বিহুৰ ইতিহাস-জয়ন্ত গগৈ

প্ৰস্তাৱনা: ‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোঁচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ “বিচু”ত। চুতীয়া ভাষাত বিহুক “বিচু” বুলি কোৱা হয়। “বি” মানে অতি, “চু” মানে আনন্দময় বুজায়। গতিকে, “বিচু” শব্দটি অপভ্ৰংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।আনহাতে ‘টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। “পয়” মানে উৎসৱ আৰু “হু” মানে গৰু। সেই “পয়হু” শব্দৰ অপভ্ৰংশই “বিহু” হোৱা বুলি কৰা ধাৰণা কৰে । আহোমসকলে নিজা বসন্ত উৎসৱ প’য় চেঙ -কেন লৈ আহিছিল। আহোমসকলৰ খ্যেক লাই বেট পুথিত আহোমসকলৰ নিজা বসন্ত উৎসৱ প’য় চেঙ -কেনৰ বিষয়ে উল্লেখ আছে। 

এনেদৰেই বিহুৰ সৃষ্টিক লৈ বহু গৱেষকৰ বহু তথ্যৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। এই বিষয়ে কোনো এক স্থিৰ সিদ্ধান্ত আমি কোনেও কোনো লেখাৰপৰা নাপাওঁ। মুঠতে বিহুৰ মূল আত্মাতো যে কৃষিভিত্তিক, তাক কোনেও নুই কৰিব নোৱাৰে। আজি কিছু দিনৰ আগতে এটা সাক্ষাৎকাৰৰ কথা মনত পৰিছে । মূল কথাখিনিহে মনত আছে। সাক্ষাৎকাৰত অসমৰ এগৰাকী স্বনামধন্যা বিশিষ্ট নাৰী শ্ৰীযুতা অঞ্জলি মহন চেতিয়া বাইদেউৱে এক ব্যতিক্ৰমী বৰ্ণনাৰে বিহুৰ সৃষ্টিৰ আঁৰৰ ৰহস্য সাৱলীল ভাৱে উপস্থাপন কৰাত অভিভূত হৈ পৰিলোঁ। বাইদেউ গৰাকীৰ সাক্ষাৎকাৰ লগতে আজিপৰা দুই দশক মানৰ আগতে আমাৰ অঞ্চলত অনুষ্ঠিত বিহু সন্মিলন এখনৰ মুকলি সভাৰ এগৰাকী বিশিষ্ট বক্তাৰ বক্তৃতাতো এই বিহু উৎপত্তিৰ সম্বন্ধে উল্লেখিত কথাবিলাকে শুনিবলৈ পাইছিলো। সাক্ষাৎকাৰটো শুনাৰ পিছত আৰু বক্তৃতাৰ সাৰমৰ্ম বোৰ উপলব্ধি কৰি স্মৃতিৰ পৰা লিখাৰ চেষ্টা কৰিছোঁ। 

বিহু প্ৰথমে দেৱ-দেৱীসকলৰ আছিল আৰু পিছলৈ কৃষিজীৱি মনুষ্যৰ মাজলৈ আহিছিল।জনবিশ্বাস অনুসৰি বিহুৰ দেৱতা আৰু দেৱী হ’ল ধন কলীয়া আৰু কলিমতী। তেওঁলোক প্ৰথমে আলসৰ পৰা আহি কলিয়াবৰত আছিলহি আৰু কালক্ৰমে উজনি অসমৰ আহোমৰ ৰাজধানী চৰাইদেউ অঞ্চললৈ আহিল। যেতিয়া স্বৰ্গদেউ চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিলে তেতিয়া পৰ্বত, পাহাৰ, ভৈয়ামৰ সকলো লোককে একতাৰ দোলেৰে বান্ধি ৰাখিবৰ নিমিত্তে তেওঁৰ দেৱলোকৰ লগত কথা বতৰা হ’ল । তেখেতে দেৱলোকৰ লগত এই কাৰণতে কথা পাতিব পাৰিছিল যে তেখেতক দেওসঁচ বুলি কোৱা হৈছিল বা জনাজাত আছিল। অথাৎ তেনেলোকে দেৱতাৰ লগত কথোপকথন কৰিব পাৰিছিল বুলি বিশ্বাস কৰা হৈছিল। সেই দেৱতাসকলে যে কলিয়াবৰত বিহু এখন পালন কৰি আছে বা ৰাখি থৈছে সেই কথা স্বৰ্গদেউ চুকাফাই জানিবলৈ পাইছিল। সেই তেতিয়াই চুকাফাই তেওঁৰ অধীনত থকা সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিবৰ বাবে দেৱলোক সকলৰ লগত কথা হৈছিল আৰু দেৱলোকসকলে কলিয়াবৰত ৰাখি থোৱা বিহুখন ভৈয়ামত পালন কৰিবৰ বাবে জনালে। স্বৰ্গদেউ চুকাফাই পালি-পহৰীয়াক কৈ দোলা লৈ কলিয়াবৰৰপৰা বিহুখন আনিবলৈ গ’ল। কলিয়াবৰত দেৱ-দেৱীক নাপাই তেতিয়া স্বৰ্গদেউৱে কলিয়াবৰত পোৱা চাৰিজোপা তৰাগছক প্ৰতীকৰূপে লৈ দোলাত তুলি চৰাইদেউলৈ সাদৰেৰে আনিছিল। সেই কলিয়াবৰৰপৰা চৰাইদেউলৈ আহোঁতে সাত দিন সাত ৰাতি লাগিছিল। সেই অনুসৰিয়েই বৰবিহু সাতদিন সাতৰাতি ধৰি পালন কৰাৰ নিয়ম প্ৰচলিত হ’ল। একেদৰেই বৰ বিহুত পবিত্ৰ তৰাগছৰ বৌখাবিলাক ছিৰি, শুকুৱাই তাৰে পঘা বাটি নতুন পঘা  বৰ বিহুৰ সংক্ৰান্তিৰ দিনাখন গৰুক পিন্ধোৱা নিয়ম পালিত হ’বলৈ ললে। ঠেঙ্গাল কছাৰীসকলে চ’তৰ মাজভাগত তৰাছিৰা বিহু পালন কৰে। এই বিহুত পৰম্পৰাগতভাৱে গাঁৱৰ ডেকা-বুঢ়া সকলো পুৰুষ লগ হৈ তৰাণীলৈ গৈ নিৰ্দিষ্ট নিয়মেৰে পূজা আগবঢ়াই তৰা কাটি তৰা বংবোৰ থলিতে এৰুৱাই আনি সমূহীয়াকৈ তৰা পঘা বাটে। পাছত সেইবোৰ গাঁৱৰ প্ৰতিঘৰতে বিলাই দিয়ে। একেদৰেই বৰ্তমানেও এই তৰাগছক পবিত্ৰ দেৱলোকৰ অৱস্থিতিৰ মান্যতা দি ধৰ্মীয় উপাসনাৰ স্থলীৰ থাপনাত স্থান দি পূজা-সেৱা কৰি অহাৰ কথা জানিব পাৰি। লগতে বিভিন্ন জাতি জনজাতিৰ সামাজিক মাংগলিক অনুষ্ঠানত এই তৰাগছ আজিও পূজিত হৈ আহিছে।

সেই দোলাত কঢ়িয়াই অনা তৰাগছ চাৰিজোপা চৰাইদেউত এজোপা বৰগছৰ তলত ধীপ তুলি নীতি নিয়মেৰে চাৰিটা খুটিত তৰাগছ কেইজোপা গোছ দি বান্ধি থাপনা পাতি তামোল পাণৰ শৰাই,ভোজনি আদি আগবঢ়াই মাংগলিক অনুষ্ঠানেৰে বিহুখন আৰম্ভ কৰিছিল। বৰ গছৰ তলত বিহুৰ আৰম্ভণি কৰাৰ বাবেই এই বিহুৰ নাম বৰ বিহু বা ব’হাগ বিহু হ’ল। চাৰিটা খুটিত চাৰিজোপা তৰাগছক গোছ দি বান্ধি সাক্ষী কৰি আৰম্ভ কৰা বিহু ফাঁকি আছিল…..

মোৰ ধন কলীয়া

নিলগত আছিলা ৰৈ

আলসৰ দেৱতা

কলিমতীক লগ পায় ৰঙালীৰ লগে হৈ

কলিয়াবৰতে ৰলিনা ঐ।।

সেয়েহে আজিও বিহুৱা সকলে হুঁচৰিৰ প্ৰথমতেই এই ঘোষা ফাঁকি গায় অথবা গোৱা দেখিবলৈ পোৱা হৈছে। তাৰোপৰি স্বৰ্গদেউৱে কলিয়াবৰৰ পৰা দোলা লৈ বিহু আনিবলৈ যোৱা অথবা স্বৰ্গদেউৱে দোলাত উঠি আহি তাহানিৰ দিনত বিহু উপভোগ কৰিবলৈ যোৱাক লৈয়ো হুঁচৰিৰ ঘোষাত বিহুৱা সকলে বিহুৰ আৰম্ভণিত গোৱা শুনিবলৈ পোৱা যায় এইদৰে……

স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ 

ঐ দুলিয়াই পাতিলে দোলা ২

কাণত জিলিকিলে নৰা জাংফাই 

এ গাতে গোমেচেঙৰ চোলা।।

আদিতে বিহু দেৱ-দেৱীৰে আছিল আৰু দেৱ-দেৱীৰ পৰা কালক্ৰমে কৃষি ভিত্তিক মনুষ্যৰ মাজলৈ আহিল। দেৱ-দেৱীয়ে বিহুক ধনশিৰি নৈয়েদি আনি কলিয়াবৰত ৰাখিছিলহি।কৈলাসৰপৰা বৈ অহা ধনশিৰি নৈয়েদি খুউব নাচি -বাগি কলিয়াবৰত দেৱ-দেৱীয়ে বিহু নমাই আনিছিল।দেৱীৰ প্ৰেমিক আছিল ধন কলীয়া  অৰ্থাৎ শিৱ আৰু দেৱী হ’ল কলিমতী অথাৎ পাৰ্বতী।যেতিয়া নাচি-বাগি খুউব চিঞৰি চিঞৰি আহিছিল তেতিয়া দেৱীক সোধা হৈছিল যে তোমাৰ প্ৰেমিক ধন কলীয়া চোন মৰ্ত্যতে আছে ,তথাপিও কিয় ইমানেই উত্ৰাৱল। তেতিয়া দেৱীয়ে জনালে যে মনুষ্য জাতিলৈ বিহু লৈ অহা হৈছে আৰু লগতে অনা হৈছে এমুঠিমান চাউল(তেতিয়া চাউল হে আছিলে,ধান নাছিল)। মনুষ্য সকলে খেতি কৰিব , তেওঁলোকে নিজেও খাব আৰু আমাকো পূজিব। সেয়াই খেতি।সেই তেতিয়া দেৱ -দেৱীয়ে বিহুখন কৰিলে কিন্তু কলিয়াবৰতে ৰৈ আছিল।এবাৰ দেৱীয়ে ধন কলীয়াক ক’লে মইতো চাউল এমুঠিমান বিহুৰ লগত লৈ আহিছিলোঁ,যোৱা তুমি পথাৰত খেতি কৰাৰ ব্যৱস্থা কৰাগৈ।তেতিয়া ধন কলীয়াই জনালে যে খেতি কৰিবলৈ গৰু,হাল ক’ত পাম?নাঙল যুৱঁলি কোনে দিব?পানী ক’ৰ পৰা যোগাৰ কৰিম?তেতিয়া দেৱীয়ে বিহু নামেৰে ক’লে- যোৱা……

ইন্দ্ৰক পূজি গৰু হাল আনাগৈ , 

বলোভদ্ৰক পূজাগৈ পাল , 

ব্ৰহ্মাক পূজিয়া আনাগৈ কঠীয়া, 

মহাদেৱে যোৰকগৈ হাল।। 

দেৱতাসকলৰ পৰা যেতিয়া এই সকলো বিধ সম্পদ ধন কলীয়াই পালে, তেতিয়া ধন কলীয়াই পথাৰ চহালে , কঠীয়া ৰুলে।পথাৰ শস্যৰে নদন বদন হৈ উপচি পৰিল। দেৱীকে ধৰি দেৱীহঁতৰ তিনিগৰাকী ভগ্নী – ডাঙৰ গৰাকী নিজে কলিমতী,মাজু গৰাকী সেউতী আৰু সৰু ভনীয়েক মালতী। ধন কলীয়াই চহোৱা মাটিত ন-শস্যৰে লহপহকৈ থোক মেলিলে।দেৱীয়ে পথাৰলৈ চাই সৰু ভনীয়েক মালতীক ক’লে…..

: যোৱা, পথাৰত গৈ চাকি বন্তি জ্বলোৱাগৈ।পথাৰৰ পোক পৰুৱা মৰিব,শস্যৰ অনিষ্ট নহ’ব। চাকি বন্তিৰ পোহৰত পথাৰৰ পোক পৰুৱাবোৰ মৰিল।পথাৰত চাউলেৰে দেউলী হৈ পৰিল।সেইটোৱেই হ’ল কাতি বিহু।যি প্ৰথাৰ বাবে আজিও কাতি বিহুত খেতিয়কে পথাৰত ন-শস্যৰ থোক পৰাৰ সময়তেই চাকি-বন্তি জ্বলাই পথাৰৰ শস্য পোক-পৰুৱাৰদ্বাৰা অনিষ্ট নহ’বৰ বাবে আই লখিমীক পূজা কৰি আহিছে। সেই সময়ত পথাৰ বোকা পানীৰে পূৰ হৈ আছিল,যাৰ বাবে সৰু ভনীয়েক মলতীয়ে উচাহত ভালকৈ বিহু নাচিব নোৱাৰিলে,তাতে ভনীয়েক মালতীও সৰু আছিলে।বোকা -পানীৰ বাবে ভালকৈ বিহু নাচিব নোৱাৰিলে,লাহেকৈ নাচিলে বাবেই কাতি বিহুখন সৰুকৈ হ’ল।সেই বাবেই কাতি বিহুত বিহুখন অনুষ্টুপীয়াকৈ আজিও পালি থকা হৈছে। কোনোৱেও তেনেকৈ বিহু নকৰে বা নানাচে। ৰং ৰহইচো কাতি বিহুত নাথাকে। 

পথাৰত চাউলে যেতিয়া দেউল দি পূৰঠ হ’ল, তেতিয়া দেৱীয়ে মাজু ভনীয়েক সেউতীক ক’লে যে 

: যোৱা, পথাৰৰপৰা  চাউলবোৰ চপাই আনাগৈ। সেই তেতিয়ালৈকে ধন কলীয়া পথাৰৰলৈ গ’ল যি গ’ল ঘৰলৈ নাহেই , পথাৰতে থাকে।সেউতীয়ে পথাৰত গৈ দেখিলে যে পথাৰত ইমান ধুনীয়া চাউল হৈছে। সেয়ে সেউতীৰ মুখৰপৰা ক’ব নোৱাৰাকৈ “আহ” ! শব্দটো ওলাই গ’ল ধুনীয়া ধুনীয়া চাউলবোৰ দেখি। সেই সময়তে পথাৰৰ খেতিৰ তলিতে খুবা-খুবুনি নামৰ এহাল বুঢ়া-বুঢ়ী সোমাই লুকাই আছিল সুবিধা পালেই পথাৰৰ চাউল খাম খাম বুলি।যেতিয়া সেউতীয়ে “আহ” ! বুলি ক’লে সেই তেতিয়াই খুবা-খুবুনি বুঢ়া-বুঢ়ীৰ মুখ লোভত মেল খাই গ’ল আৰু তেতিয়াই তেওঁলোকৰ মুখৰপৰা জুই ওলায় আৰু সেই জুইত গোটেই পথাৰখন জ্বলি যায়। ধন কলীয়াই বিড়িয়াডাল ইফালে সিফালে ঘূৰাই জুই নুমুৱাবলৈ চেষ্টা চলালে। কিছুমান চাউল জ্বলিল আৰু কিছুমান আধা জ্বলিল। সেই পুৰি যোৱা জ্বলা চাউলখিনিয়েই হ’ল বৰা চাউল আৰু আধা জ্বলা চাউলখিনিয়ে হ’ল জহা চাউল। ধন কলীয়াই পথাৰৰ জ্বলা,আধাজ্বলা চাউলবোৰ দেখি খুউব মৰ্মাহত হ’ল আৰু খঙত অগ্নিশৰ্মা হৈ সেই খুবা-খুবুনি বুঢ়া-বুঢ়ীক খঙতে অভিশাপ দিলে যে…..

