জীৱনৰ বাটে-ঘাটে-নমী ফুকন বৰা
বিয়াখনলৈ যাবলৈ স্বাস্থ্যটোৱে নক’লেও মনৰ আপাহতে,ল’ৰা-বোৱাৰীৰ বাধা নেওচি এৰাতি থকাকৈ বুলি খুড়াহঁতৰ ঘৰ পালোঁহি।আধুনিকতাই গ্ৰাস কৰা গাঁওখনি বহুত কিবা সলনি হ’ল যদিও পুৰণি স্মৃতিবোৰে মনত বাৰুকৈয়ে দোলা দিয়াত কিছু চঞ্চলতাই আৱৰি ধৰিলে।জোৰোণৰ দিনা গোট খোৱা মানুহ সকলোবোৰকে চিনি পোৱা নাই যদিও পুৰণি মানুহ কিছুমানক লগ পাই অভিভূত হৈ পৰিছোঁ। শৈশৱৰ লগৰী বীণাক লগ পাবলৈ মনটোৱে হাঁহাকাৰ কৰি ফুৰিছে।তাইক বা বিয়ালৈ নিমন্ত্ৰণ কৰিছেনে নাই? কাকনো সুধিম?সকলোবোৰ দেখোন কামতেই ব্যস্ত। মনতে থকা প্ৰশ্নটোৰ উত্তৰ পাম বুলি ৰভাৰ তলত থকা চকীতে বহি পৰিলো।কিমান বছৰ হ’ল বাৰু তাইক নেদেখা,প্ৰায় দহ-পোন্ধৰ বছৰে মানেই হ’ল দেখোন। এতিয়া বাষষ্ঠি বছৰ বয়সতো শৈশৱৰ বান্ধৱীৰ স্মৃতিয়ে মনটো পাতল কৰি তোলাত গাটো দেখোন ভাল লাগি গৈছে।জেঠাই,পেহী,আইতা সম্বোধনেৰে কোনো কোনোৱে মাতষাৰ লগাই গৈছে যদিও কাৰোবাক চিনিছোঁ,কিন্তু কাৰোবাক চিনিব পৰা নাই।যাৱতীয় কাম-কাজৰ পিছত জোৰোণ দিয়া মানুহখিনিৰ ঘূৰি যোৱাৰ সময় হ’ল।পদূলিমূৰলৈ আগবঢ়াই পুনৰ ভিতৰ কোঠাত বহিলোহি।গাঁৱৰে আন বহুতো মহিলাৰ লগতে অত্যাধুনিক যেন লগা দুজনীমান বোৱাৰীয়েও মোৰ লগত কথাৰ ভাগ ল’লেহি।বোৱাৰীহঁতৰ সৈতে চিনা-জনা হৈ কথাৰ মাজতে মনত খুদুৱাই থকা প্ৰশ্নটো অৱগত কৰিলো —
:-“বিয়ালৈ বাৰু বীণাক মাতিছে নে?”
:-“মাতিছে মাতিছে। আহিব কাইলৈ।”
:-“অ’ কেনে আছে তাই?বহুতদিন লগ পোৱা নাই নহয়।”
:-“ঠিকেই আছে আৰু।বীণা জেঠাইৰ পিতেকটোৰ বেমাৰ নহয় আপুনি গম নেপায় নেকি?”
:-“অ’স কি হৈছে?”
:-“ঢেৰ বেমাৰ,ভাল নহয়,মৰিব,বেছিদিন নেথাকে আৰু…।
জেঠাইৰ পেঞ্চনটোহে,কিমান কি কৰিব আৰু!
:-“পুতেকে শিক্ষকতা কৰিছিল নহয়?”
:-“মাষ্টৰ!প্ৰাইভেট (ব্যক্তিগত) স্কুলৰ মাষ্টৰহে,কিমাননো পায়,ঘৰখন চলাবলৈকে নাটে।বেমাৰৰ টিটমেন্ট (চিকিৎসা) কৰিবলৈ ক’ত আটিব!ককাই ভাইবোৰে সহায় কৰিছে বুলিহে অকণমান ভাল হৈছে।”
:-“কিয় তাইৰ বোৱাৰীয়েকেও কিবা এটা কৰে নহয়!”
:-“এসঃ কি—ডালনো কৰে,অংগনবাড়ীৰ মাষ্টৰণীহে, কেইটকানো দৰমহা পায়!আমাৰ দুটা মানুহ যদিও এওঁৰ দৰমহাটোৱেই টনা-আজোৰা লাগে।তাইনো সেইকেইটায়ে কেনেকৈ চলিব পাৰে জানো!”
:-“তোমাৰ মানুহজনেনো কি কৰে?”
:-“মাষ্টৰ আকৌ।”
:-“আৰু তুমি?”
:-“মই একো নকৰোঁ,ঘৰতে থাকোঁ।”
:-“তোমাৰ শহুৰ-শাহু?”
:-“তেওঁলোক ভাইটিহঁতৰ লগত পুৰণা ঘৰত থাকে। আমি নতুনকৈ আৰ. চি. চি. ঘৰ সাজিলো।সোমাব এপাক।”
:-“বাৰু পাৰিলে সোমাম দিয়া।”
:-“আই অ’,সকলোবোৰ টকাৰে নুজুখিবা।তাইৰ পুতেকে ব্যক্তিগত বিদ্যালয়খনত শিক্ষকতা কৰি কিমান ছাত্ৰ-ছাত্ৰীক মানুহ কৰিলে,কতজনক বিনামূলীয়াকৈ অংক শিকাই মেট্ৰিকৰ দেওনা পাৰ কৰিলে,সেয়া জানো দেখিছা?বিনা টকাৰে কাৰোবাক শিক্ষা দিব পৰা মানসিকতা সকলোৰে নেথাকে।কিমান বহল,উদাৰ তথা সমাজৰ উন্নতিৰ হকে থকা এটি সুন্দৰ মনৰ অধিকাৰী হ’লে এনে কাম কৰিব পাৰে।কেৱল টকাৰে সৰ্বস্ব নহয় অ’ আই।
আৰু কৈছা অংগনবাড়ী মাষ্টৰনীহে..এগৰাকী অংগনবাড়ী শিক্ষয়িত্ৰীৰ ধৈৰ্য কিমান কেনেকৈ বুজিবা! তিনিবছৰীয়া শিশুটিক জীৱনৰ প্ৰথম শিক্ষাদান কৰা প্ৰথমগৰাকী শিক্ষয়িত্ৰী তেওঁ।আঙুলিত ধৰি অ-ফলা, ক-ফলা শিকোৱা,নৈতিকতাৰ পাঠ পঢ়োৱা মানুহগৰাকীৰ ধৈৰ্য আৰু ত্যাগক তোমাৰ দৰে মানুহে বুজিব নোৱাৰে। সিহঁতে নিজস্বভাৱে কাৰো হাতলৈ নোচোৱাকৈ কিবা এটা পায় আৰু এখন সমাজো গঢ়ে য’ত যোগ্যজনক সন্মান জনায়।সমাজৰ বাবে ময়ো বহুত কাম কৰিলোঁ,হয় ময়ো এগৰাকী আশা কৰ্মী হিচাপে কাম কৰিছিলোঁ।তৃণমূল পৰ্যায়ত কাম কৰি অতি সামান্য মাননী পাইছিলো যদিও সমাজৰ বাবে কাম কৰা যি অভিজ্ঞতা আৰু আত্মসন্তুষ্টি লাভ কৰিছিলোঁ সেয়া তোমাৰ নিচিনা মানসিকতাৰ মানুহে বুজি নেপায় বাবেই প্ৰতিনিয়তে এই তৃণমূল পৰ্য্যায়ত কাম কৰা মানুহবোৰ অৱহেলিত।আৰু বহু কিবাকিবি আছে যিবোৰ ক’লে তুমি হয়তো বুজিব নোৱাৰা। অৱশ্যে তোমাৰ গাতো দোষ নাই বৰ্তমান সমাজখনেই টকাকেন্দ্ৰিক। তুমি আকৌ মোক বেয়া নেপাবা দেই আই।”
সাজ-পাৰেৰে অত্যাধুনিক,আত্মকেন্দ্ৰিক বোৱাৰীজনীক একেৰাহে কথাখিনি কৈ ভাগৰি পৰিলোঁ যদিও মনটো ভাল লাগিল নে কোনোবাখিনিত ভাগি পৰিল বুজি নেপালো।বোৱাৰীজনীক লক্ষ্য কৰিলোঁ কিন্তু তাইৰ চকুৰ ভাষা পঢ়িব নোৱাৰিলোঁ।মনলৈ প্ৰশ্ন আহিল এনে মানসিকতাৰ লোকৰ পৰা কেনেকুৱা সমাজ গঢ় লৈ উঠিব???
*******