স্বৰ্গদেউ বাকৰিৰপৰা বিহুৰ মঞ্চ যাত্ৰা-বিৰিঞ্চি মহন্ত 

ব’হাগ… প্ৰকৃতি আৰু মানুহৰ মনক সেউজীয়া কৰি তোলা এটা মাহ। অসমীয়াৰ বুকুত আশা সঞ্চাৰিত কৰা এটা শব্দ ব’হাগ। অসমীয়াৰ হৃদয়ত সুপ্ত হৈ থকা আশা, হেঁপাহক জাগ্ৰত কৰি ডেকা-গাভৰুৰ হৃদয়ত প্ৰেমৰো বীজ সিঁচে এই ব’হাগে।

বসন্তৰ আগমনে প্ৰকৃতিৰ বুকুলৈ অভাৱনীয় আৰু অতুলনীয় সৌন্দৰ্য কঢ়িয়াই আনে। ওন্দোলিত মেঘৰ বুকু ফাটি বৈ অহা জলধাৰাই সিক্ত কৰি তোলা প্ৰকৃতিৰ দেহত নতুনৰ বীজ অংকুৰিত হয়।শস্যে-মৎস্যে সগৰ্ভা হৈ পৰে বসুন্ধৰা। 

ঢোল-পেঁপা,গগনাৰ মাতে অসমৰ আকাশ-বতাহ মুখৰিত কৰি তোলা ব’হাগ বিহু এক সাৰ্বজনীন প্ৰাকৃতিক উৎসৱ। বিহু অসমীয়াৰ হিয়াৰ স্পন্দন আৰু অসমৰ জাতীয় জীৱনৰ মূৰ্ত প্ৰকাশ। সংস্কৃতিৰ প্ৰবহমান ধাৰা, সমন্বয়ৰ প্ৰতীক আৰু প্ৰাচুৰ্যৰ উৎসৱ বিহুৱে গীত-নৃত্যৰ জৰিয়তে মানুহৰ আৱেগ-অনুভূতিৰ বৰ্হিপ্ৰকাশ ঘটোৱাৰ লগতে হৃদয়ৰপৰা হৃদয়লৈ প্ৰীতি এনাজৰীৰ এক সেঁতু তৈয়াৰ কৰে। ডেকা-গাভৰুৰ মন বাকৰিত প্ৰেমৰ বীজ ৰোপন কৰি সপোন ৰচনা কৰে ঋতুৰাজ বসন্তই।এই ব’হাগৰ বতৰতে চটাই পৰ্বতৰপৰা অসমীয়া পাহোৱাল ডেকাই মনৰ গৰাকীৰ বাবে কপৌফুল,  বিষধাৰী ফেঁটীসাপে বাহৰ পাতি থকা, কাঁইটৰ মাজত ফুলা কেতেকীফুল আৰু ছিৰি লুইতৰ পাৰৰপৰা বৰহমথুৰি আনি প্ৰেয়সীৰ মন জিনাৰ কথা বিহুগীতত পোৱা যায়। 

১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মদেশৰপৰা পাটকাই পৰ্বত গৰকি সৌমাৰপীঠৰ চৰাইদেউৰ ঢাপলিকা পৰ্বতত ৰাজধানী পতা চাওল্যুং চুকাফাৰ ছয়শ বছৰীয়া গৌৰৱময় ৰাজত্বৰ কালতে চটাই পৰ্বত আৰু ছিৰি লুইতৰ বুকুত শদিয়াৰপৰা কলিয়াবৰলৈকে থকা বিহুৰ ব্যপকতাৰ কথা আজিও ইতিহাসে দোহাৰে। পূৰ্বতে বৰগছ, আঁহত গছৰ তলত বিহু মৰা বিহুৱা ডেকাই আহোমৰ ৰাজত্বকালতে হাঁহ কণী, বৰালি মাছ, মাটি মাহৰ কৰালেৰে সজোৱা ৰংঘৰৰ বাকৰিত ঢোলৰ চাপৰ তুলি নাচনীৰ গাত দেওধনী তুলিছিল।

আহোমৰ ৰাজত্বকালতে বিহুৱে ৰাজকীয় মৰ্যদা আৰু পৃষ্ঠপোষকতা লাভ কৰি জাতীয় উৎসৱলৈ ৰূপান্তৰ হয।স্বৰ্গদেউ ৰুদ্ৰসিংহই কৃষিৰ উৰ্বৰ শক্তিৰ সৈতে জড়িত হৈ থকা বিহু নৃত্য-গীতক বৰতল,আঁহত তলৰপৰা ৰাজকাৰেং আৰু ডা-ডাঙৰীয়াসকলৰ পদূলিলৈ উলিয়াই আনে। ৰাজকীয় মৰ্যদা পাই বিহুৱে বাৰেবহণীয়া ৰূপেৰে উজ্বলি উঠিল। ৰংঘৰৰ বাকৰিৰ আকাশ-বতাহ ঢোল-পেঁপা মাতেৰে গুমগুমাই উঠিল। বিহুগীতত পোৱা যায়……

    “বৰৰে ঢপলা পাতে ঐ লাহৰী 

                      বৰৰে ঢপলা পাত 

     ৰংঘৰৰ বাকৰিত ঢোল-পেঁপা বাজিছে 

                      বিহু বিহু লাগিছে গাত।”

বিহুক জাতীয় উৎসৱৰূপে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই স্বীকৃতি দিছিল।১৬৯৮-১৬৯৯ খ্ৰীষ্টাব্দত দিখৌ নৈৰ পাৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নগৰ স্থাপন কৰি তেওঁ মনোৰঞ্জনৰ বাবে “ৰংঘৰ” নিৰ্মাণ কৰিছিল। প্ৰথম অৱস্থাত কাঠ আৰু বাঁহৰে নিৰ্মিত এই ৰংঘৰক স্বৰ্গদেউ প্ৰমত্ত সিংহই পকী ৰূপ দিয়ে।জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৰে কলা-সংস্কৃতি ইয়াত প্ৰদৰ্শিত হৈছিল। ৰজাঘৰীয়া, ৰজাঘৰৰ ডা-ডাঙৰীয়া সকলৰ লগতে সৰ্বসাধাৰণৰ বাবেও ৰংঘৰৰ বাকৰি মুকলি আছিল। সেই সময়ত গাঁৱৰ কৃষিজীৱি জনসাধাৰণে কৃষি উৰ্বৰতা বৃদ্ধি কৰাৰ উদ্দেশ্যে, গাঁৱৰ সকলো ডেকা-গাভৰু মিলি গছৰ তলত বিহু উৎসৱ পালন কৰিছিল।স্বৰ্গদেউ ৰুদ্ৰসিংহই এই গছৰ তলৰ বিহুক ৰাজকাৰেঙলৈ মাতি বিহু মৰোৱাই হুঁচৰিৰ শেষত আঁঠু লৈ আশীৰ্বাদ লোৱাৰ নিদৰ্শন দি গৈছে। ইয়াৰ পাছত ডা-ডাঙৰীয়াসকলেও নিজৰ চোতালত বিহু আমন্ত্ৰণ কৰি আশীৰ্বাদ লৈছিল। পৰৱৰ্তী সময়ত বিহুক ৰংঘৰৰ বাকৰিলৈ লৈ যায় আৰু ৰজা, প্ৰজা সকলোৱে মিলি বিহু উপভোগ কৰিছিল  আৰু বিহুৱা দলসমূহক ৰাজকীয় সন্মান প্ৰদান কৰিছিল।আহোম ৰাজত্বৰ দিনতে ৰজা-প্ৰজা একতাৰ দোলেৰে বান্ধ খোৱাৰ নিদৰ্শন এই বিহুৰ জৰিয়তে দেখিবলৈ পোৱা যায়।বিহুগীতত স্বৰ্গদেউসকলৰ সাজ-সজ্জাৰো উমান পোৱা যায়।

        “স্বৰ্গদেউ ওলালে বাট চ’ৰা মুখলৈ 

                        দুলীয়াই পাতিলে দোলা 

          কাণত জিলিকিলে নৰা জাংফাই 

                        গাত গোমচেঙৰ চোলা।”

পিছে ছয়শ বছৰীয়া আহোম ৰাজত্বৰ বেলি মাৰ যোৱা পৰত অৰ্থাৎ ঊনবিংশ শতিকাৰ আৰম্ভণিৰেপৰা, বিশেষকৈ ইংৰাজৰ শাসন কালত অসমৰ জাতীয় উৎসৱ ৰূপে পৰিগণিত হোৱা বিহুৱে  মৰ্যদা হেৰুৱাই, ৰাজহুৱা স্থানৰপৰা অপসাৰিত হৈ পূৰ্বৰ স্থানলৈকে উভতি যাব লগা হ’ল। ইয়াৰ মূল কাৰণ আছিল কিছুসংখ্যক লোকৰ বিহুৰ প্ৰতি থকা বিষেদগাৰ। সেইসময়তে অসমত ইংৰাজী আৰু বঙালী সাহিত্য-সংস্কৃতিৰ প্ৰৱেশ ঘটিছিল। হয়তো এচাম অভিজাত তথা শিক্ষিত অসমীয়া পৰিয়াল এই বিদেশী সংস্কৃতি প্ৰতি আকৃষ্ট হোৱাই ইয়াৰ মূল কাৰণ আছিল। তেওঁলোকে বিহুক অশ্লীল আৰু ইতৰৰ বস্তু বুলি অভিহিত কৰি, বিহুক গ্ৰাম্য সংস্কৃতি বুলি আখ্যা দিছিল।এইসকলৰ ভিতৰত আছিল গুণাভিৰাম বৰুৱা, হলিৰাম ঢেকিয়াল ফুকন, আনন্দৰাম ঢেকিয়াল ফুকন, কমলাকান্ত ভট্টাচাৰ্য্য আদি। গুণাভিৰাম বৰুৱাই বিহুৰ বিষয়ত ইংৰাজলৈ দিয়া মন্তব্য অসম বুৰঞ্জীত চিহ্নিত। আনন্দৰাম ঢেকিয়াল ফুকনে নগাঁৱত অনুষ্ঠিত হোৱা বিহু নৃত্য-গীতক আইনৰ দ্বাৰা বন্ধ কৰোৱাইছিল। 

১৮৪৮ চনৰ ‘অৰুণোদই’ কাকতত আনন্দৰাম ঢেকিয়াল ফুকনে বিহুৰ যি লোকাচাৰ, সেই লোকাচাৰসমূহক কু-কৰ্ম প্ৰতিপন্ন কৰি লিখিছিল….

“এই অসম দেসৰ অনেক ঠাইত বচৰি বিহুত জি সক’লে বিভিচাৰ ক্ৰিয়া কৰে তাক সক’লে জানে।এই কুৰিতি আন কোনো দেশত নাই আৰু সি অসমৰ মহা কলঙ্ক হৈছে। হাই হাই।লোক কি ধৰম গিয়ান নিচেই গুচিল।….. সেই দেসস্থ বৰ লোকসকল, তোমালোকে এই কু কৰম একে বেলিএ গুচাবৰ পুৰুসাৰ্থ কৰা।”

অগ্নিকবি খ্যাত কমলাকান্ত ভট্টাচাৰ্য্যই বিহুৰ সম্পৰ্কত কৈছিল……

“বিহু নামৰ আমাৰ এটা বৰ বেয়া সংস্কাৰ আছে।…… বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক-কাণ কটাৰ সমান লাজে ধৰে, শিক্ষিত ডেকাসকল, এবাৰ ভাবি চাবাচোন।”

সংস্কৃতি বোৱতী নদীৰ দৰেই, ইয়াক ভেটা দি ধৰি ৰখাৰ চেষ্টা ব্যৰ্থ।যদিও কিছু সময়ৰ বাবে অসম আৰু অসমীয়াৰ হৃদয়ত স্পন্দন তোলা, হিয়াৰ আমঠু বিহু নিজৰ ঘৰতেই এলাগীৰ দৰে হৈ পৰিছিল সেই সময়তে কেইজনমান জাতীয় চেতনাৰে উদ্বুদ্ধ, সংস্কৃতিপ্ৰাণ ব্যক্তিয়ে শ্ৰমজীৱি অসমীয়া প্ৰজননৰ উৎসৱ বিহুক পূৰ্বৰ মৰ্যদা দিলে।ইয়াৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, মঘাই ওজা, ৰজনীকান্ত বৰদলৈ, ৰাধা গোৱিন্দ বৰুৱা, বলি নাৰায়ণ বৰা, নকুল ভূঞা, ডিম্বেশ্বৰ নেওগ আদি আছিল হোতাস্বৰূপ।সম্ভৱতঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ভুল ভাঙি দিয়াৰ পাছত শিক্ষিত অসমীয়া মানুহৰ মাজত বিহুৰ প্ৰতি থকা ধাৰণা সলনি হ’ল।তেওঁ কৈছিল…..

“বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে, বেয়া পায়।” 

বেজবৰুৱাদেৱে “বাঁহী” কাকতত বিহুৰ সম্পৰ্কে চোকা আৰু ব্যংগাত্মকভাৱে একাধিকবাৰ লিখিছিল। 

বিহুক জাতীয় উৎসৱৰূপে অনুমোদন জনাই পোনপ্ৰথমে বলী নাৰায়ণ বৰাই মত প্ৰকাশ কৰিছিল। তেওঁ ১৮৮৫ খ্ৰীষ্টাব্দত “আসাম বন্ধু” কাকতত মত প্ৰকাশ কৰি লিখিছিল যে……

“ক্ৰমে সূৰ্যৰ তেজ বৃদ্ধি হয়, তাৰ লগে লগে প্ৰকৃতিৰো শোভা বৃদ্ধি হয়। ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শোভা পাহৰি পাৰ্থিৱ প্ৰকৃতিৰ লগত ধূলি-মাটি পানীৰে গীত পদ গাই ধেমালি কৰিলে।আন মানুহৰ কি পাৰ্থক্য? সকলোৱে এই ৰূপে গীত পদ গাই ধেমালি কৰিলে ইত্যাদি।”

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱে তেখেতৰ উপন্যাস ৰংঙিলী, ৰহদৈ লিগিৰী আদি উপন্যাসত বিহুক চিত্ৰিত কৰিলে।তেখেতে বিহুৰ সন্দৰ্ভত কৈছিল….

“বিহু উৎসৱ অসমীয়া নিজা সম্পত্তি। ই অসমীয়াৰ জাতীয় উৎসৱ, বাপতি সাহোন।” 

নানা ঘাত-প্ৰতিঘাতৰ পৰিক্ৰমা পাৰ হৈ বিংশ শতিকাত বিহুৱে পুনৰ জাতীয় উৎসৱত পৰিণত হ’ল। ১৯৫২ চনত ৰাজহুৱাকৈ গুৱাহাটীত বিহু পতা হয়। এসময়ত ‘ইতৰ বস্তু’ বুলি ইতিকিংভাৱে গ্ৰাম্য সংস্কৃতি বুলি আখ্যা দিয়া বিহুৱে নগৰীয়া সমাজত স্থান লাভ কৰিলে।

সিংহ পুৰুষ ৰাধা গোৱিন্দ বৰুৱাদেৱে বিহুক মঞ্চলৈ অনাৰ পৰিকল্পনাতে বিহুৱে নতুনৰ দিশত অগ্ৰসৰ হৈছিল।বিহুৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলিল।গছতল, চোতাল আৰু ৰংঘৰৰ বাকৰি এৰি বিহু মঞ্চত উঠাৰ লগতে বিহুগীত, বিহু নাচ, সাজ-সজ্জা সকলোতে পৰিবৰ্তন আহিল।বহুখিনি আধুনিকতাই ভূমুকি মাৰিলে। বহু পৰিমাণে ধৰ্মীয় পৰম্পৰা কমি আহিল। হ’লেও তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া অনস্বীকাৰ্য। তেওঁ পৃষ্ঠপোষকতাত ১৯৫২ চনৰ ১৪ জানুৱাৰী তাৰিখে গুৱাহাটীৰ বিহু সন্মিলনীৰ জন্ম হয়।মঞ্চ বিহুৰ আয়োজন কৰি ৰাধা গোৱিন্দ বৰুৱাদেৱে কৈছিল……

“এতিয়া আমাক এখন পতাকা লাগে, যিখনৰ মাজেদি অসমৰ সমন্বয়যজ্ঞ যেন আজিৰেপৰা আৰম্ভ হয়।”

বিভিন্ন জাতি-জনজাতি মিলিত হোৱা এই বিহু মঞ্চৰ বাবে পতাকা নিৰ্মাণ কৰিছিল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাই আৰু পতাকাৰ লগত মিলাই গীত ৰচনা কৰিছিল পুৰুষোত্তম দাসে। যিটো গীত বৰ্তমান অসমৰ ৰাইজে জাতীয় সংস্কৃতিৰ গীত হিচাপে মানি আহিছে।

            “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে 

                            উছৱৰ মধু আলোড়ন…”

গছতল, চোতাল আৰু ৰংঘৰৰ বাকৰি গৰকি বৰ্তমান বিহুৱে বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হৈছে। বিহুৰ এই যাত্ৰা অসম আৰু অসমীয়াৰ বাবে অতিকৈ গৌৰৱময় কথা। পৰিবৰ্তন আৱশ্যাম্ভী আৰু ই এক যুগ ধৰ্ম। যুগৰ লগত মিলিবলৈ হ’লে নতুনত্বকো আঁকোৱালি ল’বই লাগিব। কিন্তু কিমান খোজত নতুনত্বক আঁকোৱালি ল’লে নিজস্ব স্বকীয়তা বৰ্তি থাকিব সেয়াও জনাৰ প্ৰয়োজন। কাৰণ স্বকীয়তাক বিসৰ্জন দি কোনো আগবাঢ়ি যাব নোৱাৰে। 

চহা জীৱনৰ দলিলক স্বত:স্ফূৰ্ত প্ৰকাশেৰে গছতলৰ বিহুক আহোম ৰজাই পদূলিলৈ উলিয়াই অনা বিহু পৰৱৰ্তী সময়ত এই মঞ্চলৈ আহিল। বিহু নতুন ৰূপত প্ৰকাশ হ’ল। নিয়ম-নীতি মানি প্ৰতিযোগিতাত নামিল। প্ৰতিযোগিতাই বিহুক আধুনিক ৰূপ প্ৰদান কৰিলে হয়, পুৰণিকলীয়া কিছু নিয়ম-নীতি এৰি সময়ৰ লগত খাপ খোৱাকৈ আধুনিকতাও গ্ৰহণযোগ্য। নহ’লে যুগৰপৰা পিছ পৰি থাকিব লগা হয়। কিন্তু সকলোতে এই আধুনিতাও বহু সময়ত দৃষ্টিকটূ হৈ পৰে। বিশেষকৈ কৃষ্টি-সংস্কৃতি বাহকসমূহত আধুনিকতাৰ প্ৰভাৱ পৰিলেও অনুষ্ঠানসমূহত পৰম্পৰাগত গীত-মাত-সুৰ-তাল সকলোতে পুৰণি ঐতিহ্য ৰক্ষা হোৱাটো বাঞ্ছনীয়। সেয়া বিহুৱেই হওক কিম্বা অন্যান্য কৃষ্টি বাহক গীত, নৃত্য, নাটেই হওক।

বিহু গীতবোৰৰ সুৰ আৰু তালৰ এক সুকীয়া স্থান আছে। যি তাল আৰু সুৰত ডেকা-গাভৰুৰ মনেই নহয় আজলী নবৌজনীৰপৰা বুঢ়ী আইতাৰ মনো গাভৰু হৈ পৰে।প্ৰকৃতিয়েও গা দাঙি উঠে।ৰঙেৰে ৰাঙালী হৈ পৰে মানুহৰ মনাকাশ আৰু তাৰ স্বতঃস্ফূত প্ৰকাশ ঘটে বিহুগীত আৰু নৃত্যৰ মাজেৰে। 

পৰিতাপৰ কথা যে নৃত্য-গীত, ৰীতি-নীতি, ৰঙে-ৰসে আৰু কৃষ্টি-সংস্কৃতিৰে ভৰি থকা অসমীয়া বাপতি সাহোন বিহুটি বৰ্তমান যেন কিছু হ’লেও বিকৃত হৈছে।বিশেষকৈ বৰ্তমান বিভিন্ন পৰ্যায়ত প্ৰতিযোগিতামূলক হিচাপে পতা কিছুমান অনুষ্ঠানত বিহুগীতৰ তাল-মান, নৃত্যৰ ভংগিমাৰ লগতে অসমীয়া সংস্কৃতিৰ মান ৰক্ষা কৰা সোণ বৰণীয়া মুগা সাজযোৰক বিকৃত কৰি, দৃষ্টিকটূভাৱে নিৰ্মাণ আৰু পৰিধান কৰি কেৱল বিহুক বিকৃত কৰাই নহয় ইয়াৰ সৌষ্ঠৱকো ম্লান কৰিছে।এয়া অসমীয়া জাতিৰ বাবে এক চিন্তনীয় বিষয়।

বিহু আধুনিক ৰূপ ধাৰণৰ আশংকা কৰিয়েই হয়তো সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাদেৱে কৈছিল…. 

“মঞ্চত উঠি মৰ্ডান বিহুৱে বুলিছে চিছেম ফাক,ৰমন আহিল চুঙা পেণ্ট পিন্ধি যোগালী সখিয়তী জাক। মৰ্ডান বিহুৰ পেটাৰ্ন দেখি গছলতা লাগিছে থৰ, চিৰ চেনেহী ভাষা জননীৰ দেহত উঠিছে জ্বৰ।” 

যুগৰ পৰিৱৰ্তন হ’বই, পৰিবৰ্তনৰ লগে লগে নতুনত্বও আহিব। পুৰণিকলীয়াই আধুনিকতাৰ ৰূপ ল’ব। এই নতুনত্বই কঢ়িয়াই অনা আধুনিক ৰূপ লৈয়ে সকলো আগুৱাই যাব লাগিব সঁচা, কিন্তু যি আধুনিকতাই নিজৰ স্বকীয়তাকে নোহোৱা কৰি পেলায়, তেনে আধুনিকতাই বিপদৰ আগজাননীহে দিয়ে।বিহুৰ মাজলৈ অহা এই নতুনত্বই যাতে আমাৰ আদৰৰ তথা জাতীয় জীৱনৰ দাপোনস্বৰূপ বিহুৰ মৰ্যদা, ঐতিহ্য আৰু স্বকীয়তাক অক্ষুণ্ণ কৰি ৰাখে, তাৰ প্ৰতিও সকলোৱে মনোযোগ দিব লাগিব। নহ’লে  অসমতেই অসমীয়া ভগনীয়া হ’বলৈ উপক্ৰম হোৱাৰ দৰে, অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুটোও বিজতৰীয়া হৈ পৰিব।

শেষত লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোৱাৰ দৰে সুৰতে সুৰ মিলাই কওঁ……

“প্ৰাণৰ স্পন্দন অসমীয়া জনজীৱনৰ দাপোনস্বৰূপ বিহুক আৰু বিহুগীত আন গীতৰ সুৰেৰে সৈতে মিছিল নকৰি একে সুৰতে ৰাখক। আনৰ নাচৰ আৰ্হিত নহয়, স্বকীয় আৰ্হিতে বিহু উজ্বলি থাকক। 

*****

সহায়ক গ্ৰন্থপঞ্জী : 

সহায়ক গ্ৰন্থ :

১) মণ্টু শইকীয়া : বিহুৱা 

২) ডিম্বেশ্বৰ গগৈ : অসমৰ বিহু সংস্কৃতিৰ ৰূপৰেখা

৩) হিতেশ্বৰ বৰবৰুৱা : হিতেশ্বৰ বৰবৰুৱাৰ ৰচনাৱলী

৪) লীলা গগৈ : অসমৰ সংস্কৃতি

৫) ৰচনাৱলী : অতুলচন্দ্ৰ হাজৰিকা

*******

Leave a Reply

Your email address will not be published. Required fields are marked *