বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড° ভূপেন হাজৰিকাৰ অনুপম যোগসূত্ৰ: এক বিশ্লেষণ-ময়ূখী বেজবৰুৱা 

“He who is useful is infinite

He who is infinite is immune

He who is immune is immortal.”

LAOTZO

সৌ আকাশত নীহাৰিকা উৰে, কত জীৱন, কত ৰূপৰ, কত গুণৰ বৰ্ণ-গন্ধ-গানৰ সুৰৰ প্ৰকাশ, প্ৰেৰণা মাটি-পানীৰে ৰূপ ল’বলৈ বিষ্ণুভুৱনদ্বাৰ। তাত আশাই কান্দে, ভাষাই কান্দে। তাত হাঁহিয়ে ওঁঠ বিচাৰি মৰে। জ্যোতি-বিষ্ণু যুটি সম্পৰ্কে নানা ঠাইত উল্লেখ আছে, যিদৰে উল্লেখ আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত জন ষ্টেইনবাকৰ প্ৰভাৱৰ কথা তথা ষ্টেইনবাকৰ নিৰ্ভীক বিশ্লেষণ। সেই একেদৰে ক’বলৈ ওলাইছো, অন্য এক বিশেষ যুটিৰ কথা। এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুটি। দুটি সুবিশাল সত্তাৰ অন্তৰঙ্গ আলাপ, প্ৰজ্ঞা-চেতনা, অভিৰুচিৰ আদান-প্ৰদান, বিশেষ কথোপকথন তথা নিৰ্মোহ বিশ্লেষণ।

“বিষ্ণু ককাইদেউলৈ এখন চিঠি :-

মোৰ মৰমৰ বিষ্ণু ককাইদেউ, মই আপোনাক ‘আপুনি’ বুলি ইমান দিনে মাতি আহিছোঁ। মই নিচেই সৰুতে আপোনাৰ সাংস্কৃতিক সান্নিধ্য পাইছোঁ। জ্যোতি-বিষ্ণু এই পাভযোৰাৰ সান্নিধ্য পাইছোঁ এই তেজপুৰতেই। আপোনাক কিন্তু আজি ‘তুমি’ বুলি সম্বোধন কৰিম। কাৰণ তুমি মোৰ স্বৰ্গীয় দেউতাতকৈ ৮/৯ বছৰমান সৰু। তথাপিও তুমি আমাৰ সৈতে চিৰ যুৱক, পথ-প্ৰদৰ্শক চিৰ বন্ধু।”

             ~ ভূপেন

আকৌ লিখিছে, “বিষ্ণু ৰাভাই কৈছিল – “Over isolation is also a cause of death”. কোনো কেতিয়াও অকলশৰে জীয়াই থাকিব নোৱাৰে।

“মই তেতিয়া ক্লাছ নাইনত পঢ়োঁ। দক্ষিণ আমেৰিকাৰ এটা সুৰ চিনেমাখনৰ এটা গীতত আছিল। ভীষণ জনপ্ৰিয় হৈ পৰিছিল সেই সুৰটো। পিছদিনা চিয়েলদাহত থকা আইডিয়েল হলত মোক বিষ্ণুদাই ক’লে, “এই ভূপেন, লিখিলোঁ যা”। অৰ্থাৎ সেইদিনা দক্ষিণ আমেৰিকাৰ সুৰৰ পৰা অনুপ্ৰাণিত হৈ লিখিছিল – “নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব” গীতটি। এইজনেই ৰাভা, যি গোটেই পৃথিৱীৰ কথা জানে, মাৰ্ক্সিষ্ট হ’লেও বিপ্লৱী।”

ইয়াৰ পাছত সুধাকণ্ঠই পুনৰ লিখিছে – কলিকতাত থকা সময়ৰ কথা। ‘বিষ্ণু দা’, ‘বিষ্ণু দা’ বুলি দৌৰি আহি তেখেত বহি থকা খাটখনতে বহিছিল। কাষতে আছিল অম্বিকাপদ চৌধুৰীৰ ভাতৃ নিশিপদ চৌধুৰী আৰু তৎক্ষণাত ‘ভূপেন’ ‘ভূপেন’ বুলি আঁকোৱালি লৈছিল। এনেদৰেই সময় বাগৰিছিল। এটা সময়ত ৰাভাদেৱ অসুস্থ হৈ পৰিছিল। ভূপেন হাজৰিকাদেৱে অস্ফূট ভাষাৰে কৈছিল, “বিষ্ণু দা, অলপ পলম হৈ গ’ল। ডেৰ ঘণ্টামান আগেয়ে স্পৰ্শ নকৰা মুখখনে ২৪ মে’ ত কথাষাৰ আক’ ঈষৎ হাঁহি মাৰি কৈছিল, “ভূপেন, মই ভাল হৈ গৈছো।”

ভূপেন হাজৰিকাই আদিতেই কৈছেই, ৰাভাদেৱ একেমুখে অসমীয়া আছিল। কমিউনিষ্ট, বিপ্লৱী; যাৰ কোনো স্থায়ী ঠিকনা নাই। তেওঁ কেতিয়াবা বড়ো, কেতিয়াবা কাৰ্বি সাহিত্য সভাত নেতৃত্ব প্ৰদান কৰিছিল সমাজ সংগঠক, সূত্ৰধাৰ ৰূপে। সেই প্ৰতি জনগোষ্ঠীৰ লোকৰ অন্তৰৰ ভাষা আছিল – “ফেৰেংগাদাও : আকৌ আহা”।

যি চিন্তাই ভূপেনক আকৃষ্ট কৰিছিল, গীতৰো ৰূপ পাইছিল আৰু একে সময়তে প্ৰত্যেক অসমীয়াৰ হৃদয়ৰ ভাষা হৈ পৰিছিল।

“বড়ো-কোচ-চুতীয়া-কছাৰী-আহোমৰ

অন্তৰ ভেদি মৌ বোৱাম

ভেদাভেদৰ প্ৰাচীৰ ভাঙি

সাম্যৰ সৰগ ৰচিম।”

যাৰ বাবে সুধা কণ্ঠই এসময়ত কৈছিল, “বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়; খাটি মহাপুৰুষীয়া যদিও মাছ-মাংস খায়; ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই; গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী; বিশ্ববিদ্যালয়ৰ দহোটা-পাঁচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক-বুৰঞ্জীবিদ; নৃতত্ববিদ, বিপ্লৱী যদিও ৰোমাণ্টিক; জাতি-বিচাৰ নামানে যদিও ধনী-দুখীয়াৰ জাতি বিচাৰ মানে। তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়; কমিউনিষ্ট হ’লেও ফেনাটিক নহয়; বয়স তিনি কুৰি হ’লেও মনটো একৈশ বছৰীয়া; মাৰ্ক্সিষ্ট হ’লেও ঈশ্বৰ বিশ্বাসী।

হয়তো সেয়ে ফিলিপ বেইলীয়ে কৈছে–

“We should count time

By heart….”

সময় আগবাঢ়ে কাঁড়ৰ দৰে। বয়স বাঢ়ি যায়। শৈশৱ যায়, আহে কৈশোৰ, আহে যৌৱন; যৌৱন যায়, আহে প্ৰৌঢ়ত্ব; তাৰ পাছত আহে বাৰ্ধক্য। কিন্তু যি যৌৱনত আদৰ্শবাদী, তেওঁৰ বয়স বাঢ়ি গ’লেও অন্তৰত ফল্গূৰ দৰেই আদৰ্শৰ সুঁতি বোৱাই ৰাখে।

ৰাভাদেৱে কৈছিল, “উপনদী, নিজৰাবিলাক ব্ৰহ্মপুত্ৰলৈ আহিবই”। ব্ৰহ্মপুত্ৰ যদি দ হৈ নাযায় আৰু জঞ্জালত বাম হৈ যায়, ব্ৰহ্মপুত্ৰক তেতিয়া কোৱাৰ প্ৰয়োজন আছে – “হে’ ব্ৰহ্মপুত্ৰ, তোমাৰ বুকুলৈ এই উপনদীবিলাক আহে, এইবোৰত বহুতো জেং-জাবৰ গোট খাইছে। সেইখিনি পৰিষ্কাৰ কৰি ল’ব লাগিব।”

শেহত,

“যুঁজিলা বহুক্ষেত্ৰ

অভেদ্য

অলৰ

অচৰ

সৈনিকৰ দৰে

কিন্তু আজি..

আজিৰ বিষ্ণু ৰাভা অস্ত্ৰ হীন

ছটফটাই বেদনাত

যুঁজিছে এক

মহাব্যাধিৰ লগত

যেন অভিমন্যু।”

তথাপিও শ্ৰীমান ৰাভাই কৈছিল, “বিষ্ণুৰাভা নমৰে, মই আকৌ আহিম”। অসমীয়া জাতীয় জীৱনৰ বোঁৱতী ধাৰাত বিপ্লৱী এটি জীৱন্ত প্ৰতীক।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *