গৰু বিহু: ভাৰতীয় কৃষি ভিত্তিক সংস্কৃতিৰ এক বর্ণময় দিশ-বৰষা ডেকা
ব’হাগ বিহুৰ মূল তাৎপৰ্য হৈছে প্ৰকৃতিৰ পৰিৱৰ্তনমুখী যাত্ৰা পথত কৃষিয়ে যাতে চহা জীৱন যাত্ৰাক সূচল কৰি তুলিব পাৰে তাৰ বাবে ভৱিষ্যমুখী আশাক সজীৱ কৰি তোলা।কৃষিৰ স’তে গৰুৰ সম্পর্ক ওতঃপ্রোত।এই উৎসৱৰ মূল উদ্দেশ্যক প্ৰতিফলিত কৰিব পৰাকৈ ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপিত কৰা হয়।আহোম ৰাজকীয় শাসন ব্যৱস্থাৰ মাজত গৰুক প্ৰধান গুৰুত্ব দি প্ৰথম দিনটো ‘গৰু বিহু’ হিচাপে উদযাপিত কৰাৰ পৰম্পৰাৰ সূচনা হয়।
গৰু বিহু পালনৰ জৰিয়তে প্ৰকৃতি আৰু প্ৰাণীৰ সম্পৰ্কক ভক্তিভাৱেৰে উদ্ভাষিত কৰা হয়।বড়ো জনগোষ্ঠীৰ ‘ৰঙালী বিহু’ উদযাপনত গৰু বিহুৰ এক বিশেষ তাৎপর্য আছে।বড়োসকলে দুই ধৰণে ৰঙালী বিহু অৰ্থাৎ ৰংজালী বৈছাগু পালন কৰে।মীচৌ ছান (গৰু বিহু) আৰু মানছি ছান(মানুহ বিহু) নামেৰে ৰঙালী বিহু পালিত হয়।গৰু বিহুৰ জৰিয়তে কৃষিজীৱী ৰাইজে প্ৰকৃত বন্ধু গৰুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।চ’তৰ সংক্ৰান্তিত পালিত গৰু বিহুত গৰুক দেৱতা জ্ঞান কৰি ভক্তিভাৱ প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।
‘অসমৰ জনজাতি আৰু সংস্কৃতি’ গ্ৰন্থত উল্লেখ কৰিছে যে এই দিনাখন বড়োসকলে দোকমোকালিতে উঠি নিজৰ নিজৰ কামত লাগি যায়। আগদিনাখনেই গোটাই থোৱা মাহ,হালধি,লাউ,বেঙেনা ইত্যাদিবোৰ ডোখৰ ডোখৰকৈ কাটি বাঁহৰ শলাৰে ভালেকেইডাল মালা গাঁথে।গৰু ম’হক সৰিয়হ তেল আৰু লাউপাতৰ লগত ভাত ৰন্ধা হান্দিৰ (চৰুৰ) তলত থকা এঙাৰখিনি চাঁচি একেলগ কৰি পিহি লয় আৰু তিনিডাল তৰা গছ একেলগে বান্ধি লৈ তাৰ তলৰ সমান অংশটো পিহি লোৱা বস্তুত ঘঁহি লৈ গৰু-ম’হৰ গাত পতকা-পতকি চাব মাৰি দিয়ে আৰু মাহ হালধি, সৰিয়হ সনা তেল গৰু-ম’হৰ শিং আৰু খুড়াত ঘঁহি দিয়ে।
ডেকাচামে আৰু গৰখীয়াবিলাকে গোহালিৰ পৰা গৰু, ম’হ উলিয়াই বিল,জান,জুৰি নৈৰ ঘাটলৈ দীঘলতি, মাখীয়তিৰে কোবাই লৈ যায়।তাৰ পিছতে গা ধুওৱাৰ পৰ্ব আৰম্ভ হয়।ঘৰৰ পৰা লগত কঢ়িয়াই নিয়া লাউ, বেঙেনা,হালধীৰ টুকুৰাবোৰ গৰু মহ’ৰ গালৈ ছটিয়াই দিয়ে।গধূলি সময়ত গৰু-ম’হবোৰক দীঘলতী, মাখীয়তি,তৰাবোৰেৰে কোৱাই ঘৰলৈ খেদি আনে আৰু নতুন পঘাৰে বান্ধে৷এই নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে চোতালৰ উত্তৰ-পূব দিশত থকা বাথৌ বেদীৰ ওচৰত পৱিত্ৰ পানীৰে ঠাইডোখৰ মচি-কাচি এখিলা আগলি কলাপাত মাটিত পাৰি তাৰ ওচৰত এযোৰ তামোল-পাণ,মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি সৃষ্টিকৰ্তা বীৰাই বাথৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, যাতে গৰু-ম’হবোৰক মাৰি মৰকে লম্ভিৱ নোৱাৰে।
অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীয়ে উদযাপন কৰা ৰঙালী বিহুত গৰুক বিশেষ গুৰুত্ব প্রদান কৰে। প্ৰকৃততে কৃষি কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে সম্পর্কিত বাবেই গৰুক ভক্তিভাবেৰে সৰ্বাধিক গুৰুত্ব দিয়াটো এই বিহুৰ অন্যতম বৈশিষ্ট্য।গৰু বিহু জনজাতীয় সংস্কৃতিৰ প্ৰতিফলন বুলি কোৱাৰ অৱকাশ আছে।গৰুক গা ধুৱাই পৱিত্ৰ কৰা আৰু নিৰোগী কৰি ৰখাৰ বাবেই মাহ-হালধি সনা হয়।
“দীঘলতী দীঘল পাত
মাখি মাৰো জাত জাত
লাউ খা,বেঙনা খা,
বছৰে বছৰে বাঢ়ি যা।
মাৰে সৰু,বাপেৰ সৰু
তই হবি বৰ গৰু।”
কৃষকে বিচাৰে নিজৰ খেতি পথাৰ শস্য শ্যমলা হওক।নদন-বদন হওক ভঁড়াল। ইয়াকে কৰিবলৈ হ’লে নিজৰ শ্ৰমৰ লগতে গৰুৰ প্রয়োজনীয়তাক মানি লোৱা হৈছিল।গৰুৱে যাতে নতুন বছৰত শৰীৰত শক্তি বৃদ্ধি কৰি কৃষকক কৃষি কার্যত সহায় কৰিব পাৰে,সেই উদ্দেশ্যৰে গো-মাতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে।
ভাৰতীয় দৰ্শনত গৰুক দিয়া গুৰুত্ব গৰু বিহুৰ মাজেৰে উদ্ভাষিত হৈ উঠে।অসমীয়া সমাজৰ সভ্যতা আৰু সংস্কৃতিত গৰুৰ স্থান গৰু বিহুৰ জৰিয়তে সহজে নির্ণয় কৰিব পাৰি।ভাৰতীয় দৰ্শনত গৰুক মাতৃ হিচাপে পূজা কৰি অহা হৈছে।ৰঙালী বিহুৰ উদ্দীপনা,ৰং-ৰইচৰ মাজত গৰু বিহুৱে ভাৰতীয় কৃষি ভিত্তিক সংস্কৃতিৰ এক বর্ণময় দিশ প্ৰকট কৰে।
*******