দাম্পত্য::আবেলিৰ সুৰ::চকামকা সুখৰ গান-মৃণাল নাথ
সৌৱা, কুহুমীয়া বেলিৰ মিচিকি হাঁহি
আহা একেলগে ৰ’দাও
বিয়লি বেলাৰ দুখৰ আঁচল,
সুখৰ ভৰা কলহ সামৰি থওঁ
দুখৰ আখলতেই ব্যঞ্জন সজাওঁ।
কন্যাই বিদায় ল’লে সমাজক মানি
পুত্ৰইও কৰিলে ৰগৰ, সব একেই কাহিনী।
কিনো থাকিল বাকী মিছা এই সংসাৰ,
দুয়ো দুয়োকো এৰি দিলেই যেন
আমাৰ সকলো অসাৰ।
সকলো গ’লেও য’ক
মোৰ বাবে তুমি আছা
তোমাৰ বাবে মই,
তাৰ বাবেই চাগে আনিছিলোঁ আদৰি তোমাক,
অনাহাৰে, উজাগৰে সম্পূৰ্ণ এৰাতি হোমৰ জুই পুৱাই।
জীৱনৰ বিয়লিত তুমিয়েই মূল
বাকীবোৰ নামতহে জানা
নামতহে তেজ, নামতহে কুল।
ঠেঁহ-পেচ আদৰি
দুকুৰিটা বসন্ত একেলগে পাৰ কৰি,
মোৰ নামতেইতো আজিও
তোমাৰ কঁপালত জিলিকে পূৰ্ণিমাৰ জোন,
সেই দিন সেই ৰাতি,
মধুচন্দ্ৰিকা যাপনৰ মধুৰ স্মৃতি
বুকুৰ মাজত সযতনে জিলিকা
তুমিয়েইতো আজিও মোৰ জীৱনৰ কেঁচা সোন।
*******