মই হেনো বিধৱা-ইলি তালুকদাৰ
“মৃত্যুও এক শিল্প
জীৱনৰ কঠিন শিলত কটা
এক নিৰ্লোভ ভাস্কৰ্য…..”
জন্ম যিদৰে সঁচা মৃত্যুও ঠিক তেনেদৰে সঁচা। সেইবাবেই উপলব্ধি হয় আমাৰ জীৱনৰ হাঁহি আৰু চকুলোৰ যেন কোনো দাম নাই।
মোৰ গৃহস্থৰ কথা কৈছোঁ। আজি তেওঁ আৰু হুলস্থূল নকৰে।
এইটো কাম কৰিবলৈ আছে, সেইটো কাম কৰিবলৈ আছে বুলি চিঞৰ-বাখৰ কৰি কোনোজনকে আৰু কোনোদিনেই আমনি নকৰে।
প্ৰাইভেট নাৰ্চিংহ’মৰ এটি কোঠাত শুই আছে প্ৰশান্তিৰে। আজি তেওঁৰ কাৰো ওচৰত আক্ষেপ নাই। এযোৰ উজ্জ্বল চকু, গাখীৰত সেন্দূৰ মিহলোৱা যেন শৰীৰৰ ৰং, সকলোৰে বাবে এটা চিনাকি নাম, সকলো মাত্ৰ ৮ দিনতে শেষ হৈ গ’ল।
কেইমাহমান আগতে তেওঁ কলকাতাৰ এখন বিখ্যাত নাৰ্চিংহ’মত বৃক্ক সংৰোপন কৰিছিল। ৯ দিনতে চিকিৎসকে তেওঁক ঘৰলৈ ঘূৰি অহাৰ অনুমতি দিছিল। তেওঁক দেখিলে কোনেও নক’ব যে দুদিনৰ আগলৈকে তেওঁ বৃক্কৰ অসুখত ভূগি আছিল। মনত অদম্য উৎসাহ লৈ অসমলৈ ঘূৰি আহিছিল তেওঁ। আকৌ আগৰ দৰেই তজবজীয়া মানুহজন। দুখ-ভাগৰৰ কথা নাই,আগৰ দৰেই সকলো কাম সামৰি লৈছে। অফিচলৈ গৈছে, গধূলি বজাৰ কৰিছে। সকলো কামেই সময়মতে কৰি গৈছে। ঘৰলৈ শান্তি ঘূৰি আহিল।
কিন্তু কেইদিন? বিধাতাৰ সহ্য নহ’ল। তেওঁৰ সুখ দেখি বিধাতাও ঈৰ্ষাত জ্বলি পুৰি মৰিছিল চাগৈ।
২০১৭ চনৰ ২৩ অক্টোবৰ। অইনদিনাৰ দৰে সিদিনাও আবেলি অফিচৰ পৰা আহি বজাৰলৈ বুলি যাবলৈ ওলাইছিল। হঠাতে কাহিবলৈ ধৰিলে। কাহি কাহি ভাগৰ লগা বুলি কৈ বিচনাখনত অকণমান দীঘল দিলে। পিছদিনাও একেই…. কাহ আৰু ভাগৰ।
দুদিন তেনেকৈয়ে থাকি আমি দুয়ো গুৱাহাটী পালোঁহি। এখন বিখ্যাত নাৰ্চিংহ’মত চিকিৎসকক দেখুৱালোঁ। বিভিন্ন পৰীক্ষা নিৰীক্ষা চলিল। টেবলেট এসোপা লিখি দিনে এটাকৈ খাবলৈ পৰামৰ্শ দিলে। আকাৰত ডাঙৰ টেবলেটটো হাতত লৈ ভয় ভয়কৈ বাৰে বাৰে সুধিছিলোঁ, ঠিকেই দিছেনে বুলি। চিকিৎসকে নিৰ্ভয় দিছিল। চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়ে টেবলেট এটা খুৱাই আবেলি নিজৰ ঘৰলৈ ঘূৰি আহিছিলোঁ। ঘৰলৈ আহিয়েই মানুহজনে প্ৰস্ৰাৱ লগা বুলি কৈ টয়লেটলৈ গ’ল। সেয়াই আৰম্ভণি। এটা মাত্ৰ টেবলেট! কাৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিব লগা হ’ল তেওঁ! ৫/৬ মিনিটৰ মূৰে মূৰে টয়লেটলৈ গৈ থাকিল। শেষলৈ টয়লেটলৈ যোৱাৰ বল শক্তি নোহোৱা হৈ আহিল। পিচদিনা পুৱাই আকৌ গুৱাহাটী পালোঁহি। আকৌ নাৰ্চিংহ’ম।
অৱস্থা ইতিমধ্যে বেয়াৰ ফালে ঢাল খাইছিল। কোনোবা কাষলৈ গ’লে কিবা ক’বলৈ বুলি মুখখন মেলে; কিন্তু ক’ব নোৱাৰি শেষত মূৰটো জোকাৰি দিয়ে। ম’বাইলত কঁপা কঁপা হাতেৰে কিবা লিখিবলৈ চেষ্টা কৰে। দুই এটা শব্দ লিখে। বাক্য লিখিবলৈ চেষ্টা কৰে, নোৱাৰে। শেষত ম’বাইলটো বিছনাৰ কাষত থৈ দিয়ে। চিকিৎসক আহিলে মুখত বিৰিঙি উঠে হাঁহি। কোনেও একো নুবুজিলেও হয়তো তেতিয়া তেওঁ পাই গৈছিল সকলো শেষ হৈ যোৱাৰ আগলি বতৰা, সেয়ে হয়তো মুখত বিৰিঙি উঠিছিল এক তাচ্ছিল্যৰ হাঁহি। তেনেকৈয়ে ৮ দিন গ’ল। এই দিনকেইটাৰ ভিতৰতে প্ৰথমতে মুখৰ মাত, পিছলৈ লিখাৰ শক্তি আৰু শেষত…..
