মাচাউকি খাতাঁওৰা,লিখক: হুমায়ূন আহমেদ,ভাবানুবাদ-অঞ্জু মহন্ত 

মধ্যবিত্তসকলৰ জীৱনত উত্তেজনা সৃষ্টি কৰিবপৰা ঘটনা খুব এটা নঘটে। তেওঁলোকৰ জীৱন যাত্ৰা খোৱা,শোৱা, টিভি চোৱা এইবোৰৰ মাজতেই মোটামুটি সীমাবদ্ধ। কিন্তু মোৰ সৰু ভাইটিৰ ঘৰত ব্যতিক্ৰম হ’ল। সিহঁতৰ ঘৰত উত্তেজনা সৃষ্টি কৰিবপৰা এটা ঘটনা ঘটাৰ উপক্ৰম হ’ল। শুনিলোঁ, এজন জাপানী যুৱক হেনো ভাইটিৰ ঘৰত এমাহ থাকিব।

জাপান-বাংলাদেশ টেকনিকেল এচিচটেণ্ট প্ৰোগামৰ তেওঁ এজন কৰ্মী। বাংলাদেশৰ গাঁৱত দুবছৰ থাকিব। অৱশ্যে পোষ্টিং হোৱাৰ আগেয়ে বাংলাদেশৰ কোনো এঘৰ মধ্যবিত্ত পৰিয়ালৰ লগত তেওঁ এমাহ কটাব লাগিব, যাতে তেওঁ আমাৰ ৰীতি-নীতি, আচাৰ-আচৰণ সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা পাব পাৰে। 

জাপানী যুৱকজনৰ বাবে মোৰ সৰু ভাইটিৰ পল্লবীত থকা ঘৰৰ দোতলাৰ এটা ৰুম চাফ-চিকুণ কৰি দুৱাৰ -খিড়িকীত নতুন পৰ্দা লগোৱা হ’ল।বিছনাত নতুন বিছনা চাদৰ। টেবুলৰ ফুলদানীত গোলাপ। বাথৰুমত টয়লেট পেপাৰ। বিদেশী অতিথি, আদৰ যত্নৰ যেন ত্ৰুটী নাথাকে। এই অতিথিজন অন্য অতিথিৰ দৰে নহয়। তেওঁ হৈছে পেয়িং গেষ্ট। যি কেইদিন থাকিব সেই কেইদিনৰ বাবে টকা দিব। পেয়িং গেষ্ট হ’লেও তেওঁৰ প্ৰধান কাম হ’ব আমাৰ জীৱন যাত্ৰা লক্ষ্য কৰা। আমাৰ কালচাৰ সম্পৰ্কে ধাৰণা লোৱা। যিহেতু বাঙালী সংস্কৃতি সম্পৰ্কে তেওঁ ধাৰণা ল’ব,সেয়ে আমি সকলোৱে সচেতন হৈ থাকিব লাগিব,কোনো ভুল ধাৰণা যেন তেওঁ নলয়।

তেওঁ সন্ধিয়া সময়ত অহাৰ কথা।ঘৰৰ সকলোৱে আবেলিৰপৰা সাজি-কাচি তেওঁলৈ অপেক্ষা কৰি আছে। সৰুকেইটাৰ উৎসাহ আটাইতকৈ বেছি। সিহঁতে তেওঁৰ সৈতে কথা-বাৰ্তা কেনেকৈ ক’ব সেয়া লৈ মহাচিন্তিত। বিদেশী অতিথিলৈ দোকানৰপৰা বৰ ডাঙৰ চাইজৰ মিঠাই অনা হৈছে। মিঠাইৰ চাইজ দেখুৱাই যাতে বিদেশী অতিথিক আচৰিত কৰি দিব পৰা যায়।

অতিথি আহিল সন্ধিয়া। ভৰিত বুটজোতা, পিন্ধনত চকচকীয়া সেউজীয়া লুঙী,গাত ফতুৱা চোলা। আমি তেওঁক আচৰিত কৰি দিবলৈ বিচাৰিছিলোঁ কিন্তু আৰম্ভণিতেই বিচিত্ৰ পোছাকেৰে তেওঁহে আমাক আচম্বিত কৰিলে। এটেনচন হৈ মূৰ দোৱাই অভিবাদন জনালে। এবাৰ নহয়, কেবাবাৰো। তাৰপিছত হাঁহিমুখে সুন্দৰ বাংলাত ক’লে,

 “মোৰ নাম মাচাউকি খাতাঁওৰা। আশাকৰোঁ আপোনালোক সকলোৱে ভালে আছে। শুভ সন্ধিয়া।”

 আমি তেওঁৰ পোছাক দেখি মুগ্ধ। গাখীৰত সেন্দূৰ মিহলোৱা গাৰ ৰং দেখি মুগ্ধ। তেওঁৰ সুন্দৰ বাংলা শুনি মুগ্ধ,গম পালোঁ প্ৰয়োজনীয় বাংলা তেওঁ জাপানতেই শিকি আহিছে।

 হাঁহিমুখীয়া কম বয়সীয়া এজন ল’ৰা। শুনিছিলোঁ , জাপানীসকল খুব বুদ্ধিমান। এওঁক অলপ বুৰ্বক ধৰণৰ যেন ভাৱ হ’ল। তেওঁ  প্ৰথম দিনাই  বুৰ্বকামিৰ কেবাটাও প্ৰমাণ দিলে। ডাঙৰ চাইজৰ সাতটা মিঠাই খাই ক’লে,

 “মিঠা জাতীয় খাদ্য মই পছন্দ নকৰোঁ।”

 সৰু ল’ৰা-ছোৱালীবোৰে তাৰ বাবে অপেক্ষা কৰি থকা দেখা পাই সি সিহঁতক মনোৰঞ্জন কৰাটো তাৰ কৰ্তব্য বুলি ধৰি ল’লে। সিহঁতক কেইবাটাও খেল দেখুৱালে। এটা সময়ত হুৰমূৰকৈ সি পৰি গ’ল আৰু এটা চাহৰ কাপ ভাঙি গ’ল। কাপটোৰ ভঙা টুকুৰাবোৰলৈ অবাক দৃষ্টিৰে সি চাই ৰ’ল। তাৰপিছত এখন মলিয়ন এশ টকাৰ নোট মাৰ ফালে আগুৱাই দি ক’লে,

 “দয়া কৰি কাপৰ দামটো ইয়াৰ পৰা ৰাখক। কাপটো ভঙা বাবে মই বৰ দু:খিত।” 

 সাতদিনৰ পিছত সি ঘৰৰ এজন যেন হ’ল। ৰান্ধনীঘৰত সোমাই ইফালে সিফালে চাই ফুৰে। কেঁচা জলকীয়া নহ’লে ভাত খাব নোৱাৰে। মায়ে  যদি কেতিয়াবা কয়,”দোকানৰ পৰা আধা কেজি নিমখ আনি দিয়াচোন।”

 সি দৌৰি যায় নিমখ আনিবলৈ। আঁঠুৱা তৰিবলৈ ঠিকঠাক কৰি দিয়ে। এদিন দেখিলোঁ ঝাড়ু লৈ খুউব উৎসাহেৰে ঘৰ চাফা কৰিছে। ভিক্ষাৰীয়ে ভিক্ষা বিচাৰিলে কয়, “মাফ কৰিবা।”

 ঘৰৰ কাষৰ এজন ধোবাৰ দোকানত তাক বহুসময় কটোৱা দেখিলোঁ। সি ধোবাক টকা এশ দিয়া বুলি গম পালোঁ। এশ টকাৰ বিনিময়ত ধোবাজনে তাৰ টু-ইন-ওৱানটো তাক ব্যৱহাৰ কৰিবলৈ দিছে। সি তাত জাপানৰপৰা লৈ অহা কেছেটৰ জাপানী গান শুনে।

তাক ক’লোঁ যে,ঘৰত কেছেট প্লেয়াৰ আছে। সি ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে। তাৰ উত্তৰত সি ক’লে যে এইখন ঘৰত সি জাপানী কেছেট বজাব নিবিচাৰে। সি বঙালী কালচাৰ শিকিব বিচাৰে।

আমাৰ লগত থাকি সি যিবোৰ কালচাৰ শিকিলে সেয়া বঙালী কালচাৰত নপৰে। পাৰিবাৰিক কালচাৰ হিচাবে চলাব পাৰি। কিছু নমুনা দিলোঁ…

 (১) শুবলৈ যোৱা আৰু শুই উঠাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই। যাৰ যেতিয়া ইচ্ছা শুব পাৰে। কোনোবাই ৰাতি দহ বজাত শুই যায় আকৌ কোনোবাই ৰাতি তিনি বজালৈকে সাৰে থাকে। কোনোবা কোনোবাই  উঠে সূৰ্য উঠাৰ আগেয়ে আৰু প্ৰাৰ্থনা কৰে (আমাৰ মা)!

