বমি,লেখক:অভীক দত্ত,অনুবাদ-মামণি কলিতা

ডাউন কালকা মেইল ৰেলগাড়ীখন গয়া পোৱাৰ সময়ত অনিৰ্বাণ বাবুৰ এনে লাগিল যেন কোনোবাই তেওঁৰ ভৰিত ধৰি টানিছে।স্লিপাৰ কোচৰ একেবাৰে ওপৰৰ বাৰ্থত শুইছিল তেওঁ।

“কি লাগে?”….

বুলি বিৰক্তিৰে প্ৰশ্ন কৰোঁতে‌ই টিটিৰ মাত শুনিবলৈ পালে

“টিকট দেখুৱাওক।”

অনিৰ্বাণ বাবুৱে কন্ঠত বিৰক্তিৰ ৰেশ লৈয়ে টিটিক ক’লে যে তেওঁ দিল্লীৰপৰা আহিছে আৰু বাটতে তেওঁৰ টিকট চেক কৰা হৈ গৈছে। তথাপিও টিটিয়ে তেওঁৰ কথা নুশুনিলে। উপায়ন্তৰ হৈ অনিৰ্বাণ বাবুৱে শুৱাৰপৰা উঠি পকেটৰপৰা টিকটটো টিটিৰ হাতত দিলে।টিটিয়ে টিকট চেক কৰি ঘূৰাই দিলে।কেঁচা টোপনি ভঙাৰ বাবে টিটিৰ ওপৰত যদিও খং উঠিছিল তথাপিও তেওঁ পুনৰ শুই পৰিল। গোটেই ৰুমটো আন্ধাৰে ভৰি পৰিল। এতিয়া ৰাতি এঘাৰটা বাজিছে; ট্ৰেইন ৰাতিপুৱা কলিকতা পাবগৈ।

টোপনি ভাঙিলেই অনিৰ্বাণৰ টয়লেট লাগে।আজিও একেই হ’ল। টয়লেট কৰিবলৈ ওপৰৰপৰা তেওঁ নামি আহিল। তলৰ আৰু মাজৰ বাৰ্থৰ মানুহ দুজনে নাক বজাই টোপনিত লালকাল হৈ আছে। অনিৰ্বাণ টয়লেট গৈ কিছু সময়ৰ পিছত পুনৰ ওপৰৰ বাৰ্থত উঠিলেহি। তেনেতে ওচৰৰ দুয়োটা বাৰ্থত থকা দুজনে ফুচফুচাই কোৱা শুনিলে…

“হাজাৰিবাগত নমাই থৈ গুচি যাম। বোধহয় টোপনিৰ ঔষধে কাম কৰিছে। তোমাৰ দেউতাই একো গমেই নাপাব।দেউতাৰ ওজন অলপ বেছি, ভালকৈ ধৰিবা। যেনেতেনে টেঁটুৰপৰা এৰুৱাব পাৰিলেই হ’ল। তুমিহে নুশুনিলা মোৰ কথা,চলন্ত ট্ৰেইনৰপৰা নমাই পেলাই দিব পৰা হ’লে আৰু ভাল হ’লহেঁতেন।”

“নাই নাই, কোনোবাই দেখিলে বিপদত পৰিম।”

“হাজাৰিবাগ পূৰা দুই বজাত পাবগৈনে?”

“হু!অলপ সময় শুই ল‌ওঁ।”

“দেৰ বজাত এলাৰ্ম দি থোৱা।”

“ঠিক আছে”…….

বুলি কোৱাৰ পিছত সকলো চুপচাপ হৈ পৰিল। অনিৰ্বাণে ডিঙি মেলি ওচৰৰ বাৰ্থটোত কোন আছে চাবলৈ চেষ্টা কৰিছিল যদিও কাকো দেখা নাপালে।

ট্ৰেইনখন জোৰেৰে আগলৈ গৈ আছিল। অনিৰ্বাণে শুবলৈ চেষ্টা কৰিছিল যদিও টোপনি অহা নাছিল তেওঁৰ।অশান্তিত ভুগিছিল। মনলৈ অকল এটাই ভাব আহিছিল যে কিদৰে এজন সন্তানে নিজৰ পিতৃক শুই থকা অৱস্থাত এটা অচিনাকি ষ্টেচনত এৰি থৈ যোৱাৰ কথা ভাবিব পাৰে? কেনেকৈ পাৰিব বাৰু তেনে কথা? এই কথা ভাবি ভাবি অনিৰ্বাণ একে ঠাইতে বহি থাকিল। ৰাতি ডেৰ বজাত তেওঁ এলাৰ্ম বাজি উঠা শুনিলে। অলপ সময়ৰ পিছত এলাৰ্ম বন্ধ হ’ল। এটা পুৰুষ কন্ঠ‌ই নিম্ন স্বৰেৰে উত্তেজিতভাবে কাৰোবাক কোৱা শুনিলে….

“হেৰা উঠা, সাজু হ’বৰ হ’ল।”

এটা নাৰী কন্ঠ‌ই টোপনিৰ আৱেশত থকা স্বৰেৰে কোৱা শুনিলে…..

“লাহে লাহে দেউতাক দুৱৰাৰ ওচৰলৈ লৈ যোৱা।”

 অনিৰ্বাণে  খোজৰ শব্দ শুনিলে। খচখচ শব্দ। অলপ পিছত দেখিলে এজন বৃদ্ধক দুজনে ধৰি ধৰি দুৱাৰৰ ফালে লৈ গৈছে। এইবোৰ দেখি অনিৰ্বাণৰ মূৰে কাম নকৰা হ’ল। লৰালৰিকৈ ওপৰৰ বাৰ্থৰপৰা নামি টয়লেটৰ ফালে আগুৱাই গৈ দেখিলে বৃদ্ধজনক দুৱাৰৰ কাষত বহুৱাই এজন মধ্য বয়সৰ লোক ওচৰত ৰৈ আছে। অনিৰ্বাণে সেইফালে নোচোৱাৰ ভাও ধৰি টয়লেটত সোমালেগৈ। মুখত অলপ পানী মাৰি কিছু সময় টয়লেটৰ ভিতৰত থকা আইনাখনত নিজৰ মুখখন চাই দৃঢ়প্ৰতিজ্ঞ হ’ল যে তেওঁ কিবা এটা কৰিব লাগিব। তাৰপিছত টয়লেটৰ পৰা ওলাই দুৱাৰৰ ওচৰত আহি থিয় হ’ল। বৃদ্ধজনৰ ওচৰত ৰৈ থকা মধ্য বয়সীয়া লোকজনে তেওঁক দেখি হাঁহি মাৰি সুধিলে…..

“আপুনি নামিব নেকি?”

অনিৰ্বাণে মূৰ জোকাৰি নহয় বুলি ইংগিত কৰিলে। মধ্য বয়সীয়া লোকজনে উত্তৰত “অ” বুলি কৈ মনে মনে থাকিল।

অনিৰ্বাণে হঠাৎ এক অস্বস্তিবোধ অনুভৱ কৰিলে। বৃদ্ধজনৰ শুই থকা মুখখন ক’ৰবাত দেখা যেন লাগিল তেওঁৰ। মাজে মাজে ট্ৰেইনৰ লাইটবোৰ জ্বলোৱা নুমোৱা কৰি আছিল। হঠাৎ বেচিনৰ ওচৰত থকা লাইটটো উজ্জ্বল পোহৰেৰে জ্বলি উঠিল। অনিৰ্বাণে আইনাত নিজৰ মুখখন দেখি সিঁয়ৰি উঠিল। তেওঁৰ মুখখন দেখিবলৈ বৃদ্ধজনৰ মুখৰ সৈতে একেই।তাৰমানে এই বৃদ্ধজন আচলতে তেৱেঁই। বৃদ্ধ‌ই ক্লান্ত চকুৰে তেওঁৰ ফালেই চাই আছে, মধ্য বয়সীয়া লোকজনে হা হা কৈ হাঁহিবলৈ ধৰিলে।

অনিৰ্বাণ খপজপাই টোপনিৰ পৰা উঠি বহিল। চাৰিওফালে চাই ভাবিলে দিঠক নে ই এটা বেয়া সপোন? কাষলৈ চাই দেখিলে তেওঁৰ পত্নী শুই আছে। মাজত তেওঁৰ পুত্ৰ সন্তান শুই আছে। ডাঙৰ হ’লে তেওঁৰ পুত্ৰৰ মুখখন সপোনৰ মধ্য বয়সীয়া লোকজনৰ দৰে হ’ব নেকি? হঠাতে তেওঁৰ নিজৰ মাতৃৰ মুখখন মনলৈ ভাহি আহিল। বিহাৰৰ এটা অচিনাকী ষ্টেচনত তেওঁ যে মাকক শুই থকা অৱস্থাত নমাই থৈ আহিল।

 অনিৰ্বাণৰ ভীষণ বমিৰ ভাৱ আহিবলৈ ধৰিলে…!!

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *