ঘৃণা,মূল লেখক : জেচমিন,ভাবানুবাদ-অঞ্জু মহন্ত

পাঁচ বছৰ, তিনি মাহ,বাৰদিন পিছত মোৰ স্বামী আবিৰক আকৌ দেখিলোঁ।স্বামী বুলি নকৈ প্ৰাক্তন স্বামী বুলি কোৱাহে ঠিক হ’ব।যদিও অফিচিয়েলি এতিয়াও আমাৰ বিবাহ বিচ্ছেদ হোৱা নাই।আবিৰ এতিয়া মোৰ ড্ৰইং ৰুমত বহি আছে।ভাবি অবাক লাগিছে,এই মানুহজনক এটা সময়ত পাগলৰ দৰে ভাল পাইছিলো। মোৰ ধাৰণা আছিল, মোৰ দৰে ইমান নহ’লেও,সিও মোক ভালপায়।যদিও তাৰ প্ৰকাশটো কেতিয়াও দেখা নাছিলোঁ।কিন্তু ভাবিছিলো, সকলোৰে প্ৰকাশ কৰা ক্ষমতা একে ধৰণৰ নহয়।

ভালপোৱা কেতিয়াবা কেতিয়াবা মানুহৰ সৰ্বনাশৰ কাৰণো হয়।মোৰো সেয়াই হ’ল।মোৰ জৰায়ুত এটা সৰু টিউমাৰ হৈছিল।সৰু হলেও দুৰ্দান্ত গতিৰে ৰক্তক্ষৰণ কৰিছিল সেইটোৱে।মোৰ বয়স তেতিয়া ৪৪।ডাক্তৰে ক’লে জৰায়ুটো গুচাই পেলোৱাটোৱেই ঠিক হ’ব। মোৰ এজনীয়েই ছোৱালী….’মেঘলা’, ইউনিভাৰ্ছিটিত পঢ়ে। ইমানদিনে যেতিয়া আৰু কোনো সন্তান নহ’ল,তেতিয়া আৰু হ’ব বুলিও ভাব নহ’ল।সেয়ে উলিয়াই পেলোৱা হ’ল জৰায়ুটো।

অপাৰেশ্যনৰ ধাক্কা ভালদৰে চম্ভালি লোৱাৰ আগেয়ে নতুন এটি বিষয় আৰম্ভ হ’ল। ননদজনীয়ে প্ৰায়েই কবলৈ ধৰিলে,

“আবিৰৰ মুখলৈ চাব নোৱাৰা হৈছোঁ।ল’ৰা এটাৰ বাবে কিমান যে হাবিয়াস আছিল তাৰ।”

মই জানো আবিৰে ল’ৰা বৰ পছন্দ কৰে,কিন্তু তাৰ বাবে মন বেয়া কৰিব!এইটো কেতিয়াও ভবা নাছিলো।ভবা হ’লে ৰক্তক্ষৰণ হৈ হৈ মৰি গ’লেও মই জৰায়ু উলিয়াই নেপেলালোহেঁতেন।আবিৰক সুধিলে,সি মনে মনে থাকে।

লাহে লাহে অপৰাধবোধত ভুগিবলৈ ধৰিলো। ভালপোৱা মানুহজনে এনেকৈ কষ্ট পাইছে।সহ্য কৰিব পৰা নাছিলোঁ। এদিন ননদজনীয়ে বুদ্ধি দিলে,

“আবিৰক আকৌ এবাৰ বিয়া পাতি দিয়া।”

তেতিয়া মোৰ কথাটো খুব বেছি বেয়া লগা নাছিল। আশংকা কৰিছিলোঁ,আবিৰ সন্মত হ’ব জানো?কিন্তু সি যিহেতু ননদজনীৰ কথাত উঠা বহা কৰে, সেয়ে ভনীয়েকৰ আদেশ পোৱা মাত্ৰেই সন্মত হৈ গ’ল।সম্ভৱতঃ ননদজনীয়ে আগেয়ে ছোৱালী চাই থৈছিল।সেয়েহে বেছি সময় নেলাগিল।ছোৱালীজনী দেখি মই অবাক হ’লো। একেবাৰেই সৰু ছোৱালী,মেঘলাতকৈ বৰ বেছি চাৰি পাঁচ বছৰ ডাঙৰ হ’ব।

আবিৰক কলো,

“তোমাৰ সৈতে বয়সৰ ডিফাৰেন্স বহুত বেছি হ’ব।”

 আবিৰে ক’লে,

“সমস্যা নাই।”

কথাবোৰ শুনি মেঘলা অতি ক্ৰোধান্বিত হৈ উঠিল।তাইক বুজালো,

“কিছুদিন পিছত তোৰ বিয়া হৈ যাব।মই অকলশৰীয়া হৈ পৰিম।তোৰ বাবাৰ ইমান সম্পত্তি,সেইবোৰৰতো এজন যোগ্য উত্তৰাধিকাৰী থকা উচিত।তইতো জান,তোৰ বাবাক মই কিমান ভাল পাওঁ।তেওঁৰ মন বেয়া হ’লে মই সহ্য কৰিব নোৱাৰোঁ।মেঘলাই খঙত হোষ্টেলৰপৰা ঘৰলৈ অহা বাদ দিলে।কিন্তু সেইটোৱে বিয়া ৰখাব নোৱাৰিলে।আচলতে এতিয়া বুজিছো, হয়তো অৱচেতন মনেৰে ময়ো বুজি পাইছিলো,ৰখোৱাৰ চেষ্টা কৰিলেও একো লাভ নহ’ব।

অবাক হোৱাৰ কথাটো হ’ল,বিয়াৰ দিনাখন মোৰ তেনেকুৱা একো দুখ লগা নাছিল। বহুদিনৰপৰাই আমাৰ সম্পৰ্কটো ঠিক স্বামী-স্ত্ৰীৰ দৰে নাছিল। সম্পৰ্কটো আছিল অভ্যস্ততাৰ।সেয়েহে মোৰ স্বামী মোৰ ওচৰৰপৰা গুচি যাব ওলাইছে,তেনেকুৱা অনুভৱ তেতিয়াও অহা নাছিল। মই চাকৰি কৰোঁ।যি দৰমহা পাওঁ,সেয়াৰে ভালদৰে চলিব পাৰোঁ। সেয়ে কি খাম,কি পিন্ধিম –এই চিন্তা মূৰলৈ অহা নাছিল। কিন্তু সমস্যাটো আৰম্ভ হ’ল, বিয়াৰ পিছত।

নহয়, এনেকুৱা নহয় যে,আবিৰ মোৰ ওচৰলৈ অহা নাই,সেইবাবে মোৰ কষ্ট হৈছিল।সি তো বহুদিনৰপৰাই মোৰ ওচৰলৈ অহা নাছিল। মোৰ কষ্ট হৈছিল, নতুন পত্নীৰ প্ৰতি তাৰ আদৰ,যত্ন দেখি।এই মানুহজন ইমান কেয়াৰিং, ইমান ৰোমাণ্টিক হ’ব পাৰে মোৰ ধাৰণাই নাছিল।নতুন পত্নীয়ে যিয়েই কয়, তাকেই শুনে।মই যি কাম ভয়ত জীৱনতো কৰিব পৰা নাছিলোঁ,সেয়া তাই অনায়াসে কৰে।আনকি যি ননদৰ ভয়ত এটাও কথা ক’ব পৰা নাছিলোঁ,তাই সেই ননদৰ লগত অনায়াসে কাজিয়া কৰে।যি আবিৰে কৈছিল,মোৰ মা,ভনীৰ মুখৰ ওপৰত কোনো কথা নক’বা।এতিয়া সি নতুন পত্নীৰ বাবে ভনীয়েকক ধমকি দিয়ে!

তিনিটা মাহ,এই তিনিটা মাহত মই বুজি উঠিলো, মই কিমান মূৰ্খ, কিমান বুৰ্বক আছিলোঁ।গোটেই জীৱন মাথোন সংসাৰ ভাঙি যাব,এই ভয়ত কম্প্ৰমাইজ কৰি গৈছিলো।কোনোদিনে নিজৰ অধিকাৰ জোৰকৈ আদায় কৰা নাই।নতুন বোৱাৰীজনীলৈ মোৰ হিংসা লাগিল। কিন্তু এইবাবে নহয় যে,তাই মোৰ স্বামীক কাঢ়ি নিছে। এইবাবেই যে মই কেতিয়াও তাইৰ দৰে কৰিব পৰা নাছিলোঁ।আবিৰলৈ খং উঠা নাছিল।তীব্ৰ খং উঠিছিল নিজৰ ওপৰত।কেনেকৈ, কেনেকৈ মই মোৰ জীৱনৰ বাইছটা বছৰ নষ্ট কৰিলোঁ,এই ভাবিহে।