কোনোবাই ৰাতিপুৱা এঘাৰ বজাত বহু কষ্টেৰে বিছনাৰ পৰা নামে (আমাৰ কনিষ্ঠ ভাতৃ),একাপ চাহ খাই আকৌ শুই পৰে।

(২) গাঁৱৰ  ঘৰৰপৰা যেতিয়া  আলহী আহে, তেতিয়া ঘৰৰ মজিয়াত বিছনা পাতিবলগীয়া হয়।

(৩) ৰবীন্দ্ৰ সংগীত, হিন্দী আৰু ইংৰাজী তিনিও ধৰণৰ গানৰ কেছেট বাজি থাকে, যদিও ভাব নহয় যে কোনোবাই শুনিছে।

চাউকিক দেখি আমিও জাপানীসকলৰ সম্পৰ্কে কিছু ধাৰণা কৰিলোঁ।

 যেনে…..

 (১) জাপানী সম্পৰ্কে প্ৰচলিত ধাৰণা শুদ্ধ নহয়। তেওঁলোক অলপ বুৰ্বক ধৰণৰ হয় (উদাহৰণ: এবাৰ ঘৰত এটা মিলাদ হ’ল। মাচাউকি তাত উপস্থিত।পাত্ৰ এটাত আতৰ ভিজোৱা তুলা দিয়া হৈছে। সকলোৱে তুলাৰ পৰা আঙুলিত অলপ আতৰ সানি নাকত লৈছে। তুলাৰ পাত্ৰটো মাচাউকিৰ সন্মুখত দিয়াৰ লগে লগে সি তুলাৰ টুকুৰাটো মুখত লৈ টপককৈ গিলি হাঁহৰ দৰে ডিঙিটো টানি টানি কাহিবলৈ ধৰিলে)

(২) জাপানীসকল খাদ্যৰ ক্ষেত্ৰত গোপালৰ দৰে সুবোধ বালক। সিহঁতক যি দিয়া হয় তাকেই খায়। অৱশ্যে সিহঁতে নুডলচ নাখায়। সকলোতকৈ বেছি পছন্দ কৰে এলু-বাৰ্তা (আলুভৰ্তা) আৰু তিৰিকিৰি (তৰকাৰী)।

(৩) তেওঁলোকৰ লজ্জাবোধ অলপ কম। লুঙী পিন্ধি থাকে,ফটককৈ লুঙী খুলি গ’লে একেবাৰেই বিব্ৰতবোধ নকৰে। মাথোঁ ইয়েই, ইয়েই জাতীয় শব্দ কৈ উঠে।

(৪) জাপানীবোৰে খুব ৰঙচঙীয়া আন্দাৰৱেৰ পিন্ধে।মাচাউকিৰ লুঙী প্ৰায়েই খুলি যোৱাত তাৰ বিচিত্ৰ কক্ষৰ আন্দাৰৱেৰ দেখাৰ সৌভাগ্য আমাৰ সকলোৰে হৈছে।

মাচাউকিক লৈ সকলোতকৈ সমস্যাত পৰিল আমাৰ মা। গাঁৱত তেওঁৰ যিমান আত্মীয়-স্বজন আছে তেওঁলোক সকলোৱেই জাপানী চোৱাৰ অজুহাতত এবাৰকৈ ঢাকালৈ আহিল। সময় অসময় নাই ছয়-সাতজন আহি উপস্থিত হয়। তেওঁলোকৰ মুখত হাঁহি। আনন্দিত কণ্ঠেৰে কয়,

 “জাপানী চাবলৈ আহিছোঁ।” 

সিহঁতৰ এই জাপানী চোৱা তিনি -চাৰি দিনেও শেষ নহয়। সিহঁতে জাপানী চোৱাৰ লগতে চিৰিয়াখানা চায়,ঢাকা চহৰ চায়,বলাকা চিনেমাহলত চিনেমা চায়। ঘৰলৈ ঘূৰি যোৱাৰ সময়ত কয়,

“জাপানী দেখি বৰ ভাল লাগিল। ইমান দিনে অকল জাপানী বস্তুহে দেখিছিলোঁ, এতিয়া ভগৱানে জাপানী আদমি দেখুৱালে। ইহঁতৰ চব ভালেই, অৱশ্যে বাংলা ভাষাত অলপ দুৰ্বল।”

সিহঁতে ঘৰলৈ ঘূৰি গৈ অন্যসকলক খবৰ দিয়ে। তেওঁলোকেও কানি-কাপোৰ বান্ধি ঢাকালৈ ৰাওনা হয়। 

এমাহ পাৰ হোৱাৰ পিছত মায়ে স্বস্তিৰ নিশ্বাস পেলালে। মাচাউকি বিদায় লৈ যাব ওলাইছে।বিদায় দৃশ্য যথেষ্ট ইণ্টাৰেষ্টিং হ’ল। মাচাউকিয়ে ফৰফৰাই জাপানী ভাষাত এসোপামান কথা ক’লে। ভাব হ’ল তাৰ মনত গভীৰ আবেগৰ সঞ্চাৰ হৈছে। কাৰণ কথা কৈ থাকোঁতে সি ইমোচনেল হৈ পৰিছিল। আমি যে তাৰ জাপানী ভাষা এক বৰ্ণও বুজি পোৱা নাই সেইটো তাক বুজিবলৈ নিদিলোঁ। আমি সকলোৱে খুব মূৰ জোকাৰিলোঁ । মাৰ কামকৰা ছোৱালী দুজনীৰ এজনীয়ে চিঞৰি চিঞৰি কান্দি কান্দি ক’লে,

“মচা ভাইজান যাবলৈ ওলাইছে।( মাচাউকি ঘৰৰ ল’ৰা ছোৱালী আৰু কামকাজ কৰা মানুহৰ মাজত মচাভাই হিচাবে পৰিচিত)

মাচাউকিৰ বিদায়ৰ ছমাহ পিছৰ কথা। কোৰবানিৰ ঈদ আমি সকলোৱে পল্লবীৰ মাৰ ঘৰত পালন কৰোঁ। বহুদিনৰ নিয়ম। ঈদৰ দুদিন আগেয়ে চুটকেচ এটা লৈ মাচাউকি উপস্থিত। দুখন এশটকীয়া নোট  মালৈ আগবঢ়াই  দি ক’লে,সি তিনিদিন ছুটী পাইছে।ছুটীৰ দিনকেইটা সি আমাৰ লগত থাকিব বিচাৰে। দুশ টকা তাৰ খৰচ হিচাবে মাক দিছে।

মায়ে ক’লে,

“তুমি আমাৰ উৎসৱৰ সময়ত থাকিবলৈ আহিছা। মই খুব সুখী হৈছোঁ। তুমি আমাৰ লগত থাকা। টকা দিব নালাগে। ইয়াৰ পিছতো যেতিয়াই ছুটী পোৱা আমাৰ ঘৰলৈ আহি যাবা। অৱশ্যে তুমি থাকিবলৈ অসুবিধা পাব পাৰা। মোৰ আটাইকেইটা ল’ৰা-ছোৱালী আহিছে। ঘৰটো সৰু।”

“মোৰ অসুবিধা নহয়। মই চেয়াৰত নিদ্ৰা কৰিম। এইবুলি কৈয়েই সি পলম নকৰিলে। বহা চোফাত তাৰ বিছনা পাতিলে। ঈদ উপলক্ষে তাক পাইজামা

পাঞ্জাৱী দিয়া হ’ল। সি নিজে গৈ এটা টুপী কিনি আনিলে। ঈদ উৎসৱৰ নিয়ম-কানুন লৈও তাক খুব

চিন্তিত যেন ভাৱ হ’ল। সি কোনো নিয়ম বাদ দিব নিবিচাৰে।

গৰু কিনাৰ বিষয়েও তাৰ আগ্ৰহ দেখা গ’ল।গৰু কিনাৰ সময়ত সিও লগত যাবলৈ ওলাল।  মাংসৰ এটা জাপানী পদ আমাক সি ৰান্ধি খুৱাবলৈও ইচ্ছা কৰিলে।

আমি তাক লগত লৈয়েই গৰু কিনিলোঁ।গৰুৰ পঘাত ধৰি খোজকাঢ়ি গৰু ঘৰলৈ লৈ অহাৰ পবিত্ৰ দায়িত্বও তাক দিয়া হ’ল। সেয়া এক বিচিত্ৰ দৃশ্য! এজন জাপানীয়ে কোৰবানিৰ গৰু পঘাত ধৰি টানি টানি লৈ গৈ আছে। যিয়েই দেখিছে, থমকি ৰৈ চাইছে। বুজিব পৰা নাই, এই জাপানী চাহাবক গৰুৰ দাম সোধা ঠিক হ’বনে নহয়। যিহেতু কোৰবানিৰ গৰুৰ দাম সোধা পবিত্ৰ দায়িত্বৰ এটা, সেয়ে কোনোবা কোনোবাই ভয়ে ভয়ে আৰু অলপ অস্বস্তিৰে সুধিছে,”গৰুৰ দাম কিমান?”

জাপানীয়ে তৎক্ষণাৎ ৰৈ দিছে। মূৰ দোঁৱাই গম্ভীৰ কণ্ঠেৰে কৈছে,

“এইটো কোৰবানিৰ গৰু। ইয়াৰ দাম অষ্ট হাজাৰ টকা।” গৰুৰ দাম যিমানেই নহওক,প্ৰশ্নকৰ্তাই ক’ব লাগে

 “সস্তা হৈছে, খুব সস্তা।খুব কমতেই পাইছে।”

প্ৰশ্নকৰ্তাই নিয়ম মাফিক অষ্ট হাজাৰ দাম শুনি কয়, “সস্তা হৈছে।”

মাচাউকিয়ে উত্তৰ দিয়ে,”হয় সস্তা হৈছে। বাৰ হাজাৰ বিছাৰিছিল। আমি মূলামূলি কৰিছোঁ (মূলামূলি শব্দটো সি নতুনকৈ শুনিছে)

গোটেই ৰাস্তাটো মাচাউকিয়ে গৰুৰ দাম কৈ কৈ আহিল। বুজা গৈছে সি এই কামটোত খুব আনন্দ পাইছে। ঘৰলৈ আহি সি গৰুক পানী খুৱালে। গা মোহাৰি দিলে। পানীৰে গা ধুৱাই দিলে।

মোৰ মায়ে ক’লে,’মাচাউকি নিশ্চয় কোনো কৃষক পৰিয়ালৰ ল’ৰা। কৃষক পৰিয়ালৰ ল’ৰা বাবেই গৰুৰ প্ৰতি ইমান যত্ন। তাৰ যত্নটো আমাৰ বাবে অলপ বেছি যেন লাগিল। সন্ধিয়া সময়ত সি কল কিনি আনিলে। গৰুক কল খুৱালে। ফণিৰে গৰুৰ গলধন আচুৰি দিলে।

যথাসময়ত কোৰবানি হৈ গ’ল। মাংস ৰন্ধা হ’ল। সকলোৱে খাবলৈ বহিছে। মাচাউকিৰ দেখাদেখি নাই। তাক বিচাৰি গৈ দেখিলে সি ৰাস্তাৰ কাষত বহি আছে। মনটো খুবেই বেয়া। তাক ঘৰলৈ লৈ আহি সুধিলোঁ, কিহৰ বাবে মন বেয়া? সি উত্তৰ নিদিলে। বিদেশী অতিথি বাবে ডাঙৰ মাংসৰ বাতি এটা তাক দিয়া হ’ল। সি ক্ষীণ কণ্ঠেৰে ক’লে,গৰুটোৰ লগত বহুদূৰ খোজকাঢ়ি অহা বাবে গৰুটোলৈ তাৰ মৰম উপজিছে। এই গৰুৰ মাংস সি খাব নোৱাৰিব। মাংস খাব নোৱাৰা এই অপৰাধ আমি যেন ক্ষমা কৰি দিওঁ।সি অকল পোলাও খাব। তাৰ কোনো অসুবিধা নহয়।

আমি সকলোৱে অবাক হৈ মাচাউকিলৈ চালোঁ। ঈদৰ পিছত সি দুদিন থাকিলে। ঘৰত ইমান মাংস, সি এটা টুকুৰাও মুখত নিদিলে। দূৰ দেশৰ এজন বুৰ্বক ধৰণৰ ল’ৰাই আমাৰ সকলোৰে হৃদয়ত এটা ডাঙৰ ধৰণৰ জোকাৰণি তুলি থৈ গ’ল। ইয়াৰ প্ৰয়োজন আছিল!

 

******

Leave a Reply

Your email address will not be published. Required fields are marked *