জন্মদিনৰ গল্প,মূল:অভীক দত্ত, ভাৱানুবাদ-মামনি কলিতা
মই তেতিয়া নৱম শ্ৰেণীত।পঢ়া-শুনা লাহে লাহে চেকেণ্ড গিয়েৰ পাইছে।এজন বন্ধুৰ ঘৰলৈ পঢ়িবলৈ যাওঁ। সি আমাৰ শ্ৰেণীৰ তিনি নম্বৰত থকা চোকা ল’ৰা।মই গোটেই বছৰটো নপঢ়াকৈয়ে থাকোঁ।যি পঢ়োঁ অকল পৰীক্ষাৰ আগৰ কেইদিনহে।তথাপিও কিবা এটা মেজিক কৰাৰ দৰে সদায় প্ৰথম দহটাৰ মাজতে থাকোঁ।মোৰ নিজৰ মাজতে এইটো লক্ষ্য স্থিৰ কৰি লৈছিলোঁ যে একৰ পৰা দহৰ ভিতৰত থাকিলেই হ’ব। ইয়াতকৈ ডাঙৰ একো লক্ষ্য মোৰ নাছিল।এবাৰ চাগে বাংলাত ৫৪ পাইছিলোঁ। ইমান কম নম্বৰ পাই মনটো বৰ বেয়া লাগিছিল। আটাইবোৰ বিষয়ত ৭০ নম্বৰকৈ পালেই বৰ ভাল লাগি থাকে।ঘৰৰপৰাও কোনেও পঢ়াৰ ক্ষেত্ৰত বেছি হেঁচা প্ৰয়োগ নকৰে।
যিজন বন্ধুৰ কথা কৈছোঁ, তাৰ নাম আছিল অৰিন্দম। তাৰ ঘৰলৈ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে ইংৰাজী পঢ়াবলৈ আহে।তেখেতে অকল প্ৰ’জ আৰু পয়েট্ৰি মুখস্থ কৰায়। তদুপৰি তেওঁ বৰ বেছি কাঢ়া নাছিল।বন্ধুৰ দৰেই আমাৰ লগত ব্যৱহাৰ কৰিছিল সকলো সময়তে।আমি তেওঁতকৈ সৰু বুলি মনলৈ ভাৱ অহাই নাছিল।সকলো সময়তে তেওঁৰ লগত ডাঙৰৰ দৰেই কথা পাতিছিলোঁ । মনত আছে এদিন খুব ওস্তাদি কৰি কৈছিলোঁ………
“চাৰ, মহাভাৰত পঢ়ি গম পালোঁ যে তাৰ বেছিভাগ সন্তানেই নিজৰ দেউতাকৰ সন্তান নহয়।”
সেইদিনাহে তেখেতে মোৰ কথা শুনি গম্ভীৰ হৈ কৈছিল..
“সেই কথা বুজি পাবলৈ আৰু অলপ ডাঙৰ হ’ব লাগিব।”
চাৰে আমাক নোট নিদিয়ে। প্ৰশ্নৰ উত্তৰবোৰ নিজেই চেষ্টা কৰি লিখাতহে বেছি গুৰুত্ব দিয়ে।এই কথাটোৱে পৰৱৰ্তী সময়ত মোক যথেষ্ট সহায় কৰিছিল।
অৰিন্দমৰ ঘৰলৈ যোৱা একেটা পথতে আমাৰ তেতিয়াৰ ঘৰটো আছিল।চাইকেল চলাই আহোঁতে তিনি মহলীয়া ঘৰটো দূৰৰপৰাই দেখা পাম নেকি বুলি চাই আহোঁ । কেতিয়াবা কেতিয়াবা দেখোঁ । আৰু দেখা পালেই ইমান ফূৰ্তি লাগে, যিটো কথাৰে বুজাবলৈ একেবাৰে অপৰাগ।
অৰিন্দম, মই আৰু তন্ময় নামৰ এজন ল’ৰা একে বেটছতে পঢ়োঁ। মই সদায় শ্ৰেণীৰ পাঠ্যপুথিতকৈ গল্পৰ কিতাপ বেছি পঢ়োঁ।মনোজহঁতৰ অদ্ভুত ঘৰ, গোঁসাই বাগিচাৰ ভূত, টেনিদা, সূৰ্যই কান্দিলে সোণ আদি কিতাপৰ কাহিনীবোৰ অনবৰতে মোৰ মগজুত ঘূৰি থাকে আৰু এই কথাবোৰ কোনেও নজনাকৈ লুকুৱাই ৰখাৰ বেদনা সততে থাকেই।
মই আৰু তন্ময় বৰ ভাল বন্ধু আছিলোঁ।আবেলিপৰত নিয়ম অনুসৰি চাইকেল চলাই চলাই গোটেই এলাকা ঘূৰি ফুৰোঁ।যিটো হাৰত সেই সময়ত চাইকেল চলাইছিলোঁ’ এতিয়া ভাবিবলৈয়ে ভয় লাগে।
এদিন পঢ়ি থকাৰ মাজতেই অৰিন্দমে ক’লে যে অহা দেওবাৰে তাৰ জন্মদিন। এইবুলি কৈ আৰু একো নোকোৱাকৈ সি ৰৈ গ’ল।সেই সময়ত আমাৰ সকলোৰে জন্মদিনত লুচি, মাংস আৰু পায়স খুৱায়।বৰ মজাৰ দিন আছিল সেইবোৰ।কিছুমানৰ জন্মদিনত বন্ধু-বান্ধৱ মাতি খুওৱাটো এক নিয়মেই আছিল।পঢ়াৰ শেষত ওলাই আহি তন্ময়ক ক’লো,
“কচোন অৰিন্দমে দেওবাৰে নিমন্ত্ৰণ কৰিছে নেকি?”
তন্ময়ে ক’লে,
“ক’লে যেতিয়া নিমন্ত্ৰণ কৰিছেই নিশ্চয়।”
মই ক’লোঁ,
“খোলাখুলিকৈ একো নক’লে যে!”
তন্ময়ে ক’লে,
“তেনেহ’লে ঘৰলৈ গৈ নিমন্ত্ৰণ জনাব চাগে।”
মোৰো কথাটো তেনেকুৱা যেনেই অনুমান হ’ল।বিশেষকৈ আমাৰ পৰিয়ালৰ লগত অৰিন্দমৰ পৰিয়ালৰ ভাল বন্ধুত্বৰ সম্বন্ধ আছে।অৰিন্দমৰ দেউতাক-মাকৰ বিয়াখনত যে আমাৰ ককায়ে আগভাগ লৈ কৰাইছিল, অৰিন্দমৰ মাক-দেউতাকে এই কথা কৈয়ে থাকে।
মই ঘৰলৈ অহাৰ পিছত দেউতাক ক’লোঁ গিফ্ট এটা আনি দিবলৈ।যিহেতু দেওবাৰে অৰিন্দমৰ জন্মদিন, গতিকে ভাল গিফ্ট এটা দিব লাগিব।
দেউতাই ক’লে,
“ঠিক আছে, আগতে দেওবাৰটো আহকচোন।”
ঘৰৰ সকলোকে অৰিন্দমৰ জন্মদিনৰ কথা ক’লোঁ।
মায়ে ক’লে,
“প্ৰথম ব’হাগৰ বাবে কিনা পাঞ্জাৱী চোলাটো এতিয়াও পিন্ধা নাই তই, সেইটোৱেই পিন্ধি যাবি।”
আচলতে অৰিন্দমৰ লগত তাৰ বন্ধুত্ব হোৱা বেছি দিন হোৱা নাই ,ইয়াৰ আগতে অৰিন্দমৰ জন্মদিনলৈও সি কেতিয়াও যোৱা নাই, এইবাৰেই প্ৰথম যাব, সেয়ে তাৰ উৎসাহটো অলপ বেছি হৈছে।
মোৰ জন্মদিন অক্টোবৰৰ ১০ তাৰিখে।সেই সময়ত সদায় কিবা নহয় কিবা এটা উৎসৱ থাকে বা স্কুল বন্ধৰ সময়ছোৱাত পৰে। আমাৰ স্কুলৰ যাৰেই জন্মদিন থাকে, সেইদিনা তাৰ ঘৰৰ পৰা লজেন্স স্কুললৈ পঠিয়াবই।মোৰ জন্মদিন সদায় স্কুল বন্ধৰ সময়তে পৰে কাৰণে সদায় মনত দুখ এটা থাকে। দেখিলোঁ যে অৰিন্দমৰ জন্মদিন মোৰ জন্মদিনতকৈ ২৫ দিন আগত হ’ব।এতিয়া চেপ্টেম্বৰ মাহ।বৰ্ষা লাহে লাহে বিদায় ল’বলৈ লৈছে। ইয়াৰ মাজে মাজে শৰতৰ নীলা আকাশে ভুমুকি মাৰিছে। অৰিন্দমহঁতৰ চুবুৰীত বৰ ডাঙৰকৈ দুৰ্গা পূজা হয়। পেণ্ডেলৰ বাঁহবোৰ পেলাইছেই।পূজাৰ বজাৰ-সমাৰো আৰম্ভ হৈ গৈছে। মোৰ আৰু তন্ময়ৰ মনত বৰ ফূৰ্তি । ৰাস্তাত সমবয়সীয়া ছোৱালী দেখিলে উদাসীন চকুৰে চাওঁ, যেন আমি সিহঁতক দেখাই নাই।একে শ্ৰেণীৰ সায়ন তেতিয়া আমাৰ চকুত হিৰ’ ;কাৰণ আদৰ্শৰ সাহানাই তাক হালধীয়া গোলাপ দিছে। তাৰ মুখত এই কথাবোৰ শুনি শুনি মনতে হুমুনিয়াহ কাঢ়োঁ।
আজি বৃহস্পতিবাৰ। অৰিন্দমৰ ঘৰলৈ গৈছোঁ আৰু ভাবিছোঁ এইমাত্ৰ তাৰ মাক বা দেউতাকে ক’ব,
“দেওবাৰে তোমালোকে আবেলি ইয়াতেই খাবা।”
দেওবাৰে যিহেতু আমাৰ পঢ়া-শুনা নাথাকে, গতিকে সিহঁতৰ ঘৰত আমাক খাবলৈ মাতিবই পাৰে।
কিন্তু নাই, বৃহস্পতিবাৰ গ’ল,শুকুৰবাৰ গ’ল, শনিবাৰো গ’ল,পিছে নিমন্ত্ৰণ নিদিলেই। ইতিমধ্যে আমাৰ ঘৰত জন্মদিনত দিবলৈ গিফ্ট কিনাও হ’ল।তন্ময়ে আকাৰে-ইংগিতে অৰিন্দমক শুনাই কৈ আছে যে…..
“এই দেওবাৰে মই হাওৰালৈ যাম, এটা কাম আছে মোৰ।”
মনতে ভাবিছে সি, এই কথা শুনি অৰিন্দমে হয়তো ক’ব যে ক’ত যাবি সেইদিনা, সেইদিনা ফ্ৰী ৰাখিবি নিজকে। কিন্তু নাই! একোৱেই নাইকোৱা দেখোন সি।দেওবাৰে মায়ে পূজাৰ বজাৰ কৰিবলৈ বাৰাহাটলৈ যাবলৈ ঠিক কৰিছিল।কিন্তু মই নাযাওঁ বুলি কেন্সেল কৰিছিলোঁ। দেওবাৰে কোনোবাই নিমন্ত্ৰণ জনালে ভালপোৱাৰ আৰু এটা কাৰণ আছিল যে সেইদিনা ৰাতি আঠটাত ভৌতিক বিজ্ঞানৰ পৰীক্ষা আছিল।মই আৰু তন্ময়ে একেজন শিক্ষকৰ ওচৰতে ভৌতিক বিজ্ঞান পঢ়োঁ।সেয়ে দেওবাৰে আবেলি পাঁচ বজাত মোৰ আৰু তন্ময়ৰ মনটো বেয়া লাগিছে, ভাবিছিলোঁ আজি আমাক জন্মদিনৰ নিমন্ত্ৰণ জনোৱা হ’লে পৰীক্ষাটো নিদিয়াকৈ আৰামত থাকিব পাৰিলোঁহেঁতেন!দেউতাই ধৰিব পাৰিছে যে নিমন্ত্ৰণ নাপাই মোৰ মূৰ গৰম হৈ আছে। মই আৰু তন্ময় সেই সময়ত দেউতাৰ ওচৰত বহি আছিলোঁ। হঠাতে বাহিৰত কলিংবেল বাজিল। দেউতাই ক’লে……
“কোন আহিছে চোৱাচোন।”
হয়তো শেষ মুহূৰ্ত্তত অৰিন্দমৰ ঘৰৰ কোনোবাই আমাক মাতিবলৈ আহিছে বুলি দুয়ো দৌৰা দৌৰিকৈ গৈ দৰজা খুলি দেখিলোঁ ভৌতিক বিজ্ঞান পঢ়াবলৈ আমাৰ শিক্ষকজনহে আহিছে।চাৰে অৰিন্দমক অকলে পঢ়ায়।আহিয়েই ক’লে যে তেখেতক অৰিন্দমৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছে, গতিকে সোনকালে আমাৰ ঘৰলৈ আহি আমাক পৰীক্ষাৰ প্ৰশ্ন দি তেখেত গুচি গ’ল আৰু দেউতাক কৈ গ’ল……..
“অলপ এওঁলোকক চাবচোন দাদা।”
দেওবাৰে দেউতাৰ অফিচ বন্ধ থাকে।আবেলি কি কৰিব বুলি ভাবি আছিলহে,আমাক চোৱাৰ কামটো পাই দেউতাই ভালেই পালে।
মই তন্ময়ক ক’লোঁ,
“ভাই আমাক কৰা এই অপমানৰ বদলা আমি কেনেকৈ ল’লে ভাল হ’ব কোৱাচোন?”
তন্ময়ৰ জন্মদিন ডিচেম্বৰ মাহত হয়।গতিকে যি কৰোঁ জন্মদিনৰ দিনাই কৰিব লাগিব।দেৰি কৰিলে নহ’ব, খৰকৈ একশ্যন ল’ব লাগিব।
পিছৰ বুধবাৰে আমি তন্ময়ৰ ঘৰলৈ পঢ়িবলৈ গ’লোঁ যদিও আমি মুখ ওন্দোলাই আছোঁ।কাকো মাতবোল নকৰি পঢ়ি গুচি আহিলোঁ ঘৰলৈ।
মায়ে মোক সুধিলে…..
পূজাত কি লাগিব?”
“একো নালাগে মোক।”
উত্তৰ দি ক’লোঁ,
“মাত্ৰ এইবাৰ মোৰ জন্মদিনটো ডাঙৰকৈ পাতি দিয়া।”
মায়ে বুজি পাইছিল যে অৰিন্দমৰ জন্মদিনলৈ আমাক নিমন্ত্ৰণ নকৰাৰ বাবে আমি মনত কিমান দুখ পালোঁ; সেয়ে একো নকৈ সন্মতি প্ৰদান কৰিলে।পিছদিনা স্কুল বন্ধ আছিল; মই অৰিন্দমক বাদ দি আমাৰ গ্ৰুপৰ সকলোকে মোৰ জন্মদিনলৈ নিমন্ত্ৰণ জনালোঁ।তন্ময় আৰু মই সদায় অৰিন্দমৰ ঘৰলৈ পঢ়িবলৈ যাওঁতে মোৰ জন্মদিনৰ প্লেন কেনেকৈ কৰিছোঁ শুনাই থাকোঁ। আমাৰ ইংৰাজী চাৰজনকো নিমন্ত্ৰণ জনালোঁ জন্মদিনলৈ,কিন্তু অৰিন্দমক নামাতিলোঁ । মোৰ জন্মদিন বৰ ধুমধামেৰে হৈ গ’ল। অৰিন্দমে মুখ গোমোঠা কৰি আছে।আমাৰ প্ৰতিশোধ লোৱা হৈ গ’ল।
মই তন্ময়ক ক’লোঁ,
“তয়ো তোৰ জন্মদিনত অৰিন্দমক নামাতিবি কিন্তু।”
তন্ময়ে ক’লে,
“আৰে সেইটো মোক ক’বই নালাগে,নামাতো তাক।!
কিন্তু তন্ময়ৰ ঘৰলৈ জন্মদিন খাবলৈ গৈ থতমত খালোঁ । দেখিলোঁ যে অৰিন্দম আগতেই গৈ বহি আছে; মোক দেখি মোৰ ফালে চাই মিচিকিয়াই আছে। মই খঙত দুপদুপাই তন্ময়ৰ ঘৰৰপৰা জন্মদিনৰ পাৰ্টি নোখোৱাকৈ ঘৰলৈ গুচি আহিলোঁ।এতিয়াও মনত আছে কথাটো। ইয়াৰ পিছত দেৰ যুগ পাৰহৈ গ’ল।অৰিন্দম বৰ্তমান বেঙ্গালুৰত,তন্ময় গুজৰাটত।নিজৰ জন্মদিনত অকলেই থাকোঁ,কেতিয়াবা কামৰ হেঁচাত পাহৰিয়েই যাওঁ জন্মদিনৰ কথা।মাজে সময়ে মা আহিলে পায়স বনাই খুৱায়।
সেই ঘটনাৰ পিছৰ বছৰৰপৰা প্ৰতি বছৰে জন্মদিনৰ দিনা আমাক সি নিমন্ত্ৰণ কৰিছিল।পিছত গম পাইছিলোঁ যে সেইবাৰ জন্মদিনৰ সময়ত সিহঁতৰ ঘৰত অশৌচ লাগি আছিল বাবে পৰিয়ালৰ কেইজনমান লোকৰ সৈতে মাত্ৰ গেট টুগেদাৰহে কৰিছিল।আমাৰ ভৌতিক বিজ্ঞানৰ চাৰ তাৰ নিজৰ পেহাক আছিল বুলিও পিছত গম পাইছিলোঁ।সেই সময়ত মই কৰা ভুলৰ অনুশোচনা এতিয়াও মনৰপৰা আঁতৰাব পৰা নাই।অৰিন্দমে সৌ সিদিনা ফেচবুকত তাৰ জন্মদিনৰ ফটো আপলোড কৰিছিল।মোক টেগ কৰিছিল।বহুত দিনৰ পিছত কেকে ঢাকি থোৱা অৰিন্দমৰ ফটোৰ তলত লিখিছিলোঁ
“চৰি ভাই! এইফালে আহিলে হাতত অলপ সময় লৈ মোৰ জন্মদিনলৈ আহিবিচোন; একেলগে কেক খাম।”
আৰু একো লিখিব পৰা নাছিলোঁ।
তথাপিও সঁচাকৈ কৈছোঁ, তন্ময়ৰ ওপৰত উঠা মোৰ খং এতিয়াও শেষ হোৱা নাছিল!!
*******