অণুগল্প-সমীৰণ শৰ্মা

 (১) সুখ

ধনী মানুহবোৰৰেই ভাল।সুখী তেওঁলোক।অন্ততঃ খাবলৈ, শুবলৈ কোনো চিন্তা কৰিব নালাগে।দিন হাজিৰা কৰিবলৈ যাওঁতে বাটতে সদায় দেখি থকা ৰাজ অট্টালিকাটোলৈ চাই অৰূপে সদায় এনেদৰে ভাবে।

পাছদিনা ৰাতিপুৱা ৰাজ অট্টালিকাটোৰ সন্মুখত মানুহবোৰ গোট খোৱা দেখি চাইকেলখনৰপৰা নামি অৰূপো আগবাঢ়ি যায়।

আন সকলোকে আচৰিত কৰাৰ দৰে অৰূপকো ঘটনাটোৱে আচৰিত কৰি তুলিলে।বাৰে বাৰে তাৰ মনত এষাৰ কথাই খুন্দিয়াই থাকিল।আচলতে ঘৰবোৰে সুখৰ সংজ্ঞা নিৰূপণ নকৰে।নহ’লেনো সম্পত্তিৰ বাবে পুতেকে পিতাকক হত্যা কৰেনে!

                         (২) মৰমৰ ৰং

জন্ম হোৱাৰেপৰা প্ৰত্যেটো সময়তে ছোৱালী সন্তান তিনিগৰাকীক দুখ কষ্ট দি লৰাজনক সমস্ত মৰম দিয়া ৰসেশ্বৰৰ  মুখাগ্নি শেষত ডাঙৰ ছোৱালী মুনমীয়ে কৰিলে।

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *