৰ মানৱে ক’লে।
“মই মাত্ৰ জানো। মই এনেদৰেই জানো যেন বৰফৰ গভীৰতাত মই চকু মেলি দিছো, মানুহৰ চকুলৈ চালে তেনেধৰণেই সকলো স্পষ্ট হৈ পৰে।”
“আপুনি কি মোৰ ভৱিষ্যত চাব পাৰিব?”
“ নাই।”
তেওঁ লাহে লাহে উচ্চাৰণ কৰিলে।
“মই ভৱিষ্যত দেখা নাপাওঁ।”
“ভৱিষ্যতৰ বিষয়ে মোৰ অকণমানো আগ্ৰহ নাই। সংক্ষেপতে কবলৈ হ’লে ভবিষ্যতৰ বিষয়ে মোৰ কোনো ধাৰণাই নাই। যিধৰণে বৰফৰ কোনো ভৱিষ্যত নাই। ইয়াৰ ভিতৰত কেৱল অতীত সোমাই আছে। বৰফে সকলোবোৰ পৰিস্কাৰ আৰু স্পষ্টভাৱে সংৰক্ষণ কৰিব পাৰে যেন সিঁহত এতিয়াও জীৱন্ত। এইটোৱেই হৈছে বৰফৰ মূল কথা।”
“সুন্দৰ কথা।”
মই কথাটো কৈ হাঁহিলো।কথাটো জানি মই নিশ্চিন্ত হ’লো। মই সঁচাকৈ মোৰ ভৱিষ্যতৰ কথা জানিব নিবিচাৰো।
চহৰলৈ ঘূৰি অহাৰ পিছত আমি কেইবাবাৰো লগ পালো। শেষত আমি ডেটিং কৰিবলৈ আৰম্ভ কৰিলো। আমি চিনেমা চাবলৈ বা কফিৰ দোকানলৈ নগৈছিলো। আমি আনকি ৰেষ্টুৰেন্টলৈও যোৱা নাছিলো। ক’বলৈ গ’লে তুষাৰ মানৱে কেতিয়াবাহে কিবা এটা খাইছিল। আমি পাৰ্কৰ বেঞ্চ এখনত বহি বিভিন্ন বিষয়ৰ কথা পাতিছিলো,তুষাৰ মানৱৰ নিজৰ কথা বাদ দি সকলো বিষয়ে।
“এইটো কিয়?”
মই তেওঁক এবাৰ সুধিছিলো।
“তুমি নিজৰ বিষয়ে একো নোকোৱা কিয়? মই তোমাৰ বিষয়ে আৰু কথা জানিব বিচাৰো। তোমাৰ ক’ত জন্ম হৈছিল? তোমাৰ মা দেউতা কেনেকুৱা? তুমি কেনেকৈ তুষাৰ মানৱ হ’লা?”
মোৰ ফালে তুষাৰ মানৱে কিছুসময় অপলক দৃষ্টিৰে চাই মূৰ জোকাৰি ক’লে…..
“মই একো নেজানো।”
তেওঁ লাহে লাহে স্পষ্ট ভাৱে বতাহত বগা শব্দৰ ভাপবোৰ উলিয়াই ক’লে।
“সকলোৰে অতীত মই জানো। কিন্তু মোৰ নিজৰ কোনো অতীত নাই। মোৰ জন্ম ক’ত, মোৰ মা দেউতা দেখিবলৈ কেনেকুৱা সেইবোৰো মই নাজানো। মই নাজানো সঁচাকৈ মোৰ মা দেউতা আছেনে নাই। এতিয়া মোৰ বয়স কিমান সেই সম্পৰ্কেও মোৰ কোনো ধাৰণা নাই। মোৰ কিবা বয়স আছেনে নাই তাকো মই নাজানো।”
তুষাৰ মানৱ অন্ধকাৰ ৰাতিৰ এটুকুৰা হিমখণ্ডৰ দৰেই দৰেই নিঃসঙ্গ।
মই গভীৰভাৱে তেওঁৰ প্ৰেমত পৰিলো।তেওঁ বৰ্তমানৰ মোক ভাল পায়।মোৰ ভৱিষ্যতৰ কোনো অস্তিত্বকে তেওঁ স্বীকাৰ নকৰে। মই তেওঁক তেওঁৰ বৰ্তমানটো লৈ ভাল পাওঁ- তেওঁৰ অতীতক স্বীকাৰ কৰো। বিয়াৰ বিষয়েও আমি কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলো।
মোৰ বয়স এতিয়া বিশ বছৰ।তুষাৰ মানৱেই প্ৰথম ব্যক্তি যাক মই ভাল পাইছো।এজন তুষাৰ মানৱক ভালপোৱা মানে কি মই কল্পনাও কৰিব পৰা নাই।এজন স্বাভাৱিক মানুহক যদি ভাল পালোহেঁতেন তেতিয়াও হয়তো ভালপোৱাৰ অৰ্থ মই বুজি নেপালোহেঁতেন।মোৰ মা আৰু বাইদেৱে এজন তুষাৰ মানৱক মই বিয়া কৰোৱাৰ কথা লৈ তীব্ৰ আপত্তি জনালে।
“বিয়াৰ বাবে তুমি এতিয়াও উপযুক্ত বয়সত ভৰি দিয়া নাই। ইয়াৰোপৰি তেওঁৰ অতীতৰ কথাও তুমি একো নেজানা।”
তেওঁলোকে ক’লে।
“তেওঁৰ জন্ম ক’ত সেই কথাটো পৰ্যন্ত তুমি নেজানা।তুমি এনেকুৱা এজন মানুহ বিয়া কৰালে আত্মীয় স্বজন বোৰকেই বা কি বুলি ক’ম! ইয়াৰ উপৰি তেওঁ হ’ল তুষাৰ মানৱ। যদি গলি যায়!তেতিয়া তুমি কি কৰিবা? তুমি বোধহয় নেজানা যে বিয়াৰ বাবে সঁচা অঙ্গীকাৰৰ প্ৰয়োজন হয়।”
তেওঁলোকৰ এই উদ্বেগৰ কোনো ভিত্তি নাছিল। তুষাৰ মানৱতো আচলতে বৰফেৰে তৈয়াৰ নহয়।যিমান গৰমেই নপৰক কিয় তেওঁ কেতিয়াও গলি নাযায়।তেওঁৰ শৰীৰটো বৰফৰ দৰে ঠাণ্ডা থাকে বাবেই তেওঁক তুষাৰ মানৱ বুলি কয়। কিন্তু যিহেৰে শৰীৰটো নিৰ্মিত সেইটো বৰফৰপৰা সম্পূৰ্ণ পৃথক। আৰু এইটো এনেকুৱা ধৰণৰ ঠাণ্ডা নহয় যে অন্য লোকৰ উত্তাপবোৰ কাঢ়ি ল’ব পাৰে।
এটা ভাল দিন চাই আমি বিয়া পাতিলো। এই বিয়াৰ বাবে আমাক কোনোৱে আশীৰ্বাদ নকৰিলে। কোনো বন্ধু-বান্ধৱী বা আত্মীয় স্বজন এই বিয়াত সুখী নহ’ল। আমি অৱশ্যে কোনো অনুষ্ঠানৰো আয়োজন কৰা নাছিলো। যেতিয়া ৰেজিষ্টাৰত নাম অন্তৰ্ভুক্তিৰ কথা ওলাল,দেখা গ’ল তুষাৰ মানৱৰ কোনো পাৰিবাৰিক ৰেজিষ্টাৰ নাই। আমি দুজনে বিয়া কৰাম বুলি সিদ্ধান্ত লৈছিলো, গতিকেই বিয়া পাতি পেলালো। এটা কেক কিনি আনি দুয়োজনে খুব স্ফূৰ্তি কৰি খালো। এয়াই আছিল আমাৰ অনাড়ম্বৰ বিবাহ।
