সংখ্যাটোৰ আঁৰৰ কথা

পোনপ্ৰথমে,আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমে ক’ব লাগিব যে ফেব্ৰুৱাৰী মাহৰ এদিন সন্ধিয়া  অৰবিন্দ গোস্বামী দাদাই মোলৈ ফোন কৰিলে। মই এজন  “শব্দচিত্ৰ” গোটৰ সদস্য ও লগতে গোটৰ মডাৰেটৰ হোৱা হেতুকে দুয়োজনৰ মাজত মাজে মাজে ‘শব্দচিত্ৰ’ গোটৰ কথা বা ইটো সিটো ঘৰুৱা কথাও পতা হৈ থাকে। কিন্তু সিদিনা ফোন কৰিয়েই দাদাই ক’লে……

“কুশল, তুমি আমাৰ এইবাৰৰ এপ্ৰিল মাহৰ ৰঙালী বিহুৰ ,২০২৫ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিব লাগিব।

মই বোলো দাদা, এই বিষয়ে মোৰ অভিজ্ঞতা একেবাৰেই নাই।মই এই গুৰু দায়িত্ব বহন কৰো কেনেকৈ?কিন্তু তেওঁ মোক আশ্বাস দি ক’লে যে মই সকলোখিনি কামতেই তোমাক সহায় কৰিম। তেওঁৰ আশ্বাসতেই আগবাঢ়িলো আৰু তেওঁ কোৱা মতেই সম্পূৰ্ণ সহযোগিতা তেখেতৰ পৰা পালোঁ ।এই ছেগতে অৰবিন্দ গোস্বামী দাদালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁৰ সাহসতেই আলোচনীৰ কাম আগবঢ়াই নিবলৈ সক্ষম হ’লো।

এইখিনিতে আৰু এগৰাকী আলোচনী টিমৰ সদস্যৰ নাম ল’বলৈ ওলাইছোঁ।তেখেত হৈছে দেৱজিত শৰ্মা ডাঙৰীয়া।তেখেতৰ কাৰিকৰী দিশত সহায়খিনি নোহোৱাহেঁতেন আমাৰ আলোচনীখন প্ৰকাশ কৰাত অসুবিধা হ’লহেঁতেন।আলোচনীখনৰ জন্মলগ্নৰপৰাই তেখেতৰ যি নিস্বাৰ্থ অৱদান,সেয়া সঁচাই প্ৰশংসনীয় আৰু আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ।

আলোচনীখনত মই জড়িত হোৱাৰ দিনাৰপৰাই মোক প্ৰতিটো কথাতে দিহা-পৰামৰ্শ দি উৎসাহিত কৰা মোৰ শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।বিশেষ সময়ত,আমাৰ প্ৰয়োজন অনুসৰি আলোচনীখনক লৈ আমাক দিহা-পৰামৰ্শ দিয়া শ্ৰদ্ধাৰ ড৹ মৃদুস্মিতা ফুকন বাইদেউলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

গোহাৰিখন গোটত দিয়াৰ পিছতেই আমালৈ প্ৰথম লেখা আহিল আমাৰ শ্ৰদ্ধাৰ কুমকুম শৰ্মা বৰুৱা বাইদেউৰপৰা।তেখেতৰ এই অনুপ্ৰাণিত কৰিব পৰা  সহযোগিতাৰ মনোভাৱ আমাৰ সকলোৰে কাৰণে সদায় অনুকৰণীয়।আমি তেখেতৰ ওচৰত সদায় কৃতজ্ঞ ।তেখেতৰ লগতে আন সকলো লেখক-লেখিকাই “শব্দচিত্ৰ__জীৱন জিজ্ঞাসা” আলোচনীখনলৈ লেখা পঠিয়াই আমাক এইদৰে সহায়-সহযোগ কৰি উৎসাহ  যোগোৱা বাবে আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ লেখা অবিহনে আমাৰ আলোচনী খন প্ৰকাশ কৰিব নোৱাৰিলোঁহেতেন। সেই হেতুকে আপোনালোক সদায় ধন্যবাদৰ পাত্ৰ।

সাক্ষাৎকাৰৰ বাবে কৰ্মসূত্ৰে দিল্লীত থাকি নিজস্ব ব্যস্ততাৰ মাজতো সময় উলিয়াই প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক/প্ৰশিক্ষক শ্ৰী অভিজিত ভট্টাচাৰ্য্য ছাৰে তেখেতৰ সাক্ষাৎকাৰটি আমালৈ প্ৰেৰণ কৰাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আমাৰ গোটৰ প্ৰশাসক সকল সৰ্বশ্ৰী অৰবিন্দ গোস্বামী দাদা, কুঞ্জ খাউণ্ড বাইদেউ, কাবেৰী মহন্ত বাইদেউ,মানস শইকীয়া দাদা,উপাসা ভাগৱতী বাইদেউ, সমুজ্জ্বল কাশ্যপ দাদা, ৰাজশ্ৰী শৰ্মা, চাহিন জাফ্ৰি, সমীৰণ শৰ্মা, বৰষা ডেকা,কংকনা গোস্বামী,জ্যোৎস্নাৰাণী দাস  সকলোৱে নিস্বাৰ্থ আন্তৰিকতাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।

আমাৰ বৰ্ণাশুদ্ধি টীমটোৰ শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউ ,মাতু কুকুৰাছোৱা বাইদেউ,ভন্টি বৰষা ডেকা আৰু কংকনা গোস্বামীয়ে তেওঁলোকৰ ব্যস্ততাৰ মাজতো অতি ক্ষিপ্ৰতাৰে তথা অতিকৈ পাৰদৰ্শিতাৰে গোটেইখিনি বৰ্ণাশুদ্ধি নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰি দিয়া বাবে আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জনালোঁ।

ব’হাগৰ লগত সংগতি ৰাখি এখন সুন্দৰ বেটুপাত আলোচনীখনলৈ উপহাৰ দিয়া বাবে প্ৰাঞ্জল বৰা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালোঁ ।

চাওঁতে চাওঁতে,শব্দচিত্ৰ গোটৰ ই- আলোচনীখনে তৃতীয় বৰ্ষ অতিক্ৰম কৰি চতুৰ্থ বৰ্ষৰ দ্বিতীয় সংখ্যাত ভৰি থ’লে।আশা কৰোঁ, আপোনালোকে ই-আলোচনীখন মৰমেৰে আকোঁৱালি ল’ব। আপোনালোকৰ সহায় সহযোগিতা আৰু যোগাত্মক সমালোচনা আমাৰ সদায়েই কাম্য। ই আলোচনীখনৰ ভৱিষ্যত গতি নিৰ্ধাৰণ কৰিব আপোনালোকৰ আন্তৰিকতা আৰু সহযোগিতাই।

 সম্পাদক হিচাপে নতুন অভিজ্ঞতাৰে আলোচনীখন প্ৰস্তুত কৰাত,আলোচনীখনত অবাঞ্চিতভাৱে কিছুমান ভুল ত্ৰুটি  ৰৈ যাব পাৰে।সেই সকলোখিনি গঠনমূলক সমালোচনাৰে আঙুলিয়াই দি আলোচনীখন সাদৰৰে আঁকোৱালি লৈ আমাক কৃতাৰ্থ কৰিব বুলি আশা থাকিল। ধন্যবাদ॥

কুশল মহন্ত

সম্পাদক

শব্দচিত্ৰ_জীৱন জিজ্ঞাসা

(চতুৰ্থ বৰ্ষ,দ্বিতীয় সংখ্যা)

*******

Leave a Reply

Your email address will not be published. Required fields are marked *