যি সিদ্ধান্ত বহু আগেয়ে লোৱা উচিত আছিল,পলমকৈ হ’লেও সেই সিদ্ধান্তটো লৈয়েই পেলালো।অফিচিয়েল ডিভোৰ্চ আবিৰক নিদিলো।কাৰণ মনৰ সম্পৰ্কটোৱেই য’ত নাই,তাত কাগজৰ সম্পৰ্কই কি কৰিব? কিন্তু পৃথক হৈ থকাৰ সিদ্ধান্ত ল’লো।মেঘলা ঢাকা বিশ্ববিদ্যালয়ত পঢ়ে,মই মোৰ পোষ্টিং ঢাকালৈ ল’লো।আবিৰক কৈ আহিছিলো,সি বা তাৰ পৰিয়ালৰ কোনেও যেন কেতিয়াও মোৰ আৰু মেঘলাৰ লগত যোগাযোগ নকৰে। আবিৰে ইমানদিনে সেই কথা ৰাখিছিল।কোনোদিনে যোগাযোগ কৰা নাই।

কিন্তু আজি পাঁচবছৰ,তিনিমাহ,বাৰদিনৰ পিছত হঠাৎ ঘৰত উপস্থিত।সম্ভৱতঃ অফিচৰ পৰা ঠিকনা সংগ্ৰহ কৰিছে।বহুসময় হ’ল দুয়ো মনে মনে বহি আছোঁ।শেষত আবিৰেই কথা আৰম্ভ কৰিলে।

“কেনে আছা ৰেবা?”

“ভালেই আছোঁ।বহুত ভাল।নিজকে ভালপাবলৈ শিকিছো, ইয়াতকৈ বেছি আৰু পৃথিৱীত কি থাকিব পাৰে।”

“মেঘলা কেনে আছে?”

“মেঘলা খুবেই ভালে আছে।দুবছৰ আগেয়ে তাইক বিয়া দিছোঁ,মোৰ এজন কলিগৰ ভতিজাকৰ লগত।ল’ৰাজন খুবেই ভাল।তাৰ পৰিয়ালৰ সকলো অসম্ভৱ ভাল। ছোৱালীজনীয়ে জীৱনত যিবোৰ সুখ পোৱা নাছিল, এতিয়া সেই সুখ পাইছে।দেশ-বিদেশ ঘূৰি ফুৰিছে।যোৱা মাহত মোকো বিদেশলৈ ফুৰিবলৈ লৈ গৈছিল সিহঁতে। সিহঁত সচাকৈয়ে বহুত সুখত আছে।”

“মেঘলাক বিয়া দিলা,অথচ মোক এটা খবৰো নিদিলা?”

“পিতৃ হিচাবে মোৰোতো কিছু দায়িত্ব আছিল?”

“দিব বিচাৰিছিলো।মেঘলাই নালাগে বুলি ক’লে

ল’ৰাপক্ষই সকলো জানে, সেয়ে সমস্যা হোৱা নাছিল।”

আবিৰৰ মুখখন বেদনাই চুই গ’ল।

মই প্ৰসঙ্গ সলনি কৰি কলো,

“তোমাৰ ল’ৰা কেনে আছে?”

“মোৰ ল’ৰা? নাই,মোৰ কোনো ল’ৰা ছোৱালী নাই। আচলতে তুলিৰ বয়স কম আছিল বাবে সন্তান জন্ম দিবলৈ বিচৰা নাছিল।”

“এতিয়াতো বয়স হৈছে। এতিয়া জন্ম দিয়া।”

“যোৱা মাহত তুলিয়ে মোক এৰি গুচি গৈছে।”

 “মানে?”

“আচলতে তাইৰ এটা ল’ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। ল’ৰাজনে ভাল চাকৰি পোৱা নাছিল বাবে তাইৰ মাক-বাপেকে তাইক জোৰকৈ মোৰ সৈতে বিয়া দিছিল।কথাটো মই জনা নাছিলোঁ।সেই ল’ৰাজনে এতিয়া ভাল চাকৰি পাইছে।সেয়ে তুলিয়ে মোক এৰি গুচি গৈছে।”

খুব কৰুণা উপজিছিল আবিৰলৈ।কিন্তু সি যেতিয়া ক’লে,

“ৰেবা, তুমি মোৰ লগত যাবা? সেইখনতো তোমাৰেই সংসাৰ।”

তেতিয়া মোৰ ঘৃণা লাগিছিল।কামকৰা ছোৱালীজনীক মাতি কলো,

“এই চাহাবৰ কফি খোৱা শেষ হ’লে, বিদায় দি দৰজাখন বন্ধ কৰি দিবি।”

ভিতৰৰ কোঠাৰপৰা উকি মাৰি দেখিলোঁ। কফি নোখোৱাকৈ আবিৰ বাহিৰলৈ ওলাই গৈছে তলমুৰকৈ।

******

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *