বিশ্বাস-গীতামণি দত্ত
বিশ্বাস কিমান সুমধুৰ শব্দ।গোটেই বিশ্বখন বিশ্বাসতেই চলি আছে । বিশ্বাসে মিলয় হৰি, এনেই কথাফাঁকি কোৱা নাই হয়তো। ইয়াৰ অন্তৰালত আমাৰ জীৱনৰ বহু কথাই সোমাই আছে।বিশ্বাসৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।কিন্তু যেতিয়া এই সুমধুৰ শব্দটো ‘বিশ্বাসঘাতকতা’লৈ ৰূপান্তৰিত হয় তেতিয়া মানুহৰ অন্তৰাত্মা ভাগি পৰে আৰু দিক্ হাৰা হৈ পৰে। এনে উদাহৰণ এই পৃথিৱীত বহু আছে।তথাপি আমি বিশ্বাসৰ ওপৰতেই জীয়াই আছোঁ আৰু থাকিম।
সোণপাহীৰ আইতাও ইমান দিনে এই বিশ্বাসকণ লৈয়ে জীয়াই আছে।সকলোকে সম দৃষ্টিৰে চোৱা সোণপাহী আইতাও এটা সময়ত চালে চকুৰোৱা এজনী ৰাংঢালী গাভৰু আছিল।এদিন গাঁৱৰে মানুহ এজনে তেওঁৰে খুলশালীৰ বাবে সোণপাহীক বিচাৰি আহিলে। প্ৰথম অৱস্থাত দেউতাকে প্ৰস্তাৱটো নাকচ কৰিলে।কোন সতে এজনী আগতেই অনা মানুহলৈ সোণপাহীক বিয়া দিব!তাতে আকৌ আগৰজনীৰ ভাগৰ ল’ৰা দুটা আৰু ছোৱালী তিনিজনী আছেই।মানুহজনৰ ঘৈণীয়েকৰ প্ৰসূতি বেমাৰত ইতিমধ্যে মৃত্যু হৈছে।কণমানি কেঁচুৱাটোক চোৱা-চিতা কৰিবলৈ মানুহজনে পুনৰ বিয়াত বহিব খুজিছে।টকা-পইচাৰ অভাৱ নাই,কেৱল কৰি মেলি খালেই হ’ল।তেওঁৰ দৃঢ় বিশ্বাস সোণপাহীয়ে মাউৰা ল’ৰা-ছোৱালীকেইটাক মাকৰ দৃষ্টিৰে চাব পাৰিব। নেৰানেপেৰাকৈ লগাত উপায় নাপাই বিয়া দিবলৈ মান্তি হ’ল।বিয়া হৈয়ে পাঁচটা ল’ৰা-ছোৱালীৰ মাক হ’ল চৈধ্য – পোন্ধৰ বছৰীয়া সোণপাহী।মানুহজন সোণপাহীতকৈ প্ৰায় বিশ বছৰমান ডাঙৰ।বিয়াৰ পিচদিনাৰ পৰাই সোণপাহীয়ে ল’ৰা-ছোৱালীকেইটাক মাকৰ মৰম দিয়াত কৃপণালি নকৰিলে।আজিও সেই একেই মৰম।
লাহে লাহে ল’ৰা-ছোৱালীবোৰ ডাঙৰ হ’ল।নিজৰ ফালৰপৰাও ল’ৰা এটা হ’ল।সোণপাহীৰ মনত নিজৰ পৰৰ কথা নাই, সকলো সমান।ছোৱালী তিনিজনীকো উপযুক্ত পাত্ৰৰ হাতত গটাবলৈ পাই সোণপাহীয়ে স্বস্তিৰ নিশ্বাস পেলালে।জী-জোঁৱাইৰে ঘৰ ভৰি পৰিল। মানুহজনক দিয়া বিশ্বাস সোণপাহীয়ে কোনো দিনেই নাভাঙিলে।জোঁৱাইৰ ঘৰৰ মানুহে গমেই নাপালে সোণপাহী যে মাহীমাক।ল’ৰা তিনিটাৰ উপযুক্ত সংস্থাপন হোৱাত তিনিওটাকে বিয়া-বাৰু কৰাই দিলে।বৰ পুতেকৰ লগতে সোণপাহী থাকিল । নাতি-নাতিনীবোৰক মৰমেৰে আৱৰি ডাঙৰ দীঘল কৰিলে।সোণপাহী মাকৰ ঠাইত আইতা হ’ল।চুলিৰ ৰং সোণালী হ’ল,মুখতো বয়সৰ আঁচোৰ পৰিল।সোণপাহী নহ’লে যেন ডাঙৰ পুতেক বোৱাৰীয়েকৰ ঘৰ নচলে।ক’তো দুৰাতিতকৈ বেছি থাকিব নোৱাৰে,আনকি নিজৰ জী-জোঁৱাইৰ ঘৰতো। পুতেক-বোৱাৰীয়েকৰ মৰম দেখি সোণপাহী আনন্দত ক’ব নোৱাৰা হয়।তাইৰ মৰমৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল।তাৰ প্ৰমাণ তাইৰ চকুৰ আগত।বাকী দুজন ল’ৰা আৰু সিহঁতৰ বোৱাৰীয়েও তাইক যথেষ্ট মৰম কৰে। এনেকৈ দিনবোৰ বৰ সুখেৰে পাৰ হ’বলৈ ধৰিলে। নাতি বোৱাৰীও আহি ঘৰ শুৱনি কৰিলেহি।সোণপাহী আৰু ব্যস্ত হৈ পৰিল।কোনে কি খাই ভাল পায় সকলো সোণপাহীৰ নখ দৰ্পনত।সকলোকে বিধে বিধে ৰান্ধি বাঢ়ি খুৱায়।পৰিয়ালৰ বাকী সদস্য বিয়া নাইবা পাৰ্টিলৈ গ’লে ঘৰৰ দায়িত্ব সোণপাহীৰ ওপৰত।এনে লাগে যেন সোণপাহী নহ’লে সকলো স্তদ্ধ হৈ যাব।
সোণপাহীৰ সুখী জীৱনৰ বিয়লি বেলাত অমানিশা আহি পৰিল।হঠাতে ডাঙৰ পুতেকৰ এটা মটৰ এক্সিডেণ্টত মৃত্যু হোৱাত সোণপাহীয়ে মনত বৰ কষ্ট পালে।কিন্তু তেওঁ নিজকে চম্ভালি লৈ বোৱাৰীয়েকক অকলশৰীয়া নকৰিলে।আন ক’লৈকো নগ’ল।দুখে বেজাৰে ডাঙৰ বোৱাৰীয়েকৰ লগতে থাকিল।আগৰ দৰে সোণপাহীয়ে ঘৰুৱা সকলো কামৰ দায়িত্ব ল’লে। আগতকৈ সোণপাহীৰ স্বাস্থ্য বহুখিনি বেয়া হ’ল।বয়স বঢ়াৰ লগে লগে তেওঁ যেন লৰা-ধপৰা কৰি কামবোৰ কৰিব নোৱাৰা হ’ল।তথাপি তেওঁৰ প্ৰতি কাৰো কাণসাৰ নাই।এনেকৈ এদিন কামৰ মাজতে পিছল খাই পৰি সোণপাহীৰ কঁকাল ভাঙিল।পৰিয়ালৰ সকলোৱে মিলি যেনে তেনে অপাৰেচনটো কৰি আনিলে ঠিকেই,কিন্তু সোণপাহীয়ে বিছনা ল’লে।লগে লগে ডাঙৰ বোৱাৰীয়েকে চোৱা চিতা কৰিব নোৱাৰে বুলি হাত দাঙি দিলে।নিজৰ ঘৰতে সোণপাহী এলাগী হ’ল।উপায় নাপাই সৰু ছোৱালীয়ে সোণপাহীক নিজৰ ঘৰলৈ লৈ আহিল আৰু তিনিজনী ছোৱালীয়ে নিজৰ মাজতে মাকৰ চোৱা চিতা কৰাৰ দায়িত্ব ল’লে।জীয়েকৰ মুখে সোণপাহীয়ে ডাঙৰ বোৱাৰীয়েকে তেওঁক চোৱা চিতা কৰিব নোৱাৰে বুলি কোৱা কথাষাৰ যেতিয়া জানিব পাৰিলে,তেওঁ নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান পালে।নিজৰ ঘৰখন থাকোঁতে তেওঁ জীয়েকৰ ঘৰত থাকিব নোখোজে।এতিয়া লৰা-ধপৰা কৰিব নোৱাৰিলেও বহুখিনি ভাল পাইছে।সেয়ে এতিয়া আৰু ইয়াত থকাৰ একো যুক্তি নাই।
“তোক এতিয়া কোনেও লগত ৰাখিব নোখোজে অ’…..”
বুলি ক’লেও সোণপাহীয়ে বিশ্বাস নকৰে।
সোণপাহীৰ দৃঢ় বিশ্বাস,সিহঁতে তেওঁৰ ভালপোৱাক বিশ্বাসঘাতকতা কৰিব নোৱাৰে। যেতিয়ালৈকে বোৱাৰীয়েকৰ মুখেৰে আচল কথাটো নুশুনে তেতিয়ালৈকে তেওঁ কাৰো কথাকে বিশ্বাস নকৰে।ডাঙৰ বোৱাৰীয়েকে এইষাৰ কথা কেতিয়াও ক’ব নোৱাৰে।বাকী দুজনী বোৱাৰীয়েকে ক’লেও হয়তো তেওঁ বিশ্বাস কৰি ল’লেহেঁতেন। কিন্তু ডাঙৰ বোৱাৰীয়ে!যদি কৈছে তেনেহলে ইমান দিনে এইবোৰ কি আছিল?তেওঁ নিজৰ ঘৰখনলৈ যাবলৈ এতিয়া আনৰ অনুমতি ল’ব লাগিব নেকি?মাটি-বাৰী সকলো এতিয়া ডাঙৰ বোৱাৰীৰ নামত।সোণপাহীয়ে গ’মেই নাপালে।তেওঁ জীয়েকক নিজৰ ঘৰলৈ লৈ যাবলৈ ক’লে…..ডাঙৰ বোৱাৰীয়েকে কোৱা কথাষাৰ সঁচা নে মিছা,তেওঁ নিজ কাণেৰে শুনিবলৈ।নহ’লে সোণপাহীয়ে কাৰো মুখৰ কথা বিশ্বাস নকৰে,সেয়া লাগিলে তেওঁৰ ছোৱালীয়েই নহওক কিয়।
*******
6:11 PM
বৰ ভাল লাগিল।