বিহুৰ সাধুকথা-ববিতা শৰ্মা
‘সাত বিহু’……মিছে বৰ্ডত লিখি দিয়া বক্তৃতাৰ বিষয়টো দেখি টুকটুক বিমোৰত পৰিল।বিহু তিনিটা হে!ৰচনাতো সি দেখোন ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু…. এই তিনিটা বিহুৰ কথাহে পাইছে।কিন্তু মিছে কিয় ‘সাত বিহু’ বুলি লিখিলে!মিছৰ লিখোঁতে ভুল হ’ল নেকি বাৰু ! টুকটুকে ভাবিবলৈ ধৰিলে…… নাই নাই মিছৰ ভুল হ’ব নোৱাৰে।আৰু চাৰিটা বিহু আছে ছাগে।সি হে নাজানে। সি বেছিকৈ ইংৰাজী কিতাপহে পঢ়ে।অসমীয়া কিতাপ যি দুই এখন পঢ়িছে, তাত বিহুৰ কথা নাছিল,বিজ্ঞানৰ সাধু হে আছিল।কি কৰা যায়!কাৰোবাক সুধিব লাগিব,বিহু আচলতে কেইটা?তিনিটা নে সাতটা? এটা কাম কৰোঁ…. মিছকে সুধি লওঁ।
থিয় হ’বলৈ খুজিও টুকটুক ৰৈ গ’ল।সি এবাৰ লগৰবোৰৰ ফালে চালে।সকলো নিজৰ কামত ব্যস্ত। টুকটুক পঢ়া-শুনাত ভাল।ক্লাছত সদায় প্ৰথম হয়।সকলোৱে তাক চোকা ল’ৰা বুলি জানে।এতিয়া বিহু কেইটা বুলি সুধিলে লগৰবোৰে ইমান সাধাৰণ কথাটোকে নাজানে বুলি যদি তাক হাঁহে! তাৰ লগৰ সৌৰভেতো সদায় তাক হাঁহিবলৈ সুযোগেই বিচাৰি ফুৰে।সি সুযোগ নিদিয়ে বাবে হে…….। নাই, মিছক সুধিব নোৱাৰি।তাতকৈ মাককে সুধিব।
পৰহিলৈ বিহুৰ উৰুকা।টুকটুকহঁতৰ স্কুলৰ বিহু বন্ধ আৰম্ভ হ’ব।কালিলৈ স্কুলত বিহু-মেলা পাতিছে।বিভিন্ন প্ৰতিযোগিতাও পাতিছে।বিহুনাম, বিহু নাচ লগতে ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতা।সেই বক্তৃতা প্ৰতিযোগিতাৰে বিষয় ‘সাত বিহু’।টুকটুকে ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতাত ভাগ ল’ব বুলি ভাবিছে।পিছে বক্তৃতা প্ৰতিযোগিতাৰ বিষয়টোৱেহে তাক চিন্তাত পেলাইছে। কোনে তাক সাত বিহুৰ কথা ক’ব পাৰিব বাৰু।মাককে সুধিব নেকি বাৰু!নে দেউতাকক?নে সিহঁতৰ ঘৰত থকা জ্যোতিবাক সুধিলে ক’ব পাৰিব!টুকটুকে স্কুল ছুটী হোৱালৈ বাট চালে।
টুকটুকৰ ভাল নাম সংকল্প বৰুৱা।খ্ৰীষ্টজ্যোতি স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।মাক-দেউতাক দুয়োজন চিকিৎসক। দুয়োজন ব্যস্ত মানুহ।টুকটুকে সেই কথা বুজি পায়। স্কুলৰপৰা আহি জ্যোতিবায়ে বাঢ়ি দিয়া ভাতকেইটা খাই ঈছপ ফেবেলখন হাতত লৈ বিছনাত পৰোঁতেই কেতিয়ানো টোপনি আহিল টুকটুকে গমেই নাপালে। মাকে আহি লাইটটো জ্বলাই দিয়াতহে তাই খকমককৈ সাৰ পাই উঠি বহিল।
: টোপনি গৈছিলা নেকি টুকটুক?যোৱা মুখ-হাত ধুই গাখীৰ খাই ওলোৱা।বজাৰলৈ যাওঁ।বজাৰৰপৰা বাহিৰে বাহিৰে গৈ ককা-আইতাকো লগ কৰি আহিম।টুকটুকৰ কপালত চুমা এটা খাই মাকে ক’লে।
: অ’ মা বিহু সাতটা নেকি?বিছনাৰপৰা নামি টুকটুকে মাকক সুধিলে।
: নহয় টুকটুক।বিহু তিনিটা হে!কিয় সুধিলা?
: কালিলৈ আমাৰ স্কুলত বিহু-মেলা পাতিছে।বক্তৃতা প্ৰতিযোগিতা হ’ব।প্ৰতিযোগিতাৰ বিষয়টো মিছে বৰ্ডত ‘সাত বিহু ‘ বুলি লিখিছে।
: অ’ সেইটো কথা।বিহু তিনিটা।তাৰে ব’হাগ বিহু সাত দিনলৈ পালন কৰা হয়।এই সাতটা দিনক ‘সাত বিহু’ বুলি কয়।আমি এতিয়া ককা-আইতাৰ ঘৰলৈ যাম নহয়! আইতাক সুধিবা।তোমাক ভালকৈ বুজাই ক’ব।
ককাক-আইতাকৰ ঘৰলৈ যাবলৈ পালে টুকটুকক আৰু কোনে পায়।ককাক-আইতাক,মোমায়েক-মামীয়েকৰ মৰমবোৰতো আছেই,লগতে আছে জুমন আৰু চিম্পু, মোমায়েকৰ ল’ৰা-ছোৱালীহাল।তিনিওটাই মিলি খেলিবলৈ লাগি যায়।পাছত টুকটুকক ঘৰলৈ ওভতাই অনাটোৱেই কঠিন হৈ পৰে।আজি কিন্তু টুকটুকে জুমন আৰু চিম্পুৰ লগত বেছিপৰ খেলিবলৈ মন নকৰিলে। অলপ খেলিয়েই সি আইতাকৰ কাষ পালেগৈ।আইতাকে নিজৰ কোঠাতে বহি মাকৰ লগত কথা পাতি আছিল। টুকটুকক দেখি মাকৰ সাত বিহুৰ কথা মনত পৰিল। তেওঁ আইতাকক কথাটো জনালে।আইতাকে টুকটুকক জুমন আৰু চিম্পুকো মাতি আনিবলৈ ক’লে।তেওঁ আজি টুকটুকহঁতক বিহুৰ সাধু শুনাব।
: বাৰু টুকটুক তুমি বিহুৰ বিষয়ে কি জানা কোৱাচোন। আইতাকে টুকটুকক সুধিলে।
: বিহু অসমৰ জাতীয় উৎসৱ।বিহু তিনিটা।ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু।ব’হাগ বিহুক ৰঙালী বিহু, কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বুলিও কয়,
……টুকটুকে ক’লে।
: আইতা,ব’হাগ বিহুত গো-সেৱা, কাতি বিহুত তুলসী সেৱা আৰু মাঘ বিহুত অগ্নি সেৱা কৰা হয়।এইবাৰ জুমনে মাত লগালে।
: ব’হাগ বিহু আৰু মাঘ বিহু তিনিদিনকৈ আৰু কাতি বিহু এদিন পালন কৰা হয়, নহয় জানো আইতা?চিম্পুৱে টপৰাই মাত দিলে।
: তোমালোকে বিহুৰ বিষয়ে দেখোন ভালেমান কথাই জানা।পিছে চিম্পু ব’হাগ বিহু তিনিদিন নহয় সাত দিন পালন কৰা হয়।এই সাত দিনকে সাত বিহু বোলা হয়। আজিকালি মানুহৰ সময়ৰ নাটনিৰ বাবে সাত বিহুক চমুৱাই আনি তিনি বিহু কৰিছে।সাত বিহুৰ প্ৰতি দিনৰে একো একোটা নাম আছে।চিম্পুৰ মূৰত মৰমেৰে হাত ফুৰাই আইতাকে ক’লে।
: আইতা, সাত বিহুৰ বিষয়ে অলপ কোৱাচোন।আমাৰ স্কুলত কালিলৈ বক্তৃতা প্ৰতিযোগিতা পাতিছে।সাত বিহুৰ বিষয়ে ক’ব লাগিব।
: হয় নেকি?বৰ ভাল কথা টুকটুক।শুনা তেনেহ’লে। আইতাকে ক’বলৈ ধৰিলে……….
: চ’ত আৰু ব’হাগৰ সংক্ৰান্তিত ব’হাগ বিহু আৰম্ভ হয়। বিহুৰ আগদিনা উৰুকা। উৰুকা হ’ল বিহুৰ প্ৰস্তুতি। ৰ’বা, তোমালোকে সংক্ৰান্তি কি, জানা জানো?তিনিওটাই মূৰ জোকাৰি নাজানে বুলি কোৱাত আইতাকে পুনৰ ক’বলৈ ধৰিলে……..
“সংক্ৰান্তি হ’ল মাহৰ শেষ দিন।সেইদিনা গৰু বিহু। সেইদিনা পুৱাতে গৰুক মাহ-হালধি সানি নদীলৈ নি গা ধুৱায়।লাউ, বেঙেনা,কেৰেলা,থেকেৰা আদি বাঁহৰ শলাত গুজি চাট সাজে আৰু চাটৰ পাচলি গৰুৰ গালৈ মাৰি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি গায়……..
ৰ’বা, ৰ’বা আইতা আমি গাম,আমি গাম।তিনিওটাই একেলগে চিঞৰি উঠিল………
লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু, বাপেৰ সৰু তই হ’বি বৰ বৰ গৰু।
আইতাকে হাঁহি মাৰি ক’লে,
“বাঃ তোমালোক বৰ ভাল ল’ৰা-ছোৱালী দেই । ইমান কথা শিকিছা।এতিয়া পাছৰ বিহু কেইটাৰ কথা শুনা। গৰু বিহুৰ পাছদিনা মানুহ বিহু।সেইদিনা অসমীয়া নতুন বছৰ আৰম্ভ হয়।মানুহ বিহুৰ পাছদিনা গোঁসাই বিহু। গোঁসাই বিহুত মানুহ নামঘৰলৈ যায়।নামঘৰত নাম-প্ৰসঙ্গ হয়।বিহুৰ চতুৰ্থ দিনটৌ তাঁতৰ বিহু।অন্ন মানে আহাৰ মুঠি, বাসস্থান আৰু কাপোৰ হ’ল মানুহৰ প্ৰাথমিক প্ৰয়োজন।গতিকে কাপোৰ বোৱা যতন তাঁতশালখনৰ নামতো বিহু পালন কৰা হয়।পঞ্চম দিনা নাঙলৰ বিহু। খেতিৰ প্ৰধান সঁজুলি গৰুহাল আৰু নাঙলটো।বছৰেকৰ বিহুৰ এটা দিন সেয়ে নাঙলৰ বিহু।ষষ্ঠ দিনা বিয়া দিয়া জীয়াৰীবোৰ বিহু বুলি মাকৰ ঘৰলৈ আহে।সেইবাবে সেইদিনা জীয়াৰী বিহু বা চেনেহী বিহু।বিহুৰ সপ্তম দিনা চেৰা বিহু।চেৰা বিহুতে বিহু শেষ হয়।অৱশ্যে ঠাই বিশেষে বিহুৰ এই দিনকেইটাৰ নাম কিছু বেলেগ বেলেগো হয়। এতিয়া সাত বিহু কি বুজিলা নে তোমালোকে?”
: বুজিলোঁ আইতা।কালিলৈ মই স্কুলত সকলোখিনি কথা ক’ব পাৰিম।বক্তৃতা প্ৰতিযোগিতাত ভাগ ল’ব পাৰিম।
তেনেতে মামীয়েকে আহি সকলোকে ভাত খাবলৈ মাতিলে।বিহুৰ সাধুকথা সামৰি সকলো ডাইনিং টেবুলত বহিল।
*******