সুখ-মামণি কলিতা

ৰীমা অলপ এলেহুৱা যদিও ঘৰৰ সকলো কাম-কাজ নিজেই কৰে।তাইৰ এই স্বভাৱটো শাহুৱেকে একেবাৰে পচন্দ নকৰে; তেওঁৰ মতে সকলো কাম সময়মতে নিয়াৰিকৈ হ’ব লাগে। আবেলি শাহুৱেকে চাহ খাই থকাৰ সময়তে ওচৰৰ বৰুৱানী আৰু শ‌ইকীয়ানী আহিল।তিনিও বিয়নীমেল মাৰি চাহ তামোল খাই যাবলৈ ওলাই ৰীমাক মাতষাৰ দি থৈ যাবলৈ দুয়ো…”ৰীমা আমি যাওঁ দেই”….. বুলি মতা শুনি ৰীমাই লৰালৰিকৈ ওলাই অহা দেখি শাহুৱেকে ক’লে,

“আমাৰ ভাগ্য‌ই আজি, আপোনালোকৰ এষাৰ মাততে বোৱাৰীক দেখিবলৈ পালে। নহ’লে আপোনালোক গেটৰ বাহিৰ হোৱাৰ পিছতহে বোৱাৰী বাহিৰ পালেহিহেঁতেন।ৰীমাই অলপ অস্বস্তিবোধ কৰা যেন দেখি শ‌ইকীয়ানীয়ে ততাতৈয়াকৈ উত্তৰ দিলে..

“একো নাই আইজনী,তোমাৰ খোজকেইটা কিন্তু সাইলাখ লখিমীৰ খোজ…..নহয়নে বৰুৱাণী বাইদেউ?”

শাহুৱেকৰ কথাই ৰীমাৰ মনত লগোৱা দুখখিনি, এইষাৰ কথাই যেন মুচি নোহোৱা কৰি থৈ গ’ল।

*****

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *