ফাগুনৰ আগমনত-মানসী শৰ্মা
মাঘৰ আঁচল উৰুৱাই
শীতৰ ঠেঁটুৱৈ ধৰা দিনক বিদায় জনাই
ধূলিয়ৰি আকাশত ৰং চটিয়াবলৈ
আকৌ আহি পালেহি ফাগুন।
ফাগুনৰ পৰশত
ন যৌৱনমতি গাভৰুৰ দৰে
অবুজ শিহৰণ জাগিল
লঠঙা প্ৰকৃতিৰ বুকুত।
বাউলি ফাগুনক আদৰিবলৈ মদাৰ, শিমলুও সাজি-কাচি ওলাল সেন্দূৰীয়া হৈ,
প্ৰকৃতিৰ বুকুলৈ আহিলে ফাগুন
আশা ভৰা এখনি ৰঙীন দলিচা হৈ।
উচুপি উঠা সৰাপাতত
ফাগুনৰ উতনুৱা বতাহজাকে
চুমা দি কৈ যায়,
নকৰিবা চিন্তা তুমি,
আহিছোঁ মই আকৌ নতুন প্ৰতিশ্ৰুতি লৈ
প্ৰকৃতিক ন কৈ সজাবলৈ।
ৰুক্ষ ফাগুনৰ বুকুত সোমাই আহে
সৃষ্টিৰ নৱ নতুন চিন্তাৰ উন্মেষ।
বুকুৰ পাৰভঙা উচাহবোৰ
ফাগুনৰ পচোৱাই নিয়ে কঢ়িয়াই
প্ৰিয়জনৰ কাষলৈ।
পলাশ, শিমলুৰ ৰঙেৰে ৰঙীন হৈ
অপেক্ষাত ৰয় ফাগুন
বসন্তক আদৰিবলৈ।
*******