ঢেঁকীশালৰ চকুলো-হিমাংশু গগৈ  

পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল ঢেঁকী। সংস্কৃতিৱান বহুলোকৰ ঘৰত চ’ৰাঘৰ, আখলঘৰ, গোহালিঘৰ, ভঁড়ালঘৰ, তাঁতশাল, বাটচ’ৰা থকাৰ দৰে ঢেঁকীশালৰো আছিল এক অনন্য মাদকতা। এই ঢেঁকীশাল ব্যৱহাৰ কৰিয়েই অসমীয়া থলুৱা চহা লোকসকলে আমন্ত্ৰণ জনাইছিল অসমীয়াৰ বাপতিসাহোন বিহুক। ঢেঁকীৰ আছিল অসমীয়া কৃষিজীৱি জীৱনৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক। বিহু অহাৰ লগে লগেই‌ যেন  ঢেঁকীৰ সোণত সুৱগাহে চৰে। গাঁওখনৰ সকলোৰে ঘৰত ঢেঁকী নাথাকে বাবেই বহুলোকে ঢেঁকীশালৰ গৰাকীৰ ঘৰত পুৱাৰপৰাই খাপ দি ৰৈ থাকে। 

ৰ’বলৈ অলপো আহৰি নাপায়। জীয়ৰী-বোৱাৰীহঁতৰ ভৰিৰ গচকত ঢেঁকীৰ গুম-গুমনিত তেতিয়া চুবুৰিটো কঁপে। নানান ৰসাল কথাৰ মহলাত তেতিয়া চুবুৰীটো ৰজনজনাই উঠে।

অসমীয়া লোকসাহিত্য-সংস্কৃতিতো ঢেঁকীৰ এক গুৰুত্বপূর্ণ স্থান আছে। অতীজৰেপৰা ঢেঁকীক লৈ অনেক প্রবাদ, পটন্তৰ, ফকৰা-যোজনা, সাঁথৰৰ প্ৰচলন হৈ আহিছে। বিহুনাম, বিয়া নামতো ঢেঁকীৰ স্থান আছে। ঢেঁকী কেৱল ঘৰুৱা কাম-কাজতে সীমাৱদ্ধ নাথাকি সাহিত্য-সংস্কৃতিৰ ভঁৰালো চহকী কৰি ৰাখিছে। ঢেঁকীৰ লগত জড়িত কেইটামান বিহুনাম এনেধৰণৰ –

“ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে

বাঢ়নী হাতত লৈ কান্দো……..

আৰৈ ধান লেচিয়া বানিবি কেতিয়া 

কুলাতকৈ চালনি ঘন……….”

“দে ঢেঁকী দে ঢেঁকী দে অ’ মোৰে লাহৰী” ইত্যাদি। 

ঢেঁকীৰ লগত জড়িত বিয়ানাম এনেধৰণৰ –

“ঢেঁকীৰে মলখু চালনিত সৰিব, হৰিহে

খুন্দিবা ভাখেৰিৰ ধানহে।”

এনেধৰণৰ বহু অসমীয়া বিহুনাম আৰু বিয়ানামত সোমাই আছে ঢেঁকীৰ প্ৰসংগ। আনহাতে, ঢেঁকীৰ লগত জড়িত প্রবাদ পটন্তৰসমূহ এনে ধৰণৰ –

“মাকতকৈ জীয়েক কাজী,

ঢেঁকী থোৰাৰে বাতে পাঁজি।”

এনেধৰণৰ বহু প্রবাদ, পটন্তৰ, সাঁথৰ, ফকৰা-যোজনা অসমীয়া জনজীৱনত প্রচলিত হৈ আহিছে। ঢেঁকীৰ লগত জড়িত বহু লোকবিশ্বাসো আমাৰ অসমীয়া সমাজত প্রচলন আছে। যেনে- “ভাত খোৱাৰ সময়ত আৰু সন্ধিয়া ঢেঁকী দিব নাপায়”। আকৌ কোৱা হয় পৰিয়ালত এটা চৰু থাকিলে দুটা ঢেঁকী থাকিব নাপায়। গতিকে আমি দেখোঁ যে ঢেঁকীৰ লগতো অসমীয়া জনজীৱনত নানা লোক-বিশ্বাস জড়িত হৈ আছে। 

ঢেঁকীৰ গুৰুত্ব আমি প্রতিটো সময়তে অনুভৱ কৰোঁ। পূৰ্বতে ঢেঁকীশাল অসমীয়া জীয়ৰী-বোৱাৰীৰ বাবে এখন মেল মৰা ঠাইও হৈছিল। এতিয়া অৱশ্যে তেনে পৰিৱেশ‌ নাই। ঢেঁকীশালতেই জীয়ৰী-বোৱাৰী বা বহুজনৰ জীৱনৰ গোপন ৰহস্য উদ্ঘাটন হৈছিল। ঢেঁকীশালতেই সৃষ্টি হৈছিল বহু অজানা কাহিনীৰ, কাৰোবাৰ গোপন প্ৰেমৰ অভিসাৰ, কাৰোবাৰ প্ৰেমৰ নতুন অভিসন্ধি।

কালৰ কোবাল সোঁতত লাহে লাহে ঢেঁকীৰ প্রচলন কমি আহিছে।  চুবুৰীৰ ঘৰবোৰ এতিয়া পকী হৈছে, পূৰ্বতে ঢেঁকীশালৰ থোৰাত গুমগুমোৱা চুবুৰীটো এতিয়া অত্যাধুনিক মেচিনৰ তালফাল লগোৱা শব্দত জাহ যোৱা হৈছে। মেচিনে  মানুহবোৰ আঁতৰাই নিছে। যান্ত্ৰিকতাৰ চাকনৈয়াত পৰি মানুহৰ মনবোৰ যদিও অত্যাধুনিকতাৰ ফালে ঢাল খাইছে তথাপি চহা গ্ৰাম্য জীৱনত ইয়াৰ প্ৰচলন কোনোগুণে কমি যোৱা নাই। চহৰৰ যান্ত্ৰিকতাৰ ৰোষত পৰা লোকৰ বাবে ঢেঁকী শব্দটো অচিনাকী  হ’ব পাৰে; কিন্তু গ্ৰাম্য চহা জীৱনৰ বাবে ই এক এৰাব নোৱাৰা আৱেগ। কিন্তু অসমীয়া সংস্কৃতিৰ শিপাডালক কেৱল গ্ৰাম্য সমাজে খামুচি ধৰি থাকিলে নহ’ব, চহৰৰ লোকসকলো শিপাৰ সৈতে সংপৃক্ত হৈ জীয়াই থাকিবলৈ শিকিব লাগিব। অসমীয়াৰ আৱেগজড়িত সংস্কৃতিবোৰক জীয়াই ৰাখিবলৈ আমি সংগ্ৰাম কৰিব লাগিব। আমি সকলো দায়ৱদ্ধ হ’ব লাগিব। তেতিয়াহে অসমীয়াৰ বৰঘৰৰ সোণালী সংস্কৃতি অনাদি অনন্ত কাললৈ চিৰ প্ৰবাহিত হৈ থাকিব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *