চিকাৰ আৰু চিকাৰী জন্তু =কুমকুম শৰ্মাবৰুৱা

যিবোৰ জন্তু অন্য জন্তুৱে মাৰি খাদ্য হিচাপে ব্যৱহাৰ কৰে সেইবোৰক চিকাৰ বুলি কোৱা হয়। যেনে:- হৰিণা, শহাপহু ইত্যাদি।

যিবোৰ জন্তুৱে অন্য জন্তু চিকাৰ কৰি বা মাৰি খায় সেইবোৰক চিকাৰী জন্তু বুলি কোৱা হয়। যেনে:- বাঘ, সিংহ ইত্যাদি। পৰিৱেশৰ লগত মিলি থাকিবলৈ এই দুইবিধ জন্তুৰে বিশেষ কিছুমান বৈশিষ্ট্য আছে।

চিকাৰী জন্তুবিলাকৰ চকু আগফালে থাকে যাতে ই চিকাৰটোৰ দূৰত্ব বুজি পায় আৰু খেদি গৈ ধৰিবগৈ পাৰে। যদি ইহঁতে চিকাৰ বেগাই গৈ বা লুকাই থাকি জাপ মাৰি হ’লেও ধৰিব নোৱাৰে তেতিয়া ইহঁত খাবলৈ নাপায় মৰি যাব আৰু বিলুপ্তিৰ পথত আগবাঢ়িব। চিকাৰ হোৱা জন্তুবোৰৰ চকু দুইকাষে থাকে যাতে ইহঁতে সকলোফালে দেখি থাকিব পাৰে। ইহঁতৰ শ্ৰৱণ শক্তি প্ৰখৰ আৰু ঘ্ৰাণ শক্তিও বেছি যাতে ইহঁতে চিকাৰী জন্তু আহিলে আগতীয়াকৈ গম পাব পাৰে। ইহঁতৰ ভৰি পাতল আৰু বেগাই দৌৰিব পাৰে। কিন্তু কেতিয়াবা ইহঁতে চিকাৰীৰ ওচৰত অতিমাত্ৰা ভয় খায় আৰু পলাবলৈ চেষ্টা নকৰি ৰৈ দিয়ে। এই সময়ত ইহঁত অজ্ঞান হোৱাৰ দৰে হয় আৰু বিষ অনুভৱ নকৰে। 

যেতিয়া এখন হাবিত চিকাৰী জন্তু বাঢ়ি যায় তেতিয়া সিহঁতৰ কাৰণে চিকাৰ কমি যায় আৰু ভোকত সিহঁতৰ মৃত্যু হৈ সংখ্যা কমি যায়। তেতিয়াই চিকাৰ হোৱা জন্তুবোৰৰ সংখ্যা পুনৰ বেছি হ’বলৈ ধৰে। তেতিয়া খাবলৈ পাই পুনৰ চিকাৰী জন্তুও বাঢ়িবলৈ ধৰে। এইদৰে প্ৰকৃতিত চক্ৰটো চলি থাকে। কিন্তু মানুহে চিকাৰবোৰ মাৰি খাই পেলালে বাঘ, সিংহই খাবলৈ নাপাই জনসমাগমলৈ ওলাই আহে।

চিকাৰী জন্তুৱে চিকাৰ কৰা জন্তুবোৰৰ সংখ্যা সাধাৰণতে বিশেষ কমি নাযায়। বৰ বেছি ১০% মান জন্তুহে মৰা পৰে। সাধাৰণতে চিকাৰী জন্তুৱে চিকাৰ কৰা জন্তুবোৰৰ পোৱালি, বুঢ়া, বেমাৰী বা আঘাতপ্ৰাপ্ত জন্তুহে ইহঁতে চিকাৰ কৰি খায়। জীয়াই থকাৰ তাড়নাত কেতিয়াবা ইহঁতে খাদ্যাভ্যাস সলনি কৰি বেলেগ জন্তুও খোৱা দেখা যায়।

ঢেঁকীয়াপতীয়া বাঘৰ গাত দীঘে থকা আঁচবিলাকে হাবি-জংঘলত লুকাই থকাত ইহঁতক সহায় কৰে।

জেব্ৰা, হৰিণ ইত্যাদি জাক পাতি একেলগে চৰে। সিংহ আকৌ থাকে চিকাৰ কৰিবলৈ জাক পাতি। এটা জেব্ৰাৰ পিছ লয় এজাক সিংহই। তেতিয়া বাকীবোৰ জেব্ৰা বাচি যায়। সিংহই একেলগে চিকাৰ কৰে আৰু একেলগে খায়। বাকী অংশ থৈ দি পিছত নাখায়। আটাইতকৈ ডাঙৰটোৱে প্ৰথমে খোৱা আৰম্ভ কৰে।

নাহৰফুটুকী বাঘে একোটা ডাঙৰ চিকাৰ মাৰি যিমান পাৰে খায় আৰু বাকীখিনি গছৰ ওপৰলৈ উঠাই নি ডালত মেৰিয়াই থৈ আহেগৈ যাতে পিছৰখিনি অন্য জন্তুৱে খাব নোৱাৰে। ইয়াৰপৰাই এই জন্তুটোৰ শক্তিৰ উমান পাব পাৰি। 

চিকাৰী চিতাবাঘ আৰু লতামাকৰী বাঘে আকৌ দিনতে চিকাৰ কৰে। ইহঁতে বৰ বেগাই দৌৰিব পাৰে। সৰু সৰু স্তন্যপায়ী জন্তু, চৰাই ইত্যাদি ইহঁতৰ প্ৰধান খাদ্য। বাঘ, সিংহ ইত্যাদি জন্তু মেকুৰী পৰিয়ালৰ অন্তৰ্গত। সেয়েহে মেকুৰীক বাঘৰ মাহীয়েক বুলি কোৱা হয়।

বিঃ দ্ৰঃ- মানুহৰ চকু আগফালে থাকে চিকাৰী জন্তুৰ দৰে। আমি আগফালেহে ভালদৰে দেখোঁ। কিন্তু মানুহৰ ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত হৈ থাকি সকলোফালে অৰ্থাৎ পিছফালে বা কাষৰফালেও দেখিব পাৰিব লাগে। আমি সকলোফালে সজাগ হৈ থাকিব লাগে। বিপদ কোন ফালৰপৰা আহে আমি গম নাপাওঁ। এবাৰ এজন প্ৰধান মন্ত্ৰীক সৈন্য এজনে মূৰতে এমাৰ সোধাবলৈ লওঁতে, তেখেতে মূৰটো নেদেখাকৈয়ে তললৈ হাওলাই দিয়াত মাৰটো মূৰত নপৰিল। তাকেই কয় “Sixth Sense”…

*******

Leave a Reply

Your email address will not be published. Required fields are marked *