অসমীয়া লোক সাহিত্যত ফকৰা-যোজনা (নামনি অসমৰ)- ইলি তালুকদাৰ

মনৰ ভাব প্ৰকাশ কৰিবলৈ আমি ভাষা ব্যৱহাৰ কৰোঁ।এই ভাষাৰো আকৌ দুটা ৰূপ থাকে।এটা কথিত ভাষা আৰু আনটো লিখিত ভাষা।অঞ্চল ভেদে কথিত ভাষাৰ ৰূপ বেলেগ যদিও এইবোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাই।কিন্তু আজি এই কথিত ভাষাৰ যেন বিলুপ্তি ঘটিবলৈ লৈছে।তাৰ কাৰণ খুচৰিবলৈ নাযাওঁ।কথিত ভাষা শ শ বছৰীয়া পুৰণি ভাষা।নামনি অসমত এতিয়াও কথিত ভাষাৰ ব্যৱহাৰ হয়।এই ভাষা এসময়ত জতুৱা ঠাঁচ,ফকৰা-যোজনা,পটন্তৰ,সাধুকথাৰ মেটমৰা সম্ভাৰ আছিল।কিন্তু দুৰ্ভাগ্যক্ৰমে এইবোৰ ব্যৱহাৰ নকৰাৰ ফলত ই বৰ্তমান মৃতপ্ৰায় অৱস্থাত।অসমীয়া লোকসাহিত্যক সুৱলা কৰা মিঠা মিঠা শব্দেৰে গঠিত ফকৰা-যোজনাবোৰ আমি সংৰক্ষণ নকৰিলে উত্তৰ পুৰুষে এইবোৰ কেতিয়াবা শুনিলেও ক’ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানিব।ফলস্বৰূপে এইবোৰ হয়তো আৰু কিছু বছৰ পিছত একেবাৰে বিলুপ্ত হ’ব। এই পুৰণি সম্পদসমূহ পুনৰুদ্ধাৰৰ প্ৰয়োজন।শ শ বছৰ ধৰি চলি অহা এই কথিত ভাষাটো মিলি অসমীয়া ভাষা কিমান চহকী তাক দেখুৱাই দিয়াৰ  সময় আহি পৰিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ সময়তে এই শুৱলা আৰু সৰল শব্দবোৰ অভিধানত ঠাই পালে অসমীয়া শব্দৰ সংখ্যা কিমানযে বাঢ়ি যাব,সেয়াও ভাবিবৰ হ’ল। 

 নামনি অসমৰ লালিত্য আৰু ব্যঞ্জনাৰে ভৰা কথিত ভাষাত প্ৰচলিত কেইটামান ফকৰা-যোজনা –

(১)  অভাগা য’কে যায়

       হুলে বিন্ধে,বল্লে খায়।

(মানুহৰ দুৰ্দিনত য’লৈ যায় তাতেই বিপদত পৰে)

 (২)  আই গেইছিল হাটোত

        খোজ দেইখ্লাক বাটোত

        আই ঐ বাপ্পা ঐ 

         হাথীটু ইমান ডাঙাৰ। 

(ক’ৰবাত কিবা এটা শুনি আহি সৰু কথা এটাকে ডাঙৰ কৰি কৈ ফুৰা।) 

 (৩) উঠত ঘাঁ 

       ভাইশহুৰ ওজা।

 (ভোগ কৰিব নোৱাৰিলে ভাল বস্তু থকাই নথকাই একে কথা।) 

(৪) এনাই ইন্দুৰ গাতাত নুসুৰকে 

      তাতে আৰু ভাঙা কুলা গাত মেইৰে লয়।

(ডাঙিব পৰাতকৈ বেছি ওজন) 

( ৫) কুক্ৰোক নেদবি লাই 

       চতল এৰি মইজাক যায়।

(অযোগ্যক লাই দিলে নিজৰেই অনিষ্ট হয়) 

  (৬) খাবা জান্লি চাউলে চিৰা, 

         বইহবা জান্লি মাটিয়ে পীৰা। 

(জ্ঞানীজনৰ সুযোগৰ সদ্ব্যৱহাৰ।) 

 (৭) ঘৰ বান্ধলাক উঁই 

       বাহা ললাক গুঁই। 

 (এজনৰ আৰ্জন,আন এজনে ভোগ কৰা।) 

(৮) চপা ৰাতি ধেন দি 

      দাম্ৰি হ’ল এটা। 

 (বৰ আড়ম্বৰপূৰ্ণ কিন্তু কাম সামান্য।) 

(৯) চিকণ টেমা ময়ৰাৰ পাখি 

       ভেনাৎ ভেনাৎ কৰে মাখি। 

(বাহিৰত মিঠা মিঠা মাত,কিন্তু অন্তৰ গেলা পঁচা।) 

 (১০) চেনেহতে মৰে হামখুৰি খাই পৰে

         খইহ্লা মাছোৰ দুই পিঠি খাই 

          মাজোৰ কাটা এৰে। 

( সৰু ল’ৰা-ছোৱালীক অত্যধিক মৰম কৰিলে আদৰত নষ্ট নহ’বলৈ এনেদৰে  বুঢ়ালোকে কয়।) 

(১১) চুৰে নেৰে চুৰ বিত্তি 

      কুক্ৰে নেৰে ছাই, 

      যাৰ যি স্বভাৱ মল্লি লগোত যায়। 

(পুৰণি স্বভাৱ এৰা কঠিন) 

(১২) ছাগালে নাখোয় কি 

        পাগলে নকোয় কি! 

(আবোল তাবোল বকা লোকক উদ্দেশ্যি) 

(১৩) জ্বৰোৰ দাহোত বেৰাক লাথ্য। 

(কিহবাৰ খং কিহবাত জৰা) 

( ১৪ ) দানৰ গৰুৰ দাঁত চাবা নাল্গে।

(উপহাৰ দিয়া বস্তুৰ মূল্যৰ বিচাৰ কৰা অনুচিত।) 

(১৫) নাকান্দ ছৱাল ৰ’বি,

        বাইপেৰে গেইছি কল ৰুবা

        থোক পইল্লি খাবি।

(অনিশ্চিত ভবিষ্যতৰ বাবে আশা পালি থকা)

( ১৬) নিজোৰ কটিত সাত খাদা গু 

         পৰোক কৰা ধু ধু। 

(নিজৰ দোষ নেদেখা,পৰৰ দোষ খুচৰি ফুৰা) 

( ১৭) পৰোৰ মূৰোত কঁঠল ভাঙা 

(নিজে কষ্ট নকৰি অইনৰ ওপৰত  ভোগ কৰা) 

(১৮ )বাটোত পালু কামাৰ

         দা গঢ়ে দি আমাৰ। 

(য’তে ত’তে সুবিধা ল’ব বিচৰা) 

 (১৯ )বাঘোৰ লেউঙ্ৰেদি কাণ খুজ 

 (অঘাইতং আৰু দুঃসাহসী বুজাবলৈ) 

(২০) ভিন্হি মাটি বেচ্পা পাৰে,বাই সুখোত আছে। 

(সাঁচতীয়া সম্পত্তি বেচি হ’লেও আৰামত থাকিবলৈ বিচৰা।) 

 (২১) ভুইক কুক্ৰে কাম্ৰোবা নৰে।

 (বেছিকৈ চিঞৰ বাখৰ কৰা লোকে অনিষ্ট কৰিব নোৱাৰে।) 

(২২) মেক্ৰী মৈচ্ছি মূৰৰ বিষত

        নিংনি ভাইবছি,সি মোকে চুপা দিছি।

(দোষী ধৰা পৰাৰ ভয়ত সন্দেহ নকৰা জনৰপৰাও ভয় পোৱা।) 

( ২৩ ) যোতে খায় তোতে  হাগে।

 (অকৃতজ্ঞ।)

 ( ২৪ ) যাৰ যহত শাখা সিন্দূৰ

           তাক কৰা ভখ্ৰা ইন্দুৰ।

 (উপকাৰীক নিন্দা কৰা অনুচিত।) 

(২৫) ৰাইক্যহোৰ আগত ধুৱা চাউল। 

(লুভীয়া মানুহৰ আগত লোভনীয় খাদ্য ৰাখিলে নিমিষতে শেষ হ’ব।) 

(২৬)লাজুকা বামুণ কাহুলা চুৰ 

        দুয়োৰো পৰে কাজৰ ওৰ। 

(নিজৰ বৃত্তিৰ নিয়ম নজনা লোক তিষ্ঠিব নোৱাৰে।) 

(২৭) শাইল্কাই সাজোঁত কাচোঁতে ফেউ ৰাজা হ। 

(কোনো কামৰ বাবে সাজি কাচি ওলাওঁতে অইন লোকে আগতে আহি সুবিধা গ্ৰহণ কৰা) 

( ২৮ ) শাক ৰান্ধবাৰ নাই খুম ,

          ভোজ ৰান্ধবাৰ হুদুম দুম। 

(সাধাৰণ সৰু কাম এটা কৰিব নোৱাৰা লোকে ডাঙৰ কাম এটা কৰিবলৈ যোৱা।) 

(২৯) সন্তৰ লগোত ফুইৰ্বা খাবা গুৱা পাণ ,

        দুষ্টৰ লগোত ফুইৰ্বা কাটা যাবো কাণ। 

(সৎ সংগত বিপদ নাই কিন্তু অসতৰ সংগত বিপদৰ সন্মুখীন হ’ব লাগে।) 

 (৩০) হাপাই আনলাক তিৰী,

         বোন্দা হ’ল উপাত্তে গিৰী। 

(আৰ্জে কোনোবাই,ভোগ কৰে আন কোনোবাই।) 

কথিত ভাষাত লিখা শব্দবোৰৰ লিখিত ৰূপ:

 বল্লে – বৰলে 

আক বাৰাই – এক গাহৰিয়ে 

উঠত – ওঁঠত 

গাতাত নুসুৰকে – গাঁতত নোসোমায়

মেইৰে লোয় – মেৰিয়াই লয়

কুক্ৰোক  – কুকুৰক

মইজাক – মজিয়ালৈ

বিত্তি – বৃত্তি

 মল্লি – মৰিলে

চপা ৰাতি – গোটেই নিশাটো

 ধেন দি – পোৱালি জগাই।  

লাথ্য – লথিওৱা 

বাইপেৰে গেইছি – দেউতাৰা গৈছে

পইল্লি – পৰিলে

চাংলি-চালনি

দুবা – খিৰাবলৈ

কামাৰ- কমাৰ

লেউঙ্ৰেদি – নেজেৰে

খুজ – খজুওৱা

কাম্ৰোবা নৰে – কামুৰিব নোৱাৰে

 মৈচ্ছি –  মৰিছে

নিংনি ভাইবছি -নিগনিয়ে ভাবিছে

যোতে-য’তে

তোতে-ত’তে

ৰাইক্যহোৰ- ৰাক্ষসৰ

কাহুলা চুৰ – কাহি থকা চোৰ

শাইল্কা – শালিকা

খুম – সক্ষম

ফুইৰ্বা – ফুৰিবলৈ

বন্দা – বোন্দা

উপাত্তে -ওপৰত

*******

Leave a Reply

Your email address will not be published. Required fields are marked *