পৰিক্ৰমা-কবিতা কৃষ্ণা বৰা
এটি পৰিক্ৰমা, পাৰ হৈ গুচি যাব খুজিছে..!
উভটিও আহিব খোজা নাই।
সপোনৰ অগোচৰে অগোচৰে।
দিঠকে দিঠকে মনৰ মাজত দুলি ৰয়…
ভাৱনাৰ ভৱিষ্যত।
নিথৰ দেহত,
বিৰিঙিব খোজে অনুৰণ।
যেতিয়া আন্ধাৰ নামে সূৰ্যৰ চৌদিশে,
তেতিয়াইতো বয় ধূলিৰ ধুমুহাবোৰ হৃদয়ৰ মাজত…!
আৰু স্থিৰ হৈ পৰে জীৱনৰ এটি পৰিক্ৰমা।
*******