অমৰা আৰু ক্ৰেব নেবুলা,মূল(বাংলা): মুহম্মদ জাফৰ ইকবাল::অনুবাদ-ৰঞ্জনা দত্ত
তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰু কালৰেপৰা। ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ। তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ। বায়েক শেৱালীৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা এখন ঠিক কৰা হ’ল, তাত ৰংচঙীয়া বিছনা চাদৰ আৰু কোমল গাৰু এটা দি সজাই দিলে। মাজৰাতি টোপনিৰপৰা সাৰ পাই গ’লে যাতে অকলশৰীয়া নালাগে তাৰবাবে মূৰৰ কাষত তাৰ প্ৰিয় খেলনা ভালুকটোও থৈ দিলে। মাজৰাতি মাকে দেখিলে ৰঞ্জুৱে নিজৰ কোঠাৰপৰা হাতত সাৰে ভৰিত সাৰে উঠি আহিছে। মাকে সুধিলে-
“ কি হ’ল? শোৱাৰ পৰা উঠি আহিলি যে?”
ৰঞ্জুৱে তাৰ মাক আৰু দেউতাকৰ মাজত সোমাই লৈ ক’লে-
“ভালুকটোৱে ভালকৈ শুবলৈ নিদিয়ে।”
মাকে আচৰিত হৈ ক’লে-
“ভালুকটোৱে তোক শুবলৈ নিদিয়ে?”
“ নাই। যেতিয়াই টোপনি আহে খামুচি দিয়ে।”
ৰঞ্জুৱে নিজৰ চোলাটোৰ হাতখন কোঁচাই মাকক দেখুৱাই ক’লে-
“এইটো চোৱা!”
মাকে দেখিলে আঁচোৰ খোৱা দাগ। আবেলি কাষৰ ঘৰৰ সৰু ছোৱালীজনীৰ লগত পুতলা এটা লৈ টনা আঁজোৰা কৰোতে আঁচোৰ খাইছিল, মাকে নিজ চকুৰে দেখিছে। মাজৰাতি সেইটো লৈ ৰঞ্জুৰ সতে কথা পাতিবলৈ আৰু মন নগ’ল।
পিছদিনা তাৰ বিছনাৰপৰা খেলনা ভালুকটো গুচাই তাৰ ঠাইত এটা সৰু গোল গাৰু থোৱা হ’ল। কিন্তু আকৌ মাজৰাতি ৰঞ্জুৱে হাতত সাৰে ভৰিত সাৰে আহি মাকক জগাই নিজৰ বাবে বিছনাত ঠাই উলিয়াই লৈ ক’লে-
“ইমান যে দুষ্টামি কৰিছে!”
“কোনে?”
“ মৌৰা চৰাইটোৱে।”
“ ক’ৰ মৌৰা চৰাই?”
“সেই বেৰত যে লগোৱা আছে!”
মাকৰ মনত পৰিল কোঠাটোৰ দেৱালত শেৱালিয়ে এখন মৌৰা চৰাইৰ প’ষ্টাৰ লগাই থৈছে। তেওঁ ক’লে-
“সেইখনতো ছবি!”
ৰঞ্জুৱে মূৰ দুপিয়াই ক’লে –
“ছবি আছিল।ৰাতি হ’লে ছবিৰপৰা ওলাই আহি ভৰিত খুটি দিয়ে।এয়া চোৱা মোৰ বুঢ়া আঙুলিত খুটি দিছে!”
আন্ধাৰত মাকে ৰঞ্জুৰ বুঢ়া আঙুলিৰ নখ বা মৌৰাটোৰ কাম-কাজ চোৱাৰ কোনো উৎসাহ অনুভৱ নকৰিলে। ৰঞ্জুক নিজৰ কাষতে শোৱাৰ বাবে ঠাই অকণমান উলিয়াই দিলে।
কথাটোৰ এইদৰেই আৰম্ভণি হ’ল- প্ৰয়োজনত ৰঞ্জুৱে খুব ধুনীয়াকৈ সাজি সাজি গল্প কয়। দেউতাকে ক’লে-
“সৰু ল’ৰা, কথা কোৱাৰ সময়ত সঁচা মিছা মিহলি কৰি পেলায়।ডাঙৰ হ’লে ঠিক হৈ যাব।”
আৰু অলপ ডাঙৰ হোৱাৰ পিছত দেখা গ’ল তাৰ গল্প সাজি কোৱা অভ্যাস আৰু বাঢ়ি গৈছে। আগতে প্ৰয়োজনত গল্প সাজি সাজি কৈছিল আজিকালি প্ৰয়োজন নোহোৱাকৈও গল্প সাজি সাজি কোৱা হৈছে। কাষৰ ঘৰৰ সৰু ছোৱালীজনী দুপৰীয়া ৰঞ্জুৰ লগত খেলিবলৈ আহে। এদিন মাকে শুনিলে ৰঞ্জুৱে তাইক কৈছে-
“মোৰ মা আচলতে পৰী।”
ছোৱালীজনীয়ে অবাক হৈ ক’লে-
“পৰী?”
“অঁ।”
ৰঞ্জুৱে গহীন হৈ ক’লে-
“যেতিয়া আটাইবোৰ মানুহ টোপনি যায় তেতিয়া আমাৰ মায়ে সৰু পেন্ট এটা পিন্ধি খিড়িকীৰে উৰি উৰি বাহিৰলৈ গুছি যায়।!
“সঁচা?”
“অঁ।”
“সৰু পেন্ট কিয় পিন্ধি যায় কিয়?”
ৰঞ্জুৱে হাঁহি হাঁহি ক’লে-
“শাড়ী পিন্ধি কেতিয়াবা কোনোবা উৰিব পাৰে নেকি!”
ছোৱালীজনীয়ে কিছুপৰ ৰঞ্জুৰ ফালে অবিশ্বাসৰ চাৱনিৰে চাই সুধিলে-
“তোমাৰ মা উৰি উৰি কলৈ যায়?”
ৰঞ্জুৱে মূৰ জোকাৰি ক’লে-
“নাজানো। মায়ে হাতত এটা বন্দুক লৈ যায়। চোৰ- ডকাইত বদমাচবোৰৰ লগত গোটেই ৰাতি ফাইট কৰে।”
“তোমাৰ মায়ে চোৰ-ডকাইতৰ লগত ফাইট কৰে।”
“বোধহয় কৰে।”
ছোৱালীজনীয়ে অবিশ্বাসৰ দৃষ্টিত কিছুসময় ৰঞ্জুৰ ফালে চাই তাৰপিছত কঁপা কঁপা মাতেৰে ক’লে-
“তোমাৰ মা যদি পৰী তেনেহ’লে তুমিও পৰী নেকি?”
ৰঞ্জুৱে হাঁহি হাঁহি ক’লে-
“ধেত বুৰ্বক! ছোৱালী পৰীবোৰক কয় পৰী। ল’ৰা পৰীবোৰক কয় পৰা।”
“পৰা?”
“অঁ। মই এটা পৰা।”
“তুমি উৰিব পাৰা?”
“এতিয়া নোৱাৰো। পাখি গজা নাই নহয়। পাখি গজিলেই উৰিম।”
ৰঞ্জুৰ মাকে দেখিলে যে গল্পৰ এই পৰ্যায়ত ৰঞ্জুৱে নিজৰ চাৰ্টতো খুলি পিঠিখন উলিয়াই দেখুৱাই সুধিলে তাত পাখি ওলোৱাৰ কিবা চিন দেখিছে নেকি। ছোৱালীজনীয়ে খুব ভাবি চিন্তি ক’লে,
“এতিয়া ধৰিব পৰা নাই কিন্তু কেতিয়াবা ওলাই যাব পাৰে।”
ৰাতি মাকে যেতিয়া দেউতাকক কথাটো ক’লে, দেউতাকে সৰু পেন্ট পিন্ধি মাকে হাতত বন্দুক লৈ ওলাই যোৱা কথাটো শুনি ইমান জোৰে জোৰে হাঁহিবলৈ ধৰিলে যে মাকে আৰু একো ক’বলৈ সুবিধাই নাপালে। দেউতাকে বহুত সময় হাঁহি এসময়ত হাঁহিটো বন্ধ কৰি মাকক ক’লে-
“মোৰ কি ভাব হয় জানা?”
“ কি?”
“তোমাৰ ল’ৰা ডাঙৰ হৈ খুব ডাঙৰ এজন লেখক হ’ব! তাৰ অসম্ভৱ কল্পনাশক্তি হ’ব।”
মাকে শুকান মুখেৰে ক’লে-
“লেখক নহৈ যদি পলিটিছিয়ান হয়! যেনেকৈ গাজাখুৰি কথা অবিৰাম কৈ গৈছে মোৰ ভয়েই লাগিছে যদি-”
আৰু কেইদিনমান যোৱাৰ পাছত দেউতাকৰ আশাতকৈ মাকৰ আশংকাই সঁচা হোৱা যেন দেখা গ’ল। ৰঞ্জুৰ পঢ়া শুনাৰ প্ৰতি একেবাৰে ধাউতি নাই। ক্লাছ চেভেনত এবাৰ অসমীয়াতে ফেল কৰিলে। ৰিপোৰ্ট কাৰ্ডখন লৈ মাকে কান্দো কান্দো মাতেৰে ক’লে-
“তই অসমীয়াত ফেল কৰিলি?”
ৰঞ্জুৱে নিৰ্লিপ্ত ভাবেৰে ক’লে-
“কবি ৰবীন্দ্ৰনাথেওতো পৰীক্ষাত ফেল কৰিছিল। নজৰুলেও কৰিছিল। আইনষ্টাইনেও কৰিছিল।”
মাকে ৰঞ্জুৰ কাণ খনত পকাই ক’লে-
“তোক এই খবৰ কোনে দিছে?”
ৰঞ্জুৱে সাৱধানে নিজৰ কাণখন এৰুৱাই ক’লে-
“মা , কিয় ফেল কৰিলো কথাটো শুনিলে তুমি মোক আৰু খং নকৰা।”
“কিয়?”
ৰঞ্জুৱে তপত নিশ্বাস এটা এৰি দি ক’লে-
“ৰাতিপুৱা পৰীক্ষা দিবলৈ ওলাই গৈ দেখিলো, ষ্টেচনেৰি দোকানখনৰ আগত জাপানী চাহাব এজন ৰৈ আছে। তেওঁ ৰাস্তা হেৰুৱাই পেলাইছে।”
“তই তেওঁক ৰাস্তা দেখুৱাই দিলি?”
“কেনেকৈ দিম?তেওঁ জাপানী ভাষাৰ বাদে আন একো ভাষাই নাজানে।”
“তই তেনেহ’লে কেনেকৈ জানিলি যে তেওঁ ৰাস্তা হেৰুৱাইছে?”
ৰঞ্জুৱে মুখত হাঁহি এমুখ বিয়পাই ক’লে-
“কোনোবাই ৰাস্তা হেৰুৱালে তেওঁৰ মুখখন দেখিলেই ধৰিব পাৰি! বেচেৰাৰ ইমান বিপদ, সেইবাবেই তেওঁক সহায় কৰিব লগা হ’ল- কাম চলাব পৰাকৈ অলপ অসমীয়া শিকাই দিব লগা হ’ল।”
মাকে চকুদুটা ৰঙা কৰি তাক ক’লে-
“তই ৰাস্তাত ৰৈ তেওঁক অসমীয়া শিকাই দিলি!”
“সেইকাৰণেইতো পৰীক্ষা হল পাওঁতে দেৰি হৈ গ’ল। তাৰোপৰি-”
“ তাৰ উপৰি কি?”
