অসমৰ এগৰাকী মানৱদৰদী চিকিৎসক ডাঃ গণেশ ফুকন-উপাসা ভাগৱতী
নামটোতে লুকাই আছে বিপদত যি সহায় কৰে, গণেশ অৰ্থাৎ বিঘ্নদাতা। মুখত হাঁহি এটি লৈ মৌবৰষা কথাৰে বেমাৰত মাত নোহোৱা মানুহৰ মুখেৰেও মাত উলিয়াই বেমাৰৰ পঞ্চাশ শতাংশ ঠিক কৰি দিব পৰা সেই মানুহজন। পৰিপাটি পোছাকেৰে হাতত চিকিৎসকৰ বেগটোৰে ওখ-পাখ, তেজগোৰা চাহাবৰ দৰে সেই মানুহজন, নগাঁও চহৰত বৰ্তমানেও যাৰ নাম ক’লে যথেষ্ট সম্ভ্রমৰে, সন্মান আৰু শ্ৰদ্ধাৰে সোঁৱৰে। বৰ্তমানেও তেখেতৰ নামৰ উজ্বলতাৰে উজ্বলি আছে ঘৰখন। চিকিৎসক হিচাপে চহৰখনৰ খাটি খোৱা প্ৰতিজন মানুহৰে মনত শ্ৰদ্ধা আৰু মৰমেৰে সোমাই থকা এটি নাম ডাঃ গণেশ ফুকন। নগাঁও চহৰৰ চিকিৎসা জগতৰ অন্যতম ভোটাতৰাস্বৰূপ, সমাজসেৱক, দীন আৰু নিঃস্ব ৰোগীসকলৰ ত্ৰাণকৰ্তা ৰূপত নগাঁও চহৰবাসীৰ মনত চাপ বহুৱাই যোৱা এজন প্ৰকৃত চিকিৎসক ডাঃ গণেশ ফুকন।
জন্ম হৈছিল ইংৰাজী ১৯১০ চনৰ ১১ পুহ সোমবাৰে আৰু মৃত্যু হৈছিল ১৯৯৭ চনৰ ১২ পুহ দেওবাৰে কৃষ্ণা চতুৰ্দশী তিথিত পুৱা ৭:৫৫ বজাত। তেখেতৰ বংশলতিকা বিচাৰ কৰিবলৈ যাওঁতে আমি পাওঁ যে যোৰহাটৰ বিখ্যাত তামুলীফুকন বংশৰ অসমৰ বিখ্যাত বুৰঞ্জীলেখক কাশীনাথ তামুলীফুকন, যি ব্ৰিটিছ চৰকাৰৰ আমোলত শিৱসাগৰৰ সদৰ কাছাৰীত কাম লৈ শিৱসাগৰত নিগাজিকৈ বাস কৰিছিল। অসমৰ এই বিখ্যাত বুৰঞ্জী লিখকজনৰ আজোনাতি আছিল শিৱসাগৰৰ গণকপতিত জন্মলাভ কৰা কৃতি চিকিৎসক ডাঃ গণেশ ফুকন। কাশীনাথ তামুলী ফুকন—মুক্তানাথ ফুকন–পদ্মনাথ ফুকন–ডাঃ গণেশ ফুকন। লেখত লবলগীয়া কথা যে ডাঃ ফুকনৰ পিতৃ পদ্মনাথ ফুকনৰ স্ত্ৰী জয়দা দেৱী (ডাঃ গণেশ ফুকনৰ মাতৃ) আছিল সাহিত্যৰথীৰ পিতৃ দীননাথ বেজবৰুৱাৰ মাজু জীয়ৰী। অর্থ্যাৎ সাহিত্যৰথীৰ ভগ্নী। সেই দৃষ্টিৰে চিকিৎসকজন সাহিত্যৰথীৰো সম্পৰ্কীয়। সৰুতেই পিতৃ-মাতৃৰ বিয়োগ হোৱাত তেখেত খুড়াক দুৰ্গানাথ ফুকন আৰু খুৰীয়েক ভাগ্যৱতী ফুকনৰ মৰমৰ ছায়াত ডাঙৰ-দীঘল হৈছিল আৰু তেখেতৰে পুত্ৰ স্বৰূপ হৈ পৰিছিল চিকিৎসকজন। তিনিগৰাকী বাই-ভনী আৰু ককাই-ভাইৰ তিনিজন ইন্দুনাথ ফুকন–ক্ষীৰ ফুকন-ডাঃ গণেশ ফুকন কনিষ্ঠজন আছিল। বাই-ভনীসকলৰ ভিতৰত এগৰাকী মামণি ৰয়ছম গোস্বামীৰ মাক অম্বিকা গোস্বামী আছিল। সেই সম্পৰ্কৰ সূত্ৰে অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক মামণি ৰয়ছম গোস্বামী তেখেতৰ ভাগিনীয়েক আছিল।
ডিব্ৰুগড়ৰ বেৰি হোৱাইট মেডিকেল স্কুলৰ পৰা চিকিৎসকৰ ডিগ্ৰী (তেতিয়াৰ এন এল পি) লাভ কৰি জনগণক সেৱা কৰিবলৈ ওলাই আহিছিল সম্ভৱতঃ ১৯৩৯ চনত। কাৰণ ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ শ্মশান যাত্ৰাত অংশ লোৱা চিকিৎসকজন সেইসময়ত অন্তিম বৰ্ষৰ ছাত্ৰ আছিল। নগাঁও জিলাৰে খুব সম্ভৱ কুঁৱৰীটোল চিকিৎসালয়ত প্ৰথম নিযুক্তি লাভ কৰি নগাঁৱৰে বিভিন্ন চিকিৎসালয়ত অসংখ্যজনক চিকিৎসা প্ৰদান কৰে। কলিকতাত এবছৰীয়া ডিপ্লোমা কৰে। এই শিক্ষা স্ত্ৰীৰোগ আৰু আৰু চিকিৎসাৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা (Hygiene) এই দুটা বিষয়ৰ আছিল।।
জনপ্ৰিয়তাৰ বাবেই ৰাইজৰ আগ্ৰহত নগাঁৱৰ মুখ্য চিকিৎসালয়লৈ নিযুক্তি লাভ কৰি চিকিৎসা প্ৰদান কৰি অৱসৰপ্ৰাপ্ত হোৱাৰ পিছতো ৰাইজৰ অতি আগ্ৰহত, মৰমত পুনৰ তিনি বছৰ অধিককৈ চৰকাৰী চিকিৎসকৰূপে তেখেতে ৰাইজক চিকিৎসা প্ৰদান কৰিছিল। তেখেত এজন চিকিৎসকৰ লগতে সুনিপুণ চিকাৰী, এজন সুদক্ষ ফুটবল খেলুৱৈ (ফুটবলটো লৈ কৰা পদচালনা দেখি খেল চোৱা লোকে তেখেতৰ ভৰিত যাদু আছে বুলিছিল) আৰু এগৰাকী অধ্যয়নপিপাসু মনৰ অধিকাৰী আছিল। নাতি-নাতিনীসকলৰ হাতত অন্য সামগ্ৰীৰ লগতে কিতাপ হাতত তুলি দিয়া সততে দেখা গৈছিল। নাতি-নাতিনীসকলৰ মাজত তেখেত আন্তাপুৰী ককা আৰু পপিন ককা নামেৰে পৰিচিত আছিল; সেই শব্দ দুটাৰে সুৰীয়াকৈ গীত গাই গাই মৰম কৰা বাবে।
অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰোগী শুশ্ৰূষা কৰাৰ মানসেৰে প্ৰথমে নগাঁৱৰ বৰ বাজাৰৰ ‘ভাৰত ফাৰ্মাচী’, বিধান গোস্বামীদেৱৰ দ্বাৰা পৰিচালিত ‘অসম মেডিকেল ফাৰ্মাচী’ আৰু মৃত্যুৰ সময়লৈ নতুন বজাৰত থকা ‘অলকা মেডিকেল হল’ ত তেখেতে পুৱা-গধূলি ৰোগীৰ চিকিৎসা কৰিছিল বৰ নিম্ন মানৰ মাননিৰে। পৰাপক্ষত তেখেতে ৰোগীৰ আৰ্থিক অৱস্থা চাই বিনামূলীয়াকৈ চিকিৎসা তথা ঔষধৰ যোগান ধৰিছিল।
অৱসৰ গ্ৰহণ কৰাৰ পিছত নগাঁও কন্যা মহাবিদ্যালয়ৰ হোষ্টেলৰ আৱাসীসকলৰ চিকিৎসকৰূপে তেখেত বহুবছৰ কাৰ্যৰত হৈ থকাৰ ওপৰিও আমোলাপট্টিৰ কিৰণবালা গোস্বামী বালিকা বিদ্যালয়ৰ সভাপতি ৰূপে কেইবাবছৰো কাৰ্যনিৰ্বাহ কৰে। নগাঁও হোমিওপেথি কলেজ আৰু তেতিয়াৰ বি টি (বি এড) কলেজৰো চিকিৎসকৰূপে কাৰ্যনিৰ্বাহ কৰি গৈছিল অতি নিষ্ঠা সহকাৰে অৱসৰৰ অন্তত। তাৰ লগতে নগাঁও নাট্যমন্দিৰ তথা পূজা সমিতিৰ সভাপতিৰূপেও কাৰ্যনিৰ্বাহ কৰি তেখেতে সমাজসেৱা কৰি গৈছিল। নগাঁৱৰ স্বাধীনতা কাপ ফুটবল খেলখনত বহু বছৰ ধৰি প্ৰাথমিক চিকিৎসাৰ সমগ্ৰ যতন লৈ চিকিৎসক হিচাপে সৰ্বদায় উপস্থিত হৈ তেখেতৰ প্রিয় খেল ফুটবল উপভোগ কৰাৰ লগতে চিকিৎসা কাৰ্য বৰ সুন্দৰকৈ সমাধা কৰিছিল।
অমায়িক আৰু মুকলি মনৰ স্বভাৱ আৰু সেৱাৰ মনোভাৱৰ বাবেই তেখেতে সকলোৰে মনত চাপ বহুৱাব পাৰিছিল। এইক্ষেত্ৰত সৰ্বেশ্বৰ ৰাজগুৰুদেৱে ডাঃ ফুকনদেৱৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনত উল্লেখ কৰি থৈ গৈছে। তেখেতৰ মুকলি মন, সহজ-সৰল ব্যৱহাৰৰ বাবে অন্য মানুহৰ দৰে ৰোগীসকলো সততে আকৰ্ষিত হৈছিল। সহজভাৱে নিজৰ শাৰীৰিক অসুস্থতাৰ কথা, দৰবৰ বিষয়ে মুকলিভাৱে সুধিব পৰা কথাটোৱে আৰু লগতে তেখেতৰ মনত টকা-পইচাতকৈ ৰোগীৰ সেৱাৰ মনোভাৱৰ বাবেই বিনাদ্বিধাই, নিঃসংকোচে এই চিকিৎসকৰ ওচৰলৈ দৌৰি আহিছিল আৰু আৰোগ্য লাভ কৰিছিল। তেখেতৰ এই চিকিৎসা পদ্ধতিটোৱে আমাক বুজাই যায় যে ৰোগীসকলক কেৱল শাৰীৰিকভাৱে নহয় মানসিকভাৱৰ চিকিৎসাৰ কিমান প্ৰয়োজন। মনত ৰোগীৰ প্ৰতি অন্তঃকৰণেৰে সেৱাৰ মনোভাৱ থাকিলেহে এজন চিকিৎসক সমাজৰ প্ৰতিজন মানুহৰে মনত বাস কৰিব পাৰে। ডাঃ ফুকনদেৱৰ এনে চিকিৎসাই নগাঁও চহৰৰ প্ৰতিজন ৰোগী সেইবাবেই তেখেতৰ ওচৰলৈ আহি পলকতে সুস্থ হৈ উঠিছিল। সেইবাবেই যেন চিকিৎসা বৃত্তি আৰম্ভ কৰা নগাঁও চহৰৰ কুঁৱৰীটোলৰ সেই জনপ্ৰিয়তাই তেখেতক নগাঁও চহৰখনৰ হস্পিতাললৈ টানি লৈ আহিছিল আৰু তেখেতৰ মানৱসেৱাৰ এই পথটিৰ সুকোমল খোজে প্ৰতিজন ৰোগীৰ মনত শান্তিৰ বা ছটিয়াই পলকতে সুস্থ হৈ পৰাৰ বাবেই প্ৰতিজন নগঞাৰ মনত, হৃদয়ত বাস কৰা মানুহজনক অৱসৰ ১৯৭১ চনত প্ৰাপ্ত হলেও তেখেতক তিনিবছৰ কাৰ্যকাল বঢ়াই দিয়া হৈছিল। মানুহৰ মৰমত শিৱসাগৰীয়া ফুকনদেৱেও নগাঁৱৰ চিৰস্থায়ী বাসিন্দা হবলৈ মনত স্থিৰ কৰি আমোলাপট্টি ৰেডক্ৰছৰ কাষতে চহৰখনৰ এক আটকধুনিয়া ঘৰ সাজি স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল।
চিকিৎসক হোৱাৰ পিছতে তেখেত শিৱসাগৰনিবাসী প্ৰেমধৰ বৰুৱা আৰু লীলাৱতী দেৱীৰ পুত্ৰী মীৰা ফুকনৰ লগত বিবাহপাশত আৱদ্ধ হয়। প্ৰথমা কন্যা অনিমা (পুতলী, সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ পত্নী), কটন কলেজত অধ্যয়ন কৰি আইনৰ ডিগ্ৰীধাৰী জী টুমণি (গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মানস ভট্টাচাৰ্য্যৰ পত্নী), এসময়ৰ গুৱাহাটী আৰু বৰ্তমান ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ নিয়মীয়া গায়িকা মিমণি (গোলাঘাটৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী অপূৰ্ব গোস্বামীৰ স্ত্ৰী) আৰু দুজন পুত্ৰ জাগীৰোড কলেজৰ ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী উৎপল ফুকন (স্ত্রী – ড° স্মৃতিশিখা ফুকন, জাগীৰোড মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধাপিকা), জাগীৰোড কাগজকলৰ উচ্চপদস্থ বিষয়াৰূপে অৱসৰপ্ৰাপ্ত শ্ৰী উজ্বল ফুকন (স্ত্ৰী – অসমীয়া বিভাগৰ স্নাতকোত্তৰ মিনাক্ষী ফুকন) ৰে ভৰা সংসাৰখনৰ বিয়া-বাৰুকে ধৰি ঘৰুৱা প্ৰতিটো কাজ-কৰ্ম তেখেতে সুচাৰুভাৱে এই সমাজসেৱাৰ মাজেৰেই চলাই লৈ গৈছিল। তেখেতৰ অবৰ্তমানত বৰ্তমান দুগৰাকী পুত্ৰ, দুই পো-বোৱাৰী, দুগৰাকী জী আৰু ১০ গৰাকী নাতি-নাতিনী, নাতিবোৱাৰী, নাতি জোঁৱাই আৰু এগৰাকী আজু নাতিনীৰে তেখেতৰ ভৰা সংসাৰ।
১৯৯৭ চন ২৭ মার্চ আৰু ৫ এপ্রিল সংখ্যাৰ ‘আজিৰ অসম’ কাকতত প্রকাশিত আৰু ‘ছাঁ পোহৰত সাহিত্যৰথী বেজবৰুৱা আৰু অন্যান্য প্ৰসংগ’ নামৰ গ্ৰন্থত অসমৰ সাহিত্যৰ বুৰঞ্জীত সাঁচিপাতৰ পুথি, চৰাইদেও, উত্তৰকাণ্ড আদি উপন্যাসেৰে স্বাক্ষৰ বহন কৰা প্ৰথিতযশা সাহিত্যিক তথা ডাঃ ফুকনদেৱৰ প্ৰথম জোঁৱাই, জী অনিমা ফুকনৰ স্বামী ত্ৰৈলোক্য ভট্টাচাৰ্য্যই ডাঃ ফুকনদেৱৰ মুখনিঃসৃত কথাৰে লিখা এক প্ৰবন্ধত ডাঃ গণেশ ফুকন যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ শ্মশান যাত্ৰাত উপস্থিত আছিল উল্লেখ কৰি গৈছে। গ্ৰন্থখনত উল্লিখিত মতে—
“তেওঁৰ অন্ত্যেষ্টিক্রিয়া কোনে সম্পন্ন কৰিব সেই লৈ সমস্যাৰ উদ্ভৱ হ’ল। এনে সময়তে এজনে সমবেতসকলৰ মাজত থকা বুৰঞ্জীবিদ কাশীনাথ তামূলী ফুকনৰ প্রপৌত্র, সাহিত্যৰথীৰ বায়েকৰ নাতিয়েক (ভাগিন পদ্মনাথ ফুকনৰ পুত্ৰ) গণেশ চন্দ্র ফুকনক সাজু হ’বলৈ ক’লে। সেই সময়ত শ্রীফুকন আছিল ডিব্ৰুগড়ৰ বেৰীহোৱাইট মেডিকেল স্কুলৰ (পিছত অসম মেডিকেল কলেজ, ডিব্ৰুগড়) ৰ শেষ বৰ্ষৰ ছাত্ৰ। দুদিনমানৰ পাছতে পৰীক্ষা। কথাটো কোৱাত পুনৰ সমস্যা সৃষ্টি হ’ল। যিহেতু মুখাগ্নি কৰোঁতেই দহদিন দশপিণ্ড দান কৰি আদ্যশ্রাদ্ধ আদিৰে মৎস্য স্পৰ্শৰ দিনালৈকে জড়িত থকাতো বিধেয় আৰু তেৰদিনৰ সময়ছোৱাৰ ভিতৰত পৰীক্ষা দিবলৈ যোৱাৰ প্রশ্নই নুঠে। গতিকে অৱশেষত গণেশ চন্দ্ৰ ফুকনৰ পৰিৱৰ্তে তেখেতৰ ককায়েক (খুৰাক দুর্গানাথ ফুকনৰ পুত্র) পুষ্পনাথ ফুকনে মুখাগ্নি, দশপিণ্ড দান, আদ্যশ্রাদ্ধ (ছমহীয়া, বছৰেকীয়া শ্রাদ্ধ সমন্বিতে) আদি সমস্ত কাম যথাবিহিতভাৱে সম্পন্ন কৰে”। ইয়াৰ উপৰিও তেখেতে সাহিত্যৰথীৰ শৱযাত্ৰী আৰু অন্ত্যেষ্টিক্ৰিয়াৰ দৰ্শকসকলৰ এজন ডাঃ (শ্রী) গণেশ চন্দ্র ফুকনদেৱক নগাঁৱৰ আমোলাপট্টিৰ বাসিন্দা, এজন সৰবৰাহী চিকিৎসক, হাস্যৰসিক আৰু হাতী, বাঘ আদি বাদেই একেটা গুলীতে দুটাকৈ হৰিণা মৰা বিখ্যাত চিকাৰী বুলি উল্লেখ কৰিছে। তেখেতৰ নিজা বাসভৱনত দুফালে দুটা বাঘ লৈ মাজত থিয় হৈ থকা ফুকনদেৱৰ ছবিয়ে, ঘৰৰ দুৱাৰমুখত থকা হৰিণাৰ শিং আদিয়ে তাকেই প্ৰমাণ কৰে।” উক্ত গ্ৰন্থখনত লিখা তথ্যমতে আমি জানিব পাৰোঁ যে ৰসৰাজৰ মৃত্যুৰ চনটোত তেখেত ২৮ বছৰীয়া চফল ডেকা আৰু বেৰী হোৱাইট মেডিকেল স্কুলৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিল।
ইয়াৰ উপৰিও সাহিত্যিক ভট্টাচাৰ্যদেৱে দুয়োজন শহুৰ-জোঁৱাই সম্পৰ্কত অহাৰ বহু বছৰ আগতেই ষাঠিৰ দশকত গাঁৱৰ দহ-বাৰদিনমানৰ নেৰা নেপেৰা বৰষুণত গাঁৱৰ খলা-বমা পথত একাঁঠু বোকা-পানী গছকি, বৰষুণৰ বতৰত ৰোগীক চিকিৎসা কৰি, পুনৰ পিছদিনা স্বইচ্ছাই ৰোগীৰ খবৰ লবলৈ অহা এই চিকিৎসকজনক দেখিয়েই তেখেতৰ জীৱনৰ প্ৰথম প্ৰকাশিত গল্প ‘ডাক্তৰ বাবু’ লিখাৰ কথাই প্ৰমাণ কৰে যে সাধাৰণ মানুহৰ মনত তেখেতৰ এই মানৱতাবোধ তথা মানৱ সেৱাই কিমানদূৰ প্ৰভাৱান্বিত কৰিছিল।
সহজ-সৰল অতি অমায়িক মানৱ দৰদী এইজন কৃতি চিকিৎসকৰ বিষয়ে এইজন লেখকৰে পিতৃ সু-শিক্ষক চন্দ্ৰকান্ত ভট্টাচাৰ্যৰ মতে ডাঃ ফুকন এজন ধনী-দুখীয়া সৰ্বসাধাৰণৰ প্ৰতি সমানেই চেনেহ, সমবেদনা আৰু চিকিৎসা; গাঁৱৰ প্ৰতি যাৰ তিলমানো ঘৃণাবোধ নাই তেনে এজন হৃদয়ৱান লোক।
অসমীয়া সাহিত্যজগতৰ এগৰাকী ভোটাতৰা যজ্ঞেশ্বৰ শৰ্মাদেৱে তেখেতক নগাঁও চহৰৰ সদানন্দ, সুদৰ্শন বিশেষণেৰে বিভূষিত কৰি ডাক্তৰতকৈ ‘সমাজৰ বন্ধু’ বুলি কোৱাটো শ্ৰেয় বুলিছিল।
আমোলাপট্টি নিৱাসী শ্ৰদ্ধাৰ খীল শৰ্মাদেৱে ডাঃ ফুকন দেৱক শ্ৰদ্ধাঞ্জলি যাচি তেখেত যে এজন ৰসিক লোক আছিল উল্লেখ কৰি গৈছে। লগতে তেখেতে কিদৰে ৰোগীৰ মনত ৰোগৰ ভয় নাশ কৰি তেখেতে চিকিৎসা আগবঢ়াইছিল তেখেতৰ ভাষাৰে—- “ৰুগীয়া মানুহ এজনৰ ওচৰলৈ গলে হাঁহি মাৰি– “একো হোৱা নাই, মাত্ৰ সামান্য অলপ ‘গৰবৰ’ হৈছে। এইকেইটা ঔষধ লিখি দিছোঁ খাব –” এইবুলি ভিতৰৰ পৰা নমুনা ঔষধ দুটামানৰ সৈতে ব্যৱস্থাপত্ৰ লিখি দিয়ে।” ৰোগাক্ৰান্ত লোকৰ মনলৈ ৰোগ উপশমৰ এই ক্ৰিয়া তেখেতৰ ব্যৱহাৰৰ দ্বাৰাই অৰ্ধসমাপ্তি ঘটিছিল।
নগাঁৱৰ অব্যৱসায়িক, মানৱসেৱাবৰ্তী চিকিৎসকসকলৰ শেষৰজন প্ৰতিনিধি আছিল বুলি এই চিকিৎসকজনৰ বিষয়ে
এ.ডি.পি কলেজৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী আবু হানিফা নামৰ ব্যক্তিজনে শ্ৰদ্ধা নিবেদি ব্যক্ত কৰি গৈছে।
জখলাবন্ধা চিকিৎসালয়ত কৰ্মৰত অৱস্থাত স্বচ্ছক্ষে দেখা মানৱদৰদী এই চিকিৎসকজনৰ বিষয়ে বৰ্ণাই থৈ গৈছে জখলাবন্ধাতে জন্ম হোৱা পাছলৈ এন বি পি ৰোড নিৱাসী প্ৰয়াত বিশ্বেশ্বৰ বৰঠাকুৰদেৱে। ১৯৪০ চনৰ বাঁহৰ জুপুৰিসদৃশ হাস্পাতালখনৰ ৰূপ বৰ্ণাই প্ৰতি বৃহস্পতিবাৰে চিকিৎসা কৰিবলৈ অহা তেজগোৰা, ওখ-পাখ, চাহাবসদৃশ এই চিকিৎসকজনৰ চিকিৎসা পদ্ধতিৰ বিষয়ে কৈ তেখেতৰ দেৱতাসদৃশ চেহেৰা আৰু মৰমিয়াল মাতষাৰত মৃত্যুপথযাত্ৰী ৰোগীৰো যে ৰোগ হৰলুকী হোৱাৰ দৰে হৈছিল ব্যক্ত কৰিছে। বৰঠাকুৰদেৱে কোৱা মতে সেই সময়ত ৰোগীৰ মনত ফুকনদেৱ ধন্বন্তৰীৰ দৰে আছিল। সেই সময়ত ৰোগীৰ শেষ চিকিৎসা আছিল ডিব্ৰুগড়। কিন্তু ফুকনদেৱৰ সান্নিধ্যত ৰোগীৰ ৰোগ উপশম হৈছিল পলকতে। দুখীয়া, দৰিদ্ৰ লোকৰ কল্পতৰু এই মহান চিকিৎসকজনে নিজে কোনো দক্ষিণাৰ বাঞ্ছা নকৰি কেৱল ৰোগৰ উপচাৰ কৰাৰ লগতে দৰৱ-পাতি দিয়াৰ উপৰিও টকা দি সাহায্যহে কৰিছিল। সেইবাবেই তেওঁলোকৰ নাতি-নাতিনীয়ে কোৱা মতে তেজপুৰৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ নগাঁও চহৰত ভৰি দিয়াৰ লগে লগে এই চিকিৎসকজনৰ নাম লোৱাৰ লগে লগে যিকোনো মানুহেই শ্ৰদ্ধাৰে গদগদ হৈ তেখেতৰ কথা কৈ তেওঁলোকক সহায় কৰিবলৈ তৎপৰ হৈ পৰিছিল; সেইয়া ঘৰত হাজিৰা কৰা নাইবা ৰিক্সাচালকেই কিম্বা হওক। চহৰখনৰ প্ৰতিজন মানুহৰে মনত এই মানৱ দৰদী চিকিৎসকজনে ঘৰ কৰিছিল।