আমি সৰু এপাৰ্টমেন্ট এটা ভাড়ালৈ ল’লো। তুষাৰ মানৱে এটা কোল্ড ষ্টোৰেজত কাম ল’লে। তেওঁ যিকোনো ধৰণৰ ঠাণ্ডা সহ্য কৰিব পাৰে আৰু যিমানেই পৰিশ্ৰম নৰকৰ কিয় কেতিয়াও ক্লান্ত হৈ নপৰে। তেওঁৰ কাম-কাজত ওপৰৱালা খুব সন্তুষ্ট আৰু সেইবাবে তেওঁৰ দৰ্মহাও আন বোৰতকৈ বেছি। কাকো কোনো অসুবিধা নিদিয়াকৈ আৰু কাৰোপৰা একো অসুবিধা নোপোৱাকৈ আমি সুখেৰে বিবাহিত জীৱন কটাবলৈ ললো।
যেতিয়া তুষাৰ মানবে মোৰ লগত সংগমত লিপ্ত হয় মই মনৰ মাজত এডোখৰ প্ৰকাণ্ড তুষাৰ খণ্ড দেখিবলৈ পাওঁ যি ডোখৰ নিৰ্জনতাৰ গভীৰতাত যেন সোমাই আছে। মই ভাবিছিলো তুষাৰ মানৱে নিশ্চয় সেই তুষাৰ খণ্ডটোৰ অৱস্থিতি ক’ত জানে। তুষৰ খণ্ডটো ইমানেই কঠিন যে মোৰ ভাৱ হৈছিল পৃথিৱীত ইয়াতকৈ কঠিন বস্তু চাগৈ একোৱেই নাই।এইটুকুৰা পৃথাৱীৰ সকলোতকৈ ডাঙৰ হিমখণ্ড আছিল। তুষাৰ মানৱৰ লগত যেতিয়া মোৰ প্ৰথম যৌন মিলন ঘটিছিল মই যথেষ্ট বিভ্ৰান্ত হৈ পৰিছিলো যদিও পিছলৈ মই এই কৰ্য্যত অভ্যস্ত হৈ পৰিলো। তুষাৰ মানৱৰ সতে মিলিত হৈ মই ভাল পোৱা হ’লো। নিশা সেই বৃহৎ তুষাৰ খণ্ডটো আমি দুয়ো ভগাই লৈছিলো য’ত পৃথিৱীৰ হাজাৰ বছৰৰ অতীত সঞ্চিত হৈ আছিল।
আমাৰ বিবাহিত জীৱনত কোনো সমস্যা নাই। আমি ইজনে সিজনক গভীৰভাৱে ভাল পাওঁ। আমাৰ মাজত কোনো ধৰণৰ বাধাৰ প্ৰাচীৰ নাই। আমি এটা সন্তান বিচাৰিছিলো,কিন্তু সেইটো হয়তো সম্ভৱ নাছিল। সম্ভৱ তুষাৰ মানৱ আৰু মানুহৰ জীন সহজে মিলিব নোৱাৰে। ল’ৰা ছোৱালী নথকাৰ বাবে মোৰ হাতত এতিয়া বহুত সময়।ৰাতিপুৱাই কাম-কাজ শেষ হৈ যোৱাৰ পিছত কৰিবৰ বাবে একোৱেই নাথাকে। কথা বতৰা পতাৰ বাবে কোনো বন্ধু বান্ধবীও নাই। ওচৰ চুবুৰীয়াৰ সতেও আহ- যাহ কৰাৰ সুবিধা নাই। তুষাৰ মানৱক বিয়া কৰোৱাৰ বাবে মা আৰু বাইদেউৰ খং এতিয়াও শেষ হোৱা নাই। বিয়াৰ পাছৰ কেইবামাহো পাৰ হৈ যোৱাৰ পিছতো কোনেও আমাৰ বিয়াখন মানি ল’ব পৰা নাই। আমি সিহঁততকৈ বেলেগ ধৰণৰ, সেইবাবেই যিমান সময়েই পাৰ নহওক কিয় আমাৰ ভিতৰৰ ব্যৱধান কেতিয়াও আঁতৰ নহ’ব।
তুষাৰ মানৱ কামলৈ গ’লে মই ঘৰতেই থাকো। কিতাপ- পত্ৰ পঢ়ো নহ’লে গান শুনো। মোৰ ঘৰত থাকিয়েই ভাল লাগে, অকলে থাকিও বেয়া নালাগে। কিন্তু মোৰ বয়স কম।প্ৰতিদিনে একেবোৰ কাম কৰি কৰি নিজকে একঘেঁয়া কৰি তুলিছো।এইটো অৱশ্যে সেইধৰণৰ একঘেয়ামিও নহয় যিটো বিৰক্তিকৰ। এইটোক ক’ব পৰা যায় পুনৰাবৃত্তি।
এদিন মই মোৰ স্বামীক ক’লো…..
“ক’ৰবাত ফুৰিবলৈ গ’লে কেনেকুৱা হয়? এনেয়ে অকণমান চেঞ্জৰ বাবে?
তেওঁ চকুদুটা সৰু সৰু কৰি ক’লে…..
“ফুৰিবলৈ যাবা? মানুহ ফুৰিবলৈ যায়। কিয় ইয়াত ভাল লগা নাই?”
“সেইটো কথা নহয়।”
মই ক’লো।
“বেচ সুখতেইতো আছো।কিন্তু একঘেয়ামি নালাগে?দূৰৰ ক’ৰবালৈ যাওঁ ব’লা, য’লৈ আগতে কেতিয়াও যোৱা নাই, কেতিয়াও দেখা নাই, হ’বনে? সতেজ বতাহত উশাহ ল’বৰ মন গৈছে। ইয়াৰোপৰি আমিতো হনিমুনতো নগ’লো। হাতত কিছু টকাও জমা হৈছে। তোমাৰ ছুটীও পাবলগীয়া আছে……।”
” ঠিক আছে।তুমি যেতিয়া ইমানকৈ কৈছা মইনো মানা কৰো কেনেকৈ। তোমাৰ সুখৰ বাবে মই যিকোনো ঠাইলৈকে যাব পাৰো। কিন্তু ক’লৈ যাম বুলি ভাৱিছা?”
“দক্ষিণ মেৰুলৈ গ’লে কেনে হয়?”
মই ক’লো।
দক্ষিণ মেৰু এইবাবেই নিৰ্বাচন কৰিছিলো যে মই নিশ্চিত আছিলো তুষাৰ মানৱে ঠাণ্ডা কোনো ঠাইলৈ যাবলৈ নিশ্চিতভাৱে আগ্ৰহ প্ৰকাশ কৰিব। আৰু সঁচা কথা ক’বলৈ হ’লে ময়ো সকলো সময়তে তালৈকে যাব বিচাৰিছিলো।মনত ইচ্ছা আছিল টুপীৰ সতে গাত ফাৰৰ কোট পিন্ধিম, কুমেৰু জ্যোতি আৰু পেঙ্গুইনৰ জাক চাম।
এইবোৰ কথা কওঁতে মোৰ স্বামীয়ে অপলক দৃষ্টিৰে চিধা মোৰ ফালে চাই আছিল। মোৰ ভাৱ হৈছিল যেন এটুকুৰা চোকা বৰফৰ টুকুৰা মোৰ মূৰৰ পিছফালেৰে সোমাই গৈছে। কিছুসময় মনে মনে থাকি তেওঁ ক’লে….
“ঠিক আছে তুমি যেতিয়া বিচাৰিছা তেন্তে দক্ষিণ মেৰুলৈকে যোৱা যাওক। তুমি সঁচাকৈ তালৈ যাব বিচাৰিছানে?”
ঠিক তেতিয়াই তেওঁৰ কথাৰ কোনো উত্তৰ দিয়া মোৰ বাবে সম্ভৱ নাছিল। তুষাৰ মানৱে ইমান দীঘলীয়া সময় ধৰি মোৰফালে স্থিৰ দৃষ্টিৰে চাই আছিল যে মোৰ মূৰটো অনুভূতি শূন্য হৈ পৰিছিল। তথাপিও মূৰ জোকাৰিলো।
সময় পাৰ হৈ যোৱাৰ লগে লগে দক্ষিণ মেৰুলৈ যোৱাৰ পৰিকল্পনাৰ বাবে মোৰ মনলৈ অনুশোচনা আহিবলৈ ধৰিলে। কিয় নাজানো। কিন্তু মোৰ মনলৈ ভাৱ আহিল যেন দক্ষিণ মেৰুৰ নামটো উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ ভিতৰত এটা পৰিবৰ্তন আৰম্ভ হৈছে। তেওঁৰ চকুৰ দৃষ্টি তীক্ষ্ণ হৈ উঠিছে,নিশ্বাস যেন আৰু বগা হৈ পৰিছে আৰু হাতৰ আঙুলিবোৰ যেন তুষাৰ কণাৰে ভৰি উঠিছে। মোৰ লগত কথা বতৰা, খোৱা বোৱা আদি প্ৰায় এৰি দিয়াৰ দৰেই হ’ল। ফলত মই এক প্ৰচণ্ড নিৰাপত্তাহীনতাত ভুগিবলৈ ল’লো।আমাৰ যাত্ৰাৰ পাঁচ দিন আগতে মনত কিছু সাহস গোটাই মই ক’লো….
“দক্ষিণ মেৰুলৈ যোৱাৰ পৰিকল্পনা বাদ দিলে কেনে হয়? ভাবি চাইছো তাত এতিয়া ভীষণ ঠাণ্ডা, শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।আচ্ছা….ইউৰোপৰ ফালে গ’লে কেনে হয়? স্পেইনলৈওতো যাব পাৰো। তাত খুব ধুনীয়া সুৰাপান কৰিব পাৰিম,পায়েলা খাব পাৰিম, ষাড় গৰুৰ যুদ্ধ উপভোগ কৰিব পাৰিম। কি কোৱা?”
কিন্তু মোৰ স্বামীয়ে মই কোৱা কথাত কোনো গুৰুত্ব নিদিলে। শূন্যলৈ কেই মিনিটমান সময় স্থিৰভাৱে চাই তেওঁ ঘোষণা কৰিলে।
“নাই।মই বিশেষকৈ স্পেইনলৈ যাব নোখোজো।মোৰ বাবে ঠাইখন খুব গৰম হ’ব। ধুলি-বালি খুব বেছি আৰু খোৱাবোৰো খুব মচলাযুক্ত। ইয়াৰোপৰি দক্ষিণ মেৰুলৈ যোৱাৰ টিকটো কৰি পেলাইছো।তোমাৰ ফাৰৰ কোট, ফাৰ লগোৱা জোতা আদিও কিনা হৈ গৈছে। সেইবোৰতো আৰু নষ্ট কৰিব নোৱাৰি। ইমানদূৰ আগবাঢ়ি আমি নোযোৱাকৈ থাকিব নোৱাৰো।”
আচল কথাটো হৈছে যে মই খুব বেছি ভয় খাইছো। মোৰ ভিতৰত এটা পূৰ্বশঙ্কাই গঢ় লৈছে যে দক্ষিণ মেৰুলৈ গ’লে এনে এটা অঘটন ঘটিব যিটো আমি চম্ভালিব নোৱাৰিম।বাৰে বাৰে মই একেটা বেয়া সপোনেই দেখিবলৈ ল’লো।খোজকঢ়াৰ সময়ত এটা বৰফ খণ্ডৰ উপৰিভাগৰ ফাঁটৰ ভিতৰত মই পৰি গৈছো। তাত পৰি থকা বাবে মোক কোনেও বিচাৰি পোৱা নাই আৰু তাত মই মৰি একেবাৰে গোট মাৰি গৈছো।বৰফৰ তলৰপৰা মই ওপৰলৈ চাই আছো,আকাশ খন দেখা পাইছো, হয়তো জ্ঞান আছে কিন্তু লৰচৰ কৰা সম্ভৱ হোৱা নাই, এটা আঙুলিও লৰাব পৰা নাই। মই লাহে লাহে বুজিব পাৰিছো যে মই ক্ৰমে অতীতত পৰিণত হৈছো। মোৰ ফালে চাই মানুহে বুজিছে তেওঁলোকে অতীতৰফালে চাই আছে। মই হ’লো তেওঁলোকৰ পৰা বহু দূৰৰ এটা দৃশ্য মাত্ৰ….।
তাৰপিছত মই সাৰ পাই উঠি দেখিলো তুষাৰ মানৱ মোৰ কাষত শুই আছে।তেওঁ উশাহ-নিশাহ নোলোৱাকৈ সদায়েই খুব বেয়াকৈ শোৱে।মৰা মানুহৰ দৰে।কিন্তু তেওঁক মই খুব ভাল পাওঁ। মোৰ চকুৰপৰা পানী বৈ আহিল। সেই পানী গৈ তেওঁৰ গালত পৰিল।তেওঁ সাৰ পাই উঠি মোক বুকুৰ মাজত সাৱটি ধৰিলে।
“খুব বেয়া সপোন এটা দেখিলো।”
মই তেওঁক ক’লো।
“সেইটো এটা সপোন মাত্ৰ।”
তেওঁ ক’লে।
“সপোনৰ জন্ম হয় অতীতৰপৰা, ভৱিষ্যতৰপৰা নহয়। তাৰ বান্ধোনত তুমি আবদ্ধ নহয়। সিহঁত তোমাৰ বন্ধনত আৱদ্ধ।বুজিব পাৰিছানে?”
একো বুজি নাপালো। তথাপি ক’লো…..
“হয়।”
ভ্ৰমণ বাতিল কৰাৰ কোনো কাৰণ বিচাৰি নাপাই মোৰ স্বামীৰ সতে মই দক্ষিণ মেৰুলৈ যোৱা বিমানত বহি পৰিলো। বিমান পৰিচাৰিকাসকল খুবেই অল্পভাষী। প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰো বুলি খিড়িকীৰে বাহিৰলৈ চালো কিন্তু তাত ঘন ডাৱৰ জমা হৈ আছিল বাবে একো দেখা নাপালো।কিছু সময়ৰ পিছতেই খিড়িকীৰ আইনাবোৰ বৰফৰ পৰ্দাৰে ঢাক খাই পৰিল। মোৰ স্বামীয়ে মনে মনে কিতাপ পঢ়ি আছিল। অৱকাশ যাপনৰ কোনো উত্তেজনাই মোক স্পৰ্শ কৰিব পৰা নাছিল। একো নকৰাকৈ কেৱল, গতিৰ সতে তাল মিলাই গৈ আছিলো, হয়তো ভাগ্যত যি আছিল সকলো সেই ভাৱেই আগুৱাই গৈছে।
বিমানৰ চিৰিৰে নামি দক্ষিণ মেৰুৰ মাটিত ভৰি থওঁতেই গম পালো মোৰ স্বামীৰ শৰীৰটো যেন টলমলাই পৰিছে। সেইটো মাত্ৰ এটা ছেকেণ্ডৰ বাবেহে আছিল যদিও তেওঁৰ চেহেৰাত একো পৰিবৰ্তন দেখা নগ’ল। কিন্তু ঘটনাটো মোৰ চকুত ধৰা পৰিল। তুষাৰ মানৱে মনৰ ভিতৰত সংগোপনে এটা তীব্ৰ এটা জোকাৰণি খাইছে।ক্ষন্তেকৰ বাবে ৰৈ তেওঁ প্ৰথমে আকাশ খন আৰু তাৰপিছত নিজৰ হাত দুখনৰ ফালে চালে। দীঘলকৈ এটা উশাহ ল’লে। তাৰপিছত মোৰ ফালে চাই ক’লে……
“এইখন ঠাইলৈকেতো তুমি আহিব বিচাৰিছিলা?”
“হয়।”
মই ক’লো।
দক্ষিণ মেৰু মোৰ কল্পনাতকৈও বেছি নিৰ্জন। মানুহ-দুনুহ নাই বুলিয়েই ক’ব পাৰি।সৰু বৈশিষ্ট্যহীন এখন সৰু চহৰ। একেবাৰে সাধাৰণ এখনেই মাত্ৰ সৰু হোটেল।এইখন কোনো পৰ্যটন কেন্দ্ৰও নহয়। এটা পেঙ্গুইনো চকুত পৰা নাই। কুমেৰু আভাও দেখা পোৱা নগ’ল। গছ গছনি, ফুল-পাত, নদী-পুখুৰী একো নাই ইয়াত। চাৰিওফালে কেৱল বৰফ আৰু বৰফ। বৰফৰ অনুৰ্বৰ ভূমি।
মোৰ স্বামীয়ে প্ৰচণ্ড উৎসাহত ইফালে সিফালে দৌৰাদৌৰি কৰিবলৈ ধৰিলে যেন তেওঁ ইয়াৰপৰা আৰু কিবা পাবলৈ বিচাৰিছে।অতি সোনকালেই তাৰ ভাষা শিকি তেওঁ চহৰৰ বাসিন্দা সকলৰ সতে হিমস্খলনৰ দৰে গধুৰ কন্ঠেৰে কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিলে। ঘন্টাৰ পিছত ঘন্টা জুৰি তেওঁ কথা কৈ থকাৰ সময়ত তেওঁৰ মুখত এক আন্তৰিকতা ফুটি উঠিছিল। কথাবোৰৰ আগগুৰি বিচাৰি উলিওৱা মোৰ বাবে সম্ভৱ নাছিল।ভাৱ হৈছিল মোৰ স্বামীয়ে মোৰ সতে বিশ্বাসঘাটকতা কৰিছে, মোক মোৰ নিজৰ ওপৰত সম্পূৰ্ণভাৱে এৰি দিছে।
তুষাৰাবৃত পৃথিৱীবিহীন পৃথিৱীখনত অতি সোনকালেই মই মোৰ সকলো শক্তি আৰু সাহস হেৰুৱাই পেলালো। শেষৰফালে বিৰক্ত হোৱাৰ ক্ষমতাও মোৰ মনৰ ভিতৰৰ পৰা হেৰাই গ’ল। মনত ভাৱ হ’ল আবেগৰ দিক নিৰ্ণয় যন্ত্ৰটোও মই হেৰুৱাই পেলাইছো।সময়, দিশ আৰু নিজৰ সত্তাৰ বোধ সম্পৰ্কীয় জ্ঞানো হেৰুৱাই পেলাইছো।ইয়াৰ কেতিয়া আৰম্ভণি আৰু কেতিয়া শেষ মই নাজানিছিলো। যেতিয়া চেতনা ঘূৰাই পালো দেখিলো চৌপাশৰ সকলো ৰং ধুই নিকা হৈ পৰা শীতকালৰ এখন বৰফৰ শুভ্ৰ পৃথিৱীত মই সম্পূৰ্ণ অকলে আৱদ্ধ হৈ পৰিছো।
আনকি মোৰ সকলোবোৰৰ অনুভূতিয়েই নাইকিয়া হৈ পৰিছে।দক্ষিণ মেৰুলৈ অহাৰ পিছত মোৰ স্বামী আৰু আগৰ মানুহজন হৈ থকা নাই।আগৰ দৰেই তেওঁ মোৰ ফালে চাই থাকে আৰু মৰম সনা কন্ঠেৰে কথা পাতে। মই কব পাৰো যে সঁচাকৈ তেওঁ যি বুজাব বিচাৰিছে তেওঁ তাকেই কৈছে।কিন্তু মই এইটোও জানো যে স্কি ৰিজ’ৰ্ট কেন্দ্ৰৰ হোটেলত যিজন তুষাৰ মানৱক মই লগ পাইছিলো তেওঁ এতিয়া আৰু সেইজন মানুহ নহয়।
এইবোৰ কথাতো কাকো ক’বও নোৱাৰো। দক্ষিণ মেৰুৰ সকলোৱে তেওঁক ভাল পায়। মই যিখন পৃথিৱীৰ কথা কওঁ তেওঁলোকে সেইখনৰ কথা বুজিবও নোৱাৰে। মুখৰ পৰা শুভ্ৰ বৰফৰ নিশ্বাস এৰি এৰি তেওঁলোকে হাঁহি ধেমালি কৰে, তৰ্কত মজি উঠে নাইবা নিজৰ ভাষাত গান গায়।মই তেতিয়া অকলে বহি বাহিৰৰ ধূসৰ আকাশ খনৰ ফালে চাই থাকো।যিখন বিমানত আমি ইয়ালৈ আহিছিলো সেইখন বহুত দিন আগতেই উভটি গৈছে। মোৰ হৃদয়ৰ দৰে ৰানওৱেটোও বৰফেৰে ঢাক খাই গৈছে।
“জাৰকালি আহি পালেই।”
এদিন মোৰ স্বামীয়ে ক’লে।
“এইটো খুব দীঘলীয়া হ’ব।কোনো বিমান বা জাহাজ পোৱা নাযাব। সকলোবোৰ গোট মাৰি বৰফ হৈ গৈছে। অহা বছৰৰ বসন্তৰ আগতে আমি বোধহয় ইয়াৰ পৰা ঘূৰি যাব নোৱাৰিম।”
দক্ষিণ মেৰুলৈ অহাৰ তিনিমাহ পিছত গম পালো মই অন্তঃসত্বা। মই জানো যিটো শিশুৰ জন্ম হ’ব সি হ’ব এক ক্ষুদ্ৰ তুষাৰ মানৱ। মোৰ গৰ্ভ গোট মাৰি গৈছে। মই সেইটো অনুভৱ কৰিব পাৰিছো। মোৰ সন্তানটো দেখিবলৈ তাৰ দেউতাকৰ দৰে হ’ব। চকুবোৰ হ’ব ওলমি থকা বৰফৰ দৰে তীক্ষ্ণ। তাৰ আঙুলিবোৰত বৰফ জমা হৈ থাকিব।এই নতুন পৰিয়ালটো কেতিয়াও দক্ষিণ মেৰুৰ বাহিৰলৈ যাব নোৱাৰিব।মোৰ অলৌকিক অতীত বোৰ অনুমানতকৈও বহুত বেছি গধূৰ যিবোৰে আমাক কৰায়ত্ব কৰি ৰাখিব। তাক কেতিয়াও লৰচৰ কৰিব নোৱাৰিম।
এতিয়া মোৰ হৃদয় বুলিবলৈ একোৱেই অৱশিষ্ট নাই। উষ্ণতাও বহুত দূৰলৈ আঁতৰি গৈছে।কেতিয়াবা মই পাহৰিয়েই যাওঁ যে এটা সময়ত মোৰ মাজত উষ্ণতা আছিল।ইয়াত মই পৃথিৱীৰ সকলোতকৈ অকলশৰীয়া এক মহিলা।মই কান্দিলে তুষাৰ মানৱে মোৰ গালত চুমা খায় আৰু তেতিয়া মোৰ চকুপানী বৰফৰ টুকুৰাত পৰিণত হয়।মোৰ বৰফৰ অশ্ৰুকণা হাতত লৈ তেওঁ নিজৰ জিভাৰ ওপৰত থয়। কয়…..
“চোৱা,মই তোমাক কিমান ভাল পাওঁ।”
তেওঁ সঁচা কথাই কয়; কিন্তু কৰবাৰপৰা যেন তীব্ৰ বতাহ এজাক আহি তেওঁৰ সেই কথাবোৰ উৰুৱাই লৈ যায়, সেই বতাহজাক আকৌ ঘূৰি যায় অতীতলৈ।
**********
10:04 PM
সুন্দৰ