সেউজীয়া সোণ – ‘বাঁহ’:উপাসা ভাগৱতী

অসমৰ সমাজ আৰু সংস্কৃতিত অতীজৰে পৰা বাঁহ নামৰ তৃণজাতীয় উদ্ভিদবিধৰ ব্যাপক প্ৰচলন আছে। মানুহৰ জীৱনৰ প্ৰতিটো স্তৰৰ লগত বাঁহ ওতঃপ্ৰোতভাৱে জড়িত। পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষিপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম এই বাঁহ অসমৰ হাবিত ২৬ বিধ প্ৰজাতিৰ পোৱা যায়। ব্যৱসায়িক গুৰুত্ব থকা কেইবাটাও প্ৰজাতি  অসমত উপলব্ধ।এই প্ৰজাতি কেইটা হ’ল –

মুলি (মালোকানা বাম্বুছ’ইডছ),

পাহাৰীয়া জাতি (অক্সিটেনান্থেৰা পাৰভিফোলা),

কাক বাঁহ (ডেণ্ড্ৰ’কেলামাছ হেমিল্টনি),

দলৌ (টেইনোষ্টাচ্যুম ডাল’য়া) আদি ।

অসমত বাঁহ মানুহৰ সৈতে এনে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই আছে যে অসমীয়া কবিতা, প্ৰবচন, ডাকৰ বচন, যোজনা, লোকবিশ্বাস, লোকউৎসৱ, লোকপৰিৱেশ্য কলা, লোকগীত, স্থাপত্য-ভাস্কৰ্য আদিত বাঁহক বিচাৰি পাওঁ। অসমৰ সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশতে অতীজৰে পৰা বাঁহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

‘বাঁহৰ টকা’ নামৰ খণ্ডবাক্যটোৱে টেকটেকাই, কোৰ্হাল কৰি থকা মানুহক বুজোৱা শব্দটোত বাঁহেৰে তৈয়াৰী বিহুৰ বাদ্যযন্ত্ৰটিৰ উল্লেখে বুজায় যে বাঁহ আমাৰ জীৱনত কেনেদৰে সংপৃক্ত হৈ আছে। আমাৰ ডাকৰ বচনত সুন্দৰভাৱে বাঁহ প্ৰয়োগৰ কথা তলৰ বাক্যকেইশাৰী পঢ়িলেই বুজিব পাৰি –

“পূবে হাঁহ, পশ্চিমে বাঁহ। 

উত্তৰে গুৱা, দক্ষিণে ধুৱা।।”

একেদৰে-

“যাৰ নাই বাঁহ তাৰ নাই সাহ। 

বাঁহৰ এফাল, মনিচৰ একাল।।” 

তেনেদৰে যোজনাত পাওঁ – 

“বাঁহপাতে কাটিলে বা, কৰণিত কাপোৰ থৈ বননিত নাচাগৈ, গোবিন্দ গোবিন্দ ঐ টোকাৰী বা”

আদি বিশেষভাৱে উল্লেখ কৰিব পাৰি।

বিহুৰ অপৰিহার্য বাদ্যযন্ত্ৰ গগনা, টকা, ঢোল বজোৱা লাঠী, বাঁহী ইত্যাদি বাঁহেৰেই বনোৱা হয়। বিহুগীতসমূহতো সেইবাবে বাঁহৰদ্বাৰা তৈয়াৰী সামগ্ৰীসমূহৰ নাম পোৱা যায় –

“টকাৰ মাতে শুনি ৰ’বকে নোৱাৰোঁ

এৰি যাওঁ পেটৰে ভাত।”

একেদৰে তাঁতশালখনত থকা প্ৰায়বোৰ অংশ বাঁহেৰে তৈয়াৰী। উদাহৰণ স্বৰূপে তাঁতশালখনৰ মহুৰা থোৱা খোৰা-টুকুৰা, চালিমাৰি, দোৰ্পতি, গৰকা, নিগনিখুঁটা, নাচনী, দাংমাৰি, উঘা, চেৰেকীৰপৰা মাকোৰ শলিতালৈকে প্ৰায় সকলোবোৰ বস্তুৱেই বাঁহৰে নিৰ্মিত। সেইবাবেই বিহুগীতসমূহতো ইয়াৰ উল্লেখ পোৱা যায়। তাঁতশালৰ লগতে বিহুৰ বাদ্যযন্ত্ৰৰ উদাহৰণ থকা এটি সততে ব্যৱহাৰ কৰা বিহুগীত হ’ল –

“আগলি বাঁহেৰে লাহৰী গণনা

বহি তাঁতৰ পাতে বাওঁ,

আহে কি নাহে ঐ মোৰেনো লাহৰী

চিৰি শক্তি মঙলখন চাওঁ।”

প্রবাদ-প্রবচন আদিতো কৃষি-কর্ম সম্বন্ধীয় নির্দেশত বাঁহৰ কথা পোৱা যায়।

“শীত সৰিয়হ, মীত মাহ

শৰণীত নাকাটিবা বাঁহ।”

দেহবিচাৰ গীতত বাঁহ মানুহৰ জন্মৰপৰা মৃত্যুলৈকে লগত থকা বাবে ইয়াক সহোদৰ ভাই বুলিছে –

“বাৰীৰে চুকৰে জাতি বাঁহ এজুপি

সিয়ো মোৰ সহোদৰ ভাই,

জীয়াই থাকোঁ মানে কৰোঁ কাঠী-কামী

মৰিলে লগতে যায়।”

বাঁহৰ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰবাঁহ, বজাল বাঁহ আদি উল্লেখযোগ্য। তাৰ পৰা উৎপন্ন সামগ্ৰীয়ে অসমীয়া সাংস্কৃতিক জীৱনক এক সুকীয়া মৰ্যাদা তথা বৈশিষ্ট্য প্ৰদান কৰিছে।

বাঁহ শিল্প প্ৰচলনৰ ইতিহাস অসমত বহু প্ৰাচীন। ইতিহাস বিচাৰ কৰিলে বাঁহক আমি বিচাৰি পাওঁ বিভিন্ন গ্ৰন্থত। বিশেষকৈ বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা মতে অতীতত অসমৰ বাঁহ শিল্প বৰ উন্নত আছিল। গ্ৰন্থখনৰ মতে, কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সজাত চৰাই উপহাৰ হিচাপে পঠিয়াইছিল। ইয়াৰদ্বাৰা অতীজৰেপৰা আমাৰ সমাজত বাঁহ শিল্পৰ কেনে সুন্দৰ প্ৰচলন আছিল উমান পাব পাৰো।

এসময়ত মংগোলীয় জনজাতিৰ মাজতে বিশেষ প্ৰভুত্ব বিস্তাৰ কৰা এই বাঁহ শিল্পই অথবা বাঁহ সংস্কৃতিয়ে কালক্ৰমত জাতি-জনজাতিৰ সংস্কৃতিৰ সংগমত পৰি অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি তুলিলে। অসমৰ খাদ্যশিল্প, সুকুমাৰ কলা আৰু ব্যৱহাৰিক জীৱনতো বাঁহৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা দেখা যায়। 

অসমত বাঁহক কেন্দ্ৰ কৰি উৎসৱ পালিত হয়। এই উৎসৱসমূহৰ ভিতৰত কামৰূপত প্ৰচলিত ভঠেলি, সুঁৱৰি অন্যতম। তেনেদৰেই অসমত থকা জনজাতিসকলৰ দ্বাৰা পালিত বহুকেইটা উৎসৱ বাঁহৰ ওপৰত প্ৰতিষ্ঠিত। শৰণীয়া কছাৰীসকলে ব’হাগ বিহুৰ সমান্তৰালকৈ পালন কৰে বাঁহ পূজা। আনতকৈ সামান্য পৃথক এই বাঁহ পূজাত ব্যৱহৃত বাঁহক শিৱ গোঁসাই বুলি পূজা অৰ্চনা কৰে। তেনেদৰে হাজংসকলে পালন কৰা বাঁহ পূজাক ‘বাঁশ পূজা’ বুলি কয় আৰু ইয়াক তিনিদিন ধৰি  ব’হাগ মাহৰ যিকোনো দিনত পালন কৰে। তিৱাসকলে বাঁহ পূজাক ‘জংখং’ বুলি কয় আৰু ইয়াত সাতডাল বাঁহৰ ব্যৱহাৰ কৰে আৰু মহিলাই এই পূজাত প্ৰত্যক্ষভাৱে অংশ ল’ব নোৱাৰে। ৰাভাসকলৰ বাঁহ পূজাত ব্যৱহৃত সামগ্ৰী যথেষ্ট পৃথক। উঁইপৰুৱাৰ শুকান বাঁহ, তিতালাউৰ খোল, দীঘল নালযুক্ত বিচনীৰ প্ৰয়োজন। কোচ ৰাজবংশীসকলৰ পূজাত বিভিন্ন দেৱ-দেৱীৰ প্ৰতীক স্বৰূপে ওঠৰডাল বাঁহ ব্যৱহৃত হয়। তেনেদৰেই পূৰ্বতে উল্লেখ কৰি অহা নামনি অসমত পালিত ভঠেলি, সুঁৱৰি উৎসৱত বাঁহৰ ব্যৱহাৰ বিশেষভাৱে উল্লেখযোগ্য।

মাঘ বিহুৰ মেজি, ভেলাঘৰ নিৰ্মাণ, চুঙাঘৰ পোৰা, দৰঙৰ লামজাকৰা উৎসৱৰ বাঁহভঙা কৃত্যত, বিবাহ অনুষ্ঠানৰ বিভিন্ন কৃত্যত, নামনি অসমৰ পচতি উৎসৱত, মৃত্যু সংক্ৰান্তীয় বিভিন্ন মাংগলিক কৰ্মত, দৰঙৰ পুতলা উটোৱা, মজু উটোৱা আদি কৃত্যত বাঁহৰ প্ৰচুৰ ব্যৱহাৰ দেখা যায়। পথালিকৈ বাঁহ ৰাখি দৰা আগচা, বাঁহৰ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হয়। এই ব্যৱহাৰিক দিশটোৰ বাবেই বাঁহ উদ্ভিদক সততে “সেউজীয়া সোণ” বুলি অভিহিত কৰা হয়। অসমীয়া পুৰণি পৰম্পৰা নামনি অসমৰ মহো-হো উৎসৱ, বাম্বোল পিটা উৎসৱ আদি জনপ্ৰিয় লোকনৃত্যসমূহত বাঁহৰ টোকোনেই ঘাই ভূমিকা পালন কৰে। বৰপেটাৰ হোলী উৎসৱত বাঁহভঙা অনুষ্ঠান অতি জনপ্ৰিয়।

ঘৰ খন সাজোঁতে পদূলিৰ নঙলা-জপনাৰ পৰা এছাৰিডাললৈকে যেনেদৰে বাঁহৰ পয়োভৰ দেখা যায় তেনেদৰে খাদ্য হিচাপেও বাঁহ অতি মুখৰোচক। বাঁহগাজ আৰু খৰিচা অসমীয়া থলুৱা খাদ্যসম্ভাৰ হিচাপে অতি জনপ্ৰিয়,স্বাস্থ্যকৰ আৰু সুস্বাদু। বিহুত প্ৰস্তুত কৰা চুঙা পিঠা, চুঙা চাউল আদিত বাঁহ প্ৰযোজ্য। বাঁহৰ চুঙাত দেশীয় মদ পান কৰাটো জনজাতিসকলৰ সংস্কৃতিত প্ৰচলিত।

অসমীয়া থলুৱা পদ্ধতিত গৃহ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰী যেনে – খুঁটা, চ’তি, মাৰলি, ৰুৱা, কাঠী, কামী, টমাল, ককিলা, জেঠী, ঢাপলিকা, শিয়াল, টাটি, বগলী বাঁহ, দমৰা, বহিখোৱা, চালি, বৰচাঙ আদি সকলোবোৰ বাঁহেৰে সজা হয়। কৃষিভিত্তিক গঞা জীৱনত নিত্য ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰীয়েই বাঁহেৰে তৈয়াৰী। অবিভক্ত নগাঁও, দৰং আৰু কাছাৰ জিলাত বাণিজ্যিক ভিত্তিত বিভিন্ন ধৰণৰ বাঁহৰ কঠ তৈয়াৰ কৰা হয়। ব্যৱসায়ভিত্তিত অস্থায়ী বেৰ আৰু ছাল নির্মাণ, ঢাৰি, ডাঙৰ পেণ্ডেল, দেশীয় নৌকাৰ চাল, আবাস ঘৰ, পর্দা, টেবুলত পৰা মেট ইত্যাদি বিভিন্ন কামত বাঁহৰ কঠবোৰ ব্যাপকভাবে ব্যৱহৃত হয়, ঘৰুৱা ব্যৱহাৰৰ উপৰিও বাঁহৰ কঠ প্লাইবোর্ড তৈয়াৰতো ব্যৱহাৰ কৰা হৈছে। অন্যান্য বিপণনযোগ্য পণ্য হ’ল ‘মুঢ়া’, যিবোৰ  বাঁহেৰে নিৰ্মিত। ইয়াৰ উপৰিও বাঁহেৰে সজা বিভিন্ন কাপ, টাব, টাব থোৱা ষ্টেণ্ড, বিছনা আদিকে ধৰি ঘৰ সজোৱা বিভিন্ন যতন বাঁহেৰে তৈয়াৰী আৰু ই মানুহৰ মাজত ব্যপকভাৱে প্ৰচলন হবলৈ ধৰিছে। 

বাঁহ -বেতৰ এনে কাম কৰা লোকক ‘বাঢ়ৈ’ বোলা হয়।

বাঁহৰ কাঠি-কামিৰে জেওৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে – জাকৈ, খালৈ, পল, জুলুকি আদি তৈয়াৰ কৰা হয়। বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়।

বাঁহক কেন্দ্ৰ কৰি অসমীয়া সমাজত বহুবোৰ জনবিশ্বাস প্ৰচলন আছে। বাঁহ ফুলাটো অসমীয়া সমাজত অপায় অমংগলৰ আগজাননী বুলি বিশ্বাস কৰা হয়। জয়াল ঠাইলৈ ৰাতি বিয়লি গ’লে ভূত প্ৰেতে বাঁহ পেলাই বাট আগচে বুলি বিশ্বাস কৰে। মঙলবাৰ আৰু শনিবাৰে বাঁহ কাটিব নাপায়। অমাৱস্যা, দোমাহী আদিতো বাঁহ কটাটো দোষণীয় কাম। কোনো কোনো অঞ্চলৰ জনবিশ্বাস মতে কম বয়সীয়া মানুহে বাঁহ গছ ৰুব নাপায়, আদবয়সীয়া বা প্রবীণ লোকেহে বাঁহ গছ ৰোৱা উচিত। সাধাৰণতে বাঁহ নুফুলে, কিন্তু যদি কেতিয়াবা ফুলে তেনেহ’লে বুজিব লাগিব যে দেশত দুৰ্ঘোৰ আকালে দেখা দিব। এই বিশ্বাসটো ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ লগতে সমগ্র দক্ষিণ-পূব এছিয়াতে প্রচলিত।

সমগ্ৰ ভাৰততে পৱিত্ৰ বুলি ভবা বাঁহ গছজোপাক অগ্নিৰ প্ৰতীক বুলি গণ্য কৰা হয়। কাৰণ বাঁহে বাঁহে ঘঁহনি খালে জুই জ্বলি উঠে। যাগ-যজ্ঞ, ৰভা-পৰলা আদিত ব্যৱহাৰ কৰা বাঁহ মংগোলীয় সংস্কৃতিৰ অৱদান আৰু ইয়াৰ প্ৰভাৱ জনজীৱন আৰু সমাজত সুদূৰপ্ৰসাৰী। এইদৰে আমাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত বাঁহৰ ব্যৱহাৰে বাঁহক সঁচাকৈয়ে ‘সহোদৰ ভাই’ বোলা কথাষাৰৰ উপযুক্ততা প্ৰমাণ কৰিছে। শেষত ড° নবীন চন্দ্ৰ শৰ্মাদেৱে অসমীয়া লোক সংস্কৃতিৰ আভাস গ্ৰন্থত কোৱাৰ দৰে………

“এই অঞ্চলৰ জনজীৱনৰ এনে এটা দিশ নাই য’ত বাঁহৰ প্ৰয়োজন নাই।”

————————————————-

(উৎস – ইণ্টাৰনেটৰ বাঁহ সম্বন্ধে থকা বিভিন্ন তথ্য)

*******

Leave a Reply

Your email address will not be published. Required fields are marked *