আচাৰ্য বিনোৱা ভাৱে-কুঞ্জ খাউণ্ড

বিনোৱা ভাৱেৰ জীৱনী সম্বন্ধে ভাৰতৰ নিচেই কম সংখ্যক লোকেহে জানিবলৈ সক্ষম হৈছে। তেখেতে নিজৰ জীৱনী লিখিবলৈ কাকো উৎসাহ দিয়া নাছিল। আচলতে মানুহৰ কৰ্তব্যইহে মানুহৰ ভিতৰত লুকাই থকা মহৎ আত্মাৰ পৰিচয় দিয়ে। জ্ঞানৰ প্ৰদীপৰ পৰশলৈ আহিলেহে প্ৰকৃত অমৃতৰ সন্ধান পোৱা যায়। ঠিক সেইদৰে বিনোৱা ভাৱেও আছিল প্ৰদীপৰ প্ৰতীক।

১৮৯৫ চনৰ ১১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ কোঙ্কনৰ ৰায়গড় জিলাৰ গাগোডে গাঁৱত জন্ম হৈছিল বিনোৱাৰ। পিতৃৰ নাম আছিল নৰহৰি সম্ভুৰাও ভাৱে আৰু মাতৃৰ নাম আছিল ৰুক্মিণী দেৱী। সৰুৰেপৰা আধ্যাত্মিকতাক বিশ্বাস কৰিছিল বিনোৱা ভাৱেই। তেওঁৰ  শিক্ষা জীৱন আৰম্ভ হৈছিল গাঁৱৰ প্ৰাকৃতিক পৰিৱেশত। কিতাপ আৰু বাতৰিকাকত পঢ়ি তেওঁ খুবেই ভাল পাইছিল।তেওঁৰ মাতৃদেৱীৰ পৰাই জীৱনৰ মহানতা বুজি পাইছিল আৰু মানৱৰ কাৰণে জীৱন উৎসৰ্গা কৰিবলৈও অনুপ্ৰাণিত হৈছিল। বিনোৱাৰ মাতৃদেৱীৰ পৰিচালনাত তেওঁলোকৰ পৰিয়ালটো সুচাৰুৰূপে পৰিচালিত হৈছিল। সেয়ে হয়তো অধ্যয়নৰ বাবে মুম্বাইলৈ গৈ থকাৰ সময়তে বাৰাণসীলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু ১৯১৬ চনৰ ১৫ মাৰ্চত বাৰাণসীত উপস্থিত হয় । ইয়াৰ মাজতে মহাত্মা গান্ধীৰ এটা ভাষণে তেওঁক আপ্লুত কৰিছিল আৰু গান্ধীৰ চিন্তাধাৰাৰ প্ৰতি তেওঁ আকৰ্ষিত হৈছিল ।

বিনায়ক নৰহৰি “বিনোৱা” ভাৱে (ইংৰাজী: Archarya Vinoba Bhave) (১৮৯৫-১৯৮২) ভাৰতৰ এজন অহিংস স্বাধীনতা সংগ্ৰামী আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ভূদান আন্দোলনৰ বাবে জনাজাত ভাৱেক ‘আচাৰ্য’ বুলি মতা হৈছিল। মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাৱেৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মান “ভাৰতৰত্ন” প্ৰদান কৰিছিল। ইয়াৰ উপৰি আচাৰ্য বিনোৱা ভাৱেই ১৯৫৮ চনত ‘ৰমণ মেগছেছে বঁটা’ লাভ কৰিছিল। আচাৰ্য বিনোৱা ভাৱেই ১৯৮২ চনত অসমৰ ৰাইজক উদ্দেশ্যি কোৱা এশাৰী বাক্য বিশেষভাৱে চৰ্চিত হয়— “অসমীয়াক এটা কথা ক’বা-যেতিয়ালৈকে অসমীয়া‍ই শঙ্কৰ-মাধৱক অনুকৰণ কৰি তেৰাসৱে দেখুৱাই দিয়া পথেদি চলি থাকিব, তেতিয়ালৈকে জগতৰ কোনো শক্তিয়েই অসমীয়াক অনিষ্ট কৰিব নোৱাৰিব। কিন্তু যিদিনা অসমীয়াই নিজেই শঙ্কৰ-মাধৱক পাহৰিব, সেইদিনা আৰু জগতৰ কোনো শক্তিয়ে অসমীয়াক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব।”

বিনোবা ভাৱে ভূদান আন্দোলনৰ (Bhudan movement of India) প্ৰতিষ্ঠাপক, যাক গান্ধীবাদী চিন্তাৰ গৱেষক হিচাপেও জনা যায়।মহাত্মা গান্ধীৰ ধাৰণাবোৰৰ দ্বাৰা অনুপ্ৰাণিত বিনোৱাই সদায় সেইবোৰ কাৰ্যকৰী কৰাত জোৰ দিছিল, যাৰ বাবে প্ৰথম সত্যাগ্ৰহী হিচাপে তেওঁক চিনাকি দিছিল স্বয়ং মহাত্না গান্ধীয়ে।

তাৰপিছত কেইটামান প্ৰশ্নৰ সৈতে মহাত্মা গান্ধীলৈ এখন চিঠিও লিখিছিল বিনোৱাই । পিছত কোচাৰাবৰ সত্যাগ্ৰহী আশ্ৰমলৈ মহাত্মা গান্ধীয়ে আমন্ত্ৰণ জনাইছিল বিনোৱাক। ১৯১৬ চনৰ ৭ জুনত প্ৰথমবাৰৰ বাবে বিনোৱাই সাক্ষাৎ কৰে মহাত্মা গান্ধীক। তেতিয়াৰ পৰাই আৰম্ভ হয় বিনোৱাৰ গান্ধীবাদী চিন্তাৰ যাত্ৰা।

১৯২১ চনত বিনোৱাক ৱাৰ্ধাৰ সত্যাগ্ৰহী আশ্ৰমৰ সঞ্চালক হিচাপে প্ৰেৰণ কৰে মহাত্মা গান্ধীয়ে।যদি গাঁওবোৰ আত্মনিৰ্ভৰশীল হয় তেনেহ’লে ব্ৰিটিছসকলক দেশৰপৰা বিতাড়িত কৰাটো সহজ হ’ব। এই ধাৰণাৰ সৈতে কাম কৰিছিল বিনোৱাই। আইন অমান্য আন্দোলনৰ সময়ত কাৰাবাসলৈও গৈছিল বিনোৱা। কাৰাগাৰৰপৰা মুকলি হোৱাৰ পাছতো, গান্ধীজীৰ নিৰ্দেশনাত স্বাধীনতা সংগ্ৰাম অব্যাহত ৰাখিছিল বিনোৱাই । প্ৰথম সত্যাগ্ৰহী হিচাপে ঘোষণা কৰাৰ পিছত, গাঁওবোৰলৈ গৈ ভাৰতীয়সকলক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল বিনোৱাই। আনকি যুদ্ধবিৰোধী ভাষণ দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

১৯৪২ চনত সেৱাগ্ৰামত সত্যাগ্ৰহ কৰাৰ বাবে পুনৰ গ্ৰেপ্তাৰ হয় বিনোৱা। ১৯৪২ চনত চলা জাও আন্দোলনৰ সময়তো ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে বিনোৱাক। ১৯৪৫ চনত কাৰাগাৰৰপৰা ওলাই, পুনৰ গান্ধীজীৰ নিৰ্দেশনাত গঠনমূলক কামৰ জৰিয়তে তেওঁ স্থাপন কৰে গ্ৰামীণ বিকাশ মণ্ডল ।

দেশৰ স্বাধীনতাৰ পাছতো, বিনোৱাই অব্যাহত ৰাখিছিল আত্মনিৰ্ভৰশীলতা আৰু গঠনমূলক কাম। এক স্বাৱলম্বী আৰু অহিংস সামাজিক গাঁথনি গঢ়ি তোলাৰ উদ্দেশ্যে ১৯৫১ চনত বিনোৱাই দেশত আৰম্ভ কৰে ভূদান আন্দোলন (Vinoba launches Bhudan movement in the country)। জীৱন পৰিৱৰ্তন আৰু সমাজ সলনি আছিল বিনোৱাৰ প্ৰধান লক্ষ্য। ১৯৫১ চনৰ ১৮ এপ্ৰিলত তেলেংগনা ৰাজ্যৰ পোচাম্পল্লী গাঁৱৰপৰা আৰম্ভ হৈছিল এই আন্দোলনৰ। আন্দোলনৰ অংশস্বৰূপে গাঁওখনৰ কৃষক ৰামচৰণ ৰেড্ডীয়ে দান কৰিছিল ১০০ একৰ ভূমি। লাহে লাহে সমগ্ৰ দেশতে বিয়পি পৰে এই আন্দোলন। ১৩ বছৰ তিনি মাহ ধৰি চলিছিল এই আন্দোলন। বিনোৱাই দেশৰ প্ৰায় ৮০,০০০ কিলোমিটাৰ অঞ্চল ভ্ৰমণ কৰি দান কৰা ৪৫ লাখ একৰ ভূমি দৰিদ্ৰ ভূমিহীন লোকক বিতৰণ কৰে। ইয়াৰোপৰি তেওঁৰ জীৱনৰ সৰ্বোত্তম স্বাক্ষৰ হ’ল “সৰ্বোদয় সমাজ”। এই সৰ্বোদয় সমাজৰ জড়িয়তে তেওঁ ভাৰতত প্ৰেম ,শান্তি, ভ্ৰাতৃত্ব ,সৎ আৰু অহিংসাৰ বাণী সিঁচিছিল।

স্বাধীনতাৰ পিছতো, সৰ্বোদয় প্ৰতিষ্ঠাৰ জৰিয়তে নিজৰ কাম অব্যাহত ৰাখে বিনোৱাই। বিনোৱাৰ আদৰ্শৰে বৰ্তমানেও চলি আছে নাগপুৰৰ বিনোৱা বিচাৰ কেন্দ্ৰ। বিনোৱাজীৰ কৰ্মৰাজিৰ কথা কৈ শেষ কৰিব নোৱাৰি। বিশ্ৰাম বেদেকাৰৰদ্বাৰা পৰিচালিত সামাজিক সংস্কাৰকৰ ওপৰত এখন তথ্যচিত্ৰ “বিনোৱা ভাৱেও” দ্য মেন ১৯৬৩ চনত মুক্তি লাভ কৰে। ইয়াক চৰকাৰৰ চলচ্চিত্ৰ বিভাগে পৰিচালনা কৰিছিল। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সৰ্বোত্তম বদামীয়ে ইয়াৰ পূৰ্বে ১৯৫১চনত বিনোৱা ভাৱেৰ আন এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। আচাৰ্য বিনোৱা ভাৱেৰ পৰলোকপ্ৰাপ্তি ঘটে ১৯৮২ চনৰ ১৫ নৱেম্বৰ তাৰিখে।

(সহায় লৈ)

*******

One comment

  • Mridusmita Phukan

    উপকৃত হ’লোঁ। ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *