নিসঙ্গ-শুভ বৰা শইকীয়া

এসপ্তাহ মানৰপৰা নোমল দাইটিৰ গাটো বেয়া। তেওঁৰ ওচৰত থাকিবলৈও কোনো নাই। এটুপি পানী আৰু এমুঠি অন্নৰ কাৰণে ক্ষণ গণিবলগীয়া হৈছে। হ’ল বুলিনো ওচৰ চুবুৰীয়াই কিমান চাব। তেওঁ কাণেৰে কম শুনা বাবে কথাবোৰ চিঞৰি চিঞৰি ক’ব লগা হয়। এতিয়া দুচকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰ দৰে হ’ল।পত্নী বিয়োগৰ পিছৰপৰা তেওঁক দুবেলা দুসাঁজ ভাত যতনাই দিওঁতাও নাইকিয়া হ’ল।পুত্ৰ সন্তান এটি হ’ব হ’ব বুলি  আশা কৰি পাঁচজনীকৈ ছোৱালী সন্তান জন্ম দিলে।সময়ত আটাইকেইজনী বিয়া হৈ গ’ল। সিহঁত নিজৰ নিজৰ পৰিয়ালক লৈ ব্যস্ত। এতিয়া অসুস্থ দেউতাকৰ খবৰ ল’বলৈ সিহঁতৰ সময়ৰ অভাৱ। চৰকাৰৰপৰা পোৱা বৃদ্ধ পেঞ্চন আৰু বিনামূলীয়া চাউলকেইটা আনিবলৈও তেওঁৰ শক্তিয়ে নুকুলায় । ইতিমধ্যে চৰকাৰে দিয়া ঘৰটো সাজিবলৈও তেওঁ অপাৰগ। নৈপৰীয়া বাসিন্দা। দোকোল-টঁকা পানীয়ে ঘৰৰ চৌপাশ আগুৰি ধৰিছে। তেওঁ চিন্তা কৰিবপৰা শক্তিও হেৰুৱাই পেলাইছে।

তেওঁৰ খবৰ ল’বলৈ অহা  চুবুৰীয়া মানুহেই এতিয়া তেওঁক চোৱাচিতা কৰিছে আৰু সামান্য যি খায় খোৱাৰ ব্যৱস্থা কৰিছে।সেই মুহূৰ্তত তেওঁৰ দুচকুৰে দুধাৰি আনন্দাশ্ৰু নিগৰি আহিছে।নোমল দাইটিয়ে আজি ক্ষোভেৰে মনৰ অনুভৱ প্ৰকাশ কৰিছে। সকলোৱে কয়,

 “তুমি চিন্তা নকৰিবা। তোমাৰ বিপদকালত তোমাক ছোৱালীহঁতেই  চাব।”

ক’তা আজি দেখোন মোৰ অসুস্থ অৱস্থাত মোৰ খবৰ এটা ল’বলৈ এজনীও নাহিল।দূৰণিত থকা কেইজনীৰ কথা নকওঁৱেই।ওচৰত থকা জনীয়েও মোৰ লগত দুদিন থাকিবলৈ বা তাইৰ ঘৰত থাকিবলৈ নিবলৈও মনে নধৰিলে।যি আছে কপালত সেয়ে হ’ব।আজি মোৰ পৰিবাৰ জীয়াই থকা হ’লে  হয়তো মোৰ বাবে তেওঁ টোপনি ক্ষতি কৰি কাষতে বহি থাকিলহেঁতেন।মোৰ অসুখতকৈও এতিয়া এই নিসঙ্গ মুহূৰ্তবোৰে  মোক এটা ভয়ংকৰ ৰাক্ষসে গিলি পেলোৱা যেনহে অনুভৱ হৈছে।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *