চʼত মাহৰ এটা দুপৰীয়া-দীপাংকৰ মহন্ত
সৰা পাতবোৰে কিয় মন টানে ,
লঠঙা ডালবোৰেদি সৰকি অহা বতাহজাকে
বিষাদৰ যেন সুৰ এটা তোলে ।
ফাগুনৰ স্মৃতি উৰি উৰি আহি
বুকুত গোঁজ পুতি বহে ,
পাতবোৰ গচকি আহোঁতে
তোমালৈ ইমান মনত পৰিছে ।
পদূলিতে থমকিল ব’হাগ
কুঁহিপাত এটাৰ অপেক্ষাত ,
কুলি চৰাই ক’তনো হেৰাল ,
সিৰাত শিপাই থকা মাত !
কাটি পেলোৱা গছজোপাই সপোনতো বিন্ধে ,
বসন্ত কেতিয়াবা যদি দেৰিকৈও নাহে (?)
*******