বসন্তই আনে বহাগীৰ বতৰা-নিবেদিতা শৰ্মা

ফাগুনে ৰিক্ত-শীৰ্ণ কৰা ধূলি ধুসৰিত  পৃথিৱীয়ে মাজ চ’তৰপৰা অহা বৰষুণজাকৰ পৰশত শীতৰ ৰুক্ষ ৰূপ আঁতৰাই নিজকে নতুন ৰূপত সজাই-পৰাই প্ৰকৃতিয়ে বসন্ত অহাৰ জাননী দিলে…!বসন্তৰ আলফুলীয়া পৰশত গছে গছে পোখা মেলে ন কুঁহিপাতৰ…নানা ৰঙী ফুলবোৰে আঁজলি ভৰাই সুশোভিত কৰিলে লঠঙা গছৰ ডাল… শুষ্ক পৃথিৱীক প্ৰকৃতিৰাণীয়ে শ্যামলী অৱগুন্ঠনেৰে আৱৰি ভৰ যৌৱনা কৰিলে…বোৱনী শিপিনীহঁতো ব্যস্ত হৈ পৰিছে প্ৰিয়জনৰ বাবে এখনি গামোচা বৈ যাচিবলৈ…!পলাশ-মদাৰ-শিমলু-কৃষ্ণচূড়াই আকাশত জুই ছটিয়াইছে ! আঁহতৰ ডালত মেল খোৱা ৰঙা ৰঙৰ কুঁহিপাতৰ ৰাঙলী বোলে কোনোবা অতীতৰ শিল্পীপ্ৰাণা আইতাৰ মনত দোলা দি যায় আৰু বিহুৱানখনিৰ শেল, আঁচু, ফুল প্ৰকৃতি প্ৰদত্ত এই ৰঙা ৰঙেৰেই বোলাই পেলায়! 

এছাটি পছোৱাই চুই গ’লহি মোৰ দেহ মন, পছোৱাজাকে আনিছে বসন্তৰ আগমনৰ বতৰা।কাণত এক সুৰ বাজিল, এক চিনাকি সুৰত সেয়া কুলিৰ বিননি।

বুকুখন ভৰি গ’ল মনটো ব’হাগ ব’হাগ লাগিল।ব’হাগী ৰঙেৰে ৰঙীন হোৱা এটা মিঠা মিঠা আৱেশত

মৰম-ভালপোৱাবোৰে উকমুকাই উঠিছে। পদূলি সিপাৰৰ আম জোপালৈ চকু গ’ল, নিজকে ব’হাগী সাজেৰে সু-সজ্জিত কৰিচেনাইলৈ চাই মিচিকিয়াই উঠিল।

সেউজীয়া আবিৰ সানি সেউজবুলীয়া প্ৰকৃতিৰ ৰূপত বিভোৰ কেতেকীজনী ।চেনাইৰ ঢোলৰ চাপৰত আম গছত ওলমি থকা কপৌফুল পাহৰ বিহু নাচোন ।

মায়াময় পৰিৱেশলৈ ব’হাগীক পৃথিৱীলৈ আমন্ত্ৰণ। 

বৰদৈচিলাজনীও আহি প্ৰকৃতিৰ ৰূপত ৰহণ সানিলে। এয়া যে কপৌ ফুলা বতৰ প্ৰকৃতি গাভৰু হোৱা বতৰ।

ফুলৰ বাগিচাত তগৰ,নাহৰ,কপৌ, কেতেকী, নাৰ্জী, গোলাপ, পলাশ, শিমলু, কাঞ্চন, অশোক, চম্পা সকলো মিলি সভা পাতিছে ঋতুৰাজ বসন্তক আদৰাৰ প্ৰস্তুতিৰ বাবে। 

শীতকালৰ দীঘলীয়া নীৰৱতাৰ পিছত, চৰাইবোৰে ঘৰৰ ওচৰত বা আকাশত গান গাবলৈ আৰম্ভ কৰে। চৰাইবোৰে মৌনতা ভংগ কৰে আৰু সিহঁতৰ মিঠা গীতৰ জৰিয়তে সতেজ অনুভৱ কৰে, পখীবোৰৰ কাৰ্যকলাপে চাৰিওফালৰ সকলোকে এনে এক মনোৰম বতৰৰ বতৰা দি সুখী অনুভৱ কৰায়।

লঠঙা গছত সেউজীয়া ৰঙৰ প্ৰলেপ পৰিছে। গছে হাঁহিছে, ফুল-ফলে হাঁহিছে, সকলোৰে মনবোৰ ৰঙেৰে উপচি পৰিছে। 

“বহাগ মাথো এটি ঋতু নহয় ,নহয় এটি মাহ,

অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সাহ”।

সুধাকন্ঠ ভূপেন হাজৰিকাই ব’হাগ মাহ অসমীয়া জনজীৱনৰ বাবে যে এটা গুৰুত্বপূৰ্ণ মাহ এই গীতৰ মাজেৰে প্ৰকাশ কৰিছে। 

অসমীয়া মানুহৰ বাবে ব’হাগ মাহটো প্ৰতিটো শুভ কামৰ বাবে পছন্দৰ মাহ। বিবাহ, গৃহনিৰ্মাণ, বিভিন্ন পুজা আদি অসমীয়া মানুহে ব’হাগ মাহত অনুষ্ঠিত কৰি শান্তি পায়।

বসন্ত কালত সকলোৰে মন প্ৰাণ পুলকিত হৈ থাকে। ডেকা-গাভৰুসকলৰ হিয়া দিয়া-নিয়াৰ বতৰ। ফাকুৱা, বসন্ত পঞ্চমী, আলি-আই-লৃগাং, বাসন্তী পুজা, ইষ্টাৰ, ব’হাগ বিহু আদি বসন্ত কালৰ উল্লেখযোগ্য উৎসৱ। বসন্ত কালত হোৱা বাবে প্ৰতিটো উৎসৱেই ৰঙীন। 

অসমীয়াসকলক বিহুৰ আনন্দত নিজকে বিলাই দিয়াৰ অনুভৱ ব’হাগে দিয়েহি আনি হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে । প্ৰকৃতিৰ এই বৈভৱৰ স’তে একাত্ম হৈ অকণমান সময়ৰ বাবে হ’লেও আমি পাহৰি যাবলৈ বিচাৰোঁ আজিৰ আধুনিক জীৱনে আনি দিয়া মানুহৰ দুখ-অশান্তি, যন্ত্ৰণা-ক্লেশ ইত্যাদিবোৰক।আহক, বসন্তৰ এই মনোমোহা বতৰত, ব’হাগ মাহেৰে আৰম্ভ হোৱা আমাৰ নৱবৰ্ষৰ শুভ মুহূৰ্তত আমাৰ মাজত থকা সকলো ধৰণৰ অসূয়া-অপ্ৰীতিৰ ভেদাভেদ পৰিহাৰ কৰি এক ভাতৃত্বৰ বান্ধোনেৰে আমি আটায়ে একগোট হোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ।

ব’হাগ মাহ বাবেই কৃষ্ণচূড়া-ৰাধাচূড়া- সোণাৰুৰ ভিন্ন ৰঙী ৰূপৰ মাধুৰী দশোদিশে।বতাহেও কয় কাণে কাণে- এয়া ঋতু পৰিৱৰ্তনৰ সময়। বসন্ত ঋতুৱে কঢ়িয়াই আনিছে ব’হাগ বিহুৰ বতৰা। লৈ আহিছে পৃথিৱী ৰঙালী হোৱাৰ মাদকতা। সকলোৰে পুলকিত হৈ উঠিছে মন-প্ৰাণ।

বসন্তকালত পৃথিৱীৰ পৰিৱেশ হয়  উজ্জ্বল, গছবোৰত সেউজীয়া পাত, ধুনীয়া সুগন্ধি ফুল, গুঞ্জৰিত ভোমোৰা, মৌমাখি আৰু ৰঙীন পখিলাৰ সৈতে মন ভোলোৱা পৰিৱেশ। বসন্ত হৈছে সতেজ বতাহ আৰু ৰ’দৰ সৈতে এক স্বাস্থ্যকৰ ঋতু। এই ঋতুটোৱে সকলো লোকৰ মাজত সুখ, অনুপ্ৰেৰণা আৰু ইতিবাচকতা সৃষ্টি কৰে আৰু সৃষ্টিশীল চিন্তাৰ পথ প্ৰশস্ত কৰে।

এই ব’হাগেই পৃথিৱীত বিলাই যাওক সুখ- শান্তি, ভ্ৰাতৃত্ব বোধ, একতাৰ এনাজৰী।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *