কিতাপ, কিতাপৰ বছৰ আৰু কিছু প্ৰাসংগিক কথা….
সম্পাদকীয়ৰ বাটচ'ৰাতে 'শব্দচিত্ৰ...জীৱনজিজ্ঞাসা' ই আলোচনীৰ শ্ৰদ্ধাৰ লেখক, পাঠক তথা সকলো কৰ্মকৰ্তাকে সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে পলমকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।
কিতাপৰ প্ৰতি সজাগতা অসমীয়া মানুহৰ মুঠেই সন্তোষজনক নহয়।সেয়েহে অসমত কিতাপৰ ব্যৱসায়ো আশানুৰূপ নহয়।অসমত এতিয়ালৈকে এটা উল্লেখযোগ্য গ্ৰন্থবিপ্লৱৰে সূচনা হোৱা নাই।এইবোৰ কাৰণতে হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে ২০২৫ বৰ্ষটি 'কিতাপৰ বছৰ' ৰূপে পালনৰ কথা ঘোষণা কৰিছে।যোৱাটো বছৰৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।জনসাধাৰণৰ বিশেষকৈ নতুন প্ৰজন্মৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সদৰী কৰিছে।ইয়াৰ লগতে কেবিনেটে চলিত বৰ্ষত ৰাজ্যখনৰ সকলোবোৰ জিলাতে গ্ৰন্থমেলা অনুষ্ঠিত কৰা, গ্ৰন্থ অধ্যয়ন সংস্কৃতি গঢ়ি তোলা, নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদান কৰা আদি ভালেমান ইতিবাচক পদক্ষেপো গ্ৰহণ কৰে।মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ন সংস্কৃতি প্ৰসাৰিত কৰিবলৈ চৰকাৰী কাৰ্যালয়সমূহত পুথিভঁৰাল নিৰ্মাণ কৰিব লাগে বুলিও মন্তব্য কৰে।চৰকাৰৰ এই ঘোষণা তথা পদক্ষেপবোৰ নিশ্চয়কৈ আদৰণীয়।এনে পদক্ষেপৰ প্ৰয়োজনীয়তাও নোহোৱা নহয়।কিন্তু একে সময়তে এই কথাবোৰে আমাৰ বাবেও চিন্তাৰ বাট মুকলি কৰিছে।
২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ ৭২•১৯% । গ্ৰাম্য অঞ্চলত এই হাৰ ৬৯•৩৪% হোৱাৰ বিপৰীতে চহৰ অঞ্চলত ৮৮•৪৭% । সেইদৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ গ্ৰাম্য অঞ্চলত ৭৫•৪% আৰু চহৰ অঞ্চলত ৯১•৮% । মহিলাৰ সাক্ষৰতাৰ হাৰ গ্ৰাম্য অঞ্চলত ৬৩•০% আৰু চহৰ অঞ্চলত ৮৪•৬% । ইয়াৰ পাছতো মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱা কথাটো সঁচাকৈয়ে এক চিন্তনীয় বিষয়।এই পদক্ষেপে প্ৰতিজন শিক্ষিত লোককে আত্মপৰ্যালোচনাৰ অৱকাশ দিছে । সভ্যতাৰ বাহক ৰূপে স্বীকৃত কিতাপৰপৰা আমি আঁতৰি অহাৰ কাৰণবোৰ পৰ্যালোচনাৰ সুযোগ দিছে।অৱশ্যে কিতাপৰ প্ৰতি পুৰণি প্ৰজন্মতকৈ নতুন প্ৰজন্মৰ অধিক অনীহা দেখা যায় আৰু এইটো আমাৰ বাবে গভীৰ উদ্বেগৰ বিষয়। এওঁলোকক কিতাপমুখী কৰাটো সময়ৰ দাবী।এই দাবী পূৰণ কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে হয়তো আমি ইয়াৰ বিষময় ফল ভোগ কৰিব লাগিব।
আগতেই উল্লেখ কৰি আহিছোঁ যে কিতাপ হ'ল সভ্যতাৰ বাহক।সমান্তৰালভাৱে কিতাপ হ'ল জ্ঞানৰ ভঁৰাল।জাতীয় বুৰঞ্জী আৰু সভ্যতা-সংস্কৃতিৰ দলিল। সকলোতকৈ ডাঙৰ কথা কিতাপ অৱসৰ বিনোদনৰ আটাইতকৈ সহজ আৰু সুলভ উপাদান।কিতাপ হ'ল মানসিক আহাৰ।এইখিনিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰেন্দ্ৰ নাৰায়ণ দত্ত ছাৰে তেখেতৰ 'ৰাজবংশাৱলী' নামৰ গ্ৰন্থৰ পাতনিত কিতাপ সম্পৰ্কে লিখা কথা এষাৰ ইয়াতো উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ।
"ডক্তৰেট ডিগ্ৰী লৈ কিছু অহংকাৰ হোৱা দেখি দেউতাই মোক এদিন সুধিলে....