” তাৰোপৰি মানুহজনৰ লগত জাপনী ভাষাত কথা পাতি পাতি মগজুৰ ভিতৰত অসমীয়াৰ সলনি কেৱল জাপানী কথা- অসমীয়াৰ সমাস লিখিবলৈ লৈ জাপানী সমাস লিখি পেলালো।”
মাকে ৰঞ্জুৰ ফালে চাই এটা দীঘল হুমুনিয়াহ পেলালে।
যিমানেই দিন পাৰ হৈ গ’ল ৰঞ্জুৰ কথা সাজি সাজি কোৱাৰ স্বভাৱ বাঢ়িবলৈ ধৰিলে। ব্যাকৰণৰ ক্লাছত এদিন হোমৱৰ্ক কৰি ননাৰ বাবে ছাৰে তাক প্ৰকাণ্ড ধমকি এটা দিলে- অন্য কোনোবা হোৱা হ’লে ভয়ত ভেঁ ভেঁকৈ কান্দি দিলেহেঁতেন। কিন্তু ৰঞ্জুৱে ভয় নেখালে, সি হাঁহিমুখেৰে ক’লে-
“চাৰ মই হোমৱৰ্ক কৰিছিলো।”
“কৰিছিলি যদি অনা নাই কিয়?”
“সেইটো এটা বিৰাট কাহিনী চাৰ।”
“ বিৰাট কাহিনী?”
চাৰে তাৰ ফালে চাই চকু পকাই সুধিলে।
ৰঞ্জুৱে চাৰৰ চাৱনি অগ্ৰাহ্য কৰি কৈ গ’ল-
“মোৰ বাইদেউৰ নাম শেৱালী। তাই গৰমেন্ট স্কুলৰ ক্লাছ নাইনত পঢ়ে। তাইৰ খুব চাহ খোৱাৰ নিচা। ৰাতি মোৰ মাক ক’লে- মা মই চাহ খাম। মায়ে তাইক ধমকি দি ক’লে- ইমান ৰাতি চাহ খাবি! যা, শুবলৈ যা।
শেৱালীবাই মনটো খুব বেয়া কৰি শুবলৈ গ’ল। কিন্তু তাইৰ মনত চাহ খোৱাৰ ইচ্ছাটো থাকি গ’ল। মাজৰাতি দেখিলো তাই বিছনাৰপৰা উঠি খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে- ইংৰাজীত ইয়াক শ্লীপ ৱাকিং বুলি কয়। যেতিয়া কোনোবাই শ্লীপ ৱাকিং কৰে তেওঁক ডিষ্টাৰ্ব কৰিব নেলাগে। মই সেইবাবে তাইক ডিষ্টাৰ্ব নকৰিলো। দেখিলো তাই পাকঘৰৰপৰা এক কেটলি পানী লৈ আনিছে। তাৰপিছত মোৰ হোমৱৰ্কৰ বহীখন লৈ হোমৱৰ্কৰ পৃষ্ঠাবোৰ ফালি তাত জুই লগাই দিলে। সেই জুইত কেটলীৰ পানী গৰম হৈ চাহ হৈ গ’ল। এই সময়ত ডিষ্টাৰ্ব কৰিব নেলাগে, সেইবাবে মই ডিষ্টাৰ্ব নকৰিলো চাৰ।”
চাৰে একো কথা নোকোৱাকৈ তাৰ ফালে একেথৰে চাই ৰ’ল। ক্লাছৰ আটাইতকৈ নিমাত বুলি জনাজাত আজমল নামৰ ল’ৰাটোৱে ফুচফুচাই সুধিলে-
“ডিষ্টাৰ্ব কৰিলে কি হয়?”
ৰঞ্জুৱে কিবা এটা উত্তৰ দিব ওলাইছিল, কিন্তু তাৰ আগতেই চাৰে আজমলৰ ফালে চাই বিৰাট জোৰে ধমক এটা দি ক’লে-
“চুপ থাক বুৰ্বক! আৰু কিবা এটা কৱ যদি মূৰটো ভাঙি পেলাম।”
আজমলে অবাক হৈ ফুচফুচাই ক’লে-
“চাৰে মোৰ ওপৰত ইমান খং কৰিছে কিয়? মইনো কি কৰিলো!”
দুবছৰ মান যোৱাৰ পাছত ৰঞ্জুক লৈ আৰু দিগদাৰি হ’ল- কাৰণ হঠাতে সি চাইন্স ফিকচন পঢ়িবলৈ আৰম্ভ কৰিছে। চাইন্স ফিকচনৰ অদ্ভুত কাহিনীবোৰ পঢ়ি তাৰ মূৰটো পূৰাপুৰি বেয়া হৈ গ’ল- আগতে সাজি সাজি কোৱা গল্পবোৰ তথাপি সহ্য কৰিবপৰা আছিল। কিন্তু আজিকালি যিবোৰ কথা কয় সেইবোৰ একেবাৰেই সহ্য কৰিব নোৱাৰি। এবাৰ দুদিনমান তাৰ ক্লাছত দেখাদেখা নাই, তৃতীয়দিনা সি ভীষণ উত্তেজিত হৈ দুদিন আগৰ এখন খবৰ কাগজ লৈ ক্লাছত সোমালেহি। আটাইবোৰে ক্ৰিকেট খেল লৈ কথা পাতি আছিল। সি সিহঁতৰ কথা মাজতে বন্ধ কৰি বাতৰি কাকতখন সিহঁতৰ সমুখত খুলি লৈ ক’লে, “চা”।
সকলোৱে খবৰৰ কাগজখনৰ ফালে চালে- একো চাবলগীয়া নাই, সদায় যি থাকে সেইবোৰেই আছে কাকতত। ৰাজনৈতিক নেতাবোৰৰ ডাঙৰ ডাঙৰ কথা, মন্ত্ৰীবোৰৰ ঢোক ঢাল বজোৱা আৰু হত্যা, ডকাইতিৰ ঘটনা। আজমলে সুধিলে,
“কি চাম?”
ৰঞ্জুৱে কিছু অধৈৰ্য হৈ ক’লে-
“তাৰিখটো চা!”
দুদিন আগৰ তাৰিখ। ইয়াত চাবলৈ কি আছে কোনেও একো ধৰিব নোৱাৰিলে। ৰঞ্জুৱে বিৰক্ত হৈ ক’লে-
“এতিয়াও একো বুজি পোৱা নাই?”
তাত থকা আটাইকেউটাই মূৰ জোকাৰি ক’লে-
“নাই পোৱা।”
মই অলপ আগতে হকাৰৰপৰা কাগজখন কিনিছো, এক ঘন্টাও হোৱা নাই।”
আজমলে চেলাউৰি কোঁচাই ক’লে-
“হকাৰে পুৰণা ক্গজ বিক্ৰী কৰে?”
ৰঞ্জুৱে অধৈৰ্য হৈ ক’লে-
“ ধুৰ গাধা! পুৰণা কাগজ কিনিম কিয় আজিৰ কাগজখনেই কিনিছো।কাগজখন কিনি কিছুদূৰ আহোঁতেই ৰাস্তাৰ পাকটোৰ ওচৰতে দেখিলো চিকচিকিয়া চিলিণ্ডাৰৰ দৰে এটা বস্তু। কিবা এটা কৌতূহল হোৱাত সেইটো ওচৰৰপৰা চাবলৈ গ’লো, ওচৰ পাওঁতেই স্যাৎকৈ ঘূৰণীয়া দৰজা এখন খুলি গ’ল। তহঁতে কথাটো বিশ্বাসেই কৰা নাই চাগৈ। ভিতৰত দুজন মানুহ বহি আছিল,সিহঁতৰ গাৰ ৰং সেউজীয়া। মোক দেখি তাৰে এজনে ক’লে-
“আৰে বাবাটো, এইফালে কথা এটা শুনি যোৱাচোন।”
মই একদম ভয় খাই গ’লো। এনেয়ে অচিনাকি মানুহ তাতে গাৰ ৰং সেউজীয়া। ভাবিলো উভটি ঘৰলৈ দৌৰ মাৰো।কিন্তু মানুহ দুজনৰ চকুলৈ চাই ৰৈ গ’লো। এনেকুৱা লাগিল যেন খুব বিপদত পৰিছে। মই কাষলৈ গৈ ভয়ে ভয়ে সুধিলো-
“কি হৈছে?”
এজনে ক’লে-
“আমি হেৰাই গৈছো।”
“হেৰাই গৈছে?”
মই অবাক হৈ ক’লো –
“এইটো হৈছে এটা তিনিআলি। আৰু কিছু আগুৱাই গ’লে আমাৰ স্কুলটো, তাৰ অলপ আগলৈ বাছ ষ্টেণ্ডটো…।”
সেউজীয়া ৰঙৰ দ্বিতীয় মানুহজনে ক’লে-
“নাই তুমি বুজি পোৱা নাই, আমি কোনো ঠাই হেৰুওৱা নাই,আমি সময়ৰ মাজত হেৰাই গৈছো।”
“সময়ৰ মাজত?”
“অঁ। এইটো এটা টাইম মেছিন। এক হাজাৰ বছৰ অতীতৰ এটা মিশ্যন শেষ কৰি ভৱিষ্যতলৈ গৈ আছিলো হঠাত কোনোবা এডোখৰত হেৰাই গ’লো। এতিয়া কোন সময়ত আছো ধৰিব পৰা নাই। সেইবাবে টাইম মেছিনটো কেলিব্ৰেট কৰিব পৰা নাই।”
মই ক’লো-
“অহ! তাকে কওক! তাৰমানে আপোনালোকে জানিব খুজিছে আজি কি তাৰিখ?”
“অঁ। সেইটোৱেই লাগে।”
“এয়া চাওক বুলি মই তেওঁলোকৰ আগত বাতৰি কাকতখন মেলি ধৰিলো, আঠাইছ তাৰিখ,শনিবাৰ।
সেউজীয়া ৰঙৰ মানুহ দুজনে সেইখন দেখি খুব ভাল পালে আৰু মোৰ হাতত ধৰি হেণ্ডশ্বেক কৰি ক’লে-
“তুমি আমাৰ খুব উপকাৰ কৰিলা। তোমাক কি লাগে কোৱা।”
মইতো আৰু এইটো সেইটো লাগে বুলি ক’ব নোৱাৰো সেইবাবেই ভদ্ৰতা কৰি ক’লো যে মোক একো নেলাগে।
মানুহ দুজনে তেতিয়া মোক ইমান ডাঙৰ এটা জিৰকোনিয়ামৰ ক্ৰিষ্টাল দি ক’লে-
“লোৱা এইটোকে লোৱা।”
মই লগে লগে ক’লো-
“বাপৰে ইমান ডাঙৰ ক্ৰিষ্টালটো লৈ মই কি কৰিম- হাতৰ পৰা পৰি ভাঙি যাব। যদি সঁচাই কিবা এটা দিব খুজিছে তেন্তে আপোনালোকৰ টাইম মেছিনত মোক এবাৰ ফুৰাই আনক।”
মানুহ দুজনে ক’লে –
“উঠা তেনেহ’লে।”
মই ভিতৰত সোমালো…..
এজনে সুধিলে….”অতীতলৈ যাবা নে ভৱিষ্যতলৈ?”
মই ক’লো
“ভৱিষ্যতলৈকে যাওঁ।”
“কিমান দিন যাব খুজিছা?”
মই ক’লো-
“বেছিদিন নহয়। এদিন বা দুদিন।”
এজনে তাৰ চুইচ এটা টিপি দিলে, ঘটং ঘটংকৈ শব্দ এটা হ’ল। দুৱাৰখন খুলি দি ক’লে- “আহি পালোহি!”
মই প্ৰথমে বিশ্বাস কৰা নাছিলো, বাহিৰলৈ আহি মানুহ এজনক সুধিলো-
“আজি কি বাৰ? তেওঁ ক’লে- সোমবাৰ!”
আজমল কথাৰ মেৰপেছ নুবুজা ল’ৰা। সি মূৰ দুপিয়াই ক’লে-
“আজি সঁচাই সোমবাৰ!”
ৰঞ্জুৱে চকু দুটা ডাঙৰ ডাঙৰ কৰি ক’লে-
“তাৰমানে শনি আৰু দেওবাৰ এই দুদিন মোৰ জীৱনৰ পৰা হেৰাই গৈছে! কি আচৰিত কথা দেখিলি!”
ক্লাছৰ সকলোৱে ৰঞ্জুক ইমানদিনে ভালদৰে চিনি পাই গৈছে, সিঁহতে মুখটিপি হাঁহি আকৌ ক্ৰিকেটৰ আলোচনালৈ ঘূৰি গ’ল। ৰঞ্জুৱে খঙেৰে সিহঁতক ক’লে-
“তহঁতে মোৰ কথা বিশ্বাস কৰা নাই? ভাবিছ মই গাজা মাৰিছো? তেনেহ’লে এই বাতৰি কাকতখন মোৰ হাতলৈ আহিল কেনেকৈ?”
তাৰ প্ৰশ্নৰ কোনেও সদুত্তৰ দিব নোৱাৰিলে, ৰঞ্জুৱে নিজৰ কিতাপ, বহী আদি বেঞ্চত থৈ আন কাৰোবাক গল্প শুনাবলৈ ওলাই গ’ল।
ৰঞ্জুৰ এইদৰে সাজি গল্প শুনোৱাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে তাৰ বায়েক শেৱালী। বায়েকবোৰে সাধাৰণতে সৰু ভায়েকবোৰৰ লগত উৎপাত কৰি থাকে কিন্তু শেৱালী সেই ধৰণৰ ছোৱালী নহয়, তাই ধৈৰ্য্য ধৰি ৰঞ্জুৰ গল্পবোৰ শুনে, গল্পৰ যিডোখৰত বিস্ময় প্ৰকাশ কৰিব লাগে সেইখিনিত বিস্ময় প্ৰকাশ কৰে, য’ত দুখ পাব লাগে সেইখিনিত দুখ পোৱা যেন দেখুৱায়, য’ত ফুৰ্তি পোৱাৰ কথা তাত ফুৰ্তি কৰে। গল্প শুনি তাই কেতিয়াও বিৰক্ত নহয় আৰু যিমান গাজাখুৰি গল্পই নহওক কিয় সকলো সয়তে এনেকুৱা ভাব দেখুৱায় যেন তাই গল্পটো বিশ্বাস কৰিছে।
ৰঞ্জুৰ চাইন্স ফিকচনৰ প্ৰতি আগ্ৰহৰ লগে লগে শেৱালীৰ বাবে গল্পবোৰ হজম কৰাটো খুব কঠিন হ’বলৈ আৰম্ভ কৰিলে।প্ৰায় প্ৰত্যেক দিনেই ৰঞ্জুৱে ঘৰলৈ আহি মহাকাশৰ কোনোবা আগন্তুকৰ কথা ক’বলৈ ধৰিলে। কোনোবাদিনা সেই আগন্তুকে তাক ব্লেকহোলৰ গোপন ৰহস্যৰ কথা কয়,সি কয় তাৰ লগত কাগজ কলম নাছিল বাবে লিখি ৰাখিব নোৱাৰিলে।লিখি ৰাখিব পৰা হ’লে গোটেই পৃথিৱীত হুলস্থূল হৈ গ’লহেঁতেন।
কোনোবাদিনা কয় -এখন ফ্লাইং চচাৰৰপৰা এটা অদ্ভুত প্ৰাণী ওলাই লেজাৰ গান লৈ তাক গুলী কৰিবলৈ চেষ্টা কৰিছিল আৰু সি কোনোমতে প্ৰাণটো হাতত লৈ পলাই আহিছে।এদিন আকৌ ক’লেহি যে স্কুলৰপৰা ঘূৰি অহাৰ বাটত এজোপা আঁহত গছৰ তলত এটা চাৰিকোণীয়া উজ্জ্বল পোহৰ দেখি সেইফালে জুমি চাওঁতেই বেলেগ এখন বিশ্বব্ৰহ্মাণ্ডৰ এটুকুৰা দেখি আহিছে।
এদিন ৰঞ্জু আহি শেৱালিক খুব উত্তেজিত সুৰেৰে ক’লেহি-
“বাইদেউ,আজি কি যে এটা ঘটনা ঘটিল জানা!”
শেৱালীয়ে চকুৱে মুখে,যিমান পাৰে আগ্ৰহ ফুটাই সুধিলে-
“কি হ’লনো?”
“ ফুটবল খেলি উভটি আহি আছিলো।দেৰি হোৱা বাবে নতুনকৈ যে বিল্ডিংবোৰ বনাইছে তাৰ মাজেৰে শৰ্টকাট মাৰিছো।মাজৰ ঠাইখিনি য’ত ইটাবোৰ দমাই থোৱা আছে তাৰ কাষৰপৰাই ৰবট এটা ওলাই আহিল।”
শেৱালীয়ে চকুদুটা ডাঙৰ ডাঙৰ কৰি ক’লে-
“ৰবট?”
“ অঁ।চিকচিকিয়া ষ্টেইনলেচ ষ্টিলৰ গাটো। মূৰৰ দুইফালৰ পৰা পোহৰ ওলাই আহিছে।চকুদুটা সেউজীয়া।মোক দেখি নাকেৰে মাত এটা উলিয়াই ক’লে-
“এ-ই – ল’-ৰা- ক- লৈ- যো-ৱা?”
শেৱালীয়ে হাঁহিটো লুকুৱাই তাক সুধিলে-
“হয় নেকি, মই ভাবিছিলো অকল ভূতূনীবোৰেহে নাকী সুৰেৰে কথা কয়।ৰবটবোৰেও তাৰমানে নাকী সুৰেৰে কথা পাতে?”
ৰঞ্জুৱে মূৰ দুপিয়াই ক’লে-
“অঁ।মোৰতো তেনেকুৱাই লাগিল।মই ভয়ে ভয়ে ৰবটতোক ক’লো-
“ঘৰলৈ যাওঁ।”
ৰবটতোৱে ক’লে-
“‘তু-মি-মো-ৰ-এ-টা- উ-প-কা-ৰ- ক-ৰি-বা-নে?”
মই তাক সুধিলো-
“কি উপকাৰ?”
তেতিয়া সি ক’লে যে তাৰ ভীষণ ভোক লাগিছে। মই অবাক হ’লো।ৰবটৰ আকৌ ভোক লাগে নেকি? তেতিয়া ৰবটতোৱে মোক ক’লে যে যেতিয়া সিহঁতৰ ভোক লাগে তেতিয়া সিহঁতে বেটেৰী খাব লগা হয়।মোটা মোটা ডি চাইজৰ বেটেৰি।
শেৱালীয়ে আচৰিত হোৱা যেন দেখুৱাই সুধিলে-
“ইচ্ হয় নেকি?”
