সুখৰ সংজ্ঞা মানুহৰ জীৱনৰ-অনামিকা (সংগীতা) কলিতা
“সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ,
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।”
এই কবিতাফাঁকিৰ পৰা অনুভৱ হয় সুখ এটা সংজ্ঞাবিহীন শব্দ। ইয়াৰ কোনো এটা পৰিধি নাই; ইমানেই বিশাল, বিচাৰি পোৱা নাযায়। মনৰ সন্তুষ্টিয়েই জীৱনৰ শান্তি।ৰাজ অট্টালিকাত থাকিও সুখ নাথাকিব পাৰে যদি বেমাৰ বা বিভিন্ন সমস্যাৰে ভৰপূৰ। কিন্তু জুপুৰি ঘৰ এটাতো সুখ থাকিব পাৰে তাত যদি প্ৰশান্তিৰে ভৰি থাকে।
ক’বলৈ গ’লে, আত্ম-সন্তুষ্টিত সুখ থাকে। কাৰণ জীৱন নামৰ পাহাৰটোৰ মাজত দুখোজমান দূৰৰপৰা দেখা সেউজীয়া বৰণৰ সুখখিনি বিচাৰি মৰুভূমিৰ মাজত যেন মৰীচিকা খেদি থাকে মানুহ নামৰ প্ৰাণীবিধে।
মনত ৰাখিব, ক্ষণভংগুৰ জীৱনত অযুত প্ৰশ্নৰ ধুমুহাবাণত হৃদয় ক্ষত-বিক্ষত কৰাতকৈ সময়ৰ কোৱাল সোঁতত উটি-ভাঁহি জীৱনৰ সৈতে মুখামুখি হৈ হাঁহি হাঁহি এই অন্তহীন পথত লগ পোৱা বন্ধুৰ লগত ক্ষন্তেক জিৰণি লৈ একে পথিক হোৱাটো সুখ।
প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ-নিকাচ,জীৱনটোত থাকে মাথোন অসন্তুষ্টি। স্নেহময় মাতষাৰতো থাকে সুখৰ অনুভূতি।
প্ৰকৃতিৰ পৰা পোৱা গোলাপ ফুলৰ লগত কাঁইটে বুজাই দিছে সুখ-দুখৰ পৰিভাষা।
জীৱন-নাটৰ মঞ্চত আমি সকলোৱে সুখ-দুখৰ ভাও লৈ জীৱনৰ গীত গাওঁ।
*******