অনুশোচনা-হৰিচন্দ্ৰ ডেকা

অনল গাঁওখনৰ ভিতৰতে সৰবৰহী ল’ৰা৷ সুদৰ্শন, মিষ্টভাষী বুলি সকলোৰে মাজত জনপ্ৰিয়৷ স্কুলতো তাক সকলোৱে বৰ ভাল পায়৷ পঢ়া-শুনাত অত্যন্ত চোকা নহ’লেও সুন্দৰ কণ্ঠৰ অধিকাৰী অনলৰ গান শুনি সকলোৱে মুগ্ধ হৈ পৰে৷ পিছে তাৰ নাম চৌদিশে বিয়পি পৰিছে সি মঞ্চস্থ কৰা নাটকবোৰত তাৰ অনবদ্য অভিনয়ৰ কাৰণে৷ প্ৰতি বছৰেই স্কুলৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহত সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবই৷ যোৱাবেলি আন্তঃৰাজ্যিক স্কুল নাট সমাৰোহতো সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সমৰ্থ হৈছিল৷ এই বছৰ সি নৱমমান পাইছে৷ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্ব তাকে অৰ্পণ কৰা হৈছে৷ গতিকে শিক্ষক-ছাত্ৰ সকলোৱে এইবাৰ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক সমাৰোহ উলহ-মালহেৰে উদযাপন কৰা হ’ব বুলি আশা ৰাখিছে৷ অনলেও চেষ্টাৰ ত্ৰুটি কৰা নাই৷ দিনজোৰা সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে সন্ধিয়া ‘নীৰৱ বেদনা’ নামৰ একাঙ্কিকা নাট এখন মঞ্চস্থ কৰাৰ মানসেৰে এখন বাছকবনীয়া নাট নিজে লিখি উলিয়াইছে৷

সাধাৰণতে স্কুলৰ সাংস্কৃতিক কাৰ্যসূচী বিদ্যালয়ৰ ভিতৰতে সীমাবদ্ধ যদিও ওচৰ-পাজৰৰ গাঁৱৰ মানুহো এই কাৰ্যসূচী উপভোগ কৰিবলৈ হিলদ’ল ভাঙি আহে৷ অনলৰ চুবুৰীৰে ডিম্ব খুৰাৰ ছোৱালী ৰীতাক আকৌ উজনিৰ ফালে বিয়া দিছে৷ ৰীতাৰ স্বামীৰ ফালৰ দূৰ সম্পৰ্কীয় ভাগিনীয়েক এজনীয়ে “নামনিৰ ফালৰ পৰা এপাক ফুৰি আহোঁগৈ“ বুলি ৰীতাৰ লগতে আহি ডিম্ব খুৰাৰ ঘৰতে আছেহি৷ পৰিস্মীতা তাইৰ নাম যদিও দেখাত সাইলাখ পূৰ্ণিমাৰ জোনটোৰ দৰে লাগে কাৰণে সকলোৱে তাইক জোন বুলি মাতে৷ ইতিমধ্যে অনলৰ লগত বেচ ঘনিষ্ঠতা হৈছেই৷ সপ্তম মানত পঢ়ি থকা জোন আধা ফুলা গোলাপ পাহৰ দৰেই, এক চঞ্চলা সদ্য প্ৰস্ফুটিত গাভৰু৷ স্বাভাৱিকতেই সি জোনকো সাংস্কৃতিক সমাৰোহলৈ আমন্ত্ৰণ জনালে৷ সদ্যযৌৱনা জোন, অনলৰ সান্নিধ্য এনেই ভাললগা হৈ আহিছে; গতিকে প্ৰিয় লোকজনৰ সাংস্কৃতিক কাৰ্যক্ৰম নোচোৱাকৈ কেনেকৈ থাকে বাৰু তাই! তাৰ নাটকৰ কৰুণ সংলাপ শুনি জোনৰ গাঁৱৰ ভাওনাৰ কথা মনত পৰিল৷ সেইবাৰ নামঘৰত অনুষ্ঠিত কৰা বছৰেকীয়া ভাওনাত অভিমন্যুৰ বিলাপ শুনি আগৰে পৰা প্ৰেমত তুলতুলীয়া হৈ থকা তাইৰ পেহীয়েকে সেই ৰাতিয়ে অভিমন্যুৰূপী বিপিন কাইৰ ঘৰত সোমালগৈ৷ জোনৰো অনলক বিপিন কাইৰ লগত তুলনা কৰিবলৈ মন গ’ল৷ দুয়োৰো মিলা-মিছাৰ ধৰণ-কৰণ দেখি ৰীতাৰ গা চোবালে৷ ইতিমধ্যে দুয়োৰো হিয়া-দিয়া-নিয়া আৰম্ভ হৈ গৈছে৷ এটা সময়ত জোনক লৈ ৰীতা আকৌ স্বামীগৃহলৈ প্ৰত্যাৱৰ্তন কৰিলে৷ জীৱনে-মৰণে দুয়ো দুয়োকো কেতিয়াও পাহৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে জোনে অনলৰ পৰা বিদায় ল’লে৷

—মই গৈ পায়েই চিঠি দিম তোমালৈ, তোমাৰ পৰা উত্তৰ পোৱাৰ এসোপা হেঁপাহ বুকুত বান্ধি ৰৈ থাকিম সদায় পদূলি মূৰত৷

থোকাথুকি মাতেৰে জোনে ক’লে৷

—ময়ো চিঠিৰে তোমাৰ খবৰ লৈ থাকিম জোন! নিজকে সংস্থাপিত কৰাৰ পিছতে তোমাক আমাৰ ঘৰলৈ লৈ আহিম, চিৰদিনলৈ, নিজৰ কৰি৷

অনলেও তাইৰ মূৰত হাত বুলাই প্ৰতিশ্ৰুতি দিলে, জীৱনত জোনৰ বাহিৰে অন্য নাৰীৰ প্ৰৱেশ ঘটিবলৈ নিদিয়ে বুলি৷

দুটা বছৰ যেন দুমাহতে পাৰ হ’ল৷ মেট্ৰিক পাছ কৰাৰ পিছত কলেজত পঢ়িবলৈ বুলি চহৰত থাকিবলৈ ল’লে যদিও ঘৰলৈ অহাৰ সময়ত জোনৰ চিঠিবোৰ পঢ়ি সি কাল্পনিক জগত এখনত বিচৰণ কৰি ফুৰে৷ প্ৰথম বাৰ্ষিকৰ ফলাফল ওলোৱাৰ পিছত অনলৰ ঘৰলৈ অহাটো কমি আহিবলৈ ধৰিলে, কিয়নো সি এইবাৰ  ফাইনেল পৰীক্ষা দিব লাগিব, গতিকে পঢ়া-শুনাত ভালদৰে মনোনিৱেশ কৰিবলৈ ঘৰৰ পৰা তাগিদা আহি থাকিল৷ পঢ়াত মন বহুৱাবলৈ সিও সাময়িকভাবে জোনৰ কথা পাহৰিবলৈ যত্ন কৰিলে৷ হোষ্টেললৈ মোমায়েকৰ হাতত দি পঠোৱা পইচাৰ লগতে শুভেচ্ছাৰে ভৰাই পেলোৱা জোনৰ চিঠি এখন পালে৷ 

এইখনেই পৰীৰ শেষ চিঠি৷ 

পৰীক্ষা দি উঠি ঘৰলৈ গৈয়ো অনলে পৰীৰ কোনো চিঠি পত্ৰ নাপালে৷ উপৰ্যুপৰি দিয়া চিঠিৰ পিছতো তাইৰ পৰা কোনো সঁহাৰি নাপাই সি একপ্ৰকাৰ হতাশ হৈ পৰিল৷ বায়েকক চিঠিৰে সোধাত তায়ো কিবা এৰা-ধৰা উত্তৰ এটা দি থ’লে৷ ৰীতাৰ চিঠিৰ পৰা সি এটা কথা অনুমান কৰি ল’লে যে জোনৰ বিষয়ে তাই বিতংকৈ একো ক’ব নিবিচাৰে৷ কৈশোৰৰ প্ৰথম প্ৰেম এইদৰে কলিতে নিৰ্বাপিত হোৱাৰ উপক্ৰম হোৱাত সি একপ্ৰকাৰ হতাশ হৈ পৰিল৷ আহত মন এটা লৈ  সি আকৌ উচ্চ শিক্ষাৰ কাৰণে চহৰলৈ গুচি গ’ল৷ অধ্যয়নৰ ব্যস্ততাৰ মাজতো মাজে মাজে জোনৰ কথা মনত পৰি মন বেয়া লাগে যদিও এসময়ত সি তাইৰ কথা ভাবিবলৈ এৰি দিলে৷ চাকৰি হোৱাৰ পিছত ঘৰত বিয়াৰ যো-জা চলিল৷ জোনৰ স্মৃতিয়ে আকৌ তাৰ হৃদয় তোলপাৰ লগাব ধৰিলে৷ এবাৰ জোনৰ মনোভাৱ প্ৰত্যক্ষভাবে জানিবপৰা হ’লে! মনৰ সঞ্চিত সকলো প্ৰেম উজাৰি সি পৰীলৈ অন্তিম চিঠিখন লিখিলে; কোনো সঁহাৰি নাপাই শেষ আশা হিচাপে ৰীতা বায়েকলৈ এখন দীঘলীয়া চিঠি লিখিলে৷ 

—জোনৰ কথা মই বিশেষ নাজানো অনল৷ শুনিছোঁ স্কুলৰ মাষ্টৰণী চাকৰি পাই তাই দূৰণিৰ মফচলীয়া চহৰ যেন লগা গাঁও এখনত থাকিবলৈ লৈছে৷ মাজতে বিয়াৰ কথা শুনিছিলোঁ, কি হ’ল একো গম নাপালোঁ৷ বিয়া হোৱাহেঁতেন আমাক নিশ্চয় মাতিলেহেঁতেন৷

বায়েকৰ এনেকুৱা এৰা-ধৰা খবৰত অনল বৰ হতাশ হৈ পৰিল৷ তাৰমানে জোনে সঁচাকৈয়ে তাক পাহৰিলে৷ সকলোবোৰ সপোন আছিল বুলি ভাবি অৱশেষত ঘৰৰ ইচ্ছামতেই তেওঁলোকে ঠিক কৰা ছোৱালী এজনীৰ লগত তাৰ ধুমধামেৰে বিয়া হৈ গ’ল৷ বায়েক বিয়ালৈ নহাটোও তাৰ কাৰণে এক অবুজ সাঁথৰ৷ হ’লেও কৈশোৰতে গজালি মেলা প্ৰেম এনেকৈ পাহৰি যোৱা সম্ভৱ জানো! মাজে মাজে এনেদৰে স্মৃতিয়ে তাক বৰকৈ আমনি কৰে৷ 

সময় এখন বোৱতী নদী৷

তিনি পাঁচ বছৰৰ মূৰে মূৰে ঘূৰি ফুৰিবলগীয়া চাকৰিটোৰ কাৰণে এসময়ত সি যোৰহাট পালেগৈ৷ তাত গৈ আকৌ তাৰ পুৰণি প্ৰেমে উক দিলে৷ যোৰহাটৰ পৰা দুঘণ্টামান পথৰ দূৰত্বত  ৰীতা বায়েকৰ ঘৰ৷ ইতিমধ্যে তাৰ মূৰৰ ওপৰেদি আঢ়ৈকুৰি বসন্ত পাৰ হৈ গৈছে৷ পঢ়া-শুনাৰ সুবিধাৰ কাৰণে ল’ৰা-ছোৱালীহালৰ সৈতে পত্নীক গুৱাহাটীতে ৰাখি সি যোৰহাটত উদঙীয়া জীৱন কটাই আছে৷ প্ৰতি শনিবাৰে গুৱাহাটীলৈ যায় আৰু সোমবাৰে পুৱাই কৰ্মস্থলীলৈ উভতি আহে৷  এদিন সপ্তাহৰ মাজতে পৰা বন্ধ এটাত কাপোৰ-কানি পিন্ধি কি কৰোঁ কি নকৰোঁ বুলি ভাবি থকা মুহূৰ্ত এটাত ওচৰতে থকা বায়েকলৈ মনত পৰিল৷ ৰীতাৰ কথা মনলৈ অহাৰ লগে-লগে জোনৰ স্মৃতিয়ে আকৌ আমনি কৰিব ধৰিলে৷ হঠাতে ঠিক কৰিলে আজি ৰীতাৰ ঘৰলৈ যাব৷ ভবাই নহয়, দুঘণ্টা পিছতে বায়েকৰ ঘৰত গৈ হাজিৰ৷ বেছি কথাৰ পাতনি নেমেলি সি চাহত চুমুক দিয়েই জোনৰ কথা সুধিলে৷

—তোৰ আকৌ আজি হঠাতে জোনৰ কথা মনত পৰিল যে ইমান বছৰৰ পিছত? সুখৰ সংসাৰ এখন আছে, এনেকৈ থাক জোনৰ কথা চিন্তা কৰিব নালাগে। 

—ৰীতা বা! তই মোৰ পৰা কিবা লুকুৱাইছ৷ ক’ চোন আচলতে কথাটো কি!

—এতিয়া এইবোৰ জানি কি কৰিবি অ’ অনল? পাহৰি যোৱা কথাবোৰ পাহৰণিৰ গৰ্ভতে থাকিবলৈ দে৷

 শুকাবলৈ ধৰা ঘা‍ঁ খুঁচৰি কাৰো একো লাভ নহ’ব৷

—ৰীতা বা! মোক আজি তই ক’বই লাগিব আচলতে হৈছে কি৷

—শুনিবলৈ সাহস হ’ব তোৰ? শুন তেতিয়াহ’লে৷ তই চহৰলৈ গুচি যোৱাৰ পিছত  জোনে পঠোৱা চিঠিবোৰ পিয়নে তহঁতৰ ঘৰত দি থৈ যায়৷ প্ৰথমতে চিঠিবোৰ তই ঘৰলৈ আহি ঠিকেই পাইছিলি যদিও তোৰ অধ্যয়নত ব্যাঘাত হোৱাৰ আশঙ্কাত সেইবোৰ পিছলৈ তহতঁৰ ঘৰৰ মানুহে তোক নিদি নষ্ট কৰি পেলাবলৈ ধৰিলে৷ উপৰ্যুপৰি দিয়া চিঠিৰ কোনো সঁহাৰি তোৰ পৰা নাপাই তই তাইক পাহৰি যোৱা বুলি ভাবি তায়ো চিঠি লিখা বন্ধ কৰি দিলে।

—কিন্তু তইতো মোক কৈছিলি তাই দূৰণিৰ ক’ৰবাত মাষ্টৰনী চাকৰি কৰে, লগতে বিয়াৰো যো-জা চলিছে বুলি কোৱা মনত পৰে। 

—মই তেনেকৈয়ে শুনিছিলোঁ৷ ইয়াতকৈ বেছি তোক বহলাই কোৱাৰো মানা আছিল তহঁতৰ ঘৰৰ পৰা। তই জাননে জোনে দিনে-ৰাতিয়ে তোৰে সপোন দেখি আছিল৷ আমাৰ ঘৰলৈ আহিলে অনৰ্গল তোৰ গুণ-গৰিমাৰ ওৰ নপৰে৷ কেনেকৈ তোৰ সৈতে সৰুকৈ এখন ঘৰ সজাব, এইবোৰেই কথা৷ তাই কলেজ পোৱাৰ পিছৰ পৰাই তোৰ পৰা আশাব্যঞ্জক সঁহাৰি নাপাই পখিলাৰ নিচিনাকৈ উৰি ফুৰা ৰাংঢালী ছোৱালীজনী নিমাতী কন্যা হৈ পৰিল৷ ইমান ধুনীয়া ছোৱালীজনী হতাশাত নিজৰ শৰীৰটোকে আপদীয়া বুলি ভাবি যত্ন ল’বলৈ এৰি দিলে৷ খোৱা-শোৱাও ঠিকমতে নকৰাত অপুষ্টিত শুকাই-খীণাই যাবলৈ ধৰিলে৷ শেষত স্কুলৰ চাকৰি এটা পাই জীৱনৰ সকলো মোহ পৰিত্যাগ কৰি পৰিয়ালৰ কোনোৱে ঢুকি নোপোৱা দূৰণিৰ অজান ঠাই এখনলৈ গুচি গ’ল৷

—তই এইবোৰ কথা আগতে নকৈ মোৰ আৰু জোনৰ কিমান অপকাৰ কৰিছ জাননে বাইদেউ? 

খঙত চিৎকাৰ কৰি উঠিল অনল৷

হঠাতে কি হ’ল জানো ৰীতাৰ; পোৱালি হেৰুৱা বাঘিনীৰ দৰে তাই জঁকি উঠিল৷ চকুৰে যেন জুইহে ওলাই আহিছে, অনলৰ ফালে এপলক চালে৷ এই দৃষ্টি সহ্য কৰিব নোৱাৰি সি মুখ ঘূৰাই দিলে৷ ৰীতা তাৰ সমুখলৈ আগবাঢ়ি আহিল৷ থুতৰিটো বাঘৰ হাতোৰাৰ নিচিনাকৈ জোৰকৈ খামুচি ধৰি চকুত চকু থৈ ক্ষন্তেক অঙঠাৰ নিচিনা ৰঙা পৰা চকু দুটাৰে তাৰফালে চাই থাকিল৷ তাৰ পাছত চিঞৰি চিঞৰি তীক্ষ্ণ শব্দবাণ নিক্ষেপ কৰিলে৷

—কি কথা ক’বলৈ আহিছ অনল তই হা? তোৰ লাজ নালাগিল! তই হোষ্টেললৈ যোৱাৰ পিছত তোৰ নামত সম্পূৰ্ণ সত্তা সঁপি দিয়া সেই কুমলীয়া ছোৱালীজনীক তোৰ নতুন ঠিকনা এটা দিব নোৱাৰিলি? তহঁতৰ ঘৰত কথা দিয়া কাৰণে মোৰ বাৰু বাধ্যবাধকতা আছিল, কিন্তু তোক কোনে বান্ধি ৰাখিছিল? বিয়াৰ সময়ত মোক চিঠিৰে সোধাৰ সলনি তই নিজে আহি এবাৰ জোনক লগ নকৰিলি কেলেই তাইৰ মনৰ কথা জানিবলৈ? তাইতো তোৰ অপেক্ষাতে আছিল, অন্তৰত তেতিয়াও ক্ষীণ আশা এটা লৈ৷ সেই ফুল কুমলীয়া ছোৱালীজনীক প্ৰেমৰ বান্ধোনেৰে অথাই সাগৰত পেলাই থৈ পঢ়াৰ নামত তই হোষ্টেলত নিজৰ স্বাৰ্থত মগন হৈ থাকিলি, কিয় তাইৰ চিঠি নাহিল এবাৰ তোৰ অন্তৰাত্মাক সুধি চাব নোৱাৰিলি? তাইৰ কি হ’ল সেইবোৰ বিবেচনা নকৰাকৈ বিয়া কৰাবলৈ এবাৰো তোৰ হিয়া নকঁপিল নে? আচলতে তাইৰ মনৰ কথা জানিবলৈ তই অকণো চেষ্টাই নকৰিলি৷ তই এটা কাপুৰুষ। ধিক্ তোৰ ভালপোৱা।

ৰীতাই মজিয়াতে থুৱাই দপ-দপাই ভিতৰলৈ গুচি গ’ল৷ কিংকৰ্তব্যবিমূঢ় হৈ অনল কেৱল তলমূৰ কৈ বহি থাকিল৷ বায়েক কিছু সুস্থিৰ হৈ ওলাই অহাত সি ক’লে –

—বাইদেউ বৰ ডাঙৰ ভুল হ’ল৷ এতিয়া মই অনুতপ্ত; এবাৰ জোনক লগ কৰিব খোজোঁ৷

—সকলো অতীত হৈ যোৱাৰ পিচত অনুতাপ কৰাৰ বাহিৰে কৰিবলৈ থাকেনো কি? জোনক লগ কৰিবলৈ তাইৰ ঠিকনা এটাটো লাগিব৷  মাক-দেউতাকক কিবা সুধিবলৈ মোৰ সাহসে নহয় দেখোন৷ এবাৰ তথাপিতো মাকক বিয়া এখনত লগ পাওঁতে তাইৰ কথা সুধিলোঁ, একো উত্তৰ নিদি কেৱল হুকহুকাই কান্দি একো নোখোৱা-নোবোৱাকৈ বিয়া ঘৰৰ পৰা গুচি গ’ল৷ আজিকালি আমাৰ ঘৰলৈ সিহঁতৰ কোনো নাহেই, বৰং ক’ৰবাত লগ পালেও উপায় নাপাইহে মাত দিয়া যেন লাগে৷ নাজানো জোন আচলতে এতিয়াও জীয়াই আছে নে নাই৷

কথাখিনি কৈ ৰীতা উচুপি উঠিল৷

আৰু অনল! আহত পক্ষীৰ দৰে কামিহাড়ৰ সঁজাটোতে বন্দী হৈ থাকিল৷ পিছে বিচাৰিলেও জানো সময় স্থবিৰ হৈ ৰ’ব!

একমাত্ৰ পুত্ৰৰ কান্ধত বিয়া নামৰ বান্ধোনৰ মায়াজাল জাপি দিয়াৰ পিছত অনল এতিয়া আপাত দৃষ্টিত পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰা সম্পূৰ্ণ মুক্ত৷ কলেজত অধ্যাপনা কৰা জীয়ৰীক নিজে চাকৰি কৰি থকা অৱস্থাতেই সুপাত্ৰৰ হাতত অৰ্পণ কৰিলে৷ কৰ্ম নিবৃত্তিৰ পিছত এতিয়া তাৰ হাতত অফুৰন্ত সময়৷ পিছে চাকৰিৰ পৰাহে অৱসৰ ল’লে; ব্যস্ততাপূৰ্ণ জীৱনটো দেখোন উপভোগ কৰাৰ নামত কোনোদিনে আৰম্ভই কৰিব পৰা নগ’ল৷ কেবল ওপৰৰ হেঁচাত টাৰগেট ফুলফিল কৰিবলৈ অলৌ-টলৌকৈ ঘূৰি ফুৰোঁতেই পঁয়ত্ৰিশটা বছৰ কেনি পাৰ হৈ গ’ল গমকে নাপালে৷ এতিয়া আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ মন গ’ল অনলৰ৷ প্ৰথমতেই এৰা বাটত এৰি অহা পুৰণা বন্ধু-বান্ধৱক বিচাৰি এবাৰ অতীতলৈ ভূমুকি মাৰিলে৷ বন্ধুবৰ্গৰ মাজতে  হেৰোৱা অতীতৰ সুখ-দুখবোৰ একাকাৰ কৰি দিবলৈ মন গ’ল৷ সঁচাকৈয়ে স্মৃতিবোৰে কেতিয়াবা ইমান আমনি কৰে! সুমধুৰ স্মৃতি ৰোমন্থনৰ মাজতো দেখোন কেতিয়াবা অতীতৰ পাহৰিব নোৱাৰা দুখবোৰে বুকুতে হেঁচা মাৰি ধৰে৷ তেতিয়া আকৌ বিষণ্ণতাই একমাত্ৰ লগৰী হৈ পৰে৷

চাকৰিৰ তাগিদাতে অনলে অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যবোৰৰ বিভিন্ন ঠাই অনাই-বনাই ঘূৰি ফুৰিবলগীয়া হৈছিল৷ তেতিয়া আকৌ  কৰ্মব্যস্ততাৰ কাৰণে এইবোৰ ঠাইৰ সৌন্দৰ্য হেঁপাহ পলুৱাই উপভোগ কৰিবলৈ আহৰিয়ে নাপালে৷  সেয়েহে এতিয়া এইবোৰ ঠাই ভ্ৰমণ কৰি স্মৃতিৰ কৰণিত আৰু কিছুমান নতুন ফুল তুলিবলৈ মন  গ’ল৷ গুৱাহাটীৰ পৰা কেতিয়াও বাহিৰলৈ নোলোৱা শৈশৱৰ বন্ধু এজনক টানি-আঁজুৰি সন্মত কৰাই দুই বন্ধু এইবাৰ পূব অৰুণাচল ভ্ৰমণত ওলাল৷ নামচাই, ৱাক্ৰু, আনিনি, পাচিঘাট, ডাপৰিজো এই অতীতৰ কৰ্মস্থলীবোৰ আকৌ এবাৰ মুক্তমনে চাবলৈ মন গ’ল৷ এইদৰে ফুৰি-চাকি এসময়ত দুয়ো বন্ধু অসম-অৰুণাচল সীমান্তৰ এখন মফচলীয়া চহৰত উপস্থিত হ’ল৷ দুয়োখন ৰাজ্যৰ মিলনস্থলী হিচাপে কম দিনতে ঠন ধৰি উঠিছে এই নগৰখন৷ ইয়াৰ পৰা ওচৰৰ ঠাইবোৰ ভ্ৰমণ কৰিবলৈ সুবিধা কাৰণে অৰুণাচলৰ ফালৰ বন বিভাগৰ এটা আটকধুনীয়া অতিথিশালাত দুয়ো বন্ধুৱে বাহৰ পাতিলেহি৷ ঠাইখনৰ মাজেৰে কেবাবাৰো অহা-যোৱা কৰিছে যদিও চাকৰি কালত ইয়াত কেতিয়াও ক্ষন্তেকৰ কাৰণে হ’লেও জিৰণি লোৱা নাই৷ সেয়েহে প্ৰকৃতিৰ অনুপম সৃষ্টি এই ঠাইখন ভালদৰে চোৱাৰ এটা হেঁপাহ তাৰ মনত আগৰে পৰা থাকিয়ে গ’ল৷ এইবাৰ ইয়াত দুদিনমান কেম্প কৰি লৈ ওচৰৰ ঠাইবোৰৰ সৌন্দৰ্য্যৰ আকৰ আকণ্ঠ পান কৰিবলৈ মন মেলিলে৷ দুৰাতি থকাৰ পিছত অতিথিশালাটো চোৱা-চিতাৰ দায়িত্বত থকা  ইয়াকি নৰবুৱে নিশা আহাৰৰ সময়ত ক’লে৷

—কাইলৈ আপোনালোকৰ ক’ত প্ৰ’গেম আছে চায়েব? গ্ৰীষ্মকালীন বন্ধ উপলক্ষে সৰু ল’ৰা-ছোৱালীৰ মাজত চিত্ৰাংকন, সঙ্গীত আৰু নাটকৰ এটা ৱৰ্কচ’প চলি আছে৷ কাইলৈ এই কৰ্মশালাৰ অন্তিম দিন উপলক্ষে ইয়াৰ উদ্যোক্তা তথা চহৰৰ গণ্য-মান্য মহীয়সী এগৰাকীক ‘অসম অৰুণাচল কলা-কৃষ্টি বিকাশ মঞ্চ’ ই স্মাৰক, নগদ ধন আৰু মানপত্ৰেৰে সম্বৰ্দ্ধনা জনাব৷ সৰু চহৰখনত এয়াই ডাঙৰ সাংস্কৃতিক সমাৰোহ৷ এনেকুৱা উৎসৱত ওচৰ-পাজৰৰ মানুহবিলাকো হিলদ’ল ভাঙি আহে৷ আপোনালোকেও উপভোগ কৰি বৰ ভাল পাব৷

সঁচাকৈয়ে ভালেই পালে অনলে৷ জিৰণিও লোৱা হ’ব, লগতে বহু বছৰৰ পিছত আকৌ সঙ্গীত-নাটকৰ লগত নতুনকৈ চিনা-পৰিচয় হ’ব পাৰিব৷ পুৱা অলপ দেৰিকৈ শুই উঠি প্ৰাতঃভ্ৰমণৰ অচিলাতে নগৰলৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰা  ঠাইকণৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলে৷ দুপৰীয়া সোনকালে নৰবুৰ হাতৰ সুস্বাদু আহাৰ গ্ৰহণ কৰি ৱৰ্কচ’প তথা প্ৰদৰ্শনী চাবলৈ গ’ল৷ কণমানিহঁতৰ নিপুণ হাতৰ ৰংবিৰঙী চিত্ৰাঙ্কন আৰু সুমধুৰ কণ্ঠৰ গীত শুনি মোহিত হ’ল৷ বিশেষকৈ তাৰ প্ৰিয় বনগীতৰ কলি কণমানিহঁতৰ কণ্ঠত শুনি বিচলিত হৈ পৰিল, স্কুলীয়া দিনৰ বহু কথাই তাৰ মনলৈ আহিবলৈ ধৰিলে৷ মৰহি যোৱা অতীতৰ সকলো স্মৃতি তথা দুখ-ভাৱনা মনৰ পৰা জাৰি-জোকাৰি বৰ্তমানৰ সৈতে একাত্ম হ’বলৈ  সম্বৰ্দ্ধনা সভাগৃহত প্ৰৱেশ কৰিলে৷ ইতিমধ্যে দৰ্শক আৰু কলা-কুশলীৰে সভাগৃহ ঠাহ খাই পৰিছে৷ মঞ্চত উদ্যোক্তাৰ তৎপৰতা বাঢ়ি আহিল৷ সভাৰ মধ্যমণি বিদুষী মহিলাগৰাকীক অসম আৰু অৰুণাচলৰ সুকীয়া সুকীয়া সাংস্কৃতিক দলে ঘৰৰ পৰাই শোভাযাত্ৰা কৰি আদৰি আনিলে৷ সততে পোহৰ বিলাই ফুৰা এক উজ্জ্বল জ্যোতিষ্কৰ নিচিনা গহীন-গম্ভীৰ এগৰাকী মধ্যবয়সীয়া সম্ভ্ৰান্ত নাৰী হাস্যবদনে মঞ্চত প্ৰৱেশ কৰিলে৷ অনলৰো উৎসুকতা বাঢ়ি গৈ থাকিল৷ কোন হ’ব পাৰে শুক্লা চতুৰ্দশীৰ চন্দ্ৰটোৰ দৰে চৌদিশ পোহৰাই অহা এই মহীয়সী! নামটো জানিবলৈ প্ৰবল উৎকণ্ঠাৰে ৰৈ থকাৰ পিছতো ঘোষকে নাম কোৱাৰ লগে লগেই খোল, তাল, শঙ্খ বাজি উঠাত একো নুশুনা হৈ পৰিল৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সম্বৰ্দ্ধনাপৰ্বৰ পিছত উদ্যোক্তাৰ প্ৰশস্তি পত্ৰ পাঠ, স্মাৰক পৰিধান আৰু নগদ ধনৰ চেক বিতৰণ পৰ্ব আৰম্ভ হ’ল৷ কাঁহ পৰি জীণ যোৱা পৰিবেশত ঘোষকে ঘোষণা কৰিলে –

—উচ্চ শিক্ষা সমাপ্ত কৰিয়ে পিতৃ-মাতৃ, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন তথা জীৱনৰ সকলো বৈষয়িক মোহ ত্যাগেৰে মহিমামণ্ডিত হৈ আমাৰ এই সৰু পিছপৰা ঠাইখনৰ কাৰণে এখেতে যিখিনি ত্যাগ কৰিলে, সেই অৱদানক এই প্ৰশস্তি পত্ৰ বা পুৰস্কাৰেৰে মনত ৰাখিবলৈ চেষ্টা কৰাটো ধৃষ্টতাৰ নামান্তৰ মাত্ৰ৷ আমি মাত্ৰ এই মহীয়সী দেৱীৰ অৱদান কৃতজ্ঞতাৰে এবাৰ সুঁৱৰিবলৈহে  আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ৷ অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে এই চেগতে আমাৰ তৰফৰ পৰা পৰিস্মীতা বাইদেউ ওৰফে জোনলৈ এখন স্বৰ্ণখচিত তীব্বতীয় শ্বল আৰু পাঁচ লাখ টকাৰ নগদ ধন আগবঢ়াবলৈ মনস্থ কৰিছোঁ৷ তেখেতে জাকত জিলিকা কৰি তোলা  শিক্ষানুষ্ঠানখন আৰু সঙ্গীত নাটক একাডেমিখনৰ উত্তৰোত্তৰ উন্নতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা চহৰৰ গণ্য-মান্য ব্যক্তি দৰ্জী ফোণ্টচুকক এই বঁটা প্ৰদান কৰিবলৈ মই অনুৰোধ কৰিলোঁ৷

জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু শঙ্খধ্বনি৷ এই শঙ্খধ্বনিয়ে তাৰ মনলৈ যেন ভূমিকম্পৰ জো‍ঁকাৰণিহে আনিলে৷ মূৰটো ঘূৰাই যোৱা যেন লাগিল৷ মনৰ মাজত খু-দুৱাই থকাৰ প্ৰশ্নৰ উত্তৰ পাই আনন্দ কৰিব নে ইয়াৰ পৰা পলাই যাব একো ঠিৰাং কৰিব নোৱাৰা হ’ল৷ তথাপি এটা প্ৰশ্নবোধক চিনে তাৰ মনত ক্ৰিয়া কৰি থাকিল৷ জোনে বিয়া নোহোৱাকৈয়ে জীৱনটো কটাই দিলে নেকি বাৰু! এই লাখটকীয়া প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে তিলমানো শান্তিত থাকিব নোৱাৰে৷ অশান্ত মনত উত্তাল সাগৰৰ জোৱাৰ ভাটা৷ ইয়াৰ পিছত সভাৰ কাম কিমান সময় চলিল তাৰ একো মনত নাই৷ জাতীয় সঙ্গীত গোৱাৰ সময়ত লগৰজনে হেঁচুকি দিয়াতহে  খপজপকৈ সি  থিয় হৈ থাকিল মাত্ৰ৷ পৰৱৰ্তী সময়ত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰ কথা সি পাহৰিয়ে গ’ল৷ শেষবাৰৰ বাবে এপলক জোনক চাই সি ততাতৈয়াকৈ বন্ধুক এখন হাতেৰে টানি নিয়াদি নি সভাগৃহৰ পৰা ওলাই গ’ল৷ পিছে সভাৰ পৰা পলাব খুজিলেই জানো জীৱনৰ পৰা পলাই সাৰিব পাৰিব? বিধাতা যে পিছে পিছে গৈ আছে সি ক’বই নোৱাৰে৷

এখন সুকোমল হাতে তাৰ কান্ধ স্পৰ্শ কৰাত সি ৰৈ গ’ল৷ বন্ধুজন ইতিমধ্যে আগবাঢ়ি গ’ল৷

—ইমান খৰধৰকৈ ক’লৈ যোৱা অনল? গোটেই জীৱনটো পলায়ে ফুৰিলা, এতিয়া শেষৰফালে হ’লেও ধৰা দিয়া এবাৰ৷ কিমান বছৰ বাৰু? সুদীৰ্ঘ দুকুৰি পাঁচ বছৰৰ মূৰত তোমাক দ্বিতীয় বাৰৰ বাবে লগ পালোঁ, হয়তো এয়াই আমাৰ অন্তিম সাক্ষাৎ৷ এবাৰো মন নগ’ল নে শেষ বয়সত হ’লেও এবাৰ মোক চাবলৈ, মোৰ মাত এষাৰ শুনিবলৈ? সেই যে মোৰ গান শুনিবলৈ উত্ৰাৱল হৈ পৰিছিলা? এই দুকুৰি পাঁচটা বছৰ তোমাৰ ছাঁটোকে বুকুত লৈ ফুৰিছোঁ৷ মই জানো এদিন মোৰ তপস্যা ফলপ্ৰসূ হ’বই৷ কাৰণ তোমাৰ গান, নাটক আৰু চিত্ৰক আধাৰ হিচাপে লৈয়ে ইয়াত মই জীৱন তথা তোমাৰ আদৰ্শক আগবঢ়াই নিছোঁ৷ এই সুৰ এদিন তোমাৰ কাণত পৰিব বুলি মই নিশ্চিত, অথচ মোৰ এই তপস্যাক আওকাণ কৰি তুমি দ্বিতীয়বাৰৰ বাবে আকৌ পলাই যাব বিচাৰিছা? কিয় তুমি এনেকুৱাকৈ পশ্চাৎগমন কৰিলা? প্ৰতিশ্ৰুতি দিয়া মতেই মই চিৰদিন তোমাৰ অপেক্ষাত থাকিলোঁ৷ তোমাক আজি মই তোমাৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিবলৈ নাযাওঁ, কিয়নো এতিয়া সেইবোৰ মোৰ কাৰণে নিৰৰ্থক, এক বিভীষিকাময় অতীত৷ তুমি সুখী হৈছা, সেয়াই মোৰ সুখ৷ তোমাৰ সফলতাৰ কাৰণে সদায়ে মই ফুল অৰ্পণ কৰিছিলোঁ, কিন্তু ফুল আগবঢ়োৱাৰ সময়ত আমাৰ প্ৰেমৰো সফলতাৰ কথা ভগৱানক উনুকিয়াবলৈয়ে নহ’ল অ’ অনল; ভবাই নাছিলোঁ আমাৰ মিলনৰ কাৰণে যে কাৰোবাক, সেয়া লাগিলে ভগৱানেই হওক কিয়, মধ্যস্থতা কৰিবলৈ আহ্বান কৰিব লাগিব৷ এতিয়া সেয়া সকলো অতীত৷ মই জানো মোৰ বিয়া হ’ল নে নাই তুমি জানিবলৈ উৎসুক হৈ আছা৷ মোৰ কাহানিবাই বিয়া হৈ গ’ল৷ মা-দেউতাৰ ককৰ্থনাত সেই তাহানিতে এটা উত্তৰেই দিছিলোঁ, যেতিয়া তোমাৰ পৰা অন্তিম বাৰলৈ নামনিৰ পৰা বিদায় লৈ আহিছিলোঁ, তেতিয়াই মই তোমাক নিজৰ কৰি লৈছিলোঁ৷ মই কোৱা কথাখিনি যদি মনত পেলাবলৈ চেষ্টা কৰা, অনুভৱ নিশ্চয় কৰিব পাৰিবা৷ এবাৰ, মাত্ৰ এবাৰলৈ মূৰ দাঙি মোৰ চকুলৈ পোনে পোনে চোৱা আৰু কোৱা ‘বাই জোন, অহা জনমত আকৌ লগ পাম’৷ মোক তোমাৰ পৰা আৰু একো প্ৰতিশ্ৰুতি নালাগে৷

ইতিমধ্যে নাতিদূৰৈৰ পৰা উৎসুক দৰ্শকে আলেখ-লেখ চাই থকা সত্তেও পৰীয়ে কৰ্ণপাত নকৰিলে; চকুপানীৰ অবিৰত দুটি ধাৰা দুগালেদি বৈ গ’ল, ক’ব নোৱাৰাকৈ৷ তথাপি পৰীৰ চকুলৈ চাই অনলৰ কথা ক’বলৈ সাহস নহ’ল৷ পৰীয়ে থুতৰিত ধৰি তলমুৱাকৈ থকা অনলৰ মূৰটো সামান্য দাঙি ধৰিলে; তাৰ চকুত চকু থৈ সজল নয়নে কিছু সময় চাই থাকিল৷

—পাৰা যদি মোক ক্ষমা কৰি দিবা জোন৷ মোৰ বহুত ভুল হৈ গ’ল৷ সকলো মোৰেই দোষ৷ নিজকে সুপ্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থত যিদৰে তোমাক সময় দিব লাগিছিল বা তোমাৰ বা-বাতৰি লৈ থাকিব লাগিছিল, সেয়া মই কৰিবলৈ অপাৰগ হ’লোঁ৷ এয়া হয়তো মোৰ স্বাৰ্থপৰতা বুলিও ক’ব পাৰা৷ কাৰো গালৈ এতিয়া দোষ ঠেলিব খুজি নিজকে ধোৱা তুলসীৰ পাত কৰিব নোখোজোঁ৷ কিন্তু তুমি বিশ্বাস নকৰিলেও কওঁ শেষৰ দিনটোলৈ মই তোমাক আশা কৰি আছিলোঁ৷ তোমাৰ এটা কথাই সদায় মোৰ কাণত বাজি আছিল –

‘তুমি নিজকে সংস্থাপিত কৰি মোক নিবলৈ আহিবা৷ মই তোমাৰ অপেক্ষাত থাকিম৷’

—তুমি মোক পাহৰি যোৱা বুলি ভুল ধাৰণা এটা পোষণ কৰি সেই অচিলাতে তোমাক বিচাৰি নোযোৱাটো মোৰ মূৰ্খামি আছিল জোন৷ আমাৰ বা তোমালোকৰ পৰিয়ালৰ কিবা অসন্তুষ্টি থাকিব পাৰে বুলি সেই সময়ত মই ভাবিবলৈকে অৱকাশ নাপালোঁ৷ আমাৰ ঘৰৰ পৰা বাইদেউৰ মুখ বন্ধ কৰি থোৱা কথা মই বহু পলমকৈ অৱগত হ’লোঁ৷

অনলৰ মাত থোকাথুকি হৈ পৰিল৷ 

—আশা কৰিলেই সকলো বস্তু পোৱা নাযায় অনল, তাক বিচাৰিবলৈ যত্ন কৰিব লাগিব৷ তুমি হয়তো সাত্ত্বিক মনেৰে মোক নিবিচাৰিলা; তোমাক বিচাৰি যাবলৈ মোকো তুমি কোনো সুৰুঙাই নিদিলা৷ এতিয়া সেয়া অতীত৷ ৰোমন্থন কৰি থাকিলে তোমাৰ সুখৰ সংসাৰত আউল লাগিব৷ মই কিন্তু তোমাৰ স্মৃতি জীয়াই ৰাখিবলৈ সকলো কৰিছোঁ৷ তোমাৰ গান, নাটেৰেই ইয়াত মই স্কুল এখনো খুলিছোঁ৷ এতিয়া আৰু মোৰ জীৱনৰ প্ৰতি কোনো মোহ নাই৷ ঘৰ কেতিয়াবাই এৰিলোঁ৷ ৰীতা মামীৰো খবৰ নাপাওঁ একো৷ যিয়েই নহওক তেওঁৰ কাৰণেই তোমাক পালোঁ৷ এটা ধন্যবাদো দিয়া ন’হল৷ এই সাক্ষাতেই হয়তো আমাৰ শেষ দেখা৷ ভগৱানে কৰিলে অহা জনমত আকৌ লগ হ’ম, এক আধৰুৱা জীৱনৰ স্মৃতি পৰিতৃপ্ত কৰাৰ বাসনা সাকাৰ কৰাৰ আশাত৷ আজিৰ তলসৰা, হয়তো কলি হৈ ফুলি উঠিব আকৌ৷ বাই অনল৷

*******

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *