এজন অপ্ৰেমিকৰ সমীপেষু ,মূল: তছলিমা নাচৰিন,ভাবানুবাদ-মিনাৰা হুছেইন

এই চহৰতেই তুমি বাস কৰিবা, কাম-কাজত দৌৰিবা ইফালে সিফালে,

ক’ৰবাত আড্ডাত বহিবা, মদ খাবা, তুমুল হৈ চৈ কৰিবা,

ৰাতিটো শুই যাব, তুমি শুব নোৱাৰিবা।


সুবিধা বুজি হয়তো কেতিয়াবা সন্ধিয়াত আনৰ ঘৰলৈ খাবলৈ যাবা, খেলিব যাবা,

কোনে জানে হয়তো লাহেকৈ খুলিবা কোনো নাৰীৰ শাৰী..


এই চুবুৰীতে হয়তো দুইবেলা ঘূৰিবা,

হয়তো কেতিয়াবা মোক জনাবা যে ওচৰতে আছা,

কান্দি থাকিম,

অস্থিৰ হৈ পৰিম,

তোমাক নেদেখাৰ যন্ত্ৰণাত, তথাপিও নকওঁ

আহা, এবাৰ আহা।


কেতিয়াও নকওঁ,

তোমাকো সুযোগ নিদিওঁ ক’বলৈ যে তোমাৰ সময় নাই,

বা তুমি ভীষণ ব্যস্ত আজিকালি,

তোমাৰ অপ্ৰেমৰপৰা নিজকে বচাম,

তোমাৰ লগত আৰু মোৰ দেখা নহ’ব।


বহু বছৰ পাৰ হ’ব, তোমাৰ লগত মোৰ দেখা নহ’ব,

তোমাক নেদেখি নেদেখি পাহৰি যাম,

তোমাক লগ পোৱাৰ মুহূৰ্তবোৰ কেনেকুৱা আছিল,

কি ৰঙৰ শ্বাৰ্ট পিন্ধিছিলা তুমি,

হাঁহিলে তোমাক কেনেকুৱা দেখি,

কথা কোৱাৰ সময়ত নখ চিকুটি থাকিছিলা নে,

চকুৰ ফালে চাইছিলা নে দৃষ্টি আছিল আন ক’ৰবাত,

চকীত বহি ভৰি লৰাই থাকিছিলা নে…..

পাহৰিব ধৰিছোঁ।


নেদেখি নেদেখি পাহৰি যাম তুমি দেখিবলৈ ঠিক কেনেকুৱা আছিলা,

মুখৰ ক’ত তিল আছিল,

ক’ৰবাত মাহ এটা আছিল নেকি!

তোমাৰ স্পৰ্শ, তোমাৰ আলিংগনৰ অনুভৱ

কেনেকুৱা আছিল,

পাহৰি যাম!


বহু বছৰ পাৰ হৈ যাব,

তোমাৰ লগত আৰু মোৰ দেখা নহয়।

একেখন চহৰতে ,কিন্তু দেখা নহ’ব।

বাট পথ পাহৰিও কোনেও কাৰো বাটত নাযাওঁ,

মোৰ অসুখ হ’ব, তেতিয়াও দেখা নহ’ব!

কোনো ৰাস্তাৰ দাঁতিত, কোনো পেট্ৰোল পাম্পত,

কোনো মাছৰ বজাৰত, গ্ৰন্থমেলাত, ৰেঁষ্টোৰাত

কেতিয়াও, কেতিয়াও দেখা নহয়।


আৰু অনেক বছৰৰ পিছত,

এমুঠি পোহৰ লৈ এক কজলা সন্ধিয়াত

যেতিয়া মই মোৰ পঁজালৈ সোমাম,

যিদিনা বাৰাণ্ডাত ব’হাগীয়ে নাচি উঠিব,

সেইদিনা আকাশ, জোন বেলি তৰাৰ সৈতে কথা পাতিম,

গোটেই ৰাতি।

সেইদিনা তোমাক মনে মনে ক’ম,

কি হয় তোমাক দেখা নাপালে,

দেখা নাপালেও বুজি পাওঁ হৃদয়ৰ বেদনাক,

জীয়াই থাকিবলৈ কষ্ট হয়।

কোনে কয় জীয়াই থাকিবলৈ কষ্ট হয়?

তোমাৰ লগত নেদেখা কিমান হাজাৰ বছৰ হ’ল,

তেনহ’লে কি মই জীয়াই থকা নাই!

জীয়াই আছো!


ভাৱিছোঁ তোমাক ক’ম,

মোৰ আকাংক্ষা দিয়েই আঁকিছিলোঁ তোমাক,

মোৰ আকাংক্ষা দিয়েই প্ৰেমিক কৰিছিলোঁ তোমাক,

মোৰ আকাংক্ষ দিয়েই অপ্ৰেমিক কৰিছোঁ তোমাক,

তোমাক নেদেখি লাখ লাখ বছৰ জীয়াই থাকিব পাৰোঁ,

অপ্ৰেমিকক লগ নাপাই অনন্তকাল!

এটোপাল চকুলো বৰ্ষাৰ টোপালৰ দৰে ধুই দিব পাৰোঁ,

কত যুগৰ আগতে আঁকি থোৱা তোমাৰ ছবিবোৰ,

তোমাৰ নাম ধাম,

সকলো মচি দিব পাৰোঁ চকুলোৰে,

তোমাক নিচিহ্ন কৰি দিব পাৰোঁ,

মোক অকলশৰীয়া বুলি নাভাবিবা কেতিয়াও,

তোমাৰ অপ্ৰেম সদায় মোৰ লগতে থাকে।

 

*******

Leave a Reply

Your email address will not be published. Required fields are marked *