কুম্ভকৰ্ণৰ নাতি-পুতি-ড° মৃদুস্মিতা ফুকন
বুলবুলৰ স্কুলৰ এতিয়া গৰমৰ বন্ধ। ল’ৰাটো এখন্তেকো ঘৰত শান্তিৰে নাথাকে। ক’ত যে পিটপিটাই ফুৰে! তাকে দেখি দেউতাকে তাক বাৰে বাৰে দঢ়াই থাকে…..
“দুপৰীয়াখন ৰ’দত বৰকৈ ঘূৰি নুফুৰিবি অ’। এই গৰমত ক’ৰবাত সাপ-সূপ ওলাব।”
এবাৰত বুলবুলে দেউতাকক সুধিলে…..
“কিয় দেউতা, গৰমতহে সাপ ওলায় নেকি? ঠাণ্ডা দিনত নোলায় জানো?”
“ওহোঁ। সাপৰ নিচিনা কিছুমান প্ৰাণী আছে, যিবিলাক জাৰকালিৰ ছমাহ শুই থাকে।ধৰ,ইহঁত যেনিবা ৰামায়ণৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণৰ নাতি-পুতিহে।কুম্ভকৰ্ণই যেনেকৈ ছমাহ শুই আছিল; ভালুক, সাপ, গুঁই, কোকলোঙা, বাদুলি, কুমজেলেকুৱা, দুৰাকাছ আদি কিছুমান প্ৰাণী বছৰটোৰ প্ৰায় ছমাহ শুই থাকে। ভালুক আদি কেইটামান জন্তুৰ বাহিৰে ইহঁতৰ বেছিভাগেই সৰীসৃপ, মানে পেটেৰে বগাই যোৱা প্ৰাণী আৰু ইহঁতে কণী পাৰে।”
“গুঁই কি দেউতা?”
দেউতাকৰ মুখত এনে আমোদজনক কথাবোৰ শুনি বুলবুল নিজে নিজেই বাহিৰৰপৰা আহি, দেউতাকৰ ওচৰতে বহি সুধিলেহি।
“অ’ তই গুঁই দেখাই নাই নহয়নে? ই দেখিবলৈ জেঠীটোৰ দৰেই। অৱশ্যে ই জেঠীতকৈ বহুত ডাঙৰ। গুঁইৰো সাপৰ দৰে দুখনীয়া জিভা আৰু কিছুমান সাপৰ দৰে ইহঁতৰো বিষ আছে। ই সাধাৰণতে বাৰীৰ ঢাপ আদিৰ তলতে গাঁত কৰি থাকে।”
“আৰু দেউতা, তুমি যে ক’লা কোকলোঙা বুলি কিবা এটা। সেইটোনো কি?”
বুলবুলৰ উত্সাহ দেখি দেউতাকে তাক কথাবোৰ ভালকৈ বুজাই কৈ গ’ল…….
“কোকলোঙাও গুঁইৰ নিচিনাই। কিন্তু ইহঁত গুঁইতকৈ সৰু আৰু ইয়াৰ নেজডালো দীঘল। ইহঁত গছ আদিত বগাই ফুৰে। পিছে, কোকলোঙাটো হৈছে বৰ আচৰিত ধৰণৰ প্ৰাণী। কিয় জাননে? ইহঁতে ইচ্ছানুযায়ী গাৰ ৰং সলাব পাৰে।”
“গাৰ ৰং সলাব পাৰে? কি আচৰিত কথা!”……আশ্চৰ্যত বুলবুলে চকুকেইটা ডাঙৰ কৰি ক’লে।
“আচৰিত কথাই। ইহঁত যি ঠাইত থাকে সেই ঠাইৰ ৰঙৰ লগত গাৰ ৰং মিলাই লৈ শত্ৰুৰ চকুত ধৰা নপৰাকৈ থাকে। ধৰ, মাটিত থাকিলে মাটিয়া ৰঙৰ বা গছত থাকিলে মুগা-সেউজীয়া ৰঙৰ হৈ গছৰ মাজত লুকাই থাকিব পাৰে। মাজে মাজে ই গাৰ বৰণ ৰঙচুৱা ৰঙৰো কৰে বাবে কিছুমান মানুহে ইহঁতক তেজপিয়াও বোলে। ইহঁত বছৰৰ প্ৰায় ছমাহ শুই থাকে।”
“দেউতা, এই ছমাহ শুই থকা প্ৰাণীবোৰ বাৰু আন প্ৰাণীবোৰতকৈ বেলেগ নেকি?”
“অঁ। ইহঁতৰ তেজ অতি চেঁচা। অৰ্থাত্ ইহঁতক কোৱা হয় শীতলৰক্তী প্ৰাণী, মানে চেঁচা তেজৰ প্ৰাণী। যিবিলাক প্ৰাণীৰ শৰীৰৰ উষ্ণতা চাৰিওফালৰ পৰিবেশৰ উষ্ণতাৰ লগত সলনি হয়, সেইবিলাককে শীতলৰক্তী প্ৰাণী বোলা হয়। গৰমৰ দিনত এইবিলাক প্ৰাণীৰ শৰীৰৰ উষ্ণতা বাঢ়ে আৰু জাৰৰ দিনত কমে। এতিয়া ধৰ সাপ; ই হ’ল চেঁচা তেজৰ প্ৰাণী। মৰুভূমিত থকা সাপবোৰে কি কৰে জান? ইহঁতে তাপৰপৰা বাচিবলৈ ৰাতিহে ওলাই আহে। বেছি ঠাণ্ডাও নহয়,গৰমো নহয় তেনেকুৱা দিনবোৰত সাধাৰণতে এই চেঁচা তেজৰ প্ৰাণীবোৰে ৰ’দলৈ আহি গাটো গৰম কৰিবলৈ বিচাৰে। কাছও হ’ল তেনে এবিধ চেঁচা তেজৰ প্ৰাণী। সময় বুজি সিহঁতে পানীৰ পৰা বামলৈ উঠি আহি ৰ’দ পুৱাই থাকে।”
“আমি মানুহবোৰ গৰম তেজৰ প্ৰাণী। নহয়নে দেউতা?”
“অঁ। আমাৰ তেজ গৰম। মানুহৰ দৰে গৰু, কুকুৰ, মেকুৰী আদিৰ উপৰিও চৰাইবোৰো হ’ল উষ্ণৰক্তী অৰ্থাত্ গৰম তেজৰ প্ৰাণী। এনে প্ৰাণীবোৰৰ শৰীৰ সকলো ঋতু আৰু সময়তে সমানে গৰম হৈ থাকে। গৰমকালি বা জাৰকালি ইহঁতৰ শৰীৰৰ উষ্ণতাৰ কোনো সাল-সলনি নহয়। কিন্তু শীতলৰক্তী প্ৰাণীবোৰ একেবাৰে ঠাণ্ডা ঠাইত, বিশেষকৈ বৰফে ঢকা অঞ্চলত থাকিব নোৱাৰে; কিয়নো তেনে ঠাইত এই প্ৰাণীবোৰৰ গাৰ তেজ বৰফৰ দৰে গোট মাৰি যাব।”
“তেতিয়া সিহঁতে কি কৰিব?”
বুলবুলে যথেষ্ট উত্কণ্ঠাৰে সুধিলে।
“অতিপাত শীত পৰা অঞ্চলত যিবোৰ শীতলৰক্তী প্ৰাণী থাকে, সিহঁতে শীতকাল অহাৰ আগে আগে নিৰাপদ, সুবিধাজনক ঠাই এডোখৰত উম লগাকৈ শুই পৰে। ইয়াকে বোলে ‘শীতনিদ্ৰা’। মই যে তোক অথনি কৈছিলোঁ কুম্ভকৰ্ণৰ দৰে ছমাহ শোৱাৰ কথা, সেইটোৱেই এই প্ৰাণীবোৰৰ শীতনিদ্ৰা। এই সময়ছোৱাত প্ৰাণীবিধ কেনিও লৰচৰ নকৰে আৰু একো নোখোৱাকৈ দীঘলীয়া সময়ৰ বাবে সুবিধাজনক ঠাই এডোখৰত জুপুকা মাৰি থাকে।”
“কি? ইহঁতে তেতিয়া একো নোখোৱাকৈ থাকে? কেনেকৈ থাকে ইমানদিন একো নোখোৱাকৈ?”
ঘনে ঘনে মুখত কিবা এটা চোবাই থাকিবলৈ ভাল পোৱা বুলবুলৰ বাবে এইটো একেবাৰে ভাবিব নোৱৰা কথা। সেয়েহে সি দেউতাকৰ কথা শুনি আচৰিত হ’ল।
“তই হ’বলা কথাটো শুনি আচৰিত হৈছ?এৰা, এইটো অৱশ্যেই অতি আচৰিত কথা। শুই থকা ছমাহত এই প্ৰাণীবোৰে একো নাখায়। কিন্তু সাৰ পাই থকা ছমাহত ইহঁতে যিমান পাৰে সিমান খাই লয়। সেইবাবে ইহঁতৰ শৰীৰত চৰ্বী জমা হয় আৰু এই সাঁচতীয়া চৰ্বীৰ শক্তিৰেই ইহঁতে শুই থকা ছমাহ জীয়াই থাকে।”
“তথাপিও ছমাহ নোখোৱাকৈ থাকিব পাৰেনে? চোৱা দেউতা, মোৰনো দুপৰীয়া ভাত খোৱা কিমান পৰ হৈছে? মোৰ দেখোন এতিয়াই ভোক ভোক লাগিলেই।”
পেটটো মোহাৰি মোহাৰি বুলবুলে ক’লে।
“ৰবা, মই মাক কৈ আহোঁ; মোৰ ভোক লাগিছে।”
তাৰ কথা শুনি দেউতাকৰ হাঁহি উঠিল।
পাছে বুলবুল গৈ মাকৰ ওচৰ নাপালেগৈয়েই। মাকে ইতিমধ্যে সিহঁতৰ বাবে আম কাটি আনিছিলেই।
আম খাই খাই দেউতাকে বুলবুলক বুজাই গ’ল—
“শীতনিদ্ৰাৰ সময়ত ইহঁতৰ শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ একেবাৰে কমি যায়। যেনে ধৰ, দিন যোৱাৰ লগে লগে শৰীৰৰ উষ্ণতা কমি যায়, হৃদযন্ত্ৰটোৰ ধুপ-ধুপ কঁপনিটোও এই সময়ছোৱাত লাহে লাহে কমি আহে। এনে হোৱাৰ ফলত ছমাহ শোৱা এই প্ৰাণীবোৰ লাহে লাহে মৰাৰ নিচিনা হৈ পৰে। গৰম দিনত খাই খাই নোদোকা হৈ পৰা প্ৰাণীবোৰ এই সময়ৰ শেষৰ ফালে ক্ষীণাই-শুকাই হাড়ে-ছালে লাগেগৈ। এই সময়ত এই প্ৰাণীবোৰৰ কিছুমান প্ৰক্ৰিয়া একেবাৰে অকামিলাৰ দৰে হৈ পৰে যদিও ইহঁতৰ শৰীৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাটোৱে কিন্তু কাম কৰি থাকে। মানে মগজুটোৱে ঠিকমতেই কাম কৰি থাকে।”
“আৰু গৰমদিনত ইহঁতে কি কৰে?”
“তেতিয়া এই চেঁচা তেজৰ প্ৰাণীবোৰে শৰীৰত বেছি গৰম নালাগিবৰ বাবে সাধাৰণতে ছাঁ পৰা ঠাইত বাস কৰে। আমাৰো ইয়াত বৰ গৰম লাগিছে। নাই লগা নে বাৰু? ৰ’দটোও চোকা হৈ আহিছে। ব’ল, আমি সৌ ছাঁলৈ যাওঁ।”
*******