ৰঞ্জুৱে মূৰ দুপিয়াই ক’লে-
“অঁ।”
“তই তাক বেটেৰি কিনি দিলি?”
“অঁ।দোকানৰপৰা দুই দৰ্জন বেটেৰি কিনি দিলো আৰু সি মোৰ সমুখতে বেটেৰিবোৰ কচ কচকৈ চোবাই খাই পেলালে।”
“বেটাৰি কিনিবলৈ পইচা পালি ক’ত?”
“ৰবটতোৱেই দিলে।তাৰ হাতত সকলো দেশৰে টকা আছে।”
শেৱালীয়ে হাঁহিটো কোনোমতে লুকুৱাই ক’লে-
“তই যে ৰবটটোৰ ইমান ডাঙৰ উপকাৰ এটা কৰিলি সি তোক একো উপহাৰ নিদিলে?”
ৰঞ্জুৱে মনটো মাৰি উত্তৰ দিলে-
“দিছে।”
“কি দিছে?”
ৰঞ্জুৱে পকেটৰপৰা তেতেলীৰ গুটি কেইটামান উলিয়াই ক’লে-
“এইবোৰ!”
“তেতেলীৰ গুটি?”
“দেখিলে সাধাৰণ তেতেলীৰ গুটি যেনেই লাগে, কিন্তু আচলতে এইবোৰৰ যি গছ ওলাব তাৰপৰা কেন্সাৰৰ ঔষধ উলিয়াব পৰা যাব।”
শেৱালীয়ে খুব গহীন হৈ ক’লে-
“তেনেহ’লে এইবোৰ ভালদৰে ৰাখি থ, নহ’লে হেৰাই যাব।”
“অঁ। ৰাখিম।”
ৰঞ্জুৱে তেতেলীৰ গুটি কেইটা তাৰ সৰু টেমাটোৰ ভিতৰত ভৰাই থলে।
ইয়াৰ কেইদিনমান পিছৰ কথা। মাকে ককাকলৈ চিঠি লিখি আছিল।পৃথিৱীৰ প্ৰায় সকলো মানুহেই যেতিয়া বলপয়ন্ট পেনেৰে লিখা মেলা কৰিছে তেতিয়া মাকে কিবা এক অদ্ভুত কাৰণে ফাউন্টেন পেনৰ বাহিৰে একো ব্যৱহাৰ কৰিব নোখোজে।চিঠি লিখিবলৈ গৈ হঠাতে মাকে দেখিলে যে মাকৰ ফাউন্টেন পেনৰ চিয়াঁহী শুকাই গৈছে।মাকে ৰঞ্জুক মাতি আনি ক’লে-
“ যাচোন চিঞাহীৰ বটলতো লৈ আন।”
ৰঞ্জুৱে চিঞাহীৰ বটলতো লৈ ঠিকেই আহি আছিল কিন্তু হঠাতে কথা নাই বতৰা নাই উজুটি খাই পৰিল।লগে লগে হাতৰপৰা চিঞাহীৰ দোৱাতটো ছিটিকি ওপৰলৈ গৈ মাটিত আচাৰ খাই পৰিল।কিবা বুজি পোৱাৰ আগতেই দোৱাতটো ভাঙি এশ টুকুৰা হৈ মজিয়াৰ কাৰ্পেটত চিঞাহী চিটিকি পৰি গোটেইখন চিঞাহীময় হ’ল।
মাকৰ ইমান খং উঠিল যে ক’বলৈ বাকী নাই। মাকৰ গালিবোৰ শুনি ৰঞ্জুৰ এনেকুৱা লাগিল যেন সি তাজমহল নহ’লে শিৱদৌলটোহে ভাঙি পেলালে!ৰঞ্জুক বকি বকি মাকে তাৰ বাৰ বজাই দিলে- এনেকুৱা কথাবোৰ ক’বলৈ ধৰিলে যে এটা সময়ত ৰঞ্জুৰ মনত ভাৱ হ’ল যে জীয়াই থকাৰ আৰু কোনো অৰ্থই নাই। অলপমান সময় সি ফেঁচফেঁচাই কান্দিলে আৰু তাৰপিছত সি চিৰিয়েদি চাদৰ ওপৰলৈ উঠি গ’ল।
নিৰ্জন চাদ, ওচৰত কেইজোপামান নাৰিকল গছ, বতাহত গছৰ পাতবোৰ জিৰজিৰকৈ লৰি আছে। আকাশৰ মাজভাগত আধা জোনবাইটো, তাৰ চাৰিওফালে কিছু অংশ পোহৰ হৈ আছে। চাদলৈ আহি ৰঞ্জুৰ মনটো বহুত শান্ত হ’ল। ৰেলিঙত ধৰি বহুত দূৰৰ এটা নিয়ন লাইটৰফালে চাই চাই সি ঠিক কৰিলে ডাঙৰ হৈ সি মাকক এটা ডাঙৰ শাস্তি দিব। যেতিয়া সি বহুত ডাঙৰ মানুহ হ’ব তেতিয়া মাকৰ জন্মদিনত দহ হাজাৰটা চিঞাহীৰ বটল আনি মাকৰ কোঠাটোত ভৰাই দি ক’ব-
“মা মনত আছে,যেতিয়া মই সৰু আছিলো তেতিয়া এটা চিঞাহীৰ বটল ভঙাৰ বাবে মোক কিমান বকিছিলা? ইয়াত আছে দহ হাজাৰটা চিঞাহীৰ বটল, মই এতিয়া এইবোৰ ভাঙিম।”
এইবুলি কৈ এটা হাতুৰী লৈ সি প্ৰচণ্ড জোৰেৰে বটলবোৰ ভাঙি যাব- সোঁৱে বাঁৱে চিঞাহীবোৰ চিটিকি পৰিব- মাকে ভয় খাই চিঞৰি থাকিব- সকলোৱে কি হৈছে চাবৰ বাবে দৌৰি আহিব-
ঠিক এই সময়তে ৰঞ্জুৰ ভাৱ হ’ল পিছফালে এটা অদ্ভুত শোঁ শোঁ ধৰণৰ শব্দ হৈছে।কিছু অবাক হৈ সি পাছলৈ ঘূৰি চাই সি যিটো দৃশ্য দেখিলে তাৰ পূৰা শৰীৰ ঠাণ্ডা হৈ গ’ল।প্ৰাণটাকি চিঞৰ এটা মাৰিবলৈ লৈও সি বহুত কষ্টৰে নিজকে শান্ত কৰি ৰাখিলে।
ৰঞ্জুৱে দেখিলে তাৰ পিছফালে দুটা মানুহৰ সমান ওখ ঠাইত এখন গোল মহাকাশযান ভাঁহি আছে! সেইখন বিৰাট ডাঙৰ,প্ৰায় পূৰা চাদখনেই আৱৰি আছে। যানখনৰ তলৰফালে ঠিক মাজভাগতে এটা গোল গাঁতৰ দৰে,তাৰপৰা নীলা পোহৰ এটা ওলাই আহিছে। মহাকাশযানখনে প্ৰায় কেৱল এটা মৃদু শোঁ শোঁ শব্দ কৰিলে,খুব কাণ পাতি শুনিলেহে ধৰিব পাৰি।
ৰঞ্জুৱে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে।প্ৰথমতে তাৰ এনেকুৱা লাগিল যে সি বোধহয় পাগল হৈছে- সি দেখা পোৱা আটাইবোৰ কথা দৃষ্টিবিভ্ৰম মাথো।সি আকৌ ভালদৰে চাই ধৰিব পাৰিলে এইটো দৃষ্টিবিভ্ৰম নহয় সি সঁচাই দেখিছে।কি কৰিব একো ধৰিব নোৱাৰি সি হাঁকৈ মুখখন মেলি ৰৈ থাকিল।
কিছু সময়ৰ পিছত ৰঞ্জুৱে নীলা পোহৰটোত এটা ছাঁ দেখিবলৈ পালে, ছাঁটো কিলবিলাই লৰি লৰি লাহে লাহে স্পষ্ট হৈ পৰিল। ভাব হ’ল বহুতদিন নোখোৱা নোবোৱাকৈ থকা মানুহ এটা শুকাই খৰিকা ডালৰ দৰে হৈ পৰিছে আৰু তাৰ মূৰটো আৰু ডাঙৰ হৈ পৰিছে।তাত গোল গোল চকু,নাক নাই,নাকৰ ঠাইত দুটা গাঁত। মুখ থকা ঠাইত গোল ফুটা এটা দেখি ভাব হ’ল যেন খুব অবাক হৈ চাই আছে।
প্ৰাণীটোৱে গাটো লৰাই লৰাই এটা অদ্ভুত শব্দ কৰিলে। শুনি এনেকুৱা লাগিল যেন মানুহ এটা খুব জোৰত হাঁচি এটা মাৰিবলৈ গৈ কাহি পেলাইছে। ৰঞ্জুৱে কি ক’ব ধৰিব নোৱাৰি ক’লে-
“ওৱেলকাম জেন্টলমেন।”
কিয় জানো তাৰ ভাব হ’ল ইংৰাজীত কথা ক’লে মহাকাশৰ এই প্ৰাণীটোৱে ভালদৰে বুজিব পাৰিব। প্ৰাণীটোৱে সেই সময়তে পৰিষ্কাৰ অসমীয়া ভাষাত ক’লে-
“ শুভসন্ধ্যা মানব শিশু।”
ৰঞ্জুৱে অবাক হৈ সুধিলে –
“তুমি অসমীয়া?”
প্ৰাণীটোৱে ক’লে-
“নাই মই অসমীয়া নহয়। কিন্তু মই তোমালোকৰ গ্ৰহৰ যি কোনো মানুহৰ ভাষাত কথা ক’ব পাৰো।এই চোৱা বুলি কৈ প্ৰাণীটোৱে বিশুদ্ধ কামৰূপীয়া ভাষাত গান দুশাৰী মানেই গাই দিলে-
“জেঠোৰ মাহোৰ গৰোম দিনত
গাছৰ তলোত বহি
ভাইবলো মনোত এংকেই মৰ জীৱন যাব যহি….”
ফ্লাইং চচাৰ আৰু তাৰ ৰহস্যময় প্ৰাণীটো দেখি ৰঞ্জু যিমান অবাক হ’ল তাৰ মুখত কামৰূপীয়া গীত শুনি তাতকৈও বেছি আচৰিত হ’ল। কিন্তু তাৰ প্ৰায় লগে লগেই ৰঞ্জুৰ মনৰপৰা ভয়ৰ ভাবটো একেবাৰে আঁতৰি গ’ল। সি খুক খুককৈ হাঁহি প্ৰাণীটোক ক’লে-
“ তোমাৰ নাম কি?”
“তোমালোকৰ দৰে আমাৰ নামৰ দৰকাৰ নহয়। আমি এনেই চিনাকি ৰাখিব পাৰো।”
ৰঞ্জুৱে ক’লে- “
মোৰ নাম ৰঞ্জু। তোমাক দেখি মোৰ খুব ভাল লাগিছে।”
“কিয়?”
“মোৰ চাইন্স ফিকচন পঢ়ি খুব ভাল লাগে- সেইবাবে।”
প্ৰাণীটোৱে কাহ মৰাৰ দৰে শব্দ এটা কৰি ক’লে-
“চাইন্স ফিকচন হৈছে গাঁজাখুৰি।”
“তুমি চাইন্স ফিকচন নপঢ়া?”
“আমি একো পঢ়াৰ দৰকাৰ নাই।আমি এনেই সকলো জানো।”
“সঁচা?”
“সঁচা। আমি তোমাৰ ওচৰলৈ আহিছো এটা বিশেষ কামৰ বাবে। আমি সোনকালেই ক্ৰেব নেবুলালৈ ঘূৰি যাব লাগিব।কিন্তু আমাৰ ফুয়েল টেঙ্কত লিক এটা হৈছে সেইটো ঠিক কৰিবলৈ সময় নাই।তুমি সেইবাবে আমাক সহায় কৰিবা।”
ৰঞ্জুৱে অবাক হৈ সুধিলে-
“মই?”
