শুভেচ্ছা বাণী-শ্ৰী কুমকুম দেৱী শৰ্মাবৰুৱা
‘শব্দচিত্ৰ’ গোটটি মোৰ অতি মৰমৰ আৰু সুন্দৰৰ আৰাধনাৰ গোট। মই যি ভাবোঁ আৰু যি লেখোঁ প্ৰথমে এই গোটতেই প্ৰকাশ কৰোঁ। গোটৰ প্ৰশাসক আৰু মডাৰেটৰ সকল অতি ভদ্ৰ আৰু নিয়মনুবৰ্তিতা মানি চলা লোক। ইয়াত তিনিমাহৰ মূৰে মূৰে ওলোৱা ই-মেগাজিন ‘জীৱন জিজ্ঞাসা ‘খন এখন উচ্চ মানদণ্ডৰ আলোচনী। গল্প, কবিতা, প্ৰবন্ধ, নিবন্ধৰ উপৰিও ইয়াত শিশুৰ বাবে এটা শিতান আৰু বিজ্ঞান বিষয়ৰ লেখাৰ বাবেও এটা শিতান আছে। আলোচনীখন যিসকলে ভালদৰে পঢ়ে তেওঁৰ নিশ্চিতভাৱে উপকাৰ হ’বই। তাকে সকলোৱে লিংকটো নিজেই খুলিবলৈ শিকিব লাগে। কোনো এটা লেখা পঢ়ি শেষ হ’লে মন্তব্যটো আলোচনীখনৰ ভিতৰত দিবলৈ শিকিব লাগে। তেতিয়া মন্তব্য দিয়াজনৰ মন্তব্যটোৰ লগতে নিজৰ নামটোও ইণ্টাৰনেটত স্থায়ীভাৱে ৰৈ যাব। যদিও ই -মেইল ঠিকনা দিব লাগে সেইটো বাহিৰত আনে দেখা নাপায়। এবাৰ মন্তব্য দিয়াৰ পিছত পিছৰবাৰৰ পৰা নাম আৰু ই-মেইল Auto -fill অৰ্থাৎ নিজে নিজে পুৰ হৈ যাব। গতিকে এলাহ নকৰি সকলোৱে আলোচনীখনৰ ভিতৰত মন্তব্য দিয়াৰ অভ্যাস কৰক। মোৰ শুভকামনা ‘ শব্দচিত্ৰ ‘ গোটৰ প্ৰতি আৰু ‘জীৱন জিজ্ঞাসা ‘ আলোচনীখনৰ প্ৰতি সদায়েই আছে আৰু থাকিব। এইবাৰৰ সম্পাদক মৰমৰ সমীৰণ শৰ্মালৈ আন্তৰিক শুভকামনা জনালোঁ। তেওঁ যাতে আলোচনীখন সম্পাদনা কৰোঁতে কোনোধৰণৰ অসুবিধা নাপায় তাৰে কামনা কৰিলোঁ। গোটৰ সকলো প্ৰশাসক আৰু সদস্য লৈ মোৰ মৰম আৰু শ্ৰদ্ধা নিবেদিলোঁ।
‘জীৱন জিজ্ঞাসা ‘ দীৰ্ঘজীৱি হওক।
******