ইমানবোৰ হৈ যোৱাৰ পাছতো ঈশ্বৰৰ ওপৰত আস্থা ৰাখিছিলোঁ। তেতিয়ালৈ গভীৰভাৱে বিশ্বাস কৰিছিলোঁ যে মানুহৰ সুখ-দুখ, ভাগ্য এই আটাইবোৰ নিয়ন্ত্ৰণ কৰে কেৱল ঈশ্বৰে। সেইবাবে ঈশ্বৰৰ প্ৰতি মোৰ অগাধ বিশ্বাস আছিল। সদায় ভাবিছিলোঁ তেওঁ নিশ্চয় এদিন মোৰ সংসাৰৰ সকলোবোৰ দুখ আঁতৰাই সুখবোৰ ঢালি দিব। ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি মই মোৰ মানুহগৰাকীৰ আলপৈচান ধৰিছিলোঁ ।
দিল্লীত পঢ়ি থকা ল’ৰা-ছোৱালীহালক তেতিয়ালৈ পিতাকৰ বিষয়ে একোৱে জনোৱা নাছিলোঁ। সদায় মনত এটা আশা লৈ আছিলোঁ, মানুহগৰাকী সুস্থ হৈ উঠিব। আগৰ দৰেই অফিচলৈ যাব, গধূলি মোৰ সৈতে বজাৰলৈ যাব। ক’তা মানুহজন দেখোন একেবাৰে নিৰ্বিকাৰ। মোলৈ নাচায়, মোৰ সৈতে কথা নকয়, কাষলৈ গ’লে কেৱল মোৰ হাত এখন বুকুৰ মাজলৈ টানি নিয়ে। কি হ’বলৈ গৈ আছে বাৰু? সততে নিজকে সাহসী, ধৈৰ্যশীলা বুলি ভাবি থকা মইজনীৰ মনত অলপ যেন ভয় সোমাল। ল’ৰা-ছোৱালীহালক মাতি পঠিয়ালোঁ।
ছোৱালীজনীক ককায়েকে সিদিনাখনেই গুৱাহাটীলৈ পঠিয়াই দিলে। সি পিচদিনা আহিব।
ছোৱালীজনী আহি দেউতাকৰ কাঠৰ দৰে নিশ্চল হৈ পৰি থকা এটা জীৱন্ত মৃতদেহৰ সন্মুখীন হ’ল। পিতা, পিতা বুলি বুকু ভাঙি যোৱাকৈ চিঞৰিছিল তাই। পিতাকে চকু মেলি চাই দুৰ্বল হাত দুখনেৰে তাইৰ হাত দুখন জোৰকৈ নিজৰ বুকুৰ মাজত সোমাই ল’বলৈ আপ্ৰাণ চেষ্টা কৰিছিল। কিবা ক’বলৈ, কিবা সুধিবলৈ মুখখন বাৰে বাৰে মেলিছিল। কিন্তু এষাৰ মাতো নোলাল। অসহায় হৈ ইফালে সিফালে চাইছিল বহু কষ্টেৰে। হয়তো ল’ৰাজনক বিচাৰিছিল।
২০১৭ চনৰ ৩১ অক্টোবৰ। তেওঁ হয়তো ধৈৰ্য হেৰুৱাই পেলাইছিল। আবেলি সেই দিনটোতে মানুহগৰাকীৰ মুখৰ হাঁহি চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল। মোৰ অন্ধ ঈশ্বৰ-বিশ্বাসক বিদ্ৰূপ কৰি তেওঁ আঁতৰি গ’ল মোৰ পৰা বহু দূৰলৈ। গধূলি ল’ৰাজন আহি পালে। সি পিতাকক নাপালে। পালে এগৰাকী মৃত পিতা! পিতাকৰ কলগছৰ দৰে চেঁচা গাটো চুই চাইছিল। কান্দিবলৈ পাহৰি গৈছিল সি। কি মৰ্মন্তুদ! সকলোকে গভীৰ আঘাত দি চুপে-চাপে আঁতৰি গ’ল তেওঁ কোনোদিনে ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে। মৰণক কোনে বাধা দি ৰাখিব পাৰে? “মৰণৰে তুহু মম শ্যাম সমান।” মৰণৰ হিম-চেঁচা হাতে চুই গ’ল তেওঁৰ শীৰ্ণকায় দেহাটি, অতি নিষ্ঠুৰতাৰে।
তেওঁৰ মৃত্যুৰ বাতৰিয়ে তোলপাৰ লগাইছিল মোৰ হৃদয়ত। কেনেকৈ ভাবো মই, তেওঁ যে আৰু নাই। তেওঁক চোন অন্তৰেৰে বিচাৰিছিলোঁ মই! মইতো নাজানো একে সময়তে ঈশ্বৰেও যে বিচাৰিছিল তেওঁক। মোৰ আৰু ঈশ্বৰৰ ভালপোৱাৰ তুলাচনীত মোৰ ওজন কম হ’ল। মই হাৰি গ’লোঁ।
সকলোৰে কান্দোন বন্ধ হৈছিল। বগা কাপোৰেৰে ঢাকি থোৱা তেওঁৰ মৃতদেহটো দেখি সকলোৰে চকুৰ পানী চকুতে বৰফ হৈ গৈছিল। তেওঁৰ প্ৰিয় জয়ন্ত হাজৰিকা দেৱৰ গীত এটা বাৰে বাৰে মনলৈ আহিছিল,
“মোৰ মৃতদেহ
বগা কাপোৰেৰে
কোনোবাই ঢাকি দিলে……”
তেওঁৰ মৃতদেহৰ ওপৰত ফুলৰ দ’ম। মৃতকৰ প্ৰতি সকলোৰে শেষ শ্ৰদ্ধাঞ্জলি। দেউতা আৰু মাই দেখুৱাই যোৱা পথেৰে তেওঁৰ শেষ ইচ্ছানুসৰি ইলোৰা বিজ্ঞান মঞ্চৰ সহায়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান কৰা হ’ল। একে সময়তে মই হেৰুৱালোঁ স্বামীক, ল’ৰা-ছোৱালীহালে হেৰুৱালে এগৰাকী মৰমিয়াল পিতৃক।
তেওঁ আজি আমাৰ মাজত নাই। অনিশ্চিত জীৱনৰ প্ৰতি মায়া আৰু নিশ্চিত মৰণ সকলোৰে বাবে এয়াই স্বাভাৱিক। কিন্তু তেওঁ যিটো বয়সত জীৱনলৈ মায়া-মোহ ত্যাগ কৰিলে সেয়াহে ব্যতিক্ৰম। কৰুণ গীতবোৰ সেইবাবে চাগৈ কেতিয়াবা বিশেষ মুহূৰ্তত ভাল লগা হৈ উঠে –
“Our sweetest songs are those
That tells of saddest thought.”
এটা নতুন জীৱন আৰম্ভ কৰিলোঁ। কিন্তু এইবাৰ যেন কিছু বেলেগ। মই যেন এটা আচহুৱা প্ৰাণীত পৰিণত হ’লোঁ। বিয়া-সবাহলৈ মাতিলেও মোৰ পৰা মানুহবোৰ দূৰে দূৰে থকা হ’ল। মাংগলিক অনুষ্ঠানত মোৰ উপস্থিতি কিছুমানে যেন সহজভাৱে নলয়, তেনে ভাৱ এটাই শিপাবলৈ ধৰিলে। লাহে লাহে নিজক সংযত কৰি অকলে অকলে আগুৱাই যোৱাৰ পৰিকল্পনা কৰিলোঁ। নিজকে সান্ত্বনা দিলোঁ, ভাগৰিও ভাগৰি নপৰা দুখৰ শোভাযাত্ৰাত চামিল হৈয়ো কাৰোবাক আশাৰ সঞ্জীৱনী ছটিয়াই দিব পৰাটোৱে যে জীৱনৰ সাৰ্থকতা। ল’ৰা-ছোৱালীহালৰ বাবেই এদিন পুনৰ দিল্লীলৈ গুচি আহিলোঁ।
হে’ মোৰ জীৱন কাহিনীৰ শ্ৰোতাসকল, এতিয়া মই আপোনালোকক কওঁ। ধৰি লওক আপুনি এগৰাকী মাতৃ। কাষত সন্তান লৈ কপালৰ সেন্দূৰ মচি আপোনাৰ কাষলৈ উভতি আহিল আপোনাৰ জীয়ৰী। তোমাক কৈছোঁ, ধৰা তুমি এতিয়া এগৰাকী ছোৱালী, বিয়াৰ পিছত সন্তান এটি জন্ম দিয়েই তুমি বিধৱা হ’লা। আৰু দিনে দিনে নতুন নতুনকৈ পোৱা লাঞ্ছনা সহি থাকিবলৈ নোৱাৰি সন্তানক বুকুৰ মাজত সাবটি অইন এডোখৰ অচিন ঠাইলৈ গুচি গ’লা ঠিক মোৰ দৰে। এতিয়া মই সুধিছোঁ এনে মুহূৰ্তত আমি প্ৰতিগৰাকীয়ে কি কৰা উচিত হ’ব?
তেওঁ আঁতৰি যোৱাৰ পিছত তেওঁ বেয়া পোৱা কামবোৰ কৰিবলৈ মোক বাধ্য কৰোৱা হ’ল। ৰঙীন কাপোৰ পিন্ধিলে ভালপোৱা মানুহজনৰ ইচ্ছাৰ বিপৰীতে মই শুধ বগা কাপোৰ পিন্ধিলোঁ। জিলিকি থকা ৰঙা ফোঁটটো আঁতৰাই কঁপাল উকা কৰি ৰাখিলোঁ। বিয়াৰ নিশা মৰমতে পিন্ধাই দিয়া খাৰুযোৰ বাকচৰ একোণত পৰি ৰ’ল। এই সকলোবোৰ তেওঁ মোক এৰি যোৱাৰ পিছতেই পলকতে ঘটি গ’ল।
স্বামীৰ মৃত্যুৰ বাবে ময়েই দায়ীনে? নে কোনোবা ঈশ্বৰ দায়ী? অথচ তেওঁক মোৰ কাষত ৰাখিবলৈ মই কি কৰা নাছিলোঁ? চিকিৎসকৰ ওচৰলৈ নিয়া, চিকিৎসকৰ দিহা অনুযায়ী ঔষধৰ বাবে ফাৰ্মাচীলৈ দৌৰা, ওৰে ৰাতি উজাগৰে থাকি তেওঁৰ আলপৈচান ধৰা! এইবোৰ কি সহজ কাম আছিল? ইমান কৰিওতো মানুহজনক ৰাখিব নোৱাৰিলোঁ। সেয়া কি মোৰ দোষ? আপোনালোকৰ ভাষাত কুলক্ষণী? মোক দেখিলে যাত্ৰা অশুভ হয়? ইয়াৰ ওলোটা হ’লে কি হ’লহেঁতেন? তেওঁক কোনোবাই কুলক্ষণীয়া বুলি ক’লেহেঁতেন নে? তেওঁক ঘৈণীয়েকৰ মূৰ খোৱা বুলি তিৰস্কাৰ কৰিলেহেঁতেন নে? আজি মোক কৰাৰ দৰে তেওঁকো বগা কাপোৰ এসাঁজ পিন্ধিবলৈ বাধ্য কৰিলেহেঁতেন নে? মোৰ কঁপালৰ সেন্দূৰৰ ফোঁটটো তেওঁৰ ভৰিৰ আঙুলিৰে মচি পেলোৱাৰ লেখীয়া তেওঁৰ কি মচিলেহেঁতেন জানিব পাৰোঁনে? আহকচোন আমি আটাইয়ে মিলি মোৰ এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰোঁ। মই সন্মুখীন হোৱা সমস্যাসমূহৰ মুখামুখি হওঁ। যদি আপোনালোকে মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ তেন্তে ভগৱানে নকৰক এদিন যদি মাহ হালধিৰ গোন্ধ মাৰ নৌযাওঁতেই সন্তানক কাষত লৈ কঁপাল উকা কৰি পিতৃগৃহলৈ উভতি আহিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় অথবা লোকৰ তাচ্ছিল্য, তিতা কথা সহিবলৈ নোৱাৰি সন্তানক কাষত লৈ মোৰ দৰে বহু দূৰলৈ গুচি যাব লগা হয় তেতিয়া কি হ’ব, তাৰ বাবে এতিয়াৰ পৰাই নিজক মানসিকভাৱে সাজু কৰি ৰাখক। এয়া মোৰ আপোনালোকৰ প্ৰতি কাতৰ অনুৰোধ।
*******

9:52 PM
সুন্দৰ
9:53 PM
সুন্দৰ 👌
3:00 PM
অতি সুন্দৰ লিখিছে। শিক্ষা দীক্ষাৰে মানুহ বহুত খিনি আগুৱাই গৈছে যদিও বৰ্তমান সময়তো বহু লোকে সধৱা বিধৱা বিচাৰ কৰে।