'মইনা, তই বহুত কিতাপ পঢ়িলি নহয়; ক-চোন কিতাপ কাক কয়?
মই ক'লো.....'আগৰ শাস্ত্ৰবোৰেই কিতাপ; আজিৰ যুগত আন বিষয়তো লিখিছে....সেইবোৰেই কিতাপ।'
'ওহোঁ নাই হোৱা'.... দেউতাই ক'লে।
মই বৰ বিপাঙত পৰিলো।সমস্ত লাইব্ৰেৰীবোৰ মনতে এবাৰ ভাবিলো....ক'ৰবাত ...What is a book?... এই সম্পৰ্কে পঢ়িছো জানো?অগত্যা কিতাপ পঢ়িব নজনা দেউতাৰ ওচৰত বিদগ্ধ পণ্ডিত ডক্তৰেট ডিগ্ৰীধাৰী মোৰ সমস্ত অহংকাৰ ত্যেজি ক'লো....
'কিতাপ মানে কিনো তেন্তে?'
দেউতাৰ চমু উত্তৰ-- 'কি ...তাপ মাৰি থাকে তাৰ অৰ্থ কৰিব পৰাটোহে কিতাপ।'
হয়, ইয়াতকৈ তাৎপৰ্য্যপূৰ্ণ কোনো সূত্ৰ মই কিতাপ সম্পৰ্কে পোৱা নাই। সেয়ে মানি ল'লো।"
জ্ঞান অৰ্জনৰ লগতে নিজক জানিবলৈ, নিজৰ সভ্যতা-সংস্কৃতিক চিনি পাবলৈ আৰু মানসিক পৰিতৃপ্তি লাভ কৰিবলৈ হ'লে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব।কিতাপ পঢ়িলে আমি আৰু ভালেমান দিশত লাভবান হওঁ।কিতাপ পঢ়িলে আমাৰ অন্তৰ্দৃষ্টি মুকলি হয়। কিতাপ পঢ়ি পোৱা বিভিন্ন জ্ঞানে জীৱনটোক নতুন মাত্ৰাৰে সজাবলৈ শিকোঁ।কিতাপে আমাক সুখী জীৱন যাপনৰ মন্ত্ৰ দিয়ে।জীৱন পথ মসৃণ কৰি গঢ়িবলৈ শিকায়।মানৱীয় প্ৰমূল্যবোধৰ পাঠ দিয়ে।সময়ৰ দলিল কিতাপে কালৰ বুকুত লীন হোৱা অতীতৰ সভ্যতা-সংস্কৃতিক জানিবলৈ আমাক সুযোগ দিয়ে। কিতাপে আমাক দূৰৰ মাণিক স্বৰূপ দেশ-বিদেশৰ মনীষীসকলৰ ধ্যান-ধাৰণাক ঘৰতে বহি জনা-বুজাৰ সুবিধা দিয়ে।
কিতাপ মানুহৰ জীৱন পথৰ আটাইতকৈ উপযুক্ত আৰু বিশ্বস্তঃ লগৰী।জীৱনৰ অকলশৰীয়া মুহূৰ্তত কিতাপেই মানুহৰ শ্ৰেষ্ঠ সংগী হ'ব পাৰে।এখন ভাল কিতাপ আমাৰ বাবে এজন ভাল বন্ধুৰ দৰে।এজন প্ৰকৃত বন্ধুৱে আমাক জীৱনত প্ৰকৃত পথ দেখুওৱাৰ দৰে এখন ভাল কিতাপেও আমাক ভাল পথত চলিবলৈ অনুপ্ৰাণিত কৰিব পাৰে।একো একোখন ভাল তথা ৰুচিসন্মত কিতাপ পঢ়ি বহু সময়ত পাঠকে ব্যক্তিগত দুখকো পাহৰি থাকিব পাৰে।কিতাপ এখনত কিতাপখনৰ লেখকৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটে।গতিকে কিতাপ লেখকৰ মন- মগজু আৰু জীৱনৰ দাপোন।বহু সময়ত কিতাপ পঢ়ি লেখকৰ জীৱনাদৰ্শৰে আমি অনুপ্ৰাণিত হৈ পৰোঁ ৷ জীৱনী-আত্মজীৱনী জাতীয় কিতাপে জীৱন বাটত আমাৰ বাবে এক সফল পথ প্ৰদৰ্শকৰ ভূমিকাও গ্ৰহণ কৰিব পাৰে।বিশেষকৈ কৈশোৰকালৰ বীৰ পূজাৰ প্ৰৱণতাত জীৱনীমূলক কিতাপে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ যথেষ্ট থল আছে।
কিতাপ পঢ়াটো এক ভাল অভ্যাস।কিন্তু কিতাপ নিৰ্বাচন কৰোঁতে পাঠকসকল সদায় সতৰ্ক হোৱা উচিত। সকলো কথাতে ভাল আৰু বেয়া দুটা দিশ সাঙোৰ খাই থকাৰ দৰে কিতাপৰো ভাল-বেয়া দুয়োটা দিশ আছে।বেয়া বা সস্তীয়া বিষয়বস্তুৰ টুলুঙা কথাৰে ভৰা কিতাপৰ পৰা সদায় দূৰত্ব বজাই ৰাখি ভাল বিষয়বস্তুৰ ভাল কথাৰে ভৰা তথা আমাক প্ৰয়োজনীয় জ্ঞান দিব পৰা চিন্তা শক্তিৰ উত্তৰণ ঘটাব পৰা কিতাপহে পঢ়িবলৈ বাছি ল'ব লাগে।সৰুৰেপৰা পঢ়নক এক অভ্যাসত পৰিণত কৰি ল'ব পাৰিলে তাৰ সুফল ওৰেটো জীৱনৰ লগৰী হৈ পৰিব।কিতাপ নিৰ্বাচনৰ ক্ষেত্ৰত পাঠকক পুথি পৰ্য্যালোচনাই ( book review) মাৰ্গ দৰ্শন কৰিব পাৰে। ইয়াৰ উপৰিও অভিজ্ঞ পাঠক, পুথি সমালোচকসকলৰ দিহা-পৰামৰ্শও এই ক্ষেত্ৰত আমাৰ বাবে বিশেষ সহায়ক হ'ব পাৰে।
কিতাপ লিখাৰে পৰা প্ৰকাশ হৈ ওলোৱালৈ গোটেই প্ৰক্ৰিয়াটো হৈছে এক টীমৱৰ্ক অৰ্থাৎ এক দলীয় প্ৰচেষ্টা। লেখকে গ্ৰন্থখন লিখি উলিওৱাৰপৰা গ্ৰন্থখন প্ৰকাশ হৈ পাঠকৰ হাতত পৰালৈ বহু লোকৰ শ্ৰম গ্ৰন্থখনত সোমাই থাকে।পাঠকে গ্ৰন্থখন আঁকোৱালি ল'লে সেই শ্ৰম সাৰ্থক হয়।অন্যথা এই শ্ৰম পানীত পৰে।গ্ৰন্থৰ হাতে লিখা ৰূপক পাণ্ডুলিপি বোলা হয়।পাণ্ডুলিপিৰপৰা লেখা এটাই গ্ৰন্থৰ ৰূপ পোৱালৈকে কেইবাটাও স্তৰ অতিক্ৰম কৰিব লগা হয় আৰু এই প্ৰতিটো স্তৰতে ভালেকেইজন ব্যক্তিয়ে নিজৰ সময় আৰু শ্ৰম দানেৰে পাণ্ডুলিপিক গ্ৰন্থৰ ৰূপ দিয়াত আত্মনিয়োগ কৰে।পাণ্ডুলিপি এটাই গ্ৰন্থৰ ৰূপ পোৱালৈ সমগ্ৰ প্ৰক্ৰিয়াটোক দুটা স্তৰত ভাগ কৰিব পাৰি।
ক) প্ৰি প্ৰিণ্টিং ষ্টেজ (মুদ্ৰণৰ আগৰ প্ৰক্ৰিয়া)
খ) প'ষ্ট প্ৰিণ্টিং ষ্টেজ ( মুদ্ৰণৰ পাছৰ প্ৰক্ৰিয়া )
গ্ৰন্থখনৰ পাণ্ডুলিপি প্ৰকাশকৰ হাতত পৰাৰ পাছত ডি টি পি কৰা, প্ৰুফ চাই বৰ্ণাশুদ্ধি কৰা আদি কামবোৰ প্ৰি প্ৰিণ্টিং ষ্টেজত পৰে।আনহাতে প্ৰিণ্টিং কৰাৰ পাছত বাইণ্ডিং কৰালৈ সকলোখিনি কাম প'ষ্ট বাইণ্ডিং ষ্টেজত ধৰা হয়।গ্ৰন্থ এখন এজন লেখকৰ সপোন।লেখকৰ চিন্তাধাৰা, ধ্যান-ধাৰণাৰ প্ৰতীক গ্ৰন্থ এখনে প্ৰকাশৰ মুখ দেখাৰ পথত লেখকৰ উপৰিও প্ৰকাশক, ডি টি পি অপাৰেটৰ, প্ৰুফৰীডাৰ, বেটুপাত শিল্পী , আলংকাৰিক, মুদ্ৰক আদি বিভিন্ন লোকৰ কষ্ট, সময়, চিন্তা আদি জড়িত হৈ থাকে।এই লোকসকলৰ সামূহিক প্ৰচেষ্টাৰ অন্তত গ্ৰন্থ এখনে প্ৰকাশৰ মুখ দেখি পাঠকৰ মাজলৈ যায়;এই স্তৰত গ্ৰন্থখনৰ ব্যৱসায়িক দিশৰ প্ৰসংগ আহি পৰে।গ্ৰন্থখনে পাঠকৰ সঁহাৰি লাভ কৰি ব্যৱসায় ভাল কৰিলে লেখকৰ লগতে আন লোকসকলৰো শ্ৰম সাৰ্থক হয়।
এতিয়া কথা হ'ল গ্ৰন্থ এখন কিদৰে পাঠকৰ মাজলৈ লৈ যাব পাৰি?গ্ৰন্থ এখন পাঠকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত কেইবাটাও দিশ জড়িত হৈ আছে।তাৰ ভিতৰত প্ৰথম হ'ল গ্ৰন্থখনৰ প্ৰচাৰ।গ্ৰন্থ প্ৰচাৰৰ ক্ষেত্ৰত আটাইতকৈ ভাল উপায় হ'ল বুক ৰিভিউ।আজিকালি চ'চিয়েল মিডিয়াৰ মঞ্চখনো গ্ৰন্থ প্ৰচাৰৰ বাবে এক উপযুক্ত মাধ্যম হৈ পৰিছে।দ্বিতীয়তে কিতাপৰ সহজলভ্যতা।আজিকালি অনলাইন বিক্ৰী ব্যৱস্থাই কিতাপসমূহৰ সহজলভ্য কৰি তুলিছে।কিতাপ সহজলভ্য হোৱাৰ আন এক উপযুক্ত মাধ্যম হ'ল গ্ৰন্থমেলা।
কিতাপৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দায়িত্ব কেৱল লেখক, প্ৰকাশক, কিতাপ বিপনীৰ মালিক বা চৰকাৰৰে নহয়। এই দিশত আমাৰো ভালেখিনি কৰণীয় আছে । মাহেকত এখন হ'লেও কিতাপ কিনাৰ অভ্যাস কৰি আমি কিতাপৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অংশীদাৰ হ'ব পাৰোঁ। সন্তানৰ হাতত সময়ে সময়ে কিতাপ একোখন তুলি দি তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়াব পাৰোঁ।বিয়া, সবাহৰ উপহাৰ হিচাপে কিতাপ নিৰ্বাচন কৰিব পাৰোঁ। কোনো এখন কিতাপৰ কথাৰে আমাৰ আড্ডা জমাব পাৰোঁ।কিতাপ পঢ়াৰ অনুভৱবোৰ লিখি প্ৰকাশ কৰিব পাৰোঁ।আমাৰ এই সৰু সৰু পদক্ষেপবোৰে হয়তো অসমত এদিন গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিব ।
ববিতা শৰ্মা
সম্পাদিকা
*******
11:17 PM
সম্পাদকীয়ৰ বিষয় অতি সুন্দৰ। উপকৃত হ’লোঁ।