দাপোন-অচ্যুত কৃষ্ণ বৰদলৈ
একাজঁলি হেঁপাহৰ ৰঙে ৰঙীয়াল দাপোনখনত
হেন্দোলদোপে উজায় আহিল এক
আলহী প্ৰতিমিম্বৰ জাক,
সপোনৰ সুহুৰি মাৰি আৱেগৰ মোহনা খুলি
সাতোৰঙে সজাইছিলো এক অচিন
মেঘবুলীয়া ৰাগ।।
আকাশৰ সীমনা খেদি,পৰিসৰৰ প্ৰাচীৰ ভাঙি
পুৱতি সূৰুজৰ ৰং
দাপোনখনত উঠিছিল ভাঁহি,
ভাল লাগিছিল চাই নদীত উটা
সৰাপাতৰ হিচাপ ৰাখি,
ভাল লাগিছিল শুনি
ফাগুণত গাভৰু হোৱা
সুৱদি সুৰীয়া বাঁহী।।
কিন্তু আজি কেনেকৈ জানো?
হঠাতে টুকুৰা হৈ পৰিল দাপোনৰ অৰ্ধাংশ
চকুলোৰে বাউলি হ’ল প্ৰতিটো প্ৰহৰ পৃষ্ঠা,
আন্ধাৰ মাথো আন্ধাৰে খোদিত হ’ল
এক নতুন জীৱনী,
স্বপ্নক্লান্ত হৈ পৰিল
বিষাদৰ সুৰ তোলা মেঘৰ ৰাগিনী।।
আজি-কালিচোন এটি এটিকৈ ক্ৰমাৎ হেৰাই পৰিল
ন-পানীত উটি অহা মেটেকা যেন
প্ৰতিবিম্বৰ সোঁত,
হেঁপাহৰ মুখা পিন্ধা সকলো আছিল মাথো
এটা ৰঙীণ স্বপ্নৰ স্ৰোত।।
*******