এটা ঈগল আৰু এটা হেপাৰ কাহিনী-কুমকুম শৰ্মাবৰুৱা

এসময়ত এটা ঈগল আৰু এটা হেপা এজোপা ডাঙৰ ওক গছত ওচৰা-ওচৰিকৈ বাস কৰিছিল। ঈগলৰ বাহটো আছিল গছজোপাৰ একেবাৰে ওখ ডাল এটাত আৰু হেপাৰ গাঁতটো আছিল গছজোপাৰ শিপাৰ ওচৰত। সিহঁত দুটা বন্ধুও নাছিল, কিন্তু সিহঁতৰ মাজত একো কাঁজিয়া-পেচালো নাছিল। দুয়ো নিজৰ নিজৰ মতে চলি আছিল।
এদিন ক’ৰবাৰ পৰা মেকুৰী এজনী আহি, গছজোপাত বগাই বগাই ঈগলৰ বাহটোৰ ওচৰ পালেগৈ। তাই ঈগলটোক ভাল লগা সুৰেৰে ক’বলৈ ধৰিলে,”বন্ধু, তুমি ইমান ওচৰতে থকা বিপদৰ কথাও একো গম পোৱা নাই। হেপাটোৱে গছজোপাৰ তলখন একেবাৰে খান্দি পেলালে। আৰু কিমানদিন এইজোপা থিয় হৈ থাকিব? এদিন এইজোপা, তোমাৰ বাহটো আৰু পোৱালিকেইটাৰ সৈতে বাগৰি পৰিব আৰু তেতিয়া হেপাটোৱে আৰামত তোমাৰ পোৱালিকেইটা খাই পেলাব।”
এইদৰে ঈগল চৰাইটোৰ মনত ভয় সুমুৱাই দি মেকুৰীজনী নামি আহি হেপাটোৰ ওচৰ পালেহি। তাই হেপাটোক ক’লে,”হে’ৰা হেপাটো! তোমাৰ ঘৰটোত ৰখীয়া নৰখাকৈ ক’লৈকো নাযাবা দেই। ওপৰৰ ঈগলটোলৈ চোৱাচোন। ই ডিঙি মেলি মেলি তোমাৰ ঘৰটোৰ কোন কেতিয়া বাহিৰলৈ ওলাই তাকে চাই আছে। যেতিয়াই কোনোবা বাহিৰলৈ ওলাবা তেতিয়াই তাই হাতোৰাৰে ধৰি একেকোবে ওপৰলৈ নি মহা আৰামেৰে খাই পেলাব।”
এই কথা শুনাৰ পাছৰপৰা ঈগলটো কেতিয়াও বাহৰপৰা বাহিৰলৈ নোলোৱা হ’ল। সি ভাবি ল’লে গছজোপা কেতিয়া বাগৰি পৰে ঠিক নাই আৰু সি নাথাকিলে হেপাটোৱে পোৱালিকেইটা খাই পেলাব।
ইফালে হেপাটোৱেও ঈগলটোৰ ভয়ত গাঁতটোৰপৰা নোলোৱা হ’ল। তাৰ ফলত দুয়োটা পৰিয়ালতে খোৱাবস্তুৰ অভাৱে দেখা দিলে। পোৱালিকেইটাক খুৱাবলৈও একো এটা নাইকিয়া হ’ল। দুয়োটা পৰিয়ালে খাবলৈ নাপাই ভোকত মৰোঁ মৰোঁ হ’ল।
এদিন ভাবি-চিন্তি ঈগলটো হেপাটোৰ ওচৰলৈ আহিল আৰু মেকুৰীজনীয়ে কোৱা সকলো কথা কৈ দিলে। তেতিয়া হেপাটোৱেও মেকুৰীজনীয়ে তাক কোৱা সকলো কথা কৈ দিলে। তাৰপিছত এদিন মেকুৰীজনী যেতিয়া আকৌ আহিল তেতিয়া দুয়োটাই তাইক একেলগে আক্ৰমণ কৰি আধামৰা কৰি খেদি দিলে ।
সেইদিনাৰপৰা ঈগল আৰু হেপা বৰ ভাল বন্ধু হৈ পৰিল আৰু ইটোৱে-সিটোক সদায় সহায় কৰিবলৈ ল’লে।
লোকৰ অপকাৰ কৰিবলৈ গৈ মেকুৰীজনীয়ে তাৰ ফল হাতে হাতে পালে।
( ইংৰাজীত মূল সাধুটোৰ নাম ‘The Eagle and the Badger’ )
*******

10:18 PM
খুব ভাল লাগিল পঢ়ি।লোকৰ কথা আমাৰ কিছুমান লোকে সততে শুনি অহেতুক চিন্তা কিছুমান কৰে।ঈগল আৰু হেপাৰ সেয়া গতি হ’ল।সুবুদ্ধি উদয় হল বুলিহে পোৱালি বোৰ ৰক্ষা পৰিল।
5:07 AM
Needed the 92rlogindownload link badly Glad I found it here Smooth download and no issues so far Thanks a bunch 92rlogindownload
5:07 AM
9377game is where the action is at Great selection of games and daily bonuses Definitely worth checking out for some quick fun 9377game
5:08 AM
Been playing 97pkrgame lately and it’s pretty addictive User-friendly interface and good payouts A must-try for poker fans 97pkrgame
9:15 AM
Umcassino1, not my favorite, but alright if you’re bored. They have a solid selection of slots and table games. But it is laggy sometimes. Check it here: umcassino1
9:15 AM
Just stumbled upon 57vcasino. Quick registration and got straight to gaming. Solid selection of games and cool interface. A good choice if u want variety
9:16 AM
Okay, so I tried megaperyalogin. It loads quickly, the interface is pretty intuitive and games are smooth. Good choice!