ঈৰ্ষা-মৌচুমী হাজৰিকা
নীলা খৰধৰকৈ গাড়ীৰপৰা নামি শ্বপিং মলৰফালে যাবলৈ ওলাওঁতেই ছোৱালী এজনীয়ে কিবা এটা বিচাৰি হাতখন আগবঢ়াই দিলে।নীলা ৰৈ গ’ল।ছোৱালীজনীৰ মুখৰফালে চালে ,এজনী কৈশোৰত ভৰি দিয়া শীৰ্ণকায় ছোৱালী।তাইৰ মুখখন শীতৰ কুঁৱলিয়ে ঢকা শেঁতা নিষ্প্ৰভ।
: কালিৰ পৰাই একো খোৱা নাই। কিবা এটা দিয়ক।
নীলাই ছোৱালীজনীৰ ফালে চাই ৰৈ থাকিল।তাই আকৌ নীলাক কিবা এটা বিচাৰিলে।নীলাৰ মনত বহু কথাই দোলা দি গ’ল আৰু তাই ছোৱালীজনীক কৈ পেলালে
: মোৰ লগত যাবা?
ছোৱালী জনীয়েও কোনো প্ৰতিবাদ নকৰাকৈ তাইৰ লগত যাবালৈ ওলাল।
তেনেকুৱা এখন গাড়ীত উঠাটো আছিল তাইৰ বাবে কল্পনাৰো অতীত।
নীলাই তাইৰ লগত এখন চেল্ফী উঠিলে।ঘৰলৈ আনি গা ধুবলৈ দিলে আৰু নিজৰ ছোৱালীৰে এটা সুন্দৰ ফ্ৰক পিন্ধিব দিলে।তাৰ পাছত তাইক নানা সুস্বাদু খাদ্য খাবলৈ দিলে।তাই মন কৰিলে খাদ্য খোৱাৰ পাছত তাই যথেষ্ট সতেজ হৈ পৰিছে।তাই আকৌ এখন চেল্ফী ল’লে।
নীলাই সুন্দৰকৈ এটা কেপচন দি ফটো দুখন পষ্ট কৰিলে…..’আফটাৰ এণ্ড বিফৰ মিল’ বুলি।লাইক কমেন্টেৰে প’ষ্টটো ভৰি গ’ল অলপ সময়তে।তাই মনে মনে ভাবিলে ছোৱালীজনীক ৰাখিয়েই থওঁ নেকি!
সৌৰভ,নীলাৰ স্বামীয়ে কথাটো ইমান ভাল পোৱা নাছিল।আজি ছোৱালীজনী অনা চাৰিদিনেই হ’ল।
নীলাই সৌৰভ অফিচৰপৰা ঘৰলৈ অহাৰ পাছত চাহ কাপ আগবঢ়াই দি লাহেকৈ ক’লে…….
: ছোৱালীজনীক ৰাখিয়েই থওঁ নেকি?
বিতৃষ্ণাৰ সুৰত সৌৰভে ক’লে…..
: তুমি যি ভাল দেখা কৰা।ছোৱালীজনী কিন্তু সঁচাকৈয়ে বৰ ধুনীয়া।
নীলাৰ মনটো সেমেকি গ’ল আৰু এমেনা- সেমেনাকৈ আকৌ ক’লে…..
: হ’ব দিয়া তুমি বেয়া পাইছা যেতিয়া কালিলৈ তাইক থৈ আহিমগৈ।
সৌৰভৰ ওঁঠত এটা বিজয়ৰ হাঁহি ,যি হাঁহিৰ অৰ্থ নীলাই বুজিয়েই নাপালে।
*******