লটাৰিৰ ধন-পূৰ্ণিমা শইকীয়া গগৈ
কথাটো কম সময়ৰ বনজুইৰ দৰে বিয়পি পৰিল।ফোনত শুভেচ্ছা জনোৱা মানুহৰ অন্ত নাই।ওচৰৰ কেইজনতো ঘৰেই ওলালহি। বোলে……
“শইকীয়া এইবাৰ নেৰিছো আমাক পাৰ্টি লাগিবই।”
শইকীয়ানীয়েও বাহিৰত আলহী দেখি পুতেক ৰাজক পঠিয়াই গৰম চিংৰা আৰু ৰসগোল্লা আনিলে।ইমান ভাল খবৰটো পাই সকলো আহিছে আজিনো চাহ বিস্কুট কেনেকৈ খুৱায়?
ভাতৰ পাতত বহি ছোৱালী লীজা আৰু ল’ৰা ৰাজে ক’লে………..
“দেউতা আমাৰ লগৰ কেইটাকো সৰুকৈ পাৰ্টি দিম। এনেইটো তুমি সদায়েই টকা নাই নাই কৰি থাকা।এইবাৰ লটাৰিত টকা পাইছা।গতিকে আমাক টকা লাগিবই।”
ৰাতি শুবলৈ বিছনাত উঠি শইকীয়াই পৰিবাৰক সুধিলে………
“তোমাক একো নালাগে নেকি?”
“অঞ্জুৰ বিয়া। তাইকো কিবা এটা ভাল উপহাৰ দিব পৰা হ’লে ভাল আছিল।”………. শইকীয়ানীয়ে ক’লে।
“হ’ব দিয়া অঞ্জুৰ লগতে তোমাকো বাৰু পাটৰ কাপোৰ এযোৰ দিম।”
শইকীয়া মানে ৰঞ্জন শইকীয়া।প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষক।দুটা ল’ৰা ছোৱালী ৰাজ আৰু লীজা। দুয়োটাই কলেজত পঢ়ি আছে। পৰিবাৰ অনিতা এগৰাকী গৃহিণী। দৰমহাৰ টকাকেইটাৰে মাহটো যেনে তেনে চলে।দুটা কলেজত পঢ়া ল’ৰাৰ খৰচ। পৰিবাৰ অনিতাই কোনো দিনেই কোনো বস্তু তেওঁক বিচৰা নাই।গতিকে শইকীয়াৰ তেওঁক লৈ কোনো সমস্যা নাই। কিন্তু ল’ৰা-ছোৱালী হালে নুবুজে।আনৰ দেউতাকে পাৰে যেতিয়া তুমি কিয় নোৱাৰিবা?
গাঁৱৰে বোৱাৰীজনী আহি অনিতাক লটাৰিৰ টিকট এটা ল’বলৈ ক’লে।এশটকীয়া দামৰ টিকটটো একেষাৰে ল’ম বুলি ক’ব নোৱাৰিলে।শইকীয়াই এশটকাটো আগবঢ়াই দিলে।অনিতাই বোলে “তেখেতৰ নামকে লিখা।” অনিতাই টিকটতো সামৰি থ’লে।আজি আবেলি বোৱাৰীজনীয়ে খবৰটো দিলে………ৰঞ্জন শইকীয়াই প্ৰথম পুৰস্কাৰটো পাইছে।এক লাখ টকা।তাৰ পিছতে হুলস্থূল।
ৰঞ্জন শইকীয়া স্কুলত উপস্থিত হোৱাৰ লগে-লগে সহকৰ্মী দুজন আগবাঢ়ি আহি শুভেচ্ছা জনালে।লগতে পাৰ্টীৰ কথা ক’বলৈ নেপাহৰিলে।ৰঞ্জন শইকীয়াই ক’লে..
“পইচা পাওঁ ৰবা, সকলোৱে এসাঁজ খাম।”
অনিতাই ফোন কৰি ভতিজাক অঞ্জুক পাটৰ কাপোৰ এযোৰ দিয়াৰ কথা ক’লে।অঞ্জুৱে ক’লে….
“কাপোৰ যোৰ ময়ে পছন্দ কৰিম।আপোনালোকে পইচাটো দিলেই হ’ব।”
অনিতা মান্তি হ’ল।লটাৰিখন খেলাইছিল নামঘৰৰ সাহাৰ্যাথে।তেওঁলোকে কিছু অংশ নামঘৰৰ বাবে দান হিচাপে বিচাৰিছে।আবেলিলৈ ৰঞ্জন শইকীয়া গ’ল পুৰস্কাৰ আনিবলৈ।নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জনে ক’লে……
“আমি জোৰ নকৰোঁ। তাতে আপুনি শিক্ষক।নিজেও মাহেকত মোটা টকাৰ দৰমহা পায়। গতিকে মুক্ত হাতে দান কৰিব পাৰে।”
পিছদিনা স্কুললৈ যাওঁতে ছাত্ৰ-ছাত্ৰীৰ সকলোৱে খাবলৈ মাংসৰ সৈতে প্ৰয়োজনীয় বস্তু কিনি ললে।ল’ৰা ছোৱালী কেইটাক এৰিনো সহকৰ্মী সকলক কি পাৰ্টি খুৱাব। ৰান্ধনী, ল’ৰা ছোৱালী সকলো মিলাই মুঠতে পঞ্চাশজনৰ বাবে যোগাৰ কৰিব লগা হ’ল।
কেন্দ্ৰ মিটিঙলৈ যাওঁতে সকলোৱে কবলৈ ধৰিলে…….
“আজি শইকীয়া ছাৰে মিঠাই খুৱাব লাগিব।”
শইকীয়াই হাঁহি এটা মাৰি মিঠাই আনিবলৈ গ’ল। সকলোৱে শইকীয়াই অভিনন্দন জনালে।
“আপোনাৰ কপাল ভাল। লক্ষ্মী আইয়ে কৃপা কৰিছে আপোনাক।”
লটাৰিৰ টকা পোৱাৰ এসপ্তাহৰ পিছত অনিতাই ক’লে………
“আনৰ গাঁৱৰ নামঘৰলৈ ইমান টকা দিলে!গাঁৱৰ নামঘৰলৈ কিবা এটা দিব পৰা হ’লে ভাল আছিল।”
শইকীয়াই ক’লে…….
“তুমি ভাল কথাকে চিন্তা কৰিছা।”
লটাৰিত টকা পোৱাৰ আনন্দ তাৰ মাজতে অঞ্জুৰ বিয়া হৈ গ’ল।অঞ্জুৱে নিজেই কাপোৰ কিনিলে।অনিতায়ো মনতে পুহি ৰখা হেঁপাহৰ কাপোৰ যোৰ কিনিলে।
এদিন গাঁৱৰে নিৰঞ্জন বৰুৱা আহিল।ৰঞ্জন শইকীয়াৰ পৰা টকা দহ হেজাৰ বিচাৰি।পৰিবাৰৰ অসুখ।খেতি কৰি কোনো মতে চলি থকা মানুহ।ধানকেইটা আনি কথমপিহে ভঁড়ালত ভৰাইছেহে।এতিয়াইনো কেনেকৈ বেচে?তাতে এতিয়া দামো কম।ব’হাগ, জেঠ মহীয়া বেচিলে দুটকা বেছিকৈ পাব।তেতিয়াই ধাৰ মাৰিব পাৰিব।নিৰঞ্জন বৰুৱাই পুনৰ ক’লে…….
“তোমাৰ অৱস্থা ভালদৰে বুজি পাওঁ।ল’ৰা ছোৱালী পঢ়ুৱাওঁতে কিমান খৰচ।এইবাৰ লটাৰিত টকা পোৱাৰ বাবেহে বিচাৰি আহিলো।”
ৰঞ্জন শইকীয়াই পিছদিনা আহিবলৈ কৈ নিৰঞ্জন বৰুৱাক বিদাই দিলে।শইকীয়া অঙ্কটো আকৌ এবাৰ কৰি চালে। লটাৰি কমিটীৰ নামঘৰলৈ ৩০হাজাৰ, গাঁৱৰ নামঘৰলৈ ২০ হাজাৰ, অঞ্জুক ২৫ হাজাৰ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক খুৱাওতে গ’ল ৫হাজাৰ, কেন্দ্ৰত মিঠাই খুৱাওতে গ’ল ১ হাজাৰ, ওচৰ চুবুৰীয়াক খুৱাওতে গ’ল ১৫ হাজাৰ, অনিতাৰ কাপোৰত ১৫ হাজাৰ, ৰাজ আৰু লীজাক ৫ হাজাৰতকৈ ১০ হাজাৰ। মুঠ খৰছ ১,২১ ০০০ টকা।
ৰঞ্জন শইকীয়াই নিৰঞ্জণ বৰুৱাক টকা ১০ হেজাৰ ক’ৰ পৰা দিয়ে তাকে ভাবিবলৈ ধৰিলে।
*******