এজন চিকিৎসক হৈয়ো তেখেত আমোলাপট্টি নাট্য সমিতিৰ লগত একান্তভাৱে জড়িত হৈ আছিল। এই নাট্য সমিতিৰে বিয়লি চ’ৰাৰ পদ অলংকৃত কৰা সদস্য আছিল এই সৰহবৰহী চিকিৎসকজন। এই সংস্থাতে তেখেতে বন্ধুবৰ্গৰ সৈতে সন্ধ্যাটো প্ৰায়ে পাৰ কৰিছিল ব্ৰিজ খেলি। পিছলৈ নিজা বাসগৃহত তেখেতে বন্ধুবৰ্গৰ মাজত পৰিবেষ্টিত হৈ ঘৰৰ প্ৰকাণ্ড বাৰাণ্ডাখনৰ প্ৰকাণ্ড টেবুলখনত বহি এই খেল খেলি আমোদ পাইছিল। তেখেতৰ বন্ধুবৰ্গৰ ভিতৰত নগাওঁ চৰকাৰী বালক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণদাস বৰুৱা, লক্ষেশ্বৰ ভট্টাচাৰ্য্য, গোপী বৰঠাকুৰ, যাদৱ শৰ্মা, ক্ষীৰ বৰুৱা প্ৰধান আছিল। তেখেত চেইন স্মকাৰ আছিল। ইটোৰ পিছত সিটো চিগাৰেট হুপি আগফালৰ টেবুলখনত বহি ৰাস্তাৰে পাৰ হৈ যোৱা প্ৰতিজন মানুহক মাতি খা-খবৰ লৈছিল আৰু চিকিৎসা কৰিছিল। ভোজনবিলাসী আছিল যদিও তেখেতে চিকিৎসক হিচাপে পৰিমিত ভোজন কৰিছিল। ৩২ বাৰ খাদ্য চোবাই খোৱা সেই অসমীয়া প্ৰবচনটো মানি চলিছিল। আনক উপদেশ দিয়াৰ দৰে আৰ্হি বজাই ৰাখি নিজৰ শৰীৰটো সুস্থ ৰখাৰ ক্ষেত্ৰত সততে সজাগ হৈ থাকিছিল। দুপৰীয়া অলপ সময় জিৰণি লোৱা সময়ত তেখেতক মাতিলে বৰ বেয়া পাইছিল যদিও ৰোগী আহিলে একো নকৈ সুন্দৰ হাঁহি এটাৰে মৌ মিঠা মাতষাৰেৰে চিকিৎসা আৰম্ভ কৰিছিল। ব্ৰাছ ব্যৱহাৰ নকৰাকৈয়ে মৃত্যুৰ সময়লৈ সুন্দৰ দুপাৰি দাঁতৰ অধিকাৰী ডাঃ ফুকনে দাঁত দিনে তিনিবাৰকৈ হাতৰ মাজৰ আঙুলিৰে চাফা কৰি আনকো সেই শিক্ষা ল’বলৈ উপদেশ দিছিল। চাহ খাবলৈ বৰ ভাল পাইছিল। আধাকাপ গাখীৰ চাহ অলপ সময়ৰ মূৰে মূৰে খাই থাকিবলৈ ভাল পাইছিল। ৰাতিপুৱাৰ চাহকাপ নিজেই বাকিছিল। কাৰোবাক চাহ বাকি আনিবলৈ ক’লে তেখেতৰ জোখ আছিল দেৰকাপ পানী এচামুছ চাহপাত, এচামুছ চেনী আৰু গাখীৰ। মাজে মাজে এটা কুকুৰা কণী কেচাঁকৈ খোৱাৰ লগতে ৰাতিপুৱাৰ আহাৰত সদায় আগদিনাৰ বাহি ৰুটি গাখীৰত তিয়াই খাইছিল। বৰ্তমান এই খাদ্য প্ৰেচাৰ বা অন্য ৰোগত কিমান লাভদায়ক সৰ্বজনবিদিত। বাৰীৰ যিকোনো ফল-মূল তেখেতে বৰ ভাল পাইছিল। সেইবাবেই হয়তো বহুতো ৰোগীয়ে তেখেতক চিকিৎসাৰ বাবে একো দিব নোৱাৰি বাৰীৰ শাক-পাচলি, ফল-মূল দি পঠিয়াইছিল। ৰোগীৰ চিকিৎসাৰ বাবেই তেখেত নগাঁৱৰ পৰা লৰচৰ নহৈছিল। কেতিয়াবা জী-জোঁৱাইৰ ঘৰলৈ গলেও মাত্ৰ এৰাতিৰ বাবেহে থকাকৈ গৈছিল। থাকিবলৈ ক’লেও তেখেতে ৰোগীসকলৰ কথা কৈ থকাটো যে সম্ভৱপৰ নহয় সেই কথা কৈ নগাওঁলৈ উলটিছিল। তেখেতৰ কাৰ্যই নিজৰ জীৱনটো ৰোগীৰ সেৱাৰ বাবেই যে উচৰ্গা কৰিছিল বুজিব পাৰি।
ডাঃ ফুকনদেৱে তেখেতৰ কাৰ্যকালত ভাৰতীয় চিকিৎসক সন্থাৰ নগাঁও শাখাৰ একেৰাহে ন বছৰ সভাপতি আসনত অধিষ্ঠিত হৈ থাকি সংস্থাটো সুচাৰুৰূপে চলাই নিছিল। সম্পাদক হৈ থকা অৱস্থাত নগাঁৱৰে আন এগৰাকী সু-চিকিৎসক ডাঃ মৃণাল শৰ্মাদেৱক সম্পাদক হৈ থকাৰ আৰু আন বিভিন্ন সময়ৰ লগতে মৃত্যুৰ কেইদিনমান পূৰ্বেও এই সংস্থাৰ কাৰ্যপন্থা সম্পৰ্কে বাৰ্তালাপ কৰালৈ চাই তেখেত এই সংস্থাৰ প্ৰতি কিমান আকৰ্ষিত আছিল বুজিব পাৰি। সভাপতিৰূপে তেখেত গাঁৱৰ চিকিৎসকসকলৰ প্ৰতি সজাগ আছিল। ১৯৯৪ চনত অসম শৈল চিকিৎসক সংস্থাৰ স্মৃতিত এটা বকুল ফুলৰ পুলি তেখেতে ৰোপণ কৰিছিল। যি বৰ্তমান এডাল প্ৰকাণ্ড বকুল গছত পৰিণত হৈছে। ভাৰতীয় চিকিৎসক সন্থাৰ ইতিহাসৰ লগতে নগাঁৱৰ প্ৰতিজন ৰাইজৰ বুকুৰ মাজত চিৰ যুগমীয়া হৈ থকা ডাঃ গণেশ ফুকনৰ স্মৃতি সদায়েই অণুৰণিত হৈ ৰ’ব, এখন নৈ হৈ বৈ ৰ’ব সকলোৰে হিয়াত।
*****

3:23 PM
এটা অনুপম লেখনি।
5:01 PM
পঢ়ি উপকৃত হ’লোঁ। নগাঁৱত এইজন মানৱদৰদী চিকিৎসকৰ নাম এসময়ত মানুহৰ মুখে মুখে।
10:05 AM
ডা০গণেশ ফুকনৰ বিষয়ে জানিবলৈ পাই বৰ ভাল লাগিল।
10:34 PM
Poker King hả? Game này chơi bài cực đã! Đồ họa mượt, lại còn nhiều event nữa chứ. Tải về chiến thôi anh em. Link đây nè tải poker king!
10:34 PM
Fortune Tiger 4, game này hot hit luôn! Nổ hũ liên tục, tiền về như lũ. Ai thích cảm giác mạnh thì vào fortunetiger4 thử vận may nha!
10:35 PM
SV388, đá gà trực tiếp đỉnh cao! Xem đá gà online mà cứ như đang ngồi tại trường gà vậy, kịch tính đã mắt. Vào sv388thomosv388 xem ngay kèo ngon đi anh em!