স্মৃতি-নৱনীতা চৌধুৰী
তোমাৰ স্মৃতিবোৰেই
মোৰ এতিয়া অক্সিজেন চিলিণ্ডাৰ।
তোমাৰ প্ৰাণে বিদায় মগাৰ দিনাই
মই পণ কৰিছিলোঁ
তোমাৰ পৰশত প্ৰাণ পাই উঠা
প্ৰতিটো জীৱ, জড় বস্তুতেই
মই মোৰ অক্সিজেন গোটাম।
সেয়ে কওঁ……
মই পিতৃহাৰা নহওঁ,
পিতৃ মোৰ নহয় স্মৃতি
পিতৃ মোৰ জীৱনৰ সৰ্বশক্তি।।
*******