সঁচাকৈয়ে আমি মানৱজাতি এই পৃথিৱীৰ?নে মনত কেতিয়াবা প্ৰশ্ন হয়?-পঙ্কজ বৰুৱা

আপোনালোকৰ মনলৈ কেতিয়াবা এই ভাৱ আহেনে যে আমি পৃথিৱীৰ এই মানৱ জাতি সঁচাকৈয়ে এই পৃথিৱীৰ! নে এই পৃথিৱীৰ বাহিৰৰপৰা বা বাহিৰৰ কোনো এলিয়েন প্ৰজাতিৰ লগত সংকৰণ হৈ আমাৰ সৃষ্টি হ’ল?ই এক জটিল প্ৰশ্ন কিয়নো আজিলৈকে আমি মানৱ জাতিয়ে পৃথিৱীৰ বাহিৰত এতিয়ালৈকে আমাতকৈ বুদ্ধিমানতো বাদেই কোনো জীৱনেই আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই।তথাপিও আমাৰ মানৱ জাতিৰ কিছুমান বৈশিষ্ট্যলৈ চালে আমি এই পৃথিৱীৰ নহয় যেন অনুভৱ হয়।

পৃথিৱীৰ মানুহেই একমাত্ৰ জীৱ যাৰ ভাষা আছে যি লিখিব পাৰে।এই বৈশিষ্ট্যই মানুহক পশুৰপৰা পৃথক কৰে।বিগত পাঁচ হাজাৰ বছৰৰ ভিতৰত মানুহে বিজুলী ব্যৱহাৰ কৰিবলৈ শিকিলে,পৰমাণু কণা ভাঙিলে, কম্পিউটাৰ বনালে;চন্দ্ৰ, মংগল গ্ৰহলৈকে মহাকাশযান পঠিয়ালে।পৃথিৱীৰ মানৱেই একমাত্ৰ জীৱ যাৰ এনে কৰাৰ শক্তি আছে যি উন্নত প্ৰযুক্তি উদ্ভাৱন কৰিলে।  ইমান কম সময়ৰ ভিতৰত পৃথিৱীৰ আন কোনো জীৱই আজিলৈকে এনে কৰিব পৰা নাই।মানৱ জাতি পৃথিৱীলৈ অহাৰ সময় আন জীৱৰ তুলনাত নিচেই কম কিন্তু ইমান কম সময়ৰ ভিতৰত ইমান অধিক বুদ্ধিমত্তা!ই সঁচাই অকল্পনীয়।মানৱে যিবোৰ কৰ্ম কৰিছে ইও চিন্তাৰ পৰিসৰৰ বাহিৰত।আজিৰ সময়তো  আমাৰ বাবে ই এক জটিল প্ৰশ্ন যে পৃথিৱীত মানৱ জাতিৰহে কিয় ইমান বিকাশ হ’ল?মানৱ জাতিতকৈ  বুদ্ধিমান জীৱ পৃথিৱীত আন কিয় ন’হ’ল?আন বুদ্ধিমান জীৱৰ প্ৰজাতিবোৰে কিয় কোনো প্ৰযুক্তিৰ উদ্ভাৱন কৰিব নোৱাৰিলে?

বৈজ্ঞানিকসকলৰ মতে মানৱ জাতি বুদ্ধিমান হয় কিন্তু ইয়াৰ শাৰীৰিক গঠন পৃথিৱীৰ প্ৰতিটো জলবায়ু তথা পৰিৱেশৰ অনুকুল হিচাপে গঠিত নহয়।প্ৰযুক্তিৰ অবিহনে আমি নিজৰ গ্ৰহটোতে বহু ক্ষেত্ৰত সীমিত হৈ পৰোঁ।মানৱ শৰীৰৰ গঠন পৃথিৱীৰ আন জীৱৰ শাৰীৰিক গঠনতকৈ সম্পূৰ্ণ বেলেগ তথা বিচিত্ৰও।পৃথিৱীৰ প্ৰায়বোৰ জীৱৰে সন্তান জন্ম হোৱাৰ পাছতে খোজকাঢ়িব পৰা,নিজৰ সকলো কাম নিজে কৰিব পৰা হয়, কিন্তু মানৱ শিশুয়ে এনে কৰিলে সকলো আচৰিত হ’ব আৰু এনে কেতিয়াও নহয়।মানৱ শিশু লাহে লাহে  মানসিক,শাৰীৰিক ভাৱে সৱল হৈহে বৃদ্ধি হয়।

Humans are not from Earth: A scientific evaluation of the evidence নামৰ কিতাপত Dr. Ellis Silver এ কৈছে যে মানৱ জাতিয়ে পৃথিৱীত আন জীৱসমূহৰ লগত একলগে বিকাশ নাই হোৱা।এই কিতাপখনত মানৱ জাতিক এলিয়েন হিচাপে দেখুৱাবলৈ ১৩ টা মতবাদ আৰু ১৭ টা কাৰক দেখুৱাইছে। তেওঁলোকৰ মতে মানৱ জাতি পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান জীৱ হ’লেও ইয়াৰ শাৰীৰিক গঠন পৃথিৱীৰ পৰিৱেশ জলবায়ুৰ লগত খাপ খোৱাকৈ জীয়াই থাকিবলৈ মুঠেই অনুকূল নহয়।সূৰ্যৰ প্ৰচণ্ড তাপ, বানপানী, বেয়া বতৰ আদিক আমি সহিব নোৱাৰোঁ। আমি মানৱ জাতি বংশগত বেমাৰসমূহত সহজে আক্ৰান্ত হওঁ।মানৱ জাতিতকৈ অধিক বেমাৰী জীৱ এই পৃথিৱীত আন কোনোৱে নাই।

Dr.Ellis Silver ৰ মতে,নিয়াণ্ডাৰ থাল মানৱ প্ৰজাতিৰ লগত আমাৰ চুবুৰীয়া নক্ষত্ৰ আল্ফা চেন্টাউৰি তৰা প্ৰণালীৰ কোনো গ্ৰহৰ   জীৱৰ লগত Crossbriding ৰ ফলতে আজিৰ আধুনিক মানৱৰ জন্ম হৈছিল।তেওঁৰ মতে পৃথিৱীৰ আজিৰ মানৱ পৃথিৱীত উৎপত্তি কোনো জীৱনৰে অংশ নহয়,ই আনত সৃষ্টহে।আজিৰপৰা ৬০ হাজাৰৰ পৰা ২ লাখ বছৰৰ ভিতৰত মানৱ জাতি পৃথিৱীত অস্তিত্বলৈ আহিছিল।

   গৱেষক তথা লেখক ৰবাৰ্ট চেফৰৰ মতে,“ আধুনিক DNA Sequencing ক ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে মানৱ জাতি কোনো এক নিৰ্দিষ্ট Race ৰ পৰা উৎপত্তি নহয়  আৰু ই কোনো আফ্ৰিকীয় মানৱ প্ৰজাতিৰ বংশাৱলী নহয়,hybridize প্ৰজাতিহে।মানৱ hybrid জীৱ হে।মানৱ শৰীৰৰ Rh Negative তেজৰ ৰহস্য আজিও ৰহস্য হৈয়ে আছে।যদি পৃথিৱীৰ সকলো মানৱ কোনো আফ্ৰিকীয় প্ৰজাতিৰ অংশ হ’লহেঁতেন তেন্তে ইটোৰ সিটোৰ তেজৰ মাজত প্ৰতিক্ৰিয়া নকৰিলেহেঁতেন আৰু মিলি গ’লহেঁতেন।এইবাবেই এইটো বুজিব নোৱাৰি যে এই Rh negative তেজ ক’ৰ পৰা আহিল।স্পেইন আৰু ফ্ৰান্সৰ মানুহৰ মাজত সৰ্বাধিক Rh negative তেজ যুক্ত মানুহ দেখিবলৈ পোৱা যায়।তাত ৩০% Rh negative তেজ যুক্ত আৰু ৬০%  R negative জিন যুক্ত মানুহ আছে।পৃথিৱীত মানৱ জাতিৰ নিকট সম্বন্ধীয় বুলি ক’লে আমি বান্দৰকে বুজোঁ।এই বান্দৰ তথা প্ৰাইমেটৰ মুঠ ৬১২ টা প্ৰজাতি পৃথিৱীত আছে কিন্তু ইয়াৰ এটা প্ৰজাতিৰ দেহতো Rh negative তেজ নাই।

******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *