অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ‘সৌমাৰ নন্দিনী’, ‘ৰাধিকা’ৰ লেখিকা জুৰি শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

(সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ববিতা শৰ্মাই)

ববিতা শৰ্মাঃ নমস্কাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় ‘শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা’ক দিয়াৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

প্ৰথমে আপোনাৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে জানিব বিচাৰোঁ।সোণসেৰুৱা শৈশৱৰ স্মৃতিৰ বৰপেৰাত সাঁচি থোৱা আপোনাক প্ৰায়ে নষ্টালজিক কৰি তোলা কিবা ঘটনাৰ বিষয়ে আমাকো জনাব নেকি?

জুৰি শইকীয়াঃ নমস্কাৰ।আপোনালোককো অশেষ ধন্যবাদ।সৰুতে পথাৰত লেছেৰি বোটলি সেই ধান বেচি পোৱা পইচাৰ আনন্দই সুকীয়া।কঠ বা থৈলা লৈ স্কুললৈ গৈ আমলখি,শিলিখা বিনিময় কৰি খোৱা কথাবোৰে আজিও আনন্দ দিয়ে।অৱশ্যে কলেজত পঢ়ি থকা সময়ত আলফা সংগঠনৰ নামত দুটামান বদমাচে আলফাৰ বিৰুদ্ধে লেখাৰ বাবে মোক বহুত কষ্ট দিলে। এদিন মাৰিবলৈ লওঁতেই ছাৰ এজনে বচাই আনিলে। স্নাতক মহলাত পঢ়ি থাকোঁতে এজন নামজ্বলা আলফাই  মাৰি পেলাবলৈ লৈছিল।পলাই পৈতৃক জীৱটো যেনতেন বচালোঁ।এনেকুৱা বহুত তিক্ত অভিজ্ঞতা আছে ।

ববিতা শৰ্মাঃ  শৈশৱ বা কৈশোৰত আমি সকলোৱে ভৱিষ্যতৰ সপোন দেখোঁ।ভৱিষ্যতে এইটো কৰিম,এইটো হ’ম , সেইটো হ’ম।আপোনাৰো এনে কোনো সপোন আছিল নে?আপুনি আপোনাৰ সেই সপোন সাৰ্থক হৈছে বুলি ভাবে নে?

জুৰি শইকীয়াঃ  আছিল।কাৰোবাৰ সপোন পূৰণ হয়, কাৰোবাৰ নহয়।আমি খেতিয়কৰ ঘৰৰ সন্তান হিচাপে যি পাইছোঁ তাতে সন্তোষ্ট হ’বলৈ চেষ্টা কৰোঁ।

ববিতা শৰ্মাঃ আপোনা সময়ৰ শৈশৱ আৰু আজিৰ প্ৰজন্মৰ শৈশৱৰ মাজত ভালেখিনি পাৰ্থক্য আহি পৰিছে।আপুনি সেই কথা অনুভৱ কৰে নে?যদি কৰে সেই পাৰ্থক্যবোৰ কেনে ধৰণৰ বুলি অনুভৱ কৰে? সমাজত ইয়াৰ প্ৰভাৱ কেনেকুৱা বুলি ভাবে?

জুৰি শইকীয়াঃ এতিয়াৰ শৈশৱ  পাঠ্যপুথিৰ অত্যাধিক বোজা,নম্বৰৰ প্ৰতিযোগিতা,মোবাইলৰ মাজত হেৰাই গৈছে।মুকলিকৈ খেলা-ধূলা কৰা,ওমলা-জামলা আদি নোহোৱাৰ ফলত আজিৰ শৈশৱ কটোৱা প্ৰজন্মই  ভৱিষ্যতে নিস্বাৰ্থ সমাজসেৱা, মূল্যবোধ,উদাৰতা, গঠনমূলক মানসিকতা বহুপৰিমাণে হেৰুৱাই আত্মকেন্দ্ৰিক মনোজগতত বাস কৰিব।ফলত সমাজে, জাতিয়ে তেওঁলোকৰপৰা পাবলগীয়াখিনি নাপাব ।

ববিতা শৰ্মাঃ আপোনাৰ পাৰিবাৰিক জীৱন আৰু কৰ্মজীৱনৰ বিষয়ে জনাবচোন।

জুৰি শইকীয়াঃ স্বামী আৰু এটি পুত্ৰ সন্তান।মধ্যবিত্তৰ জীৱন।চাউল-দাইলৰ বিপ্লৱৰ মাজতে আবদ্ধ।

ববিতা শৰ্মাঃ এতিয়া লেখা-মেলাৰ কথালৈ আহোঁ।আপুনি কেতিয়াৰপৰা সাহিত্য চৰ্চা কৰিবলৈ লয়? আপোনাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ বিষয়ে কিছু কথা কওকচোন।আপোনাৰ বৰ্তমানলৈকে প্ৰকাশিত গ্ৰন্থ কিমান?

জুৰি শইকীয়াঃ সৰুৰেপৰাই।”গণশত্ৰু মন্ত্ৰী বৰুৱা আৰু অন্যান্য” গল্প সংকলনটো প্ৰথম প্ৰকাশিত হৈছিল ১৯৯০ চনত।তাৰে কেইবাটাও গল্প বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত হৈছিল।শিৰোনামৰ গল্পটোত সেই সময়ৰ একাংশ মন্ত্ৰীৰ কৰ্ম-কাণ্ডৰ কিছু আভাস,তেতিয়াৰ ভাওনা আদিৰ বিষয়েও আছে।বৰ্তমানলৈকে প্ৰকাশিত গ্ৰন্থ প্ৰায় ২১ খন।

ষষ্ঠ প্ৰশ্ন‌ঃ আপোনাৰদ্বাৰা ৰচিত গ্ৰন্থসমূহৰ নাম আৰু বিষয়বস্তু সম্পৰ্কে বিশদভাৱে জনাবচোন।

জুৰি শইকীয়াঃ 

চুটিগল্প সংকলন:

(১) গণশত্ৰু মন্ত্ৰী বৰুৱা আৰু অন্যান্য 

(২) সীমাৰ সিপাৰে  

(৩) মুনাফিক

(৪) নৈশ সমুদ্ৰৰ ঢৌ

শিশু গ্ৰন্থ:

(৫) ড: ভীমৰাও আম্বেদকাৰ

(৬) অকণিৰ ভাগৱতৰ সাধু 

(৭) যুগান্তৰৰ জয়মতী

 (৮) মণিৰাম দেৱান 

(৯) শ্বহীদ কুশল কোঁৱৰ 

(১০)বিশ্ব মহাবীৰ চিলাৰায় 

(১১) কনকলতা বৰুৱা

(১২) ৰত্নপীঠৰ ৰত্ন অম্বিকা চৰণ চৌধুৰী 

(১৩) লক্ষ্মীনাথ বেজবৰুৱা

(১৪) চাওলুং চুকাফা 

(১৫) শৰাইঘাটৰ লাচিত বৰফুকন

প্ৰৱন্ধ সংকলন:

(১৬)সূর্য উঠা দেশ আৰু বীৰাঙ্গনা সাধনী 

উপন্যাস:

(১৭) সৌমাৰ নন্দিনী (সতী সাধনীৰ জীৱন ভিত্তিক)

(১৮) ৰাধিকা (সতী ৰাধিকাৰ জীৱন ভিত্তিক)

(১৯)সাঁজবাতি(কমলা কুঁৱৰীৰ জীৱন ভিত্তিক )

(২০) নিষিদ্ধ যাত্ৰা  (সামাজিক উপন্যাস)

(২১) নাং হিং মূলা (বুৰঞ্জী মূলক)

ববিতা শৰ্মাঃ সৌমাৰ নন্দিনী,ৰাধিকা,সাজঁ বাতি,নিষিদ্ধ যাত্ৰা,নাং হিং মূলা আপোনাৰ জনপ্ৰিয় উপন্যাস। বিশেষকৈ ‘সৌমাৰ নন্দিনী’ উপন্যাসখন পাঠকে বৰ ভাল পাইছে।উপন্যাসখন সৃষ্টিৰ আঁৰৰ কাহিনীৰ বিষয়ে আমাক জনাবচোন।

জুৰি শইকীয়াঃ সৌমাৰ নন্দিনীত মধ্যযুগৰ লুইতৰ আগাৰিত থকা সমৃদ্ধিশালী চুতীয়া ৰাজ্য গঠন,বিকাশ, ৰাণী সাধনীৰ নজহা- নপমা অতুল্য দেশপ্ৰম,বীৰত্ব আৰু শেষত আহোমৰ লগত যুঁজত হাৰি সতীত্ব ৰক্ষাৰ বাবে ফুলকুমলীয়া ১৯-২০ বছৰ বয়সীয়া ৰাণী এগৰাকীয়ে কুবেৰপ্ৰদত্ত সামগ্ৰী বুকুত সাৱটি নিজৰ স্বাভিমান ৰক্ষাৰ বাবে দেশ আৰু জাতিৰ বাবে চন্দনগিৰি পৰ্বতৰ ওখ টিঙৰপৰা তলৰ গভীৰ দ কুণ্ডিল নৈত আত্মজাহ দিয়াৰ কৰুণ কাহিনী উপন্যাসখনত বৰ্ণিত হৈছে।এই উপন্যাসৰ বাবে সমল বিচাৰি  শদিয়াৰপৰা ঘূৰি আহি (সাত বছৰীয়া সন্তানক ঘৰত থৈ ) ভটভটি নাৱেৰে সন্ধিয়া লুইত পাৰ হওঁতে কথমপি নাও ডুবি মৰাৰপৰা বাচিলোঁ।

ববিতা শৰ্মাঃ আপোনাৰ আন এখন গ্ৰন্থ ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নাৰায়ণ’এ পাঠকক আকৰ্ষিত কৰিছে।আপুনি মহাৰাজ নৰনাৰায়ণক বিষয় হিচাপে লৈ গ্ৰন্থ লিখাৰ কথা কিয় ভাবিলে আৰু এই গ্ৰন্থখনৰ দ্বাৰা আপুনি পাঠকলৈ কি বাৰ্তা দিব খুজিছে?

জুৰি শইকীয়াঃ মহাৰাজ নৰনাৰায়ণ কামৰূপৰ বিক্ৰমাদিত্য হিচাপে খ্যাত।তেখেত শঙ্কৰদেৱৰ দৰে  সৰ্বগুণাকৰ, অসমীয়া সমাজ নিৰ্মাণৰ খনিকৰ,অৱতাৰী পুৰুষক ৰাজপৃষ্ঠপোষকতা কৰি অসমীয়া ভাষা, সাহিত্য,সমাজ নিৰ্মাণত অতুল্য অৱদান দিলে,এজন সৰ্বশ্ৰেষ্ঠ ৰজা হৈও শতৰুৰ প্ৰতি উদাৰতা, ধৰ্মনিৰপেক্ষতা,সমাজহিতৈষী,পণ্ডিত আৰু গুণীৰ মোল বুজা ৰজা আছিল।উত্তৰ পূৰ্ব্বাঞ্চল জয় কৰি পোৱা বিশাল ধনৰাশিৰে কামাখ্যা  মন্দিৰ নিৰ্মাণ  কৰি জগত সভাত জাতিক উজলাই  তোলা এনেহেন এজন  নিৰ্লোভ,  গৌড় বিজেতা শ্ৰেষ্ঠ ৰজাৰ বিষয়ে আমি  একো নাজানো।পঢ়িবলৈও এখন কিতাপ বিচাৰি নাপাওঁ বাবেই…মহাৰাজ নৰনাৰায়ণৰ কথা ভাবি এক বিনম্ৰ প্ৰয়াস কৰিলোঁ।তেখেতৰ আদৰ্শৰে আমাৰ বৰ্তমানৰ শাসকসকলে দেশ শাসন কৰিলে,নতুন প্ৰজন্মই  বাট বুলিলে সমাজত সম্প্ৰীতিৰ লগতে বহুত সমস্যাই সমাধান হ’ব।

ববিতা শৰ্মাঃ আপুনি কেইবাখনো শিশু উপযোগী জীৱনী ৰচনা কৰিছে।শিশুসকলৰ বাবে জীৱনী সাহিত্য কিমান উপযোগী বুলি আপুনি ভাবে?

জুৰি শইকীয়াঃ মহৎলোকৰ জীৱনী অধ্যয়ন নকৰিলে নতুন প্ৰজন্ম কেনেকৈ উৎসাহিত হ’ব?লাচিত বৰফুকন, মূলাগাভৰু, চিলাৰাই, কুশল কোঁৱৰ, কনকলতা, সাধনী, মহাত্মা গান্ধী ,আব্দুল কালাম,ভবেন্দ্ৰ নাথ শইকীয়া, ৰুবুল মাউতৰ জীৱনী গ্ৰন্থ নপঢ়িলে তেওঁলোকৰ সফলতাৰ আঁৰৰ কাহিনী শিশু সকলে নাজানিব। ওপজিয়েই কোনো সফল নহয়।ভূপেন হাজৰিকাৰ জীৱনৰ সংগ্ৰাম,সংঘাতখিনি নাজানিলে অধ্যৱসায়, পৰিশ্ৰমৰ ফলৰ বিষয়ে কেনেকৈ গম পাব।জীৱনী সাহিত্য আৰু অধিক  সৃষ্টি হ’ব লাগে।

ববিতা শৰ্মাঃ অসমীয়া শিশু সাহিত্য বৰ্তমানেও পূৰ্ণাংগ ৰূপত বিকশিত হোৱা নাই বুলি প্ৰায়ে অভিযোগ উত্থাপিত হোৱা শুনা যায়।এই সম্পৰ্কে আপোনাৰ মতামত কি?লগতে অসমীয়া শিশু সাহিত্যৰ বাবে কিখিনি কৰণীয় বুলি আপুনি উপলব্ধি কৰে?

জুৰি শইকীয়াঃ হয়।আমাৰ অভিভাৱকসকলে এটা পিষ্টলৰ সলনি কিতাপ, অন্যান্য সামগ্ৰীৰ লগতে সন্তানৰ হাতত কিতাপ এখন তুলি দিয়াৰ প্ৰয়াস কৰিব লাগে । গাঁৱে গাঁৱে চৰকাৰে এটা পুথিভঁৰাল স্থাপনৰ চিন্তা কৰি  গ্ৰন্থ যোগানৰ ব্যৱস্থা কৰিব  লাগে।কিতাপ নপঢ়া জাতি এটা এসময়ত গৈ সকলো হেৰুৱাই পঁয়া লাগিবগৈ।শিশু সকল যদি জাতিৰ ভৱিষ্যত তেনেহ’লে সেই ভৱিষ্যত আমি কেনেদৰে সুৰক্ষিত কৰিম সেই বিষয়ে চিন্তা-চৰ্চা কৰা দৰকাৰ।

ববিতা শৰ্মাঃ আপোনাৰ সাহিত্যৰাজিৰ প্ৰায়ভাগৰে আধাৰ বুৰঞ্জী।ইয়াৰ কাৰণ কি?

জুৰি শইকীয়াঃ আমি বীৰপূজা কৰা জাতি।ইতিহাসৰ পাতত থকা বীৰ-বীৰাঙ্গনাসকলে নিজৰ কৰ্মৰে জাতিক মহীয়ান কৰি থৈ গৈছে যুগ-যুগান্তৰৰ বাবে।তেখেত সকলৰ বীৰাগাঁথা,স্বদেশ-স্বজাতিৰ প্ৰতি থকা প্ৰেম আৰু মহান কৰ্মৰ বিষয়ে নতুন প্ৰজন্ম অৱগত হৈ দেশমাতৃৰ সেৱা কৰা উচিত।আমাৰ অতীতৰ শৌৰ্য্য-বীৰ্য্য, গৰিমাৰ বাবে সচেষ্ট হৈ জাতীয় স্বাভিমান অটুট ৰাখি যাতে বদনৰ ,লালুকৰ ভূমিকা নলয় তাৰ বাবে ঐতিহাসিক চৰিত্ৰবোৰৰ অধ্যয়নৰ প্ৰয়োজন।

ববিতা শৰ্মাঃ ‘সাহিত্যক সমাজৰ দাপোন’ বুলি কোৱা হয়।আপুনি ইয়াত একমত নে?সমাজত সাহিত্যৰ প্ৰভাৱ কেনেকুৱা বুলি আপুনি ভাবে?

জুৰি শইকীয়াঃ সাহিত্য যদি  সমাজৰ দাপোণ হয় তেনেহ’লে তাত আপোন মুখখনৰ সঁচা ছবিবোৰ প্ৰলেপ দি প্ৰেমক প্ৰাধান্য দিলে সেই সাহিত্যৰ প্ৰভাৱ কেনেকুৱা হ’ব মই নাজানো(ব্যতিক্ৰমী,বিপ্লৱী লেখক-লেখিকাক  বাদ দি)।নিৰাপদ স্থানৰ,প্ৰভাৱশালীৰ কোঠাত সৃষ্টি হোৱা  বিজ্ঞাপনধৰ্মী সাহিত্যৰ  বিষয়েও মই অৱগত নহয়।

যিহেতু মই আদা বেপাৰীহে ,গতিকে জাহাজৰ খবৰ নাজানো।

ববিতা শৰ্মাঃ আপোনাৰ প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থখনৰ বিষয়ে জনাবচোন।

জুৰি শইকীয়াঃ প্ৰিয় সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া। বিভিন্ন লেখকৰ বহুতো গ্ৰন্থ মোৰ প্ৰিয়।

ববিতা শৰ্মাঃ অসমীয়া সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ ধাৰণা কি?

জুৰি শইকীয়াঃ সাহিত্য নথকা সাহিত্য সভাৰ যিদৰে কাম নাই, তেনেদৰে প্ৰবীণসকলক বাদ দি আমাৰ  ল’ৰা-ছোৱালী,সন্তানবোৰে যদি মাতৃভাষাৰ চৰ্চা,অধ্যয়ন নকৰে তেনহ’লে অদূৰ ভৱিষ্যতে কি হ’ব সেয়া সময়ে ক’ব।

ববিতা শৰ্মাঃ অসমীয়া পাঠকলৈ ‘শব্দচিত্ৰ_জীৱন _জিজ্ঞাসা’ ই আলোচনীখনৰ জৰিয়তে কি বাৰ্তা দিবলৈ বিচাৰে?

আলোচনীখন পাঠকে অধিক আদৰি লওক।সমাদৃত হওক।মোৰ দৰে নিচেই সাধাৰণ মানুহক যে এইকণ সুবিধা দিলে তাৰবাবে সকলোকে ধন্যবাদ জনালোঁ।

*******

3 Comments

  • 777sambaslots gives me that old-school Vegas vibe from my couch. The slots are fun, and I had a decent win last week. Could use a few more payment options, but overall, it’s solid: 777sambaslots

    Reply
  • Big99bet is, well, big. Lots of games to choose from, different options on deposits, decent withdrawal times, not much to complain about, really. Come see: big99bet

    Reply
  • Just logged into iv88login and feeling good about this site. The login process was smooth, and the games look promising. Let’s see if my luck’s on my side tonight! You can login at iv88login to give it a try.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *