বসন্ত-নিবেদিতা শৰ্মা
বাসনাৰ ফুল মোৰ সৃষ্টিৰ অমল উৎস
কিদৰে বৈ আহে ফেনে ফোটোকাৰে
আশাবোৰ তোমাৰ বুকুত……
হঠাৎ ওফন্দি উঠে মোৰ দেহ
প্ৰতি পলে পলে ঘন উশাহবোৰত
মই দেখোঁ
তোমাৰ বহল বুকু
কি যে এক সুন্দৰ সতেজ বসন্ত
হোৱা……..
তুমি আৰু তোমাৰ সুবাস বিয়পি যায়
মনে মনে ঘনে ঘনে!!
হঠাৎ তুমি পাহোৱাল হোৱা…….
চকুৰ পলকত তুমি দূৰৰপৰা দূৰলৈ
যোৱা…….
ঘূৰি ঘূৰি চাওঁ, মোৰ চকুৰ পলক নপৰে
এই যে চাওঁ আৰু দেখোঁ
দেহত ঢৌ তুলি মোক আহ্বান জনোৱা
যেন চকুৰ আগতে গলি গ’ল, বৈ গ’ল
সপোনৰ আশাবোৰ …
সম্ভাৱনাৰ সগৰ্ভা নৈ…!
সঞ্চিত কথাক গোপনেই থওঁ দিয়া
মোৰ আজি বাউলি মন
কথাৰো সংগতি নাই…
থাকক দিয়া গোপনে
মন উতলোৱা সুৰভিত সোমায়!!
*******