: তোমালোকে যিদৰে মোৰ পথাৰৰ চাউলবোৰ জ্বলালা, ঠিক সেইদৰে তোমালোককো প্ৰতি বছৰে সেই ন-চাউলৰ খেৰেৰে দোমাহীৰ দিনাখন খেৰৰ মেজি সাজি জ্বলাই পুৰি মাৰিব।সেই তেতিয়াৰেপৰা মাঘৰ বিহুৰ দোমাহীৰ দিনাখন ওচৰা-ওচৰিকৈ এটা চাপৰ মেজি (বুঢ়ীৰ নামত) আৰু এটা ওখ মেজি (বুঢ়াৰ নামত) সাজি জ্বলোৱাৰ নিয়ম প্ৰচলিত হৈ হ’ল।এটা মতা মেজি আৰু আনটো মাইকী মেজি। যিটো প্ৰথা আজিও প্ৰচলিত।

এনেদৰেই তিনিজনী বাই -ভনী,ডাঙৰ গৰাকী কলিমতীৰ নামত ব’হাগ বিহু বা বৰ বিহু সাতদিন সাতৰাতি পাতিলে।সৰু গৰাকী মালতীৰ নামত কাতি বিহু আৰু মাজু গৰাকী সেউতীৰ নামত মাঘ বিহুৰ সৃষ্টি হ’ল বুলি জনা যায়।সেই যে তিনি গৰাকীৰ নামত যিদৰে বিহুখন সৃষ্টি হ’ল, ঠিক সেইদৰে খেতিয়কসকলে ধান কাটি চপাই শেষ কৰাৰ দিনাখন তিনিজোপা ধান গছক লখিমী হিচাপে মান্যতা দি একেলগে বান্ধি ঘৰৰ ভঁড়ালত আটোম-টোকাৰিকৈ ৰখাৰ ব্যৱস্থা কৰিলে।সেয়ে তিনিজনী ভাই-ভনীৰ নামেৰেহে তিনি গোছি লখিমী ধান বন্ধাৰ নিয়ম প্ৰচলিত হ’ল। গতিকে আজিও পথাৰত খেতিয়কে লখিমী উঠাৰ দিনাখন কলগছৰ আগলি পাতত তামোল-পাণ,অৰিহণা, ধূপ জ্বলাই তিনিজনী লখিমী ভনীয়েকৰ নামত তিনি গোছি ধান গছ একেলগে বান্ধি ধান কাটি শেষ কৰাৰ পিছত লখিমী ধানগছ তিনি গোছি উভালি ঘৰৰ ভঁড়াললৈ সযতনে অনাৰ নিয়ম পালন কৰি অহা দেখিবলৈ পোৱা গৈছে। জন বিশ্বাস অনুসৰি নতুন শস্য ভঁড়ালত থোৱাৰ পিছত ভঁড়াল চুবৰ সময়ত পিঠা-পনা , তামোল-পাণৰ শৰাই আগবঢ়াই লখিমী সবাহ পাতে।গতিকে এইবিলাকৰ পৰাই ক’ব পাৰি বিহু প্ৰথমে দেৱ-দেৱীৰ আৰু শেষত মনুষ্যৰ কৃষিভিত্তিক এক উৎসৱ হৈ পৰিল। আৰু এনেকৈয়ে অসমীয়াৰ অতিকৈ আদৰৰ বিহুৰ উৎপত্তি হ’ল বুলি জনা যায়। 

বিহু বুলিলে মূলতঃ বহাগ বিহুকে প্ৰাধান্য বেছি দিয়া হয়। এই সময়ত ধৰণীৰ চাৰিওফালে ন-কুঁহিপাত মেলে,ফলে -ফুলে পোখা মেলে,ধৰিত্ৰীয়ে নকৈ প্ৰাণ পায়।গতিকে এই বিহুক বৰ বিহু বা ব’হাগ বিহু হিচাপে অতি উলহ-মলহেৰে সাতদিন-সাতৰাতিকৈ অনুষ্ঠিত কৰা হয়। এই বৰ বিহুৰ আগেয়ে বিহুৰ যা-যোগাৰ কৰিব লগা হয়। তাৰোপৰি বিহুৱা বিহুৱতীয়ে আগতীয়াকৈ বিহুৰ আখৰা কৰিব লগা হয়। বিহুত কেনেকৈ নাচিব লাগিব, কেনেকৈ ঢোল, পেঁপা আদি ছেও দিব লাগিব তাৰ আখৰা ডেকা- গাভৰুৱে কৰিব লগা হয়। স্বৰ্গদেউৱে দোলা লৈ কলিয়াবৰৰ পৰা বিহু আনিবলৈ চ’ত মাহৰ চাৰি তাৰিখে যাত্ৰা আৰম্ভ কৰিছিল।গতিকে এই চ’ত মাহৰ চাৰি তাৰিখৰপৰা ডেকা-গাভৰুৱে বিহুৰ বাবে লাগতিয়াল বিহুনাচৰ , বিহুনামৰ , বিহুৰ ছেৱৰ মুদ্ৰাবিলাকৰ আখৰা আৰম্ভ কৰিছিল।সেয়ে এই সময়ছোৱাক চ’ত বিহু বা তৰাছিঙা বিহু বুলি জনা যায়।বিহুৰ আখৰা প্ৰথা বৰ্তমানো অধিক পৰিমাণে জনপ্ৰিয়। অৱশ্যে ই মূলতঃ বিহু নহয়, আখৰাহে। কলিয়াবৰৰ পৰা বিহুখন চ’ত মাহৰ ৩০ (ত্ৰিশ) তাৰিখেহে আহোমৰ ৰাজধানী চৰাইদেউ পাইছিলহি।গতিকে সেই দিনাখন সকলোৱে জিৰণি লৈছিল অৰ্থাৎ সেইদিটোৱেই হৈছিল গৰু বিহু। সেয়ে গৰু বিহুৰ দিনাখন বিহু নকৰে বা কৰা দেখা নাযায়।

সংযোজন: অসমত বিহুৰ ইতিহাস বা উৎপত্তিৰ কথা ওলালেই সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰে -বিহু ক’ত কেনেকৈ প্ৰথম উৎপত্তি হ’ল।আদিমতম ভূমিপুত্ৰ চুতীয়া সকলৰ ৰাজত্বৰ সময়তে বিহুৱে উহ দিলে।আনহাতে বৰ অসম গঢ়োতা আহোমসকলে পাটকাই পৰ্বতমালাৰ পৰা সোণালী জখলাৰে নামি আহোঁতে বিহু লগতে লৈ আহিছিল বুলি আহোম বিশেষজ্ঞই ক’ব বিচাৰে। এই বিষয়ে বাদানুবাদলৈ নগৈ আমি বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ থকা দুটি কথা নিজাকৈ ফঁহিয়াই চাব পাৰো। 

ইতিহাসত “বিহু”ৰ প্ৰথম উল্লেখ চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ ১৪০১ চনৰ তামৰ ফলিত পোৱা বুৰঞ্জীৰ তথ্যই কয় (প্ৰাচ্য ৰচনাৱলী, পৃষ্ঠা ১৮৯)

“এতস্মৈ শাসনপ্ৰাদা লক্ষ্মীনাৰায়ণো নৃপঃ

উৎসৃজ্য বিষুবে (বিহুৱে) পুণ্য ৰবিদেৱ দ্বিজন্মনে…।”

 অৰ্থাৎ “পবিত্ৰ বিচু/বিহু”ৰ দিনাখন লক্ষ্মীনাৰায়ণ ৰজাই সোৱণশিৰিৰ পশ্চিম দিশত ব্ৰাহ্মণক ২০০ পুৰা(৮০০ বিঘা) মাটি দান কৰিছিল।বুৰঞ্জীৰ তথ্য অনুসৰি মংগোলীয় সকলৰ ভিতৰত সৰ্বপ্ৰথম চুতীয়া সকলেই উজনি অসমৰ শদিয়া অঞ্চলক কেন্দ্র কৰি আহোম সকল অহাৰ বহু আগতেই এখন শক্তিশালী ৰাজ্য স্থাপন কৰিছিল।চুতীয়া সকলৰ ৰাজত্ব কালতেই এই ভূ-খণ্ডত পোনপ্রথমে বিহুৱে পোখা মেলিছিল বুলি বহুতে উল্লেখ কৰিছে। চুতীয়া ৰাজ্যৰ পতনৰ কাৰণো আছিল বিহু। জনশ্ৰুতিৰ অনুসৰি চন্দনগিৰি পৰ্বতত সাত ব’হাগৰ বিহুৰ দিনা ৰণ হৈছিল যিখন ৰণত ৰাণী সাধনীয়ে নিজৰ প্ৰাণৰ বলিদান দিছিল। সেইবাবে ৭ ব’হাগৰ দিনটোত প্ৰতি বছৰে সাধনী দিৱস উৎযাপন কৰা হয়। দেউধাই বুৰঞ্জীত(পৃষ্ঠা ২০০) উল্লেখ কৰা মতে বিহুৰ বতৰত ঢোল বজায় শত্ৰুৱে ছল কৰিছিল। এই ছল কৰা কথা‌ কোঁচ ৰাজ্যৰ পৌৰাণিক গ্ৰন্থ “দৰং ৰাজ বংশাৱলীতো” উল্লেখ কৰা হৈছে।

“পূৰ্বে চুটিয়াৰ ৰজা সিঠাৱে আছিল।

অন্যায় অসম(আহোম) ছল কৰিয়া মাৰিল।।

যিমতে মাৰিল তাৰ শুনিয়ো কাহিনী।

বলে নপাৰিয়া স্বৰ্গী ৰাজা(আহোম ৰজা) মনে গুণি।।

চুটিয়াৰ ৰাজাক মাৰিয়া ছলে বলে।

লৈলা সেহি ৰাজ্যক অসমে(আহোমে) কৌতুহলে।।”

আহোম-সকলে এই বিহুৰ জৰিয়তেই ছলেৰে মোৱামৰীয়াৰ হাতৰপৰা ৰাজ্যোদ্ধাৰ আৰু চুতীয়া ৰাজ্য জয় কৰিছিল। চুতীয়া ৰাজ্য পতনৰ পাছত ‘সাত ৰাজ মাৰি এক ৰাজ কৰা’ আহোম স্বর্গদেউসকলৰ পৃষ্ঠপোষকতাই বিহুক অন্য এক মাত্রা প্রদান কৰিলে। 

জনবিশ্বাস অনুসৰি ব’হাগ মাহৰ প্ৰথম বুধবাৰে থানৰ পৰা কলিমতী দেৱীক(কেঁচাই খাটি থানত অৰ্থাৎ তাম্ৰেশ্বৰী মন্দিৰত) নমাই অনা হৈছিল।দেৱালয়ত বিহুৰ দিনা বলি দি কলিমতীক নমাই অনা হৈছিল আৰু বিহুৰ আৰম্ভণি হৈছিল। যি ৰীতি অনুসৰি অতীজৰেপৰা আজিলৈকে চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়াৰ থানসমূহত বলি দিয়াৰ পিছৰে পৰা বিহু আৰম্ভ কৰা হয়।

 

“হাচতি ঐ চʼত বিচুতি ঐ চʼত

বুধে গৰু বিহু মঙ্গলে উৰুকাৰ,

বিহু গৈ আছিলি ক’ত?”  

এই প্ৰথা কেৱল শদিয়া অঞ্চলতে যে হয়, এনে নহয়। উজনিৰ চাবুৱা, বাৰেকুৰি , বাঘজান ,

কাকপথাৰ,ফিল’বাৰী আদি অঞ্চলত সেই নীতি-নিয়ম কৰাৰ পিছৰেপৰা বিহুৰ আৰম্ভণি বুধবাৰৰ দিনাখনৰ হোৱা দেখা যায়।

আনহাতেদি দেও বুৰঞ্জী মতে ফা নুৰূ লেংদনে খুনলুং, খুনলাইক পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ পঠাওঁতে  অন্য উপহাৰৰ লগতে দিছিল এযোৰ ঢোল(কং)।যুদ্ধৰ সময়ত লেংদনৰ আশীৰ্বাদৰ বাবে, বৰষুণ নহʼলে বৰষুণ দিবৰ বাবে ,ৰʼদ বা পোহৰ নহʼলে ৰʼদ- পোহৰ দিবৰ বাবে এই বাদ্য বজাবলৈ লেংদনে উপদেশ দিছিল।অন্য এটি উপহাৰ চোমদেউ(চুমফ্ৰা ৰুং ছেংমুং) মূৰ্ত্তি এটি টেমাৰ ভিতৰত ৰাখিবলৈ দি বছৰেকৰ মূৰত সোণোৱালী সাজ পিন্ধি পবিত্ৰভাৱে সেৱা সৎকাৰ কৰিবলৈ তেওঁ দুয়োকে নিৰ্দেশ দিছিল।লেংদনে আৰু কৈছিল যে, তেওঁ পু ফী ছু দেৱতাক পৃথিৱীলৈ পঠিয়াব আৰু এইজন দেৱতাই আঁহত গছত বাস কৰি হাবি ডাঙৰীয়া ৰূপে থাকিব।

জাছিংফাই খুনলুং খুনলাইক উপদেশ দিছিল……

“দৌন হা ( পঞ্চম মাহ, অসমীয়া চʼত মাহ) মাহ যেতিয়া আহিব,সকলো ফুলেৰে জাতিষ্কাৰ হʼব, হাবিত কপৌফুল আৰু চিংকৰা ফুল ফুলিব, তেতিয়া লেংদনৰ সৈতে আঠলাখ দেৱতা পৃথিৱীলৈ নামি আহিব।তেতিয়া এটা দিন ধাৰ্য কৰি দেৱতাসকললৈ উচৰ্গা কৰিবা আৰু সেৱা আগবঢ়াবা।তেহে দেশ নিৰাপদে থাকিব ।” 

উপৰোক্ত কথাখিনিয়ে পাঠকৰ মনত নিশ্চয় অলপ হ’লেও বিহুৰ সম্পৰ্কত চিন্তাৰ খোৰাক যোগাইছে আৰু  মোৰো কোনো ধৃষ্টতা নাই বাদানুবাদৰ মেৰপেছৰ মাজত থকাৰ। মাথো ক’ওঁ যে যেতিয়াৰপৰা অসমত বিহুৰ সৃষ্টি হ’ল তেতিয়াৰ পৰাই সেই সময়ৰ বিহুৱাস্বভাৱী কবিসকলে চকুৰে যি দেখি আহিছিল বা যি শুনি আহিছিল তাকেই লৈ বিহুনামেৰে ধৰি ৰাখিছে বা সৃষ্টি কৰিবলৈ ল’লে। এই বিহুনাম বিলাকতো প্ৰতিটো সময়ৰ ইতিহাসবোৰ পৰিস্ফুট হৈ আহিছে।সেয়ে হয়তো পশ্চিমবঙ্গৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক হেমাংগ বিশ্বাস ডাঙৰীয়াই লিখিছে…….

“অসমত যি নাই, বিহু নামত/ বিহু গীতত সি নাই।‌ বিহু নামত/ বিহুগীতত যি আছে , অসমত সিয়েই আছে।” 

                                                       

*******

Leave a Reply

Your email address will not be published. Required fields are marked *