“ অঁ তুমি।”
“ কেনেকৈ?”
“তোমাৰ বাওঁফালৰ পকেটত এটা চুয়িংগাম আছে। সেইটো চোবাই কোমল কৰি দিয়া, আমাৰ টেঙ্কৰ লিকটোত সেইটো লগাই দিম।”
ৰঞ্জু অবাক হৈ গ’ল, সঁচাই তাৰ বাওঁ পকেটত চুইংগাম এটা আছে। সেইটো মুখত সুমুৱাই কোমল কৰি মুখৰ পৰা উলিয়াই প্ৰাণীটোৰ ফালে আগুৱাই দিলে।
প্ৰাণীটোৱে ক’লে-
“আৰু ওচৰলৈ আঁহা। মই এই নীলা শক্তি বলয়ৰ বাহিৰলৈ যাব নোৱাৰো।”
ৰঞ্জু আৰু অকণমান আগুৱাই গ’ল। প্ৰাণীটোৱে তাৰ তুলতুলীয়া কোমল হাতখনেৰে চুইংগাম টুকুৰা লৈ ক’লে-
“অশেষ ধন্যবাদ।”
ৰঞ্জুৱে ক’লে-
“এতিয়া তোমালোক যাবাগৈ?”
“অঁ তুমি আমাক সহায় কৰা বাবে আমি তোমাক এটা উপহাৰ দিব খুজিছো।”
ৰঞ্জুৱে কঁপা কঁপা মাতেৰে সুধিলে-
“কি উপহাৰ?”
“আমি যিখন ঠাইত থাকো,সেই ক্ৰেব নেবুলাৰ এটা ত্ৰিমাত্ৰিক প্ৰতিকৃতি।তোমালোকৰ গ্ৰহতেই পাইছো, আমি আমাৰ ঠাইখনলৈ বহুতো লৈ গৈছো। তোমাকো এটা দি যাওঁ।চাওঁ হাতখন দিয়া।”
উতাতেজনাত ৰঞ্জুৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল। সি হাতখন আগবঢ়াই দিলে আৰু আৰু তাত গোল ধৰণৰ বস্তু এটা আহি পৰিল।প্ৰায় লগে লগেই নীলা পোহৰটো ভিতৰলৈ সোমাই গ’ল আৰু ফ্লাইং চচাৰৰ দৰে বস্তুটো ঘূৰি ঘূৰি ওপৰলৈ উঠি যাবলৈ ধৰিলে। ৰঞ্জুৱে অবাক হৈ দেখিলে যে বস্তুটো সৰু হৈ হৈ আকাশত মিলি গৈছে।
গোল ধৰণৰ বস্তুটো হাতত লৈ সি চিৰিৰফালে দৌৰি গ’ল। চিৰিত থকা পোহৰত সি ভালদৰে চাই দেখিলে আৰু সবিস্ময়ে আবিস্কাৰ কৰিলে যে সেইটো এটা অমৰা।লগে লগে তাৰ মনত পৰিল যে অমৰাৰ গঠনটো সঁচাই দেখিবলৈ একেবাৰে ক্ৰেব নেবুলাৰ দৰে। মহাকাশৰ এটা অদ্ভুত প্ৰাণীয়ে তাৰ লগত এনেকুৱা ধেমালি কৰিব বুলি বাৰু কোনে ভাবিব পাৰে!
ৰঞ্জুৱে হতচকিতৰ দৰে নিজৰ কোঠাত আহি সোমালহি। শেৱালিয়ে তাক দেখি আগুৱাই আহি সুধিলে-
“ৰঞ্জু ইমানপৰে ক’ত আছিলি তই, বিচাৰি পোৱা নাছিলো যে?”
ৰঞ্জুৱে সৰুকৈ উত্তৰ দিলে- “
“ছাদত।”
“ছাদত অকলে কি কৰি আছিলি?”
ৰঞ্জুৱে কিছুপৰ শেৱালীৰ ফালে চাই সৰুকৈ ক’লে-
“একো নাই”।
“একো নাই?”
“নাই।”
শেৱালীয়ে কিছু অবাক হৈ ৰঞ্জুৰ ফালে ঘূৰি চালে,তাক ভালদৰে চালে আৰু সুধিলে-
“তোৰ কি হৈছে?এনেকৈ থৰ লাগি চাই আছ কিয়?”
“কেনেকৈ চাইছো?”
“এনেকুৱা লাগিছে যেন তই ভূত চুত কিবা এটা দেখি আহিছ।”
ৰঞ্জুৱে একো উত্তৰ নিদিলে। শেৱালীয়ে আকৌ সুধিলে,
“তোৰ হাতত সেইটো কি?”
“ অমৰা।”
“ অমৰা!”…..শেৱালীৰ মুখখন উজ্জ্বল হৈ উঠিল।
“মোৰ কাৰণে আনিছ?”
ৰঞ্জুৱে দুৰ্বল ভাবে হাঁহি এটা মাৰি ক’লে-
“তোমাক লাগিব?”
“দে”।
শেৱালীয়ে ৰঞ্জুৰ হাতৰপৰা অমৰাটো লৈ কাপোৰৰ আগেৰে মচি কামোৰ এটা মাৰি ক’লে-
“ইচ! ইমান টেঙা! ক’ত পালি এই অমৰাটো?”
ৰঞ্জুৱে কিবা এটা ক’বলৈ গৈ ৰৈ গ’ল, এটা তপত নিঃশ্বাস পেলাই ক’লে-
“ক”ত পাম আৰু! চবেই য’তে পায় তাতেই পাইছো!”
******
4:41 PM
বৰ ভাল পালোঁ পঢ়ি,ৰঞ্জুৰ কাহিনী। বহুত লৰাই সাধু ৰূপে বহুত কথা সাজি কব পাৰে।
5:04 PM
ইমান যে ভাল লাগিল বাইদেউ।
6:27 PM
বৰ ভাল লাগিল বাইদেউ।
1:50 PM
বৰ ভাল লাগিল।