বলদেৱ মহন্তৰ উজুপাঠ-ববিতা শৰ্মা
‘অৰুণোদই’; প্ৰথম অসমীয়া আলোচনী তথা বাতৰি কাকত। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমৰ মাটিত ভৰি দিয়া আমেৰিকান ব্যপ্তিষ্ট মিছনেৰীসকলৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ ফলশ্ৰুতিত ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা ছপা হৈ ওলায় অসমীয়া সংবাদ-পত্ৰৰ বাটকটীয়া এই কাকতখন। অষ্টাদশ শতিকাৰ শেষছোৱা সময় অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দুৰ্যোগেৰে ভৰা সময়। আহোম ৰাজতন্ত্ৰৰ দুৰ্বলতা আৰু গৃহকন্দলে অসমৰ ৰাজনীতিলৈ অস্থিৰতা আনিলে। ১৭৬৯ চনৰ পৰা ১৭৯৪ চনলৈ চলা মোৱামৰীয়া বিদ্ৰোহ, ঊনবিংশ শতিকাৰ আগভাগতে দেখা দিয়া দন্দুৱাদ্ৰোহ আৰু ১৮১৬ চনৰ পৰা ১৮২৪ চনে উপৰিযুৰ্চ্যভাৱে তিনিবাৰকৈ মানৰ আক্ৰমণত অসমীয়া জাতি নিঃশেষ হোৱাৰ উপক্ৰম হ’ল। অসমৰ পৰা মানসেনা খেদিবলৈ আহিল বিদেশী বঙাল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইংৰাজ আৰু ব্ৰহ্মৰাজৰ মাজত ইয়াণ্ডাবুত স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। অস্থিৰ ৰাজনৈতিক বাতাৱৰণ আৰু ৰাজ্য পৰিচালনাৰ সৱল নেতৃত্বৰ অভাৱত অসমত মান খেদিবলৈ অহা ইংৰাজসকল গোঁজেই গজালি হৈ পৰিল। যুগসন্ধিক্ষণৰ এনে অস্থিৰতাত অসমৰ সাহিত্য, সংস্কৃতি তথা শিক্ষা ব্যৱস্থা প্ৰায় স্থবিৰ হৈ পৰিল। আহোম ৰাজতন্ত্ৰত প্ৰৱৰ্তিত হৈ থকা ‘টোল’ বোৰ অচল হৈ পৰিল। ১৮৩৫ চনত ইংৰাজ চৰকাৰে দুই-এখন শিক্ষানুষ্ঠান পাতি অসমত শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰচেষ্টা হাতত লৈছিল যদিও ৰাজনৈতিক মেৰপাকত পৰি ১৮৩৬ চনত অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা অসমীয়া ভাষা বিতাড়িত কৰি বাংলা ভাষাৰ প্ৰচলন হ’ল। ১৮৩৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় বিদ্যালয়ত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ পোষকতা কৰি আইন প্ৰণয়ন কৰিলে যদিও অসমৰ বাবে এই আইন প্ৰযোজ্য নহ’ল। ফলত অসমীয়া ভাষা ঘৰতে এলাগী হৈ পৰিল। সংকটৰ এই সময়তে অসমৰ কমিছনাৰ কেপ্তেইন জেনকিন্স চাহাবৰ আমন্ত্ৰণক্ৰমে অসম আৰু অসমীয়া ভাষা-সাহিত্যৰ ত্ৰাণকৰ্তা ৰূপত আমেৰিকান ব্যপ্তিষ্ট মিছনেৰী নাথান ব্ৰাউন, অলিভাৰ টি কট্টৰ, মাইলছ ব্ৰনছনে অসমৰ মাটিত ভৰি থ’লে। অসমত খ্ৰীষ্টান ধৰ্মৰ বাণী বিলাবলৈ আহি এওঁলোকে প্ৰথমে শদিয়াত প্ৰথমে মিছন প্ৰতিষ্ঠা কৰিছিল যদিও খামতি আৰু চিংফৌসকলৰ অত্যাচাৰত সুচাৰুৰূপে কাম কৰিব নোৱাৰি কেইবা ঠাই ঘূৰি-পকি ১৮৪৩ চনত শিৱসাগৰলৈ আহে। দূৰদৰ্শী পাদুৰীকেইজনে সোনকালেই অনুভৱ কৰিলে যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অসমীয়া ভাষাই সংযোগী ভাষাৰ কাম কৰে। গতিকে অসমীয়া ভাষাৰ অবিহনে অসমত ধৰ্ম প্ৰচাৰ সুচল নহ’ব। সেয়ে অসমত পঢ়াশালি পাতি, অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰি অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত নামি পৰিল। তেওঁলোকৰ এই যাত্ৰাৰ সহযোগী হ’ল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো স্বদেশহিত্যষী লোক। নাথান ব্ৰাউন প্ৰমুখ্যে মিছনেৰীসকল আৰু আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে ইংৰাজ চৰকাৰক পতিয়ন নিয়াবলৈ সংগ্ৰাম চলাই গ’ল। ঢেকিয়াল ফুকনে ‘A Native’ ছদ্মনামেৰে “A Few Remarks on Assamese Language and on Vernacular Education” নামৰ পুস্তিকা এখন মিছনেৰীসকলৰ সহায়ত ছপা কৰি মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰি জনমত গঠনৰ চেষ্টা কৰিছিল। অৱশেষত সকলোৰে প্ৰচেষ্টাত ব্ৰিটিছ চৰকাৰে নিজৰ ভুল মানি লৈ ১৮৭৩ চনত অসমৰ পঢ়াশালি আৰু আদালতত পুনৰ অসমীয়া ভাষাক স্থান দিয়ে। অসমৰ পঢ়াশালিত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হ’ল, কিন্তু সমস্যা হ’ল পাঠ্যপুথিৰ। আদিপাঠ, বাৰেমতৰা, প্ৰথম কিতাপ, সাধুকথা, প্ৰথম গণনা, দুতিয়া গণনা, পদাৰ্থবিদ্যা, ভূগোল আদি প্ৰকাশ কৰি মিছনেৰীসকলে পাঠ্যপুথিৰ অভাৱ আঁতৰাবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লয়। আনন্দৰাম ঢেকিয়াল ফুকন আৰু তেওঁৰ অনুৰাগীসকলেও পাঠ্যপুথিৰ অভাৱ আঁতৰাবলৈ হাতত কলম তুলি লয়। ঢেকিয়াল ফুকনে ইংৰাজী পাঠ্যপুথিৰ আৰ্হিত ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ ৰচনা কৰি উলিয়ায়। অগ্ৰজ ঢেকিয়াল ফুকনৰ পদাংক অনুকৰণ কৰি হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰে আদিপাঠ, পাঠমালা, অসমীয়া ল’ৰাৰ ব্যাকৰণ। অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰৱৰ্তক ভোলানাথ দাসে ৰচনা কৰে কবিতামালা প্ৰথম আৰু দ্বিতীয় খণ্ড, লম্বোদৰ বৰাই লিখি উলিয়ায় জ্ঞানোদয় আৰু ল’ৰাবোধ। এই তালিকাৰ আন এটি উল্লেখযোগ্য নাম হ’ল বলদেৱ মহন্ত।
“সাৱলীল ছন্দৰ কাৰণে এটি ৰুচিৰ সৃষ্টি কৰি কেৱল ছন্দৰ সৌন্দৰ্যৰে কেনেকৈ নগণ্য বিষয়বস্তুকো উপাদেয় বস্তুৰ শাৰীলৈ তুলিব পাৰে তাৰে আদৰ্শ তেওঁ ‘উজুপাঠ’ নামৰ শিশু কবিতা পুথিখনিৰ মাজেৰে দাঙি থৈ গ’ল।” – ড° মহেশ্বৰ নেওগ।
কবি বলদেৱ মহন্তৰ জন্ম হয় ১৮৫০ চনত। মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ আজ্ঞাপৰ নাৰায়ণ ঠাকুৰৰ বংশধৰ কবি বলদেৱ মহন্তৰ পূৰ্বপুৰুষসকল বৰপেটাৰ পৰা উঠি নগাঁৱৰ খাগৰিজানৰ শ’লগুৰি সত্ৰৰ শাখা শুকদল সত্ৰত থাকিবলৈ লয়। কিছুদিন থকাৰ পাছত বৰ্তমান নগাঁও চহৰৰ পৰা চাৰি মাইল আঁতৰৰ মোৱামাৰী এলেঙি সত্ৰৰ খাতলৈ কবিৰ পিতাক উঠি যায়। তাতে কবিৰ সেই যুগৰ এজন সফল গদ্য লেখক নৰনাথ মহন্তৰ লগত সাক্ষাৎ হয় আৰু দুয়ো সাহিত্যানুৰাগী লগলাগি সাহিত্য সেৱাত মনোনিবেশ কৰে। নগাঁৱৰ সদৰ মজলীয়া বিদ্যালয়ত শিক্ষকতা কৰা কবি বলদেৱ মহন্ত সঁচা অৰ্থত এগৰাকী শিশু সাহিত্যিক আছিল। পঢ়াশলীয়া পদ-পুথি ‘উজুপাঠ’ ৰ উপৰিও কবিয়ে বৰ্ণশিক্ষা (প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাগ), আখ্যানমালা, আৰ্যাৱলী, জৰীপ পৰিমিতি, কাৰ্য-পৰিচয়, পাটীগণিত, সৰলক্ষেত্ৰ জ্যামিতি আদি ভালেখিনি পঢ়াশলীয়া পুথি ৰচনা কৰি থৈ গৈছে। ১৮৯৫ চনত কবি বলদেৱ মহন্তৰ মৃত্যু হয়।
‘উজুপাঠ’ অৰুণোদই যুগত সংকলিত হোৱা কিন্তু সৰ্বকালৰ শ্ৰেষ্ঠ এখন অসমীয়া কবিতাৰ সংকলন। ১৮৮৪ চনত প্ৰকাশিত ৩৬ পৃষ্ঠাৰ সংকলনটিত মুঠ একুৰি সাতটা কবিতা সন্নিৱিষ্ট কৰা হৈছে। সংকলনটিৰ কবিতাসমূহ শিশু উপযোগী উপদেশমূলক অথচ শুৱলা কবিতা। অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা বিতাড়িত হৈ ঘৰতে এলাগী হৈ পৰা অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠাৰ বাবে অসমৰ মানুহক মাতৃভাষাৰে শিক্ষিত কৰি তোলাটো হৈ পৰিছিল সময়ৰ দাবী আৰু এই দাবী পূৰণৰ বাবে মাতৃভাষাত পৰ্যাপ্ত পৰিমাণৰ পাঠ্যপুথি ৰচনা কৰাটো সেই সময়ৰ মাতৃভাষাৰ পূজাৰীসকলে এক আৱশ্যকীয় কৰ্তব্য বুলি ভাবিছিল। এনে ধৰণৰ ভাব-চিন্তাৰ ফলশ্ৰুতিতে ‘উজুপাঠ’ ৰ জন্ম হৈছিল বুলি ক’ব পৰা যায়। গ্ৰন্থখনিৰ পঞ্চম পৃষ্ঠাত অসমৰ পাঠ্যপুথি কমিটিৰ তদানীন্তন সম্পাদক গুণাভিৰাম বৰুৱাই গ্ৰন্থখনিক নিম্ন প্ৰাথমিক পাঠ্যক্ৰমৰ পাঠ্যপুথি হিচাপে অনুমোদন কৰি লিখা কথাখিনি সন্নিৱিষ্ট কৰা হৈছে আৰু এই সংযোগে সেই সময়ত অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত ‘উজুপাঠ’ ৰ গুৰুত্বকে প্ৰতিপন্ন কৰিছে —
“UJUPATH
PART 1
BY
BABU BALADEV MOHONTO
OF NOWGONG ASSAM
The work contains many useful and interesting lessons. It may be use as a text book, and resolved that the book be recommended for use as the lower primary course.
Dated the GUNABHI RAM BARUA
Nowgong Secretary, Text Book 1884 Committee”
গ্ৰন্থখনিৰ প্ৰথম কবিতাটোৰ নাম ‘বিদ্যা’ —
“অহে মোৰ প্ৰিয় ল’ৰা উপদেশ ধৰা,
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা
বিদ্যা শিক্ষা কৰিবৰ এই হে সময়,
ধেমালিতে কাল হৰা, উচিত নহয়।
এতিয়া কৰিলে কাল, ধেমালিত হানি
বিদ্যাধন উপাৰ্জ্জন, কৰিবা কাহানি?”
গ্ৰন্থখনিৰ আন আন কবিতা কেইটিৰ শিৰোনাম হ’ল ক্ৰমে — মূৰ্খৰ খেদ, কাৰ আদৰ নাই?, কাৰ সুখ নাই, দুৰ্জ্জনৰ কথাত বিশ্বাস কৰা অনুচিত, কাৰ সমান কি নাই, লোভ, গালি পৰা মানুহৰ ঔষধ মিষ্ট কথা, খঙ্গ, কেনে ছাতৰক শিক্ষকে ভালপায়, সত্য, মূৰ্খতা, কাৰ কি নাই, শপত খোৱা বেয়া, বিনয়, গুণী পুত্ৰ, ৰজা, কাৰ কিহত প্ৰয়োজন নাই, গৰু, কুকুৰ, কেতিয়া কাক চিনি?, কাৰ দোষত কি হয়, ভাল ল’ৰা, সকলোৰে উপদেশ গ্ৰহণীয়, উপদেশ, পিতা-মাতাৰ স্নেহ, কাউৰ আৰু শিয়াল।
সংকলনটিৰ প্ৰায়বোৰ কবিতাই আকাৰত চুটি চুটি। দহ-বাৰ শাৰীৰ ভিতৰৰ। কবিতাবোৰৰ ভিতৰত দুৰ্জ্জনৰ কথাত বিশ্বাস কৰা অনুচিত, গালি পৰা মানুহৰ ঔষধ মিষ্ট কথা, কেনে ছাতৰক শিক্ষকে ভালপায়, সত্য আৰু কাৰ কি নাই — এই পাঁচটা কবিতা মাত্ৰ ছয় শাৰীৰ। আঠ শাৰীৰ কবিতা আছে চাৰিটা — শপত খোৱা বেয়া, বিনয়, কাৰ কিহত প্ৰয়োজন নাই আৰু কাৰ দোষত কি হয়। ‘পিতা মাতাৰ স্নেহ’ আৰু ‘কাউৰ আৰু শিয়াল’ নামৰ কবিতা দুটিহে যথেষ্ট দীঘলীয়া। প্ৰথমটো আশীটা শাৰীৰ আৰু দ্বিতীয়টো বিৰানব্বৈটা শাৰীৰ। কাউৰ আৰু শিয়াল কবিতাটি এটি পুৰণি সাধুকথাৰ কাব্য ৰূপ। কবিতাবোৰৰ মূল উপজীৱ্য নীতিশিক্ষা আৰু উপদেশ–
“সত্য পথে যাবা শিশো সত্য কথা ক’বা,
অসত্য কথাকে তুমি, মুখত নানিবা।”
(সত্য)
সংকলনটিৰ ‘কাৰ সুখ নাই’, ‘কাৰ সমান কি নাই’ আৰু ‘গুণী পুত্ৰ’ এই তিনিটি কবিতা অতি উচ্চমানবিশিষ্ট। সংকলনটিৰ কবিতাকেইটি সংসাৰৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু জীৱন সুখকৰ কৰি তোলাৰ অমোঘ মন্ত্ৰ —
“সুখ নাই সুখ নাই, ক’তো ধৰুৱাৰ;
অনুমাত্ৰো সুখ নাই, চিৰ ৰুগীয়াৰ।
সুখ নাই যিটে সদা, গোচৰত ফুৰে;
মাতৃৰ অসুখ যদি, পুত্ৰ থাকে দূৰে।
অহৰ্নিশে যাৰ ঘৰে, নুগুছে কন্দল;
তাৰ ঘৰে সুখৰূপ, নুফুলে কমল।”
(কাৰ সুখ নাই)
“সাপৰ সমান খঙ্গ, কাৰো নাই নাই;
হিমালয় সম গিৰি, পৃথিৱীতে নাই।
দ্বীপমধ্যে অষ্ট্ৰেলিয়া, সবাতোকৈ বড়
সাগৰৰ বড় নাই, প্ৰশান্তত পৰ।
মিচিচিপি নদী সম, নদী বড় নাই;
মিষ্ট বাক্য সম মিঠা, একো বস্তু নাই।
পশু-মধ্যে ধূৰ্ত্ত নাই, শিয়াল সমান;
নৰৰ অধম নাই, খলুৱাৰ মান।
মন সম বেগৱন্ত, কোনোবা কি আছে?
কালে কি কৰিৰ কাক, কোনেনো বুজিছে।”
(কাৰ সমান কি নাই)
“মূৰ্খ পুত্ৰ হয় যদি, এশ বা হাজাৰ;
সিহঁতৰ পৰা নাই একো উপকাৰ।
যেনে শস্য ক্ষেত্ৰে জন্মি বনৰীয়া বন :
কৃষকৰ অপকাৰ কৰে অগণন।
যি বংশত শঠ মূৰ্খ, বহু পুত্ৰ হয়;
সি বংশৰ মান হয়, অৱশ্যে বিলয়।
যথা সৰোবৰে শোভে, প্ৰফুল্ল কমল:
গুণী পুত্ৰগণে কৰে, বংশক উজ্জ্বল।”
(গুণীপুত্ৰ)
ভাৱ হয় কবিয়ে সৃষ্টিৰ তাড়ণাতকৈ অভাৱ পূৰণৰ তাড়ণাতহে হাতত কলম তুলি লৈছিল আৰু ব্যৱহাৰিক জ্ঞান কবিতাৰ আলমত শিশুসকলক বিলাই দিয়াৰ প্ৰয়াস কৰিছিল–
“মনোযোগ কৰি যিটো ছাত্ৰে পাঠ শিকে;
ফিৰিও নে চায় যিটে, কুকৰ্ম্মৰ দিকে।
কেতিয়াও নাপাহৰে গুৰুৰ বচন;
নকৰে কখন যিটে, অসদাচৰণ।
তেনেকুৱা ছাতৰলৈ, শিক্ষকৰ মন;
পৰম সন্তুষ্ট থাকে, সদা সৰ্ব্বক্ষণ।”
(কেনে ছাতৰক শিক্ষকে ভাল পায়)
“ঘনে ঘনে যিটো লোকে, দিব্য কৰি থাকে;
জ্ঞানী জনে মিথ্যাবাদী, বুলি কয় তাকে।
প্ৰবঞ্চনা দোষে যাৰ, মন কলুষিত;
শপত খাবলৈ তেওঁ, নহয় কুণ্ঠিত।
এটি বাক্য সমাপনে, তিনি দিব্য কৰে;
সংসাৰত শঠ নাই, সিজনত পৰে।
এতেকেহে প্ৰিয় ল’ৰা, উপদেশ ল’বা;
সঁচা ক’বা কেতিয়াও, দিব্য নকৰিবা।”
(শপত খোৱা বেয়া)
‘উজুপাঠ’ ৰ ভাষাত ‘অৰুণোদই যুগ’ ৰ ভাষাৰ প্ৰভাৱ স্পষ্ট। ভাষাত তৎসম শব্দ (মিষ্ট, আঁখি, নৃপতি, কপৰ্দ্দক, হৰ্ষ, দিবা, নিশি, অল্প, জামাতা, সৰ্ব্বদাই আদি) ৰ ব্যৱহাৰ ব্যাপক। ‘ৰ’ – ৰ পৰিৱৰ্তে ‘ড়’ – ৰ ব্যৱহাৰ (বড়, এড়ে, পড়ি আদি) মন কৰিবলগীয়া। ঙ/ং – ৰ পৰিৱৰ্তে ‘ঙ্গ’ আৰু ‘দ’ ৰ পৰিৱৰ্তে ‘ড’- ৰ ব্যৱহাৰ (খঙ্গে, জিড) ভাষাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। সেইদৰে, ৰেফৰ তলত দুটা ব্যঞ্জনৰ ব্যৱহাৰ (আৰ্জ্জি, দুৰ্জ্জন, ধৰ্ম্ম আদি) আৰু বাক্যৰ শেষত ‘য়’ ৰ পৰিৱৰ্তে ‘ই’ – ৰ প্ৰয়োগ মহন্তদেৱৰ ভাষাৰ এক বিশেষ বৈশিষ্ট্য —
“বিদ্যাধন হবে এনে, কোনো লোক নাই;
সহোদৰ সবে অংশ, বিদ্যাৰ নাপাই (য়)।
সৰুকালে আৰ্জ্জি তুমি, লোৱা বিদ্যাধন;
তেহে সুখ সন্তোষত, যাব ই জীৱন।”
(বিদ্যা)
উপমা, অলংকাৰৰ প্ৰয়োগে মহন্তৰ কবিতাক বিশেষ সৌন্দৰ্য্য প্ৰদান কৰিছে –
“বস্ত্ৰহীন অলঙ্কাৰে, শোভা নকৰয়;
লোণ-হীন ব্যঞ্জন কি তৃপ্তিকৰ হয়?
যিটো পুৰুষৰ নাই, বিনয় বচন;
সি কি কাৰোবাৰ হয় প্ৰণয়ভাজন?”
(বিনয়)
“গুণী শিষ্ট পুত্ৰ যদি, এটিয়েই হয়;
অনেক মূৰ্খত কৰি, সেয়ে শ্ৰেষ্ঠ হয়।
এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে;
অসংখ্য তৰাই তেনে কদাচ নোৱাৰে।”
(গুণী পুত্ৰ)
জীৱন-যাপনৰ জটিল কথাবোৰৰ সহজ-সৰল উপদেশমূলক উপস্থাপন বলদেৱ মহন্তৰ ‘উজুপাঠ’। ‘উজুপাঠ’ ৰ কবিতাসমূহৰ গূঢ়াৰ্থ হৃদয়াংগম কৰি ল’ব পাৰিলেই হয়তো জীৱনপথত সফলতাৰে আগবাঢ়ি যোৱা সহজ হৈ পৰিব। শিশুকাল জীৱন গঢ়াৰ সময়। সেয়ে মহন্তদেৱে কবিতাবোৰ শিশুক উদ্দেশ্য কৰি ৰচনা কৰিলেও কবিতাসমূহ ডাঙৰৰ বাবেও উপযোগী। আজিৰ পৰা প্ৰায় এশ দুকুৰি বছৰৰ আগৰ সৃষ্টি হ’লেও বিষয়বস্তুৰ ফালৰ পৰা কবিতাসমূহ আজিও প্ৰাসংগিক —
“প্ৰজাক ৰাখিলে সুখে, নৃপতিৰ সুখ;
প্ৰজাক পীড়িলে হয়, নৃপতিৰো দুখ।
স্বেচ্ছাচাৰী নৃপতিৰ, আছয়ে সংস্কাৰ;
প্ৰজাক বিনীত কৰে, কৰি অত্যাচাৰ।
তেনে নৃপত্ৰিক প্ৰজা, কৰে কিন্তু ভয়;
ভয়ৰ লগতে ঘৃণা, দ্বেষো উপজয়।”
(ৰজা)
“পিতৃ মাতৃ দোষে পুত্ৰ, প্ৰায় মূৰ্খ হয়;
অতিৰিক্ত শ্ৰমাদিতে, ৰোগ জনময়।
এলাহতে কাৰ্য্য নষ্ট, কত লোকে কৰে;
সময়ান্তে বৃথা হায়, হায় কৰি মৰে।”
(কাৰ দোষত কি হয়)
আধুনিক অসমীয়া সাহিত্যৰ জন্মলগ্নৰ সৃষ্টি বলদেৱ মহন্তৰ ‘উজুপাঠ’ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। সাহিত্যিক গুৰুত্বৰ লগতে বিষয়বস্তুৰ ব্যৱহাৰিক মূল্য আৰু সাৱলীল ছন্দই ‘উজুপাঠ’ ৰ কবিতা সমূহৰ স্থান পাঠকৰ হৃদয়ত নিগাজি হৈ ৰ’ব।
*******

12:44 PM
ধুনীয়া হৈছে